অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰবঞ্চকৰ পৰা হাত সাৰিবলৈ প্ৰয়োজনীয় কিছু সচেতনতা

প্ৰবঞ্চকৰ পৰা হাত সাৰিবলৈ প্ৰয়োজনীয় কিছু সচেতনতা

আজি কিছুদিনৰ পৰা প্ৰবঞ্চকৰ ফ'ন কল যোগেৰে বেংক সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰি বেংকৰ ধনৰ হৰলুকি কৰাৰ বাতৰি বৃদ্ধি পাইছে। গতিকে এনেধৰণৰ ফ'ন কলৰ বিষয়ে নিজে সজাগ হোৱাৰ লগতে আনকো সজাগ কৰি তোলাটো প্ৰতিজন সচেতন নাগৰিকৰে কৰ্তব্য।

সেইদিনাৰ এটা বাতৰি মতে এজন ব্যক্তিয়ে বেংকৰ গ্ৰাহক সেৱাৰ পৰা কৰা বুলি এটা ফ'ন কল পায়। তেওঁক ফ'ন কলটোৰ জড়িয়তে কোৱা হয় যে তেওঁৰ বেংকৰ একাউন্ট আৰু এটিএম কাৰ্ডৰ আপগ্ৰেডেচনৰ কাম চলি আছে। গতিকে তেওঁক কেইটামান কথাৰ সবিশেষ লাগে।

১) এটিএমৰ নম্বৰ

২) চিভিভি নম্বৰ (কাৰ্ড ভেৰিভিকেচন ভেলু, কাৰ্ডখনত লিখা থকা এটা তিনি বা চাৰি অংকিয়া সংখ্যা)

৩) কাৰ্ডৰ এক্সপিৰি দেট

৪) পাছৱৰ্ড

৫) বেংকৰ একাউন্ট নম্বৰ

ফ'ন কলটোত গ্ৰাহকজন ইমানে পতিয়ন গৈছিল যে তেওঁৰ অলপো সন্দেহ হোৱা নাছিল যে সেই ফ'নটো বেংকৰ গ্ৰাহক সেৱাৰ নহ'বও পাৰে। তেওঁ সেই তথ্যখিনি দি দিয়াৰ পিছত, এবাৰ বিশ হাজাৰ আৰু পোন্ধৰ হাজাৰকৈ তিনিবাৰ মুঠ ৬৫ হাজাৰ টকাৰ উইদ্ৰেল মেচেজ লাভ কৰে। তাৰ পিছত বেংকৰ লগত যোগাযোগ কৰাত গম পালে যে সেই ফ'ন বেংকৰ পৰা নাছিল। বেংকে তেনেধৰনে গোপনীয় তথ্য বিচাৰি কোনো গ্ৰাহকলৈ ফ'ন কল বা ই-মেইল নকৰে।

ফিশ্চিং শব্দটোৰ লগত যাৰ পৰিচিতি আছে তেওঁলোকে জানে যে কোনো ব্যক্তিৰ ব্যক্তিগত বা অৰ্থনৈতিক তথ্য কৌশলেৰে হস্তগত কৰাই ফিশ্চিং। সাধাৰণতে পিশ্চিং ই-মেইলৰ জড়িয়তে কৰা হয়। এছএমএছ যোগেও ফিশ্চিং কৰা হয়। ফেক টেলিফন কলেৰে কৰা ফিশ্চিঙৰ ভিশ্চিং বুলি কোৱা হয়। টেলিফন কলেৰে কৰা ফিশ্চিং, ভিশ্চিঙেৰে মানুহৰ গোপনিয় তথ্য সংগ্ৰহৰ বাবে ফ'ন কৰা ব্যক্তিজনে নিজকে বেংকৰ গ্ৰাহক সেৱা বা কাৰিকৰী বিভাগৰ ( technical team) পৰা ফ'ন কৰা বুলি পতিয়ন নিয়াবৰ চেষ্টা কৰে। তেওঁৰ কঠনভংগী অত্যন্ত পেছাদৰী হোৱা দেখা যায়, ফ'ন কৰা ব্যক্তিজনক পতিয়ন নিয়াবৰ চেষ্টা কৰে যে কি বিশেষ প্ৰয়োজনবশত সেই তথ্যখিনি এই মুহুৰ্তত ৱেংকক প্ৰয়োজন। আৰু ব্যক্তিজনক পতিয়ন নিয়াব পাৰিলেই এটিএমৰ নম্বৰ, চিভিভি নম্বৰ, কাৰ্ডৰ এক্সপিৰি দেট, পাছৱৰ্ড, বেংকৰ একাউন্ট নম্বৰ আদি সৰকোৱাৰ চেষ্টা চলায়। এইখিনি তথ্য পালেই সেই ব্যক্তিজনৰ পৰা অবৈধ উপায়ে ধন হস্তান্তৰ কৰে।

এই ধৰনৰ প্ৰবঞ্চনাৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আৰু সুৰক্ষিত বেংক সেৱা লাভ কৰিবলৈ বিভিন্ন বেংক, ষ্টেট বেংক অব ইন্দিয়া, আইচিআইচিআই, এইচদিএফচি আৰু অন্যান্য বেংকে গ্ৰাহকসকলক নিম্নোক্ত উপায় সমূহ পালন কৰাৰ পৰামৰ্শ প্ৰদান কৰিছে-

১. বেংক বা তেওঁলোকৰ কোনো প্ৰতিনিধিয়ে কেতিয়াও ব্যক্তিগত তথ্য বিচাৰি, পাছৱৰ্ড বা এবাৰ ব্যৱহাৰযোগ্য (উচ্চ সুৰক্ষা যুক্ত) পাছৱৰ্ড বিচাৰি গ্ৰাহকক মেইল, এছএমএছ বা ফ'ন কল নকৰে। এনেকুৱা যিকোনো মেইল, এছএমএছ বা ফ'ন কল প্ৰৱঞ্চকৰ টকা সৰকোৱাৰ কৌশল মাত্ৰ। গতিকে এনেকুৱা কোনো মেইল, এছএমএছ বা ফ'ন কলত সঁহাৰি নিদিব।

২. নিজৰ ইউজাৰ আইদি, দেবিট কাৰ্ড বা এটিএম নম্বৰ, পিন, চিভিভি ইত্যাদি আপদেট কৰিবলৈ অনুৰোধ কৰি পঠোৱা কোনো মেইল, এছএমএছ বা ফ'নকলৰ প্ৰতি সঁহাৰি নজনাব। এনেকুৱা ধৰণৰ মেইল, এছএমএছ বা ফ'নকল পালে তৎক্ষনাত আপোনাৰ পাছৱৰ্ড সলনি কৰি ল'ব।

৩. কোনো চাইট খোলোতে ওলোৱা প'প আপ উইন্দোত নিজৰ একো ব্যক্তিগত তথ্য নিদিব।

৪. এটা কথা সদায় মনত ৰাখিব যে পাছৱৰ্ড, পিন, টিন আদি ইমানেই গোপনীয় যে বেংকৰ কৰ্মচাৰী বা কাৰিকৰী বিভাগৰ লোকেও আপোনাৰ পাছৱৰ্ড, পিন, টিন আদি গম নপায় বা পোৱাৰ প্ৰয়োজন কেতিয়াও আহি নপৰে। গতিকে বেংক পৰা বিচৰা বুলি কলেও কেতিয়াও বিশ্বাস নকৰিব।

৫. যুক্তিসংগত কাৰণ নোহোৱাকৈ য'তে ত'তে আইদেনটিটি প্ৰুফ নিদিব।

৬. ই-মেইলত অহা কোনো লিংকেৰে বেংকৰ চাইটত প্ৰৱেশ নকৰিব।

৭. বেংকৰ চাইটত প্ৰৱেশ কৰিবলৈ এদ্ৰেছবাৰত ইউআৰএল টাইপ কৰিহে বেংকৰ চাইটত প্ৰৱেশ কৰা উচিত।

৮. চাকৰীৰ বাবে অহা বা লটাৰীৰ কোনো মেইলত বিচাৰিলেও বেংক দিটেইচ নিদিব। অজ্ঞাত মেইলৰ লগত অহা এটাচমেন্ট নুখুলিব।
৯. অনলাইন বেংকিং চিকিউৰিটিৰ বাবে নিম্নোক্ত সুৰক্ষা ব্যৱস্থা অৱলম্বন কৰক।

# শেহতীয়া চিকিউৰিটি পেটচেৰে সৈতে আপদেটেদ অপাৰেটিং চিষ্টেম ব্যৱহাৰ কৰক।

# ব্ৰাউজাৰৰ শেহতীয়া ভাৰ্চন ব্যৱহাৰ কৰক।

# আপ টু দেট এন্টিভাইৰাচ অৱশ্যেই ব্যৱহাৰ কৰিব।

১১. ইন্টাৰনেট কাফে বা শ্বেয়াৰিং পিচিৰ পৰা ইন্টাৰনেট বেংকি নকৰিব।

১২. বেংক ৱেবপেজ ভিজিট কৰোতে পেদলক চিম্বলটোত নজৰ দিব আৰু পেদলক চিম্বলত ক্লিক কৰি চিকিউৰিটি চাৰ্টিফিকেট পৰীক্ষা কৰি নিশ্চিত হৈ ল'ব।

সুৰক্ষা কিটিপৰ উৎস:
https://www.ucoebanking.com
https://www.onlinesbi.com
https://www.unionbankonline.co.in
http://www.icicibank.com
http://www.hdfcbank.com

লিখক: বিতুপন দাস।

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate