অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ইথিকেল হেকিং সম্পৰ্কে কিছু কথা

ইথিকেল হেকিং সম্পৰ্কে কিছু কথা

হেকিঙত Ethical বুলি কোনো কথা নাই। Hacking বা Attempt of Hacking মানেই Unethical কাৰবাৰ এটা। কিন্তু বৰ্তমান সময়ত কোনোবাই যদি আনটো পক্ষৰ ভালৰ বাবে মানে সুৰক্ষাৰ বাবে, লগতে আনটো পক্ষৰ পৰা সন্মতিসহকাৰে Hacking Attempt কৰে তেন্তে তাকেই Ethical Hacking বুলি কয়। Ethical Hacking ৰ নাম থকা পাঠ্যক্ৰম এটাই- CEH (Certified Ethical Hacker)। দুই এটা প্ৰতিষ্ঠানৰ বাহিৰে আমাৰ দেশত চৰকাৰীভাৱে স্বীকৃতীপ্ৰাপ্ত Hackingৰ পাঠ্যক্ৰম নাই (মই জনাত). মোৰ বোধেৰে কোনোবাই Hacking পাঠ্যক্ৰম গ্ৰহণ কৰাৰ আগতে কম্পিউটাৰৰ ডিগ্ৰী এটা লোৱাটো খুবেই জৰুৰী। কাৰণ আমাৰ দেশত এতিয়াও কাগজৰ চাৰ্টিফিকেতখনেই যোগ্যতাৰ প্ৰধান প্ৰমাণ। তদুপৰি দুই এটা ব্যক্তিগত বা চৰকাৰী সংস্হাৰ বাহিৰে একমাত্ৰ হেকাৰ হিচাপে নিয়োজিত হোৱাৰ উদাহৰণ আমাৰ দেশত বিৰল। যিসকলে ইথিকেল হেকিঙৰ পাঠ্যক্ৰম গ্ৰহণ কৰিব খোজো, তেওঁলোকে প্ৰথমে কম্পিউটাৰৰ ভাল পাঠ্যক্ৰম এটাত নামভৰ্তি কৰক। পঢ়ি থকাৰ সময়ছোৱাতে তেখেতৰ আগ্ৰহ অনুযায়ী হেকিং বিষয়ক বিভিন্ন কথা Internet ৰ পৰা বিনামূল্যে শিকিব পাৰিব। তাৰ পাছৰ সময়ত তেখেতে নিজেই সিদ্ধান্ত ল'ব পাৰিব। লগতে কওঁ যে "বজাৰত" উপলব্ধ হেকিং বিষয়ক প্ৰায়বোৰ পাঠ্যক্ৰমেই কামত নহা। তেওঁলোকেও Internetৰ পৰাই সমল গোটাই নিজৰ সাধ্যানুসৰে ছাত্ৰ-ছাত্ৰীক জ্ঞান (?) বিলায়। (ব্যতিক্ৰম নিশ্চয় আছে।) কোৱা হয়, এজন programmer এ যিখিনি নাজানে, বা এজন programmer এ যতেই ভুল কৰে, এজন হেকাৰে তাৰ পৰাই নিজৰ কাম আৰম্ভ কৰে। গতিকে সাধাৰণতে এজন হেকাৰক হেকিং বিষয়ত Institutional Knowledgeৰ বিশেষ দৰকাৰ নাথাকে। মাথো যিখিনি জানে সেইখিনি সঁচাকৈ জানি আৰু অধিক জানিবৰ বাবে প্ৰস্তুত হ'ব লাগে। তদুপৰি দিনে-দিনে হেকিঙৰ বিভিন্ন কিটিপ আৱিস্কৃত হৈ থাকে, যিখিনি কোনো কিতাপত লিপিবদ্ধ হৈ নাথাকে। সেইবোৰ উলিয়াবলৈ মাথো দিন-ৰাতি একাকাৰ কৰি Codingঅতে নিমজ্জিত হৈ থাকিব লাগিব। শেষত, হেকিঙৰ জ্ঞানে অকলে আৰু কেইবছৰমানলৈ কিবা কৰিব পাৰিব বুলি মনে নধৰে, কিন্তু তাৰ লগতে যদি ডিগ্ৰীৰ ভাল চাৰ্টিফিকেত এখন থাকে তেন্তে ভৱিষ্যত উজ্বল।

বিতুপন দাস

শেহতীয়া উন্নীতকৰণ: : 6/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate