অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উইণ্ড’জ মার্কেটপ্লেচ

উইণ্ড’জ মার্কেটপ্লেচ

উইণ্ড’জ মার্কেটপ্লেচ মাইক্ৰ’ছফ্‌টৰ সকলোবোৰ ছফ্‌টৱেৰ সামগ্ৰী যেনে- অপাৰেটিং চিষ্টেম, প্ৰডাক্টিভিটি ছ্যুট, এপছ্ আৰু অধিক সামগ্ৰীৰ বাবে এটা একত্ৰিত অ’নলাইন বিপনী। উইণ্ড’জ লাইভৰ আইডি ব্যৱহাৰ কৰি এইটোত প্ৰৱেশ কৰা যায়।

উইণ্ড’জ মার্কেটপ্লেচে এটা ডিজিটেল ল’কাৰ প্ৰদানৰ দ্বাৰা আপোনাক বহুতো বণিক আৰু পণ্য তালিকা চোৱাৰ সুবিধা দিয়ে। এইটোৰে ক্ৰয় কৰা ছফ্‌টৱেৰবোৰ এটা সুৰক্ষিত ডিজিটেল ল’কাৰ সহায়কৰ দ্বাৰা নিৰাপদে ডাউনলোড কৰাৰ সুবিধা দিয়ে। এই সুবিধাটো অকল যুক্তৰাষ্ট্ৰৰ গ্ৰাহক সকলৰ বাবেহে উপলব্ধ আছিল।

2008 চনত মাইক্ৰ’ছফ্‌টে উইণ্ড’জ মার্কেটপ্লেচ চলাই নাথাকিব আৰু তাৰ পৰিবর্তে মাইক্ৰ’ছফ্‌ট ষ্টোৰলৈ যাব লাগিব বুলি ঘোষণা কৰিছিল। 2009 চনৰ আগভাগত ম’বাইলৰ বাবে উইণ্ড’জ মার্কেটপ্লেচ আৰম্ভ কৰিছিল আৰু পিছত ইযাক উইণ্ড’জ ফোন 7 মার্কেটপ্লেচ  হিচাপে পুনর গঠন কৰিছিল।

উইণ্ড’জ মার্কেটপ্লেচ সম্প্ৰতি মাইক্ৰ’ছফ্‌ট ষ্টোৰলৈ পুণঃপ্ৰেৰণ কৰা হৈছে। মাইক্ৰ’ছফ্‌ট ষ্টোৰত উইণ্ড’জ, অ’ফিছ প্ৰডাক্টিভিটি ছ্যুট, ডিজাইন সঁজুলি, ডেভেল’পাৰ সঁজুলি, কিতাপ, নেটবুকচ, লেপটপ, উইণ্ড’জ ফোন, গেমিং, একছেচ’ৰিজৰ দৰে আৰু বহুতো বিশাল সম্ভাৰ আছে।

চপিং ইণ্টাৰফেছটো ব্যৱহাৰ কৰাটো সহজ আৰু অতি গুৰুত্বপূর্ণ পণ্যবোৰ দ্ৰুতভাবে হ’ম পেজত প্ৰদর্শন কৰে। আপুনি ক্ৰয় কৰা বস্তুবোৰৰ খাঁটি গুণমানৰ ‍ওপৰত নিশ্চিত হৈ কেইটামান ক্লিকৰেই আপুনি আপোনাৰ পচন্দৰ ছফ্‌টৱেৰ/হার্ডৱেৰবোৰ ক্ৰয় কৰিব পাৰে।

সমুচিত মূল্যত নির্দিষ্ট দেশলৈ প্ৰেৰণ আৰু সৰবৰাহৰ দ্বাৰা দ্ৰুত বিতৰণ নিশ্চিত কৰে।

উৎস: ভাষা ইণ্ডিয়া।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate