আমি সচৰাচৰতে মোবাইল ফোন ব্যৱহাৰ কৰোঁতে সৰু-সুৰা সমস্যাৰ সন্মুখীন হওঁ। সেই সমস্যা সমাধানৰ বাবে বহু সময়ত হয় অভিজ্ঞজনৰ কাষ চাপিব লগা হয় নতুবা অনুমোদিত সেৱা কেন্দ্ৰলৈ যাব লগা হয়। কিন্তু অকমান চেষ্টা কৰিলেই আমি এই সমস্যাবোৰ নিজেই সমাধান কৰিব পাৰো। ফলত সময় আৰু অৰ্থৰ হানি ৰোধ কৰিব পৰা যায়। তলত কেইটামান সাধাৰণ সমস্যা আৰু সমাধানৰ বৰ্ণনা কৰা হ’ল:
আমি বহুতেই তথ্য সুৰক্ষাৰ বাবে গুপ্ত শব্দ স্থাপন কৰি মোবাইল ফোনটো বন্ধ কৰি থওঁ। এনে ক্ষেত্ৰত পৰৱৰ্তী সময়ত মোবাইল ফোনটো ব্যৱহাৰ কৰাৰ উক্ত গুপ্ত শব্দটো প্ৰদান কৰি ফোনটো সক্ৰিয় কৰি ল’ব লগা হয়। বহু সময়ত আমি উক্ত গুপ্তশব্দ পাহৰি যোৱাৰ ফলত সমস্যাৰ সন্মুখীন হ’ব লগা হয়। কিন্তু গুপ্তশব্দ নোহোৱাকৈও বহুবোৰ মোবাইল ফোন সক্ৰিয় কৰিব পৰা যায়। অৰ্থাৎ মোবাইল ফোনৰ তথ্যসমূহ আৰু আনলৈ ফোন কৰিব পৰা যায়। ইয়াৰ বাবে প্ৰথমেই ‘মেনু’ বুটামটো টিপিব লাগিব। লগে লগেই চিকিউৰিটি কোড বা গুপ্তশব্দ বিচাৰিব। এইবাৰ বেক বুটামটো টিপিব লাগিব। ইয়াৰ পিছত আনলক বুটামটো একেৰাহে দুই চেকেণ্ড পৰ্য্যন্ত টিপি ধৰিব লাগিব। খুব কম সময়ৰ কাৰণে Now Prees* নামৰ এটা কামাণ্ড এক মুহুৰ্তৰ বাবে দেখা পোৱা যাব। এই কামাণ্ডটো দেখাৰ লগে লগেই আনলক অৰ্থাৎ * বুটামটো টিপিব লাগিব। ইয়াৰ পিছতেই গুপ্তশব্দ প্ৰদান নকৰাকৈ মোবাইল ফোনটো ব্যৱহাৰৰ বাবে সক্ৰিয় হৈ উঠিব।
নকিয়াৰ চিমবিয়ান অপাৰেটিঙ চিষ্টেম থকা স্মাৰ্ট ফোনৰ অতিৰিক্ত বিভিন্ন ধৰণৰ এপ্লিকেশ্যন ইনষ্টল কৰাৰ ফলত ইয়াৰ কৰ্মদক্ষতা অধিক লেহেমীয়া হৈ পৰে। বহু সময়ত দেখা যায় যে ফোনত থকা বহুবোৰ তথ্য যেনে: ফোন নম্বৰ, বিভিন্ন বাৰ্তা আদি নিজে নিজে নোহোৱা হৈ যায়। বহুক্ষেত্ৰত আকৌ বহুলোকে নতুন ফোন ব্যৱহাৰ কৰিলে তাত পুৰণি তথ্যসমূহ স্থানান্তৰ কৰিবলৈ বিচাৰে। এই ক্ষেত্ৰত উক্ত তথ্যসমূহৰ নিৰাপত্তাৰ বাবে যিকোনো কম্পিউটাৰত ন’কিয়া স্মাৰ্টফোনৰ তথ্যসমূহ সংৰক্ষণ কৰি ৰাখিব পৰা যায়। ইয়াৰ বাবে ন’কিয়া পি চি চুইট নামৰ চফটৱেৰটো কম্পিউটাৰত ইনষ্টল কৰি ল’ব লাগিব। গুগুলত চফটৱেৰটো সন্ধান কৰি বহুবোৰ চাইটৰ যিকোনো এটাৰ পৰা বিনামূলীয়াকৈ এই চফটৱেৰটো ডাউনলোড কৰি ল’ব পৰা যায়। এই চফটৱেৰটো ইনষ্টল হোৱাৰ পিছত মোবাইল ফোনটোৰ ডাটা কেবল বা ব্লু-টুথৰ যোগেৰে কম্পিউটাৰৰ লগত সংযোগ কৰিব লাগিব। কম্পিউটাৰত থকা উক্ত চফটৱেৰটো খুলিলেই “Back-Up option” দেখা পোৱা যাব। উক্ত অপচনত ক্লিক কৰিলে Back-up আৰু Restore অপচন দেখা পোৱা যাব। ইয়াৰে Back-up বুটামটোত ক্লিক কৰিলে মোবাইল ফোনটোত থকা কি কি তথ্যৰ Back-up ল’ব বিচাৰিছে তাৰ তালিকা এখন ওলাব। সেইসমূহ নিৰ্বাচন কৰি কম্পিউটাৰৰ কোনটো ড্ৰাইভত চেভ কৰিব সেয়া নিৰ্বাচন কৰাৰ পাছত খুব কম সময়ৰ ভিতৰতেই স্মাৰ্ট ফোনৰ তথ্যসমূহ কম্পিউটাৰ সংৰক্ষিত হৈ যাব। একে ধৰণে উক্ত কম্পিউটাৰৰ পৰা তথ্যসমূহ আন মোবাইল ফোনত ৰিষ্টোৰ কৰিব পৰা যাব।
ফোনৰ অত্যাধিক ব্যৱহাৰ, বিভিন্ন ভাইৰাছৰ আক্ৰমণ, অত্যাধিক চফটৱেৰ ইনষ্টল কৰা আদিকে ধৰি বহুবোৰ কাৰণত চিমবিয়ান অপাৰেটিং চিষ্টেম থকা মোবাইল ফোন সমূহৰ কাৰ্য্যদক্ষতা লেহেমীয়া হৈ পৰে। বহু সময়ত স্থবিৰ হৈ পৰা দেখা যায়। এই ক্ষেত্ৰত মোবাইল ফোনটো ফৰমেট কৰি সমস্যা সমাধান কৰিব পৰা যায়। কম্পিউটাৰৰ বাহিৰেও মোবাইল ফোনো ফৰমেট কৰাৰ সুবিধা আছে। ইয়াৰ বাবে প্ৰথমে স্মাৰ্ট ফোনটো বন্ধ কৰি ল’ব লাগিব। ইয়াৰ পিছত একেলগে *,৩ আৰু কলিং বুটাম বা সেউজীয়া ৰং থকা বুটামটো টিপি ধৰিব লাগিব। যদিহে একেলগে তিনিওটা বুটাম টিপি ধৰিব নোৱাৰে তেন্তে কাৰ্য্যসিদ্ধি নহ’ব। এনেকৈ টিপি ৰখাৰ পিছত মোবাইল ফোনৰ অন কৰা বুটামটো টিপিব লাগিব। সম্পূৰ্ণভাৱে ফোনটো সক্ৰিয় নোহোৱালৈকে উক্ত তিনিটা বুটাম টিপি ধৰি থাকিব লাগিব। সম্পূৰ্ণকৈ সক্ৰিয় হোৱাৰ পিছত স্মাৰ্ট ফোনটোত থকা সকলো তথ্য নোহোৱা হ’ব অৰ্থাৎ মোবাইল ফোনটো ফৰমেট হৈ যাব। ইয়াৰ পিছৰ পৰা নতুন মোবাইল ফোনৰ দৰেই ইয়াৰ কাৰ্য্যদক্ষতা গতি দ্ৰুত হৈ পৰিব। লক্ষ্য ৰাখিব যাতে এনেদৰে ফৰমেট কৰাৰ পূৰ্বে মোবাইল ফোনটোত থকা প্ৰয়োজনীয় তথ্যসমূহ আন মোবাইল ফোন বা কম্পিউটাৰত সংৰক্ষণ কৰি লয়।
মোবাইল ফোনৰ মেমৰিত ফোলডাৰ প্ৰস্তুত কৰাৰ সময়ত সাধাৰণতে এনেকুৱা কিছুমান আইকন প্ৰস্তুত হয় যাৰ ফলত আইকনটো দেখিয়ে উক্ত ফোলডাৰটোত কি ধৰণৰ ফাইল আছে সেয়া গম পোৱা যায়। যদি আপুনি বিচাৰে ফোলডাৰৰ ভিতৰত কি ধৰণৰ ফাইল আছে সেইটো আনে জানিব নালাগে তেন্তে আইকনবিহীন ফোলডাৰ একোটাও আপুনি তৈয়াৰ কৰি ল’ব পাৰে। ইয়াৰ বাবে প্ৰথমেই এটা নতুন ফোলডাৰ তৈয়াৰ কৰি লওক। এতিয়া উক্ত ফোলডাৰৰ ভিতৰত আপোনাৰ ফাইলসমূহ ভৰাওক। ইয়াৰ পিছত পুনৰ ফোলডাৰলৈ ঘূৰি আহি Rename অপচনৰ যোগেৰে ফোলডাৰটোৰ নামৰ পিছত .opd এক্সটেনচন যোগ কৰক। উদাহৰণস্বৰূপে, Music নামৰ ফোলডাৰ যদি বনাই তেন্তে Rename কৰি তাৰ নামটো কৰিব লাগিব। এবাৰ এনেকৈ নাম সলনি কৰাৰ পিছত ফোলডাৰৰ আইকনটো নোহোৱা হৈ পৰিব আৰু ফলত তাৰ ভিতৰতনো কি কি ফাইল আছে সেইবোৰো গম পোৱা নাযাব।
প্ৰতিটো মোবাইল ফোনৰে imei, অৰ্থাৎ ইন্টাৰনেচনেল মোবাইল ইকুইপমেন্ট আইডেনটিটি নামৰ একোটা কোড থাকে। এই কোডটো জানিবলৈ হ’লে *#06# লিখি কল কৰিব লাগিব। মোবাইল ফোনটো ফেক্টৰি চেটিংলৈ ৰিষ্টোৰ কৰিবলৈ হ’লে টিপিব লাগিব *#7780#। মোবাইল ফোনত ইনষ্টল হৈ থকা চফটৱেৰৰ সংস্কৰণ চাবৰ বাবে টিপিব লাগিব *#0000#।
সাধাৰণতে মোবাইল ফোনত কোনো ধৰণৰ ফোলডাৰ গোপনে ৰাখিব পৰা নাযায়। মোবাইল মেমৰিত থকা সকলো ধৰণৰ ফোলডাৰে ফাইল মেনেজাৰৰ পৰা দেখা পোৱা যায়। অৱশ্যে অকমান বুদ্ধি খটাই মোবাইলৰ যিকোনো ফোলডাৰ গোপনে ৰাখিব পৰা যায়। ইয়াৰ বাবেই প্ৰথমে মোবাইল মেমৰিত এটা ফোলডাৰ বনাই লওক। ফোলডাৰৰ নামৰ শেষত এক্সটেনচন হিচাপে .jad লিখি দিওক। উদাহৰণস্বৰূপে, Music নামৰ ফোলডাৰ যদি বনাই তেন্তে Rename কৰি তাৰ নামটো কৰিব লাগিব। এইবাৰ যিবোৰ ফাইল আপুনি গোপনে ৰাখিব বিচাৰিছে সেই ফাইলবোৰ music.jad ফাইলত ভৰাই দিয়ক। ইয়াৰ পিছত একে নামৰ আন এটা ফোলডাৰ প্ৰস্তুত কৰিব লাগিব। পিছৰবাৰ প্ৰস্তুত কৰা ফোলডাৰটোৰ এক্সটেনচন হিচাপে .jar লিখি লওক। নতুন ফোলডাৰটো অৰ্থাৎ music.jar ফোলডাৰটো বনোৱাৰ লগে লগে আগৰ ফোলডাৰটো নেদেখা হৈ পৰিব। উক্ত ফোলডাৰৰ ফাইলসমূহ চাবলৈ মেমৰি কাৰ্ড বা ডাটা কেবলৰ জৰিয়তে কম্পিউটাৰৰ লগত ফোনটো সংযোগ কৰি ফাইলসমূহ চাব পৰা যাব।
মেমৰি কাৰ্ডৰ গুপ্তশব্দ পাহৰিলে কি কৰিব
মোবাইল ফোনত মেমৰি কাৰ্ডৰ সুবিধা থকাৰ বাবে আমি বহুতেই বহুবোৰ গোপনীয় তথ্য মেমৰি কাৰ্ডতেই সংৰক্ষণ কৰি থওঁ। এই তথ্যসমূহৰ নিৰাপত্তাৰ বাবেই বহুতে আকৌ মেমৰি কাৰ্ডখনত গুপ্তশব্দও দি থয়। এই তথ্যসমূহ চাবৰ বাবে মেমৰি কাৰ্ডখন খুলিবলৈ উক্ত গুপ্তশব্দ প্ৰদান কৰিব লগা হয়। কিন্তু কেতিয়াবা কেতিয়াবা গুপ্তশব্দ পাহৰি গ’লেও বিকল্প উপায়েৰে উক্ত তথ্যসমূহ গুপ্তশব্দ প্ৰদান নকৰাকৈয়ে পুনৰুদ্ধাৰ কৰাৰ ব্যৱস্থা আছে।
উৎস: ইন্টাৰনেট।
শেহতীয়া উন্নীতকৰণ: : 6/22/2020