অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অ'ডিঅ' চিডি সংৰক্ষণ কেনেকৈ কৰিব

অ'ডিঅ' চিডি সংৰক্ষণ কেনেকৈ কৰিব

আপোনাৰ হাতত থকা অ'ডিঅ' চিডি সমূহ (mp3 disc-ৰ কথা কোৱা নাই) সংৰক্ষণ কৰিব খোজে নেকি? আপুনি হয়তো ভাবিব যে চিডিৰ পৰা দেখোন মই কম্পিউটাৰত সুমুৱাই লৈছোঁৱেই, আৰু কি বেলেগ সংৰক্ষণ কৰিব লাগে? আপুনি চিডিৰ পৰা গানকেইটা সুমুৱাওঁতে কি ফাইল ফৰ্মেট ব্যৱহাৰ কৰিছে? হয় mp3, নহয় wma। এই দুয়োটা ক্ষেত্ৰতেই গানকেইটাই বহুত কিবা কিবি হেৰুৱায়। মই কৈছোঁ অবিকল একে ৰূপত গানকেইটা ৰখাৰ কথা, যাতে কেতিয়াবা চিডিখন নষ্ট হৈ গ'লে বা হেৰালে, আপুনি থৈ দিয়া গীতকেইটা নতুন চিডি এখনত সম্পূৰ্ণ একে ৰূপত burn কৰি ল'ব পাৰে।

ইয়াৰ কাৰণে আপুনি চিডিখনৰ পৰা গানকেইটা lossless ফৰ্মেট এটাত extract কৰিব লাগিব। বহুকেইটা এনেকুৱা পদ্ধতি আছে, তাৰ ভিতৰত Free Lossless Audio Codec (FLAC), Monkey's Audio (APE), Apple Lossless (ALAC), Windows Media 9 Lossless (WMA Lossless) আদি উল্লেখযোগ্য। mp3 বা wma বা vorbis আদি Lossy Compression পদ্ধতিত গীত সমূহৰ পৰা কমকৈ শুনিবলৈ পোৱা বা কম অৰ্থপূৰ্ণ শব্দ (sound) সমূহ আঁতৰাই তাক একোটা Audio Compression Algorithm ব্যৱহাৰ কৰি সংকুচিত (compress) কৰা হয়, যাতে প্ৰতিটো অ'ডিঅ' ফাইল ৰাখিবলৈ কম ঠাই (storage space) প্ৰয়োজন হয়। কথাটো বুজিবলৈ, এখন অ'ডিঅ' চিডিত ৭০০ মেগাবাইট (700 MB) ঠাই থাকে। এক মেগাবাইট মানে ১০২৪ কিলোবাইট, এক বাইট মানে ৮ বিটছ, এক বিট মানে বাইনেৰী পদ্ধতিত কম্পিউটাৰত ০ বা ১ লিখিবলৈ প্ৰয়োজন হোৱা ঠাই (Bit ->Binary Digit)। এতিয়া অ'ডিঅ' চিডি এখনত ৪৪.১ কিলোহাৰ্টজ kHz sampling কম্পনাংকত ১৪১১.২ kbit/s Bit Rate-ত প্ৰায় ৭৪ মিনিটৰ অসংকুচিত(uncompressed) high Fidelity সংগীত ৰাখিব পাৰি (বাণিজ্যিক ভাবে উপলব্ধ বেছিভাগ অ'ডিঅ' চিডিৰ ক্ষেত্ৰতে প্ৰযোজ্য)। সেই একেখন ৭০০ মেগাবাইটৰ চিডিত mp3 হিচাপে ১২৮ kbit/s Bit Rate-ত প্ৰায় ৭ ঘণ্টাৰ সংগীত ৰাখিব পাৰি। mp3-ৰ ক্ষেত্ৰত সৰ্বোচ্চ bit rate ৩২০ kbits/s (320kbps)। FLAC-ৰ ক্ষেত্ৰত ৪০০ kbit/s ৰ পৰা আৰম্ভ কৰি সৰ্বোচ্চ ১৪১১ kbit/s। 

এতিয়া কথা হ'ল আপোনাৰ চিডিখনৰ পৰা একো তথ্য (data) নেহেৰুৱাকৈ FLAC ফৰ্মেটত গানকেইটা কেনেকৈ উলিয়াব আৰু কম্পিউটাৰত ভৰাব? 
ইয়াৰ কাৰণে আপুনি প্ৰথমে আপোনাৰ কম্পিউটাৰত FLAC ইনষ্টল কৰিব লাগিব। তলৰ লিংকটোৰ পৰা সেইটো কৰিব পাৰিব:
FLAC: http://sourceforge.net/project/downloading.php?groupname=flac

তাৰ পাছত লাগিব এটা ছফটৱেৰ যাৰ দ্বাৰা আপুনি চিডিৰ পৰা গানকেইটা extract কৰিব পাৰে। ইয়াৰ কাৰণে সহজে উপলব্ধ এটা বিনামূলীয়া ছফটৱেৰ হ'ল Exact Audio CD, যিটো আপুনি তলৰ লিংকটোত পাব ডাউনলোড কৰিবলৈ:
EAC: http://www.exactaudiocopy.de/en/

EAC ছফটৱেৰটোত আপুনি গীতকেইটা সম্পূৰ্ণ অসংকুচিত ৰূপত .WAV ফৰ্মেটত চিডিখনৰ পৰা extract কৰি, তাক .FLAC ফৰ্মেটলৈ সলনি কৰি ল'ব পাৰিব। ৭০০ MB-ৰ এখন চিডিৰপৰা EAC ব্যৱহাৰ কৰি .FLAC ফৰ্মেটত গীতকেইটা ৰাখোঁতে প্ৰায় ৪০০ MB ঠাই লাগিব। এটা গানত প্ৰায় ৩০ -৪০ MB ঠাই যিটো mp3-ত কৈ প্ৰায় ছয়গুণ বেছি। কিন্তু ইয়াৰ সুবিধাটো হ'ল আপুনি গানটো চিডিখনত যেনেকৈ আছিল সম্পূৰ্ণ অবিকল ৰূপত শুনিব পাৰিব। দ্বিতীয়তে, কেতিয়াবা চিডিখন হেৰাই গ'লে বা বেয়া হৈ গ'লে এই .FLAC ফাইলকেইটাৰ পৰা সম্পূৰ্ণ অসংকুচিত ৰূপত .WAV ফাইল কেইটা উলিয়াই পুনৰ অবিকল ৰূপত চিডিখন নিজে burn কৰি তৈয়াৰ কৰি ল'ব পাৰিব। 
.FLAC ফৰ্মেটৰ গান কিহত শুনিব?
Windows Media Player ১২-ত (নৱতম version) FLAC ফাইল বজাব নোৱাৰি। তাৰ কাৰণে আপুনি Codec ইনষ্টল কৰিব লাগিব। kLite Codec Pack বুলি গুগলত বিচাৰিলে পাব, ইয়াত প্ৰায় সকলোবোৰ ফৰ্মেটৰেই Codec আছে। এবাৰ ইনষ্টল কৰি ল'লে FLAC-কে আদি কৰি আৰু বহতো ফৰ্মেটৰ গান, চিনেমা আদিৰ কাৰণে Windows Media Player-ক ব্যৱহাৰ কৰিব পাৰিব। তাৰোপৰি Winamp-ৰ নতুন version-বোৰত .FLAC বাজে, একো ইনষ্টল কৰিব নালাগে। আৰু বহুতো ছফটৱেৰ পাব অকণমান বিচাৰিলেই।

লিখক: ৰাজীৱ ৰঞ্জন নাথ।

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate