অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ক্ৰেডিট আৰু ডেবিট কাৰ্ডৰ সুৰক্ষা

ক্ৰেডিট আৰু ডেবিট কাৰ্ডৰ সুৰক্ষা

নকৰিব

  • যদিহে কাৰ্ডখন ক্ষতিগ্ৰস্ত বা খোলা অৱস্থাত থাকে, তেন্তে তেনে কাৰ্ড বেংকৰ পৰা প্ৰত্যক্ষভাৱে গ্ৰহণ নকৰিব।
  • আপোনাৰ পি.আই.এন ক্ৰেডিট কাৰ্ডৰ ওপৰত লিখি নথ’ব।
  • সচৰাচৰ ব্যৱহাৰ নকৰা অতিৰিক্ত ক্ৰেডিট কাৰ্ড লগত লৈ নুফুৰিব।
  • আপোনাৰ ক্ৰেডিট কাৰ্ডৰ নম্বৰ/এ.টি.এম, পি.আই.এন কাকো নক’ব।
  • আপোনাৰ কাৰ্ডখন কাৰো হাতত নিদিব। আনকি আপোনাৰ হৈ বেংকত প্ৰতিনিধিত্ব কৰাজনকো নিদিব।
  • এ.টি.এম যন্ত্ৰ ব্যৱহাৰত সহায় কৰিবলৈ অহা কোনো অচিনাকী লোকৰ পৰা সহায় নল’ব।
  • যদিহে যন্ত্ৰটো ভাল অৱস্থাত নাথাকে তেন্তে এ.টি.এম যন্ত্ৰটো ব্যৱহাৰ নকৰিব।
  • অচিনাকী/অপৰীক্ষিত ঠাইলৈ আপোনাৰ একাউন্টৰ বিৱৰণ প্ৰেৰণ বা বিনিময় নকৰিব।
  • ৰাজহুৱা ঠাইত থকা অসুৰক্ষিত  আৰু বহুলোকে ব্যৱহাৰ কৰা কম্পিউটাৰত নেট বেঙ্কিঙ বা ক্ৰেডিট/ডেবিট কাৰ্ডৰ যোগেৰে ধন প্ৰদান নকৰিব।
  • অপ্ৰত্যাশিত উত্সৰ পৰা অহা অপ্ৰত্যাশিত ই-মেইল সংলগ্ন বা ইন্সটেন্ট মেছেজত অহা ডাউনলোডৰ সংযোগ নুখুলিব। সন্দেহজনক ই-মেইলসমূহ তৎকালে মুচি পেলাওঁক।
  • আপুনি নিজে ফোন কৰা আৰু আপুনি প্ৰতিষ্ঠিত কোম্পানী বুলি জনাৰ বাহিৰে আন কাকো আপোনাৰ একাউন্ট নম্বৰ ফোনত নক’ব।    আপোনালৈ কৰা কোনো ফোনত আপোনাৰ ক্ৰেডিট কাৰ্ডৰ তথ্য প্ৰদান নকৰিব (এইটো ফোনযোগে কৰা অপৰাধীৰ কাম)।
  • সুৰক্ষিত ৱেবচাইট নহ’লে আপোনাৰ ক্ৰেডিট কাৰ্ডৰ তথ্য প্ৰদান নকৰিব।
  • চৰকাৰী কৰ্তৃপক্ষ যেনে, কৰ বিভাগ, ভাৰতীয় ৰিজাৰ্ভ বেংক বা যিকোনো কাৰ্ডৰ সংগঠন যেনে, ভিছা বা মাষ্টাৰ কাৰ্ড আদিৰ পৰা ই-মেইল যোগে অহা যিকোনো অনুৰোধৰ উত্তৰত আপুনি যিকোনো গোপণীয় তথ্য যেনে, গুপ্তশব্দ, উপভোক্তাৰ আই.ডি, ডেবিট কাৰ্ডৰ নম্বৰ, পি.আই.এন, চি.ভি.ভি২, জন্মৰ তাৰিখ আদি বিনিময় নকৰিব।
  • আপোনাৰ বেংক একাউন্টৰ সমস্যা বা আপোনাৰ একাউন্টৰ বিৱৰণ কোনো সামাজিক যোগসূত্ৰৰ চাইট বা ব্লগত প্ৰদান বা ব্যক্ত নকৰিব।
  • সংবেদনশীল তথ্য যেনে, আপোনাৰ এ.টি.এম, পি.আই.এন আপোনাৰ মোবাইল ফোনত নথ’ব।

ক্ৰেডিট আৰু ডেবিট কাৰ্ড/এ.টি.এম ৰ নিৰাপদ ব্যৱহাৰ

নিৰাপত্তাত থকা আশংকাসমূহ

পৰিচয়ৰ চুৰিকাৰ্য্য

সাধাৰণতে আৰ্থিক লাভৰ বাবে প্ৰতাৰণা জড়িত আৰু ব্যক্তিৰ ব্যক্তিগত পৰিচয়ৰ তথ্যসমূহ ব্যৱহাৰ কৰা হয়। এইসমূহক দুটা বহল ভাগত ভগাব পাৰি:

আবেদনত প্ৰৱঞ্চনা

যেতিয়া এজন অপৰাধীয়ে চুৰ কৰা বা মিছা নথি প্ৰদান কৰি আন কাৰোবাৰ নামত একাউন্ট খোলে, তাকেই আবেদনত প্ৰৱঞ্চনা বোলা হয়। অপৰাধীয়ে বিভিন্ন পৰিশোধ পত্ৰ আৰু বেংকৰ বিৱৰণ আদি ধৰণৰ প্ৰয়োজনীয় ব্যক্তিগত তথ্য চুৰ কৰিবলৈ চেষ্টা কৰিব পাৰে।

একাউন্ট আয়ত্বাধীন কৰা

যেতিয়া এজন অপৰাধীয়ে বেলেগ এজন ব্যক্তিৰ ব্যক্তিগত একাউন্টটো প্ৰথমে ভুক্তভোগী ব্যক্তিজনৰ তথ্য সংগ্ৰহ আৰু তেওঁলৈ জাৰি কৰা কাৰ্ডৰ কৰ্তৃত্বক যোগাযোগ কৰি তেওঁৱেই যে প্ৰকৃত গৰাকী সেইটো প্ৰতিপন্ন কৰি তেওঁলোকক নতুন ই-মেইল ঠিকনাত যোগাযোগ কৰিবলৈ অনুৰোধ জনাই ভুক্তভোগীব্যক্তিজনৰ একাউন্টৰ ওপৰত অধিকাৰ সাব্যস্ত কৰাটোৱেই একাউন্ট আয়ত্বাধীন কৰা বোলা হয়। ইয়াৰ পিছত অপৰাধীজনে কাৰ্ডখন হেৰাইছে বুলি জনায় আৰু নতুন কাৰ্ড এখন পঠিয়াবলৈ অনুৰোধ কৰে।

ক্ৰেডিট কাৰ্ডৰ প্ৰৱঞ্চনা

আনৰ ক্ৰেডিট/ডেবিট কাৰ্ড ব্যৱহাৰ কৰি সামগ্ৰী বা সেৱা ক্ৰয় কৰাটোকেই ক্ৰেডিট কাৰ্ডৰ প্ৰৱঞ্চনা বোলা হয়। ক্ৰেডিট কাৰ্ডৰ নম্বৰ, পি.আই.এন, গুপ্তশব্দ আদি ধৰণৰ তথ্য চুৰি কৰাটো এই প্ৰৱঞ্চনাত জড়িত হৈ থাকে। ক্ৰেডিট কাৰ্ড চুৰ কৰা আৰু একে ধৰণৰ ক্ৰেডিট কাৰ্ড বনোৱাসকলো এই প্ৰৱঞ্চনাৰ লগত জড়িত হৈ থাকে।

টোপ দিয়া ই-মেইল, আনৰ ব্যক্তিগত তথ্য দ্ৰুতভাৱে বৈদ্যুতিন পদ্ধতিত (স্কিমিং) সংগ্ৰহ আদি জটিল কৌশল ব্যৱহাৰ কৰি হেকাৰসমূহে সৰল ব্যৱহাৰকাৰীৰ পৰা ক্ৰেডিট কাৰ্ডৰ তথ্যসমূহ সংগ্ৰহ কৰে।

টোপ দিয়া

বৈদ্যুতিন যোগাযোগ ব্যৱস্থাৰে অতি বিশ্বাসযোগ্যতা প্ৰদান কৰি কোনো ব্যক্তিৰ ব্যৱহাৰকাৰীৰ নাম, গুপ্তশব্দ, ক্ৰেডিট কাৰ্ডৰ বিৱৰণ আদি প্ৰতাৰণাৰে জানিবলৈ চেষ্টা কৰাটোক টোপ দিয়া বুলি কোৱা হৈছে। সাধাৰণতে এনে টোপ দিয়া কাৰ্য্য ইমেইল বা ইন্সটেন্ট মেছেজিঙৰ যোগেৰে হয় আৰু প্ৰায়েই ব্যৱহাৰকাৰীক তেওঁৰ বিশ্বাসযোগ্য ৱেবচাইটৰ দৰেই দেখাত এটা ভুৱা ৱেবচাইটলৈ যাবলৈ দিয়া হয় আৰু তথ্যসমূহ প্ৰদান কৰিবলৈ কোৱা হয়।

তথ্য চুৰ (স্কিমিং)

ক্ৰেডিট কাৰ্ড/ডেবিট কাৰ্ডৰ তথ্যসমূহ চুৰ কৰাটোকে স্কিমিং বোলা হয়।  ৰছিদৰ প্ৰতিলিপি সংগ্ৰহৰ দৰে সাধাৰণ পদ্ধতি বা অতি উন্নত পদ্ধতি যেনে, সৰু বৈদ্যুতিন আহিলা (স্কিমাৰ) ৰ যোগেৰে শ-শ ভুক্তভোগীৰ তথ্যসমূহ জমা কৰি ৰখা হয়।  সাধাৰণতে এনে চুৰসকলে হোটেল বা মদিৰালয়ত ভুক্তভোগীৰ ক্ৰেডিট কাৰ্ডৰ তথ্যসমূহ নথিভুক্ত কৰি ৰাখে।

ফোনফোনযোগে কৰা প্ৰতাৰণা (ভিছিং)

ফোন যোগে বিত্তীয় উপহাৰ প্ৰদানৰ লোভ দেখুৱাই কোনো ব্যক্তিৰ ব্যক্তিগত আৰু বিত্তীয় তথ্য সংগ্ৰহ কৰা পদ্ধতিটোকেই ভিছিং বোলা হৈছে। এই শব্দটো ‘ভইচ (মাত)’ আৰু ‘ফিছিং (টোপ দিয়া)’ শব্দ দুটা লগলগাই সৃষ্টি কৰা হৈছে।

সামাজিক কৌশল

এই প্ৰতাৰকসকল সাধাৰণতে সদস্য কৰ্মচাৰী বা সুৰক্ষা কৰ্মীয়ো হ’ব পাৰে যিয়ে প্ৰথমে আপোনাৰ বিশ্বাসী হৈ লয়। প্ৰতাৰকসকলে উপভোক্তাৰ পৰা কাৰ্ডখন ক্ষতিগ্ৰস্ত হৈছে নেকি পৰীক্ষা কৰিবলৈ সংগ্ৰহ কৰে। সাধাৰণতে প্ৰতাৰকসকলে এ.টি.এম যন্ত্ৰ ব্যৱহাৰ কৰিব নজনা উপভোক্তা বা সফলভাৱে এ.টি.এম ব্যৱহাৰ কৰিব নোৱাৰাসকলক উপযাচি সহায় কৰিবলৈ আগবাঢ়ি আহি উপভোক্তাৰ বিশ্বাসৰ পাত্ৰ হৈ লয়।

ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ড/এ.টি.এম কাৰ্ড ব্যৱহাৰৰ আগতে ল’ব লগা পদক্ষেপসমূহ

  • আপুনি যেতিয়া বেংকৰ পৰা পঠিওৱা কাৰ্ডখন গ্ৰহণ কৰিব তেতিয়া এইটো নিশ্চিত হওঁক যে খামটো সম্পূৰ্ণভাৱে বন্ধ হৈ আছে আৰু তাত কোনো ক্ষয় ক্ষতি হোৱা নাই।
  • যেতিয়াই আপুনি বেংকৰ পৰা কাৰ্ডখন পাব, লগে লগেই কাৰ্ডখনত আপুনি স্বাক্ষৰ কৰক।
  • ব্যৱহাৰৰ সময়ত কাৰ্ডখনত থকা সংখ্যাসমূহৰ কমেও ৩ টা সংখ্যা আনৰ পৰা লুকুৱাই ৰাখিবলৈ চেষ্টা কৰক।
  • আপোনাৰ একাউন্টৰ লেনদেনসমূহ জানি থাকিবলৈ আপোনাৰ ফোন নম্বৰটো পঞ্জীয়ণ কৰাওঁক।
  • তৎকালে পি.আই.এন সলনি কৰক।

বজাৰ আৰু হোটেলত ক্ৰেডিট/ডেবিট কাৰ্ডৰ নিৰাপদ ব্যৱহাৰ

  • বিক্ৰেতাই আপোনাৰ কাৰ্ডখন কেনেদৰে যন্ত্ৰত ব্যৱহাৰ কৰিছে তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখক।
  • আপোনাৰ উপস্থিতিতেই যাতে লেনদেন সম্পূৰ্ণ হয় সেইটো নিশ্চিত কৰক।
  • উকা ক্ৰেডিট কাৰ্ড ৰছিদত কেতিয়াও স্বাক্ষৰ নকৰিব।
  • ৰছিদত থকা উকা অংশত যাতে জালিয়াতি কৰি অতিৰিক্ত ধনৰ পৰিমাণ ভৰাব নোৱাৰে তাৰ বাবে এডাল দীঘল ৰেখা আঁকি দিয়ক।
  • হোটেল, বজাৰ আদিত প্ৰদান কৰা জৰীপ প্ৰ-পত্ৰত কেতিয়াও আপোনাৰ ব্যক্তিগত তথ্য নভৰাব।

ইন্টাৰনেটত ক্ৰেডিট/ডেবিট কাৰ্ডৰ নিৰাপদ ব্যৱহাৰ

  • বজাৰ আৰু লেনদেন সদায় নিৰাপদ ৱেবচাইটতহে কৰিব।
  • অনুগ্ৰহ কৰি সুৰক্ষাৰ চিহ্ন চাই ল’ব। ব্ৰাউজাৰৰ তলত থকা তলাৰ ছবি ধৰণৰ সুৰক্ষাৰ সূত্ৰ চাই ল’ব। এটা ৱেবচাইট https: আৰম্ভ হ’ব লাগে (এই চিহ্নসমূহে আপুনি কৰা লেনদেন যে নিৰাপদ আৰু আপোনাৰ একাউন্টৰ তথ্যসমূহ সাংকেতিকৰণেৰে সুৰক্ষিত সেইটো বুজায়)।
  • সদায় আপুনি জনা আৰু বিশ্বাসী বিক্ৰেতাৰ পৰাহে সামগ্ৰী ক্ৰয় কৰক।
  • অনলাইনত ক্ৰেডিট/ডেবিট কাৰ্ডযোগে লেনদেন কৰাৰ পিছত সদায় ৱেবচাইটটোৰ পৰা বাহিৰ ওলাই আহক আৰু ব্ৰাউজাৰ কুকিজসমূহ মোহাৰি পেলাওঁক।
  • সকলো ই-মেইলকে সন্দেহজনক বুলি ভবা উচিত। আপোনাৰ বিত্তীয় তথ্যসহ ব্যক্তিগত তথ্য বিচৰা কোনো ধৰণৰ ই-মেইলকে সঁহাৰি নজনাব।
  • ধন প্ৰদানৰ কোনো তথ্য ই-মেইলযোগে প্ৰেৰণ নকৰিব। কিয়নো ইন্টাৰনেটত পঠিওৱা এনে ই-মেইলসমূহ যে আন ব্যক্তিয়ে পঢ়িব নোৱাৰিব তেনে ধৰণৰ কোনো সুৰক্ষিত ব্যৱস্থা নাই।
  • অনলাইনত ব্যক্তিগত তথ্য প্ৰদান কৰোঁতে অনুগ্ৰহ কৰি সতৰ্ক হওঁক।
  • উত্তৰণ  কেলেংকাৰী সম্পৰ্কে সতৰ্ক থাকক। পৰিচয় চুৰ কৰাসকলে আপোনাৰ ব্যক্তিগত তথ্য জানিবলৈ লোভণীয় প্ৰস্তাৱ দিব পাৰে।
  • অনুগ্ৰহ কৰি আপোনাৰ গুপ্তশব্দ গোপনে ৰাখক। কিছুমান অনলাইন বিপণীত পঞ্জীয়ণ কৰিবলৈ আপোনাৰ ব্যৱহাৰকাৰী নাম আৰু গুপ্তশব্দৰ প্ৰয়োজন হয়। অনলাইন গুপ্তশব্দ, এ.টি.এম, পি.আই.এন ৰ দৰে তথ্যসমূহ আনৰ পৰা গুপুতে ৰাখি সুৰক্ষিত হওঁক।
  • নেট বেংকিঙৰ ক্ষেত্ৰত সদায়ে যথাৰ্থ কী বোৰ্ড ব্যৱহাৰ কৰাটো নিশ্চিত কৰক।

ইন্টাৰনেটত ক্ৰেডিট/ডেবিট কাৰ্ডৰ নিৰাপদ ব্যৱহাৰ

  • বজাৰ আৰু লেনদেন সদায় নিৰাপদ ৱেবচাইটতহে কৰিব।
  • অনুগ্ৰহ কৰি সুৰক্ষাৰ চিহ্ন চাই ল’ব। ব্ৰাউজাৰৰ তলত থকা তলাৰ ছবি ধৰণৰ সুৰক্ষাৰ সূত্ৰ চাই ল’ব। এটা ৱেবচাইট https: আৰম্ভ হ’ব লাগে (এই চিহ্নসমূহে আপুনি কৰা লেনদেন যে নিৰাপদ আৰু আপোনাৰ একাউন্টৰ তথ্যসমূহ সাংকেতিকৰণেৰে সুৰক্ষিত সেইটো বুজায়)।
  • সদায় আপুনি জনা আৰু বিশ্বাসী বিক্ৰেতাৰ পৰাহে সামগ্ৰী ক্ৰয় কৰক।
  • অনলাইনত ক্ৰেডিট/ডেবিট কাৰ্ডযোগে লেনদেন কৰাৰ পিছত সদায় ৱেবচাইটটোৰ পৰা বাহিৰ ওলাই আহক আৰু ব্ৰাউজাৰ কুকিজসমূহ মোহাৰি পেলাওঁক।
  • সকলো ই-মেইলকে সন্দেহজনক বুলি ভবা উচিত। আপোনাৰ বিত্তীয় তথ্যসহ ব্যক্তিগত তথ্য বিচৰা কোনো ধৰণৰ ই-মেইলকে সঁহাৰি নজনাব।
  • ধন প্ৰদানৰ কোনো তথ্য ই-মেইলযোগে প্ৰেৰণ নকৰিব। কিয়নো ইন্টাৰনেটত পঠিওৱা এনে ই-মেইলসমূহ যে আন ব্যক্তিয়ে পঢ়িব নোৱাৰিব তেনে ধৰণৰ কোনো সুৰক্ষিত ব্যৱস্থা নাই।
  • অনলাইনত ব্যক্তিগত তথ্য প্ৰদান কৰোঁতে অনুগ্ৰহ কৰি সতৰ্ক হওঁক।
  • উত্তৰণ  কেলেংকাৰী সম্পৰ্কে সতৰ্ক থাকক। পৰিচয় চুৰ কৰাসকলে আপোনাৰ ব্যক্তিগত তথ্য জানিবলৈ লোভণীয় প্ৰস্তাৱ দিব পাৰে।
  • অনুগ্ৰহ কৰি আপোনাৰ গুপ্তশব্দ গোপনে ৰাখক। কিছুমান অনলাইন বিপণীত পঞ্জীয়ণ কৰিবলৈ আপোনাৰ ব্যৱহাৰকাৰী নাম আৰু গুপ্তশব্দৰ প্ৰয়োজন হয়। অনলাইন গুপ্তশব্দ, এ.টি.এম, পি.আই.এন ৰ দৰে তথ্যসমূহ আনৰ পৰা গুপুতে ৰাখি সুৰক্ষিত হওঁক।
  • নেট বেংকিঙৰ ক্ষেত্ৰত সদায়ে যথাৰ্থ কী বোৰ্ড ব্যৱহাৰ কৰাটো নিশ্চিত কৰক।

কৰিব

  • এ.টি.এম যন্ত্ৰটো ব্যৱহাৰ কৰাৰ আগতে কাৰ্ড সুমোৱা অংশত কিবা অচিনাকী সামগ্ৰী আছে নেকি সেইটো নিশ্চিত হৈ লওঁক (স্কিমিঙৰ পৰা আতঁৰি থাকিবলৈ)।
  • লেনদেনৰ সময়ত এ.টি.এম পি.আই.এন আনে নেদেখাকৈ ব্যৱহাৰ কৰক।
  • লেনদেনৰ ৰছিদ লগত লৈ নুফুৰিব।
  • বেংকে পৰামৰ্শ দিয়াৰ দৰে প্ৰতি তিনিমাহত এবাৰকৈ এ.টি.এম পি.আই.এন সলনি কৰক।
  • লেনদেনৰ জালিয়াতি পৰা সুৰক্ষা পাবলৈ আপোনাৰ ক্ৰেডিট কাৰ্ডৰ ৰছিদ ৰাখি থওঁক।
  • মাহেকীয়া বিৱৰণৰ লগত এই ৰছিদসমূহ ৰিজাই চাওঁক।
  • অতিশয় প্ৰয়োজনৰ বাবেহে আপুনি লগত ক্ৰেডিট কাৰ্ড ৰাখিব।
  • ক্ৰেডিট কাৰ্ডৰ নম্বৰ প্ৰদান কৰা সকলো নথিয়েই লিপিবদ্ধ কৰি ৰাখক।
  • আপোনাৰ ঠিকনা সলনি কৰাৰ পূৰ্বেই ক্ৰেডিট কাৰ্ড জাৰি কৰা প্ৰতিষ্ঠানক জনাওঁক।
  • যদিহে আপোনাৰ ক্ৰেডিট কাৰ্ডখন হেৰাই, তেন্তে সেই তথ্য তৎক্ষণাত জনাওঁক।
  • নবীকৰণ/উন্নীতকৰণ আদিৰ সময়ত পুৰণি কাৰ্ডখন পেলাই দিয়াৰ আগতে কোণীয়াকৈ কাটি পেলাওঁক।
উৎস: সুৰক্ষাৰ সজাগতা, চি-ডেক, হাইদৰাবাদ।

শেহতীয়া উন্নীতকৰণ: : 4/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate