অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মেলৱেৰৰ পৰা সুৰক্ষা

মেলৱেৰৰ পৰা সুৰক্ষা

ইণ্টাৰনেট ব্যৱহাৰ কৰা সকলোৰে বিৰুদ্ধে মেলৱেৰসমূহ চাইবাৰ অপৰাধীৰ বাবে এক প্ৰধান অস্ত্ৰত পৰিণত হৈছে। মেলৱেৰে সকলোবোৰ অপাৰেটিং ছিষ্টেম আৰু ব্ৰাউজাৰক লক্ষ্য কৰি লয়, আৰু শেহতীয়া বছৰসমূহত, বিভিন্ন এপলিকেশ্বনছৰ ওপৰত অপৰাধজনিত আক্ৰমণৰ ঘটনা যথেষ্ট পৰিমাণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। উইণ্ড’জক আটাইতকৈ ভাল সুৰক্ষা চানেকি, উন্নয়ন আৰু উপলব্ধ পৰীক্ষাৰ অনুশীলনসমৃদ্ধ কৰি তুলিবলৈ মাইক্ৰ’ছফটে ব্যৱহাৰ কৰে ছিকিউৰিটী ডিভালপমেণ্ট লাইফষ্টাইল (Security Development Lifecycle  চমুকৈ SDL)। সুৰক্ষা অভিন্তাসকলে আক্ৰমণকাৰীৰ কৰ্মপন্থাত দৃষ্টি নিক্ষেপ কৰে সম্পূৰ্ণ বৈশিষ্ট্য সম্পৰ্কে পৰ্যালোচনা কৰাৰ সময়ত। ই এক পৰিৱেশ ৰচনা কৰে আৰু উচ্চ পৰ্যায়ৰ স্পৰ্শকাতৰ বিষয়ত অতিৰিক্ত সুৰক্ষা সম্বন্ধীয় সংকেত পুনৰীক্ষণ প্ৰদান কৰে। প্ৰশিক্ষণ আৰু সংকেত মান আহিলাই উইণ্ড’জ ছ’ৰ্চ ক’ডত প্ৰৱেশ কৰাৰ সাধাৰণ কোডিং সমস্যাৰ নিৰসন ঘটায়।

এক্স পি এছ পি-২ৰে মাইক্ৰ’ছফটে আৰম্ভ কৰিছিল প্ৰতিৰক্ষা নিৰ্মাণ, যাক নিৰসন বুলি কোৱা হয় আৰু যিয়ে সুৰক্ষা স্পৰ্শকাতৰতাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱস্থা সৃষ্টি কৰাটো কষ্টকৰ কৰি তোলে। এড্ৰেছ স্পেচ লেআউট ৰেণ্ডমাইজেশ্বন (Address Space Layout Randomization চমুকৈ ASLR)। পোন প্ৰথমবাৰৰ বাবে এ এছ এল আৰ ব্যৱহাৰ কৰা হৈছিল উইণ্ড’জ ভিষ্টাত আৰু কাৰ্যপদ্ধতি হিচাপে মেমৰিত সৰহ সংখ্যক ক’ড আৰু ডেটাৰ পৌনপৌনিকভাৱে অৱস্থান সলনি কৰা হয় যাতে সকলো পাৰ্চনেল কম্পিটাৰৰ ক’ড আৰু ডেটাৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি কৰা ধাৰণাক বাধা দিব পাৰি। উইণ্ড’জ ৮.০ত ইয়াক অধিক শক্তিশালী কৰা হৈছে আৰু বহুতো নিৰসনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে উইণ্ড’জ কাৰ্নেলত যিবোৰ পূৰ্বতে মাত্ৰ ইউজাৰ-ম’ড এপ্লিকেশ্যনছতহে প্ৰয়োগ কৰা হৈছিল। এইবোৰে কিছুমান অত্যন্ত সহজলভ্য ভাবুকিৰ বিৰুদ্ধে সুৰক্ষা ব্যৱস্থা উন্নত কৰাত সহায় কৰিব।  উইণ্ড’জ ৮ হিপৰ বৃহত নৱীকৰণে বহুতো প্ৰতিকূল কৌশলৰ বিৰুদ্ধে প্ৰতিৰক্ষাত সহায়ৰ বাবে নতুন সৰ্বাত্মক পৰীক্ষণৰ ৰূপত সামৰি লৈছে উল্লেখনীয় সুৰক্ষা ব্যৱস্থা।

ইণ্টাৰনেট সংলগ্ন থকা যিকোনো যন্ত্ৰত কাৰ্যক্ষম মেলৱেৰ সুৰক্ষা ব্যৱস্থা থকাটো অত্যন্ত প্ৰয়োজনীয় আৰু বৰ্তমান বজাৰত বিক্ৰী হোৱা প্ৰায় সকলোবোৰ উইণ্ড’জ পিচিত সাধাৰণ মেলৱেৰ ব্যৱস্থা থাকে, যিহেতু এয়া কেতিয়াবা সীমিত সময়ৰ বাবে অথবা পৰীক্ষণ সংস্কৰণ হয় সেইবাবে মাইক্ৰ’ছফটে বিশ্বাস কৰে যে সকলো উইণ্ড’জ ৮ ব্যৱহাৰকাৰী সাধাৰণ মেলৱেৰবিৰোধী ছফটৱেৰেৰে সুৰক্ষিত হোৱা উচিত যিয়ে প্ৰদান কৰিব কাৰ্যক্ষম, উদ্যোগে স্বীকৃত পৰ্যায়ত সুৰক্ষা; আৰু উইণ্ড’জ ৮-এ আপোনাক সুৰক্ষা দিব লক্ষ্যণীয়ভাৱে উন্নত সংস্কৰণৰ উইণ্ড’জ ডিফেণ্ডাৰেৰে।

উইণ্ড’জ ডিফেণ্ডাৰৰ উন্নীতকৰণে ভাইৰাছ, ৱৰ্ম, বট আৰু ৰুটকীট আদি সকলো মেলৱেৰৰ পৰা আপোনাক সুৰক্ষিত কৰি ৰখাত সহায় কৰিব। আগৰ সংস্কৰণৰ তুলনাত সম্প্ৰসাৰিত স্বাক্ষৰ সংহতি উল্লেখনীয় উন্নয়ন, য’ত সামৰি লোৱা হৈছে স্পাইৱেৰ, এডৱেৰ আৰু সততে অপ্ৰয়োজনীয় ছফটৱেৰ স্বাক্ষৰ। উইণ্ড’জ ডিফেণ্ডাৰে এতিয়া আপোনাক দিব সঠিক সময়ৰ চিনাক্তকৰণ আৰু এক ফাইল ছিষ্টেম ফিল্টাৰ ব্যৱহাৰেৰে মেলৱেৰৰ আশংকাৰ পৰা সুৰক্ষিত ৰখা, আৰু উইণ্ড’জ ছিকিউৰ বুট ইণ্টাৰফেচত থাকিব।

আমি উইণ্ড’জ ডিফেণ্ডাৰৰ আৰ্হি প্ৰস্তুত কৰিছো নিয়মীয়া দৈনিক ব্যৱহাৰৰ কাৰণে, আৰু আপোনাক দৃষ্টিগোচৰ কৰোৱা হ’ব তেতিয়াহে, যেতিয়া আপুনি এক কাৰ্য কৰাৰ প্ৰয়োজন, অথবা জৰুৰী তথ্যৰ বাবে, য’ত আপোনাৰ দৃষ্টিপাত অত্যন্ত জৰুৰী। বিৰাম সীমিতকৰণৰ বাবে উইণ্ড’জ ডিফেণ্ডাৰত ব্যৱহাৰ কৰা হ’ৰ উইণ্ড’জ ৮ৰ নতুন মেইনটেনেন্স স্কেজুলাৰ।

সম্পূৰ্ণ সুৰক্ষাৰ উইণ্ড’জ ডিফেণ্ডাৰক কাৰ্যকৰীভাৱে মাত্ৰ ৪ শতাংশ অতিৰিক্ত বুট সময়ৰ প্ৰয়োজন হয়, য’ত নাটকীয়ভাৱে বুটৰ সময়ত চি পি ইউৰ সময়ৰ ৭৫ শতাংশ হ্ৰাস কৰে, ডিক্স আই/অ’ প্ৰায় ৫০ এম বি আৰু শীৰ্ষ কৰ্ম সংহতিত প্ৰায় ১০০ মেগাবাইট।

এই উন্নয়নৰ ফলত লাভ হৈছে শক্তি ৰাহিত, অৰ্থাত  উইণ্ড’জ ডিফেণ্ডাৰে কম শক্তি ব্যয় কৰে আৰু ই আপোনাক বেটাৰীক দীৰ্ঘ সময় প্ৰদান কৰে।

উইণ্ড’জ ৮ৰ প্ৰস্তুতিৰ সময়ত আমি বিভিন্ন এণ্টিমেলৱেৰ সহযোগীৰ সৈতে কৰ্ম অব্যাহত ৰাখিছিলো যাতে আপুনি লাভ কৰিব পাৰে সম্ভাৱ্য আটাইতকৈ ভাল উইণ্ড’জ পি চি য’ল আপুনি নিৰ্ণয় কৰা এণ্টিমেলৱেৰ সমাধানৰ ক্ষেত্ৰত কোনো খুঁটি-নাতি নাথাকিব। আমি তেওঁলোকক প্ৰদান কৰিছিলো সমল, যেনে—কাৰিকৰী তথ্যাৱলী, আমি কেনেকৈ উইণ্ড’জ ডিফেণ্ডাৰৰ দক্ষতাবৃদ্ধিৰ বাবে কাম কৰিলো, যাতে তেওঁলোকৰ উত্পাদনসমূহত একেই উন্নয়ন কৰিবলৈ সক্ষম হয়।

ইয়াৰ উপৰি এতিয়াৰে পৰা উইণ্ড’জ ডিফেণ্ডাৰে আপোনাক প্ৰদান কৰিব এক ফাইল ছিষ্টেম ফিল্টাৰ ব্যৱহাৰেৰে মেলৱেৰ প্ৰভাৱৰ সময়-সাপেক্ষ নিৰ্ধাৰণ আৰু সুৰক্ষা, আৰু উইণ্ড’জ ৮ৰ এক নতুন সুবিধা উইণ্ড’জ ছিকিউৰড বুটৰ সময়তো ই পৰিলক্ষিত হ’ব।


উইণ্ড’জ ছিকিউৰ বুটে নিশ্চিত কৰাত সহায় কৰিব যে ফাৰ্মৱেৰ আৰু ফাৰ্মৱেৰ আপডেটসমূহ সম্পূৰ্ণ সুৰক্ষিত আৰু এণ্টিমেলৱেৰ ড্ৰাইভাৰলৈ বুট পাথত কোনো প্ৰভাৱ পৰা নাই। ই নিশ্চিত কৰাত সহায় কৰে যে কোনো ক্ষতিকৰ কোড বুটৰ সময়ত অথবা পুনৰ আৰম্ভণিৰ সময়ত লোড হ’ব নোৱাৰে, ই আপোনাক ৰক্ষা কৰে বুট ছেক্টৰ আৰু বুট লোডাৰ ভাইৰাচৰ পৰা, একেদৰে বুটকীট আৰু ৰুটকীটৰ পৰাও যিয়ে এক ড্ৰাইভাৰ হিচাপৰে লোড হোৱাৰ চেষ্টা কৰে।

ছিকিউৰড বুটৰ বাবে উইণ্ড’জ ডিফেণ্ডাৰৰ একেই ইণ্টাৰফেচ আৰু উইণ্ড’জ ডিফেণ্ডাৰৰ আটাইবোৰ এ পি আই আমাৰ এণ্টিমেলৱেৰ সহযোগীসকলৰ তাতো উপলব্ধ, যাতে তেওঁলোকে উইণ্ড’জ গ্ৰাহকক অতিৰিক্ত সুৰক্ষা প্ৰদান কৰিব পাৰে।

উৎস: ভাষা ইণ্ডিয়া।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate