অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উইণ্ড’জ ৮ত পিনড ছাইট

উইণ্ড’জ ৮ত পিনড ছাইট

উইণ্ড’জৰ উপভোক্তাসকলে তেওঁলোকৰ বহুত সময় পাৰ কৰে ৱেবত আৰু তেওঁলোকে পুনৰ পূৰ্বৰ একেই ছাইটসমূহলৈ উভতি যাব বিচাৰে। উইণ্ড’জ ৮ত পিনড ছাইটসমূহে এইবোৰ ছাইটলৈ সহজে আৰু ক্ষিপ্ৰতাৰে তৎকালীনভাৱে যোৱাত সহায় কৰে। বেজ নটিফিকেশ্বনৰ জৰিয়তে অতি শেহতীয়া তথ্য আৰু নতুন উপলব্ধ অন্তৰ্ভুক্তিসহ সজীৱ হৈ উঠে ছাইটছ টাইলত।

ডেভেলপাৰসকলে পিনড ছাইট ব্যৱহাৰ কৰিব পাৰে তেওঁলোকৰ ছাইট তেওঁলোকৰ ব্যৱহাৰকাৰীৰ সৈতে ভালদেৰ সংযোগ কৰিবলৈ আৰু ছাইটৰ ব্ৰেণ্ড পোনপটীয়াকৈ উইণ্ড’জ ষ্টাৰ্ট স্ক্ৰীণত প্ৰচাৰ কৰিবলৈ। আমি দেখিছো যে উইণ্ড’জ ৭ৰ ইণ্টাৰনেট এক্সপ্ল’ৰাৰ৯ত এই সুবিধা ব্যৱহাৰ কৰাৰ ফলত ছাইট ভ্ৰমণৰ পৰিমাণ ১৫ শতাংশৰপৰা ৫০ শতাংশলৈ বৃদ্ধি হৈছে। ছাইট টাইল আপডেটৰ সৈতে উইণ্ড’জ ৮ৰ ব্যৱহাৰকাৰীসকলে ইয়াতকৈয়ো ভাল সুবিধা লাভ কৰিব পাৰিব। তলৰ উদাহৰণ ছবিয়ে দেখুৱাইছে কিদৰে ছাইট ডেভেলপাসকলে ছাইট আইকনৰ ব্যৱস্থা কৰিব পাৰে উইণ্ড’জ ৮ৰ ছাইট টাইলছৰ ছাইট পিনৰ বাবে।


এজন ৱেব ডেভেলপাৰে ছাইট আইকনৰ ব্যৱস্থা কৰিব পাৰে যিটো ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১০এ ব্ৰাউজাৰত ব্যৱহাৰ কৰে সংশ্লিষ্ট ছাইটটোৰ প্ৰতিনিধিত্ব কৰিবলৈ, এড্ৰেছ বাৰ, নতুন পৃষ্ঠাৰ টেব আৰু ষ্টাৰ্ট স্ক্ৰীনত। ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১০এ ষ্টাৰ্ট স্ক্ৰীণত পিন কৰা ছাইট চিনাক্তকৰণ কৰিবলৈ ডাঙৰ ছাইট আইকন (৩২ x ৩২ পিক্সেল) ব্যৱহাৰ কৰে।

উইণ্ড’জ ৮এ ষ্টাৰ্ট স্ক্ৰীণত পিন কৰা ছাইটসমূহৰ আপডেট আহৰণ কৰিব পাৰে। লঘু সূচনাৰ ক্ষেত্ৰত ই ভালদৰে কাম কৰে, যেনে—অন্যান্য ব্যৱহাৰকাৰীৰ বাৰ্তা, শ্বপিং ছাইটবোৰৰ নতুন ডিউকাউণ্ট, নিউজফীডত নতুন ৰচনা আদি।

ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১০ আৰু উইণ্ড’জ ৮ৰ মাধ্যমেৰে ব্যৱহাৰকাৰীয়ে পিনড ছাইটসমূহৰপৰা পোনপটীয়াকৈ বেজ নিৰ্দেশনা লাভ কৰিব পাৰে।

পশ্চাত্পটৰ নিৰ্দেশনাৰ বাবে প্ৰয়োজন ছাইট-প্ৰদত্ত উপাদান, যিবোৰ হৈছে—

(১) বেজ নিৰ্দেশক XML, এক  XML সঁহাৰি যিয়ে উইণ্ড’জৰ বাবে বেজ নিৰ্দেশনা নিৰ্দেশ কৰে।

(২) পিনড ছাইট মেটা টেগ, এক ৱেব পেজ মাৰ্কাপ যিয়ে সংশ্লিষ্ট স্থানবোৰ নিৰ্দেশ কৰে কোন স্থানৰপৰা নিৰ্দেশনাবোৰ আহৰণ কৰিব লাগিহ আৰু আহৰণৰ পৌণপৌণিকতা।

বেজ নিৰ্দেশনা আহৰণ আৰু চিত্ৰায়ন নিয়ন্ত্ৰণ কৰে উইণ্ড’জে। উইণ্ড’জে আহৰণ কৰে বেজ নিৰ্দেশক XML যিয়ে পিনড ছাইট টাইলৰ ছবি ব্যাখ্যা কৰে। বেজসমূহ হ’ব পাৰে বহুত পৰিমাণে বা গ্লিফ অথবা সতৰ্কতা নিৰ্দেশক।

পৰৱৰ্তী ঢাপটো হৈছে বেজ নিৰ্দেশক XMLৰ সৈতে ৱেব পেজক সংযোগকৰণ। ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১০এ মেটা টেগ “application-name” ব্যৱহাৰ কৰে নিৰ্দেশক আৰু জাম্প লিষ্টৰ দৰে পিনড ছাইটৰ সামৰ্থত ৱেব পেজে সমৰ্থন দিয়েনে সেয়া নিৰূপণ কৰে। বেজ নিৰ্দেশনাত সমৰ্থন কৰিবলৈ, বেজ নিৰ্দেশক XML আৰু ফ্ৰিকুৱেন্সি URLৰ মাৰ্কাপত এক নতুন মেটা-টেগ অন্তৰ্ভুক্ত কৰক যি উইণ্ড’জে বিচাৰে। ইণ্টাৰনেট এক্সপ্ল’ৰাৰে সন্ধান কৰে পিনিঙৰ সময়ৰ লগতে সমান্তৰালভাৱে পিনড ছাইট টাইলৰ পৰা ছাইট একোটা খোলাৰ সময়ত “msApplication-badge” মেটা টেগৰ উপলব্ধতাৰ।

যেতিয়া এজন ব্যৱহাৰকাৰীয়ে ষ্টাৰ্ড স্ক্ৰীণৰ পৰা পিনড ছাইট খোলে, তেতিয়া সংশ্লিষ্ট ৱেবছাইটটো চলে ইয়াৰ নিজস্ব কালত যাক জনা যায় ছাইটমোড হিচাপে আৰু বেজ আপডেটৰ বাবে  window.external.msSiteModeClearBadge() , window.external.msSiteModeRefreshBadge() জাভাস্ক্ৰিপ্ট ফাংচন ব্যৱহাৰ কৰিব পাৰি।

ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১০এ ৱেব ডেভেলপাৰসকলক পিনড ছাইট টাইলৰ উচ্চ মানসম্পন্ন ছাইট-কেন্দ্ৰিক ভিজুৱেল প্ৰস্তুতৰ অনুমতি দিয়ে, উইণ্ড’জ ৮ৰ ষ্টাৰ্ট স্ক্ৰীণত ছাইটসমূহৰ ব্ৰেণ্ড ভালদৰে প্ৰতিফলিত কৰাৰ অনুমতি প্ৰদান কৰে আৰু আৰু অন্যান্য এপ্লিকেশ্যন তথা কনটেণ্ট টাইলৰ সৈতে দেখাত অধিক সুন্দৰকৈ মিলি পৰে। ডেভেলপাৰসকলে মাথোঁ উচ্চ মানসম্পন্ন আইকনৰ ব্যৱস্থা কৰিব লাগে উইণ্ড’জ ৮এ বিভিন্ন ৰিজলিউশ্যনত চলি থকা যন্ত্ৰৰ সৈতে প্ৰয়োজনানুসাৰে মিলাই ল’ব।

ছাইটসমূহে নিৰ্দেশক আৰু জাম্প লিষ্ট বিনিময় কৰিব পাৰে ছাইটসমূহ সোনকালে ব্যৱহাৰ কৰিবলৈ।

উৎস: ভাষা ইণ্ডিয়া।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate