অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মোবাইল সুৰক্ষা

ৱাই-ফাই

ৱাৰলেছ ফাইদেলিটিকে সংক্ষেপতে ৱাই-ফাই বোলা হয়। ৱাই-ফাই বুলিলে অনাতাঁৰ যোগাযোগ প্ৰযুক্তিক বুজোৱা হয়। যাৰ জৰিয়তে কম্পিউটাৰ আৰু আন আহিলাৰ মাজত অনাতাঁৰ সংকেতযোগে যোগাযোগ স্থাপন কৰিব পৰা যায়।

বহুবোৰ মোবাইল আহিলা, ভিডিঅ’ গেম আৰু আন আহিলাসমূহতো ৱাই-ফাই সক্ষমতা সন্নিৱিষ্ট কৰা থাকে আৰু  এইসমূহ সক্ৰিয় কৰি অনাতাঁৰ নেটৱৰ্কত সংযোগ ঘটাব পৰা যায়। এই আহিলাসমূহৰ ৱাই-ফাই ব্যৱহাৰ কৰি ইন্টাৰনেট সংযোগো কৰিব পৰা যাব পাৰে।

কৰিব

  • কেৱল বিশ্বাসযোগ্য নেটৱৰ্কতহে সংযোগ কৰিব।
  • যেতিয়া প্ৰয়োজন হয় কেৱল তেতিয়াহে ৱাই-ফাই ব্যৱহাৰ কৰিব। যেতিয়া সেৱাৰ প্ৰয়োজন নহয় তেতিয়া ইয়াৰ ছাবি বন্ধ কৰি থ’বলৈ পৰামৰ্শ দিয়া হয়।
  • সুৰক্ষিত নোহোৱাৰ বাবে যেতিয়া ৰাজহুৱা নেটৱৰ্কত সংযোগ ঘটাব তেতিয়া সাৱধান হওঁক।

নকৰিব

  • অচিনাকী নেটৱৰ্ক বা অবিশ্বাসযোগ্য নেটৱৰ্কত কেতিয়াও সংযোগ স্থাপন নকৰিব।

ইউ.এছ.বি আহিলা হিচাপে মোবাইল ফোন

যেতিয়া এটা কম্পিউটাৰৰ লগত মোবাইল ফোনটো সংযোগ কৰা হয়, তেতিয়া ইয়াক ইউ.এছ.বি সঞ্চয় আহিলা হিচাপে      ব্যৱহাৰ কৰিব পৰা যায়। কম্পিউটাৰত সংযোগ কৰিব পৰাকৈ মোবাইল ফোনৰ লগত এডাল ইউ.এছ.বি তাঁৰ যোগান ধৰা হয়। আপোনাৰ মোবাইল ফোন আৰু মেম’ৰি কাৰ্ডলৈ ইউ.এছ.বি আহিলা হিচাপে প্ৰৱেশাধিকাৰ পাব।

  • আপোনাৰ মোবাইল ফোন আৰু মেম’ৰি কাৰ্ডলৈ ইউ.এছ.বি আহিলা হিচাপে প্ৰৱেশাধিকাৰ পাব।

কৰিব

  • যেতিয়া এটা মোবাইল ফোন ব্যক্তিগত কম্পিউটাৰৰ লগত সংযোগ কৰা হয়, তেতিয়া নৱতম এণ্টিভাইৰাছেৰে বাহ্যিক ফোন মেম’ৰি আৰু মেম’ৰি কাৰ্ড নিৰীক্ষণ কৰি ল’ব লাগে।
  • আপোনাৰ ফোন আৰু বাহ্যিক মেম’ৰি কাৰ্ডত থকা সমলসমূহ নিয়মীয়াকৈ আন ঠাইত জমা কৰি থ’ব লাগে যাতে যদিহে কেতিয়াবা আহিলাটো নষ্ট হয় বা মেলৱেৰ সোমায়, তেন্তে যাতে অন্ততঃ প্ৰয়োজনীয় তথ্যখিনি নিৰাপদকৈ ৰাখিব পৰা যায়।
  • কম্পিউটাৰৰ পৰা মোবাইললৈ কোনো তথ্য স্থানান্তৰ কৰাৰ পূৰ্বে নৱতম এন্টিভাইৰাছেৰে নিৰীক্ষণ কৰি ল’ব লাগে।

নকৰিব

  • মোবাইল ফোনত কেতিয়াও ব্যৱহাৰকাৰী নাম/গুপ্তশব্দ ধৰণৰ সংবেদনশীল তথ্য নাৰাখিব।
  • ভাইৰাছ থকা তথ্য কেতিয়াও আন মোবাইললৈ প্ৰেৰণ নকৰিব।

মোবাইলৰ এপ্লিকেছন আৰু পৰিচালন পদ্ধতিত হোৱা আক্ৰমণৰ বিৰুদ্ধে প্ৰশমন

মোবাইলৰ এপ্লিকেছন আৰু পৰিচালন পদ্ধতি

  • নিয়মীয়াকৈ মোবাইলৰ পৰিচালনা পদ্ধতি শেহতীয়া কৰি ৰাখক।
  • নিয়মীয়াকৈ মোবাইলৰ পৰিচালনা পদ্ধতি শেহতীয়া সংস্কৰণলৈ উন্নীত কৰি ৰাখক।
  • সদায় বিশ্বাসযোগ্য উত্সৰ পৰা এপ্লিকেছনসমূহ সংস্থাপন কৰক।
  • নিৰাপত্তাজনিত ছফটৱেৰসমূহ প্ৰসিদ্ধ যোগানকাৰীৰ পৰা লওঁক আৰু নিয়মীয়াকৈ নৱতম কৰি ৰাখক।
  • কোনো এপ্লিকেছন ডাউনলোড কৰাৰ আগতে ইয়াৰ বৈশিষ্ট্যবোৰ পৰীক্ষা কৰিলে যথেষ্ট সহায়ক হয়। কিছুমান এপ্লিকেছনে আপোনাৰ ব্যক্তিগত তথ্যও ব্যৱহাৰ কৰিব পাৰে।
  • যদিহে আপুনি তৃতীয় পক্ষৰ পৰা কোনো এপ্লিকেছন ডাউনলোড কৰে, তেন্তে ইয়াৰ প্ৰসিদ্ধতাৰ বিষয়ে কিছু পৰীক্ষা কৰি লওঁক।

স্থান অনুসৰণ কৰা সেৱাৰ যোগেৰে পঞ্জীকৃত মোবাইল ফোনৰ গতিবিধি পৰ্য্যবেক্ষণ কৰিব পাৰিব। যদিও ইয়াক ন্যায়সংগতভাৱে ব্যৱহাৰ কৰিব পৰা যায়, ইয়াক পিছে বিদ্বেষপূৰ্ণ কামতো ব্যৱহাৰ কৰিব পৰা যায়।

কোনো সামগ্ৰীয়ে ডাউনলোড কৰাৰ পূৰ্বে ইয়াৰ উত্সসমূহ যে নিৰাপদ সেইটো পৰীক্ষা কৰি চাই লওঁক।

মোবাইল ফোন

মোবাইল ফোন দিনক দিনে অতি জনপ্ৰিয় হৈ পৰিছে আৰু দ্ৰুতভাৱে বিদ্বেষপূৰ্ণ আক্ৰমণৰ আকৰ্ষণীয় লক্ষ্য হৈ পৰিছে। মোবাইল ফোনেও পৰম্পৰাগত কম্পিউটাৰৰ দৰে নিৰাপত্তাৰ প্ৰত্যাহবানৰ সন্মুখীন হৈছে। কিন্তু ই চলমান হোৱাৰ বাবে এক স্থায়ী স্থানত থকা কম্পিউটাৰতকৈ ইয়াৰ বিপদসমূহ পৃথক। ৱৰ্ম, ট্ৰজান হৰ্চ বা আন ভাইৰাছৰ পৰিয়াল আদিৰ দ্বাৰা মোবাইল ফোন সংক্ৰমিত হ’ব পাৰে, যিয়ে আপোনাৰ নিৰাপত্তা আৰু গোপণীয়তা নোহোৱা কৰাৰ লগতে আপোনাৰ সামগ্ৰীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিব পাৰে। এই প্ৰদৰ্শক পুথিত আপোনাৰ মোবাইল ফোনৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ, কৰিবলগা, নকৰিবলগা আৰু কিটিপ কিছু আগবঢ়োৱা হ’ল

মোবাইল ফোন ব্যৱহাৰৰ পূৰ্বে ল’বলগীয়া কেইটামান পদক্ষেপ:

পদক্ষেপ ১:নিৰ্মাণকাৰীৰ হাতপুথিখন সতৰ্কতাৰে পঢ়ক আৰু আপোনাৰ মোবাইলটো

পদক্ষেপ ২: যদিহে আপোনাৰ মোবাইলটো হেৰাই, তেন্তে মোবাইলটো অনুসৰণ

অধিক তথ্যৰ বাবে নিৰ্মাণকাৰীৰ হাতপুথি চাওঁক

মোবাইল ফোনৰ সুৰক্ষাৰ প্ৰতি থকা আশংকাৰ শ্ৰেণীসমূহ

  • মোবাইল ফোন আহিলা আৰু তথ্য সুৰক্ষাৰ প্ৰতি থকা আশংকা

অকৰ্তৃত্বশীল বা ইচ্ছাকৃতভাৱে মোবাইল ফোন ব্যৱহাৰ কৰা আৰু হেৰুওঁৱা বা মোবাইল ফোন চুৰি হোৱাৰ আশংকা।

  • মোবাইল সংযোগৰ সুৰক্ষাৰ প্ৰতি থকা আশংকাসমূহ

অচিনাকী যন্ত্ৰ, ফোন আৰু ব্লুটুথ, ৱাই-ফাই, ইউ.এছ.বি আদিৰ দৰে নেটৱৰ্কৰ লগত মোবাইল ফোনৰ সংযোগ সম্পৰ্কীয় আশংকাসমূহ

  • মোবাইল এপ্লিকেছন আৰু অপাৰেটিঙ চিষ্টেমৰ সুৰক্ষাৰ প্ৰতি আশংকাসমূহ

মোবাইল এপ্লিকেছন আৰু অপাৰেটিঙ চিষ্টেমৰ দূৰ্বলতাৰ বাবে আশংকাসমূহ।

মোবাইল ফোন আক্ৰমণৰ বৈশিষ্ট্যসূচক প্ৰভাৱ

  • ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য সংগ্ৰহ/মোবাইল ফোনেৰে আদান-প্ৰদান কৰা সমলসমূহ ফাদিল হৈ যোৱা বা নোহোৱা হোৱা।
  • বিদ্বেষপূৰ্ণ ছফটৱেৰৰ ফলত অজ্ঞাতসাৰে সাধাৰণ আৰু অতি বেছি খৰছী এছ.এম.এছ আৰু ফোন কৰা সেৱাৰ বাবে ধনৰ লোকচান।
  • গোপণীয়তাত  আক্ৰমণ, য’ত ব্যৱহাৰকাৰীৰ অজ্ঞাতেই মোবাইল ফোনৰ স্থান অনুসৰণৰ লগতে ব্যক্তিগত এছ.এম.এছ আৰু ফোনসমূহো সন্নিৱিষ্ট হয়।
  • মোবাইল ফোনটোৰ ওপৰত নিয়ন্ত্ৰণ হেৰায় আৰু লক্ষ্যত আক্ৰমণ কৰাৰ বাবে জম্বি অৰ্থাৎ অজ্ঞাতসাৰে ইন্টাৰনেটত সংযোগ ঘটে।

মোবাইল আহিলা আৰু তথ্য সুৰক্ষাৰ আশংকাৰ বিৰুদ্ধে প্ৰশমন

মোবাইল আহিলাৰ বাবে কৰিবলগা আৰু নকৰিবলগা

কৰিব

আই.এম.ই.আই নম্বৰ নথিভুক্ত কৰি থওঁক

¨ ১৫ টা সংখ্যাৰ একক আই.এম.ই.আই নম্বৰটো নথিবদ্ধ কৰি থওঁক। যদিহে মোবাইল ফোনটো চুৰ হয় বা

হেৰাই তেন্তে আৰক্ষী থানাত অভিযোগ পঞ্জীয়ণ কৰিবলৈ এই নম্বৰটোৰ প্ৰয়োজন হ’ব আৰু আপোনাৰ

মোবাইলটো অনুসৰণ কৰি বিচাৰি উলিওৱাৰ ক্ষেত্ৰত সেৱা প্ৰদানকাৰীসকলৰ বাবে সহায়ক হ’ব পাৰে।

আহিলাটো বন্ধ কৰি থোৱা ব্যৱস্থা সক্ৰিয় কৰক:

¨ আপোনা-আপুনি ফোনটো বা কীপেড বন্ধ হৈ যোৱাতো আৰু খুলিবলৈ গুপ্তশব্দৰ প্ৰয়োজন হোৱা ব্যৱস্থাটো

সক্ৰিয় কৰি থ’লে আপোনাৰ ফোনলৈ প্ৰৱেশ কৰাৰ ক্ষেত্ৰত সুৰক্ষাজনিত ব্যৱস্থা সক্ৰিয় কৰা হয়।

এছ.আই.এম (চিম) বন্ধ কৰিবলৈ পি.আই.এন ব্যৱহাৰ কৰক:

¨ এছ.আই.এম (ছাবচক্ৰাইবাৰ আইডেন্টিটি মডিউল)কাৰ্ডৰ বাবে পি.আই.এন (পাৰ্চোনেল

আইডেন্টিফিকেছন নাম্বাৰ)ব্যৱহাৰ কৰিলে চুৰি হোৱা ফোনটো ব্যৱহাৰ কৰাত বাধাৰ সৃষ্টি কৰে। এই সুৰক্ষা

সক্ৰিয় কৰাৰ পিছত প্ৰতিবাৰ ফোনটো আৰম্ভ কৰাৰ সময়ত এছ.আই.এম ৰ পি.আই.এন প্ৰদান কৰিবলগা হ’ব।

¨ মেম’ৰি কাৰ্ডত থকা তথ্যসমূহ সুৰক্ষিত কৰিবলৈ গুপ্তশব্দ ব্যৱহাৰ কৰক।

সামগ্ৰীটো হেৰুৱা আৰু চুৰি হোৱাৰ খবৰ জনাওঁক:

¨ সামগ্ৰী চুৰি বা হেৰুৱাৰ লগে লগেই ওচৰৰ আৰক্ষী থানা আৰু সংশ্লিষ্ট সেৱা প্ৰদানকাৰীক জনাওঁক। মোবাইল অনুসৰণ বৈশিষ্ট্য ব্যৱহাৰ কৰক।

¨ মোবাইল ফোন অনুসৰণ কৰা বৈশিষ্ট্যতা ব্যৱহাৰ কৰিলে হেৰুৱা বা চুৰি হোৱা মোবাইল বিচাৰো ওলোৱাত সহায়ক হ’ব পাৰে। এনে ক্ষেত্ৰত প্ৰতিবাৰ মোবাইল ফোনটোত এছ.আই.এম কাৰ্ড ভৰোৱাৰ লগে লগে পূৰ্বতে আপোনাৰ পছন্দমতে দি থোৱা দুটা ফোন নম্বৰলৈ স্বয়ংক্ৰিয়ভাৱে বাৰ্তা প্ৰেৰণ হ’ব আৰু তাৰ যোগেদি আপুনি মোবাইল ফোনটো অনুসৰণ কৰিব পাৰিব।

নকৰিব:

  • আপোনাৰ মোবাইল ফোনটো সদায় লগত ৰাখিব।
  • ব্যৱহাৰ নথকা অৱস্থাত কেমেৰা, অডিঅ’ ভিডিঅ’ প্লেয়াৰ আৰু ব্লুটুথ, ইনফ্ৰাৰেড, ৱাই-ফাই আদি সংযোগসমূহ বন্ধ কৰি ৰাখক। এই সংযোগসমূহ হৈ থাকিলে সুৰক্ষাজনিত বিষয় হব পাৰে আৰু বেটেৰীৰ চাৰ্জ খৰছ হৈ থাকে।

তথ্য সুৰক্ষাৰ বাবে কৰিব আৰু নকৰিবলগাসমূহ

কৰিব

নিয়মীয়াকৈ তথ্যসমূহ আন ঠাইত জমা কৰক

¨ আপোনাৰ ফোনৰ তথ্যসমূহ নিয়মীয়াকৈ আন ঠাইত জমা কৰি থওঁক। আপুনি এখন পৃথক মেম’ৰি কাৰ্ডতো এই তথ্যসমূহ জমা কৰি থ’ব পাৰে। বিক্ৰেতাৰ নথিপত্ৰত থকা প্ৰক্ৰিয়া অনুসৰি আপুনি এই কাৰ্য্য কৰিব পাৰে।

কাৰখানাৰ অৱস্থালৈ পুনৰ স্থাপন

¨ যেতিয়া আপোনাৰ ফোনটো আন এজন ব্যক্তিক স্থায়ীভাৱে প্ৰদান কৰিব, তেতিয়া যাতে তাত থকা আপোনাৰ সকলো তথ্য নোহোৱা হয় সেইটো নিশ্চিত কৰিবলৈ কাৰখানাৰ অৱস্থালৈ পুনৰসংস্থাপন কৰিব লাগে।

মোবাইল সংযোগ সুৰক্ষাত আক্ৰমণৰ বিৰুদ্ধে উপশম

ব্লুটুথ:

ব্লুটুথ এটা অনাতাঁৰ প্ৰযুক্তি যিটোৱে বিভিন্ন আহিলাক এটাৰ লগত আনটোৰ সংযোগ ঘটায় আৰু ৰিং টোন বা ফটো আদি ধৰণৰ তথ্যসমূহ বিনিময় কৰিব পৰা যায়। সাধাৰণতে ব্লুটুথৰ যোগেৰে ৩০ ফুট দুৰত্বলৈ অনাতাঁৰ সংকেত প্ৰেৰণ কৰিব পৰা যায়।

কৰিব:

ব্লুটুথ অদৃশ্যমান ধৰণে ব্যৱহাৰ কৰিব লাগে যাতে ব্যৱহাৰ কৰি থকা অৱস্থাতো ইয়াক আনে দেখা নাপায়।

¨   আপোনাৰ মোবাইল ফোনৰ মডেলটো যাতে জানিব নোৱাৰে তাৰ বাবে আন নামলৈ সলনি কৰিব লাগে।

টোকা: অনুস্থাপিতভাৱে ব্লুটুথৰ নামটোত মোবাইল ফোনৰ মডেল নাম্বাৰটো দিয়া থাকে।

¨   আন আহিলাৰ লগত সংযোগ কৰোতে গুপ্তশব্দ ব্যৱহাৰ কৰিব লাগে। এনে গুপ্তশব্দ থকা আহিলাইহে  আপোনাৰ কম্পিউটাৰৰ লগত সংযোগ ঘটাব পাৰে।

¨   যেতিয়া ব্লুটুথে সক্ৰিয়ভাৱে তথ্য সৰবৰাহ নকৰে তেতিয়া ইয়াক নিষ্ক্ৰিয় কৰি ৰাখিব লাগে।

¨   এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত স্বয়ংক্ৰিয়ভাৱে নিষ্ক্ৰিয় হোৱাকৈ ব্লুটুথ ব্যৱহাৰ কৰিব লাগে যাতে আনৰ বাবে ই অবিৰতভাৱে উপলব্ধ নহয়।

নকৰিব:

¨   ব্লুটুথৰ যোগেৰে অচিনাকী আহিলাৰ লগত কেতিয়াও সংযোগৰ অনুমতি নিদিব।

¨   অবিৰতভাৱে ব্লুটুথ খুলি নাৰাখিব।

¨   ব্লুটুথটো সদায় বিচাৰি পোৱা অৱস্থাত নাৰাখিব।

টোকা: যদিহে অনুস্থাপিতভাৱে সদায়ে খোলা, সদায়ে বিচাৰি পোৱা অৱস্থাত থাকে

তেন্তে আক্ৰমণকাৰীয়ে আক্ৰমণ কৰিবলৈ সুবিধা ল’ব পাৰে।

উৎস: সুৰক্ষাৰ সজাগতা, চি-ডেক, হাইদৰাবাদ।

শেহতীয়া উন্নীতকৰণ: : 6/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate