অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰিকমাণ্ডাৰ চিষ্টেম, ফেচবুক হেকিং ইত্যাদি

ৰিকমাণ্ডাৰ চিষ্টেম, ফেচবুক হেকিং ইত্যাদি

ফেচবুক, গুগল প্লাচ আদিৰ পৰা আৰম্ভ কৰি আমাজন, ফ্লিপকাৰ্ট আদিলৈকে আজি ইন্টাৰনেটত একাধিক ব্যৱহাৰকাৰী সদস্যই প্ৰত্যক্ষ বা পৰোক্ষভাৱে ইজনে সিজনৰ লগত সংযুক্তভাবে ভাৱ বিনিময় কৰা বা বস্তু-বাহানি ক্ৰয়-বিক্ৰয়, বিভিন্ন প্ৰতিযোগিতা আদি কৰা বিভিন্ন ধৰণৰ চচিয়েল নেটৱৰ্ক পদ্ধতি গা কৰি উঠিছে। এইবোৰে বিভিন্ন প্ৰকাৰে ব্যক্তি আৰু সমাজৰ জীৱনধাৰাত বিভিন্নধৰণে সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাইছে।

গুগল বা ৱিকিপিডিয়াৰ চাৰ্চবক্সত কিবা টাইপ কৰোঁতে সিহঁতে নিজে নিজে দিয়া সম্ভাৱ্য পৰৱৰ্তী আখৰ বা শব্দবোৰ লক্ষ্য কৰিছেনে? ফেচবুকৰ সোঁহাতে দিয়া বিজ্ঞাপনবোৰত আপুনি সদ্যহতে কৰা কিবা ব্যৱহাৰৰ – যেনে নতুনকৈ বন্ধু এজন গ্ৰহণ কৰোঁতে আৰু সম্ভাৱ্য বন্ধুৰ পৰামৰ্শ দিয়া – সামঞ্জস্য দেখা পাইছেনে? ফ্লিপকাৰ্টত বস্তু চাওঁতে লগতে কিনিব পাৰে বুলি কিছুমান আৰু পণ্য দেখুওৱাৰ বিষয়ে কেতিয়াবা দকৈ ভাবিছেনে? সকলোৱে কৈ থকা “মোৰ একাউন্টটো কোনোবাই হেক কৰিলে” কথাষাৰ বা তথাকথিত “ফেচবুক হেকিঙ”ৰ বিষয়ে আপুনি কি ভাবে?

আপোনাৰ এখন ভাল কিতাপ পঢ়িবলৈ মন গ’ল। সেয়ে কিতাপৰ পোক বুলি জনাজাত আপোনাৰ বন্ধু এজনক ভাল কিতাপ এখন খুজিলে। তেওঁ আপোনাক ভালদৰে বুজি পায়; সেয়ে তেওঁ আপুনি ভাল পাব পৰা কিতাপ এখন দিব পাৰিব। তেওঁ আপোনাৰ পছন্দৰ বিষয়ে আৰু নিশ্চিত হ’বলৈ আপোনাৰ কেইজনমান বন্ধুৰ লগত কথা পাতি দিহা পৰামৰ্শও ল’ব পাৰে, যাতে তেওঁ দিয়া কিতাপখন আপুনি নিশ্চয়কৈ ভাল পাবই।

আমাজ’ন, ফ্লিপকাৰ্ট আদিত এইদৰেই আপুনি পছন্দ কৰিব পৰা বস্তুৰ বাবে পৰামৰ্শ দিয়া হয়। কামটো ওপৰত লিখা বন্ধুজনৰ দৰে একেই; কেৱল কম্পিউটাৰ প্ৰগ্ৰেমৰ সহায়ত কৰা হয়। প্ৰায়ে প্ৰয়োগ কৰা এটা পদ্ধতি বা এলগ’ৰিথম হ’ল এনে:

১। চাইটটোত আপোনাৰ প্ৰফাইলৰ তথ্য, আগৰ কিনা বস্তুৰ বিষয়ে জমা কৰি থোৱা তথ্য আদি চাইটটোৰ অন্য ব্যৱহাৰকাৰীৰ তেনে তথ্যৰ লগত তুলনা কৰি আটাইতকৈ বেছি মিল থকা কেইজনৰ এখন তালিকা তৈয়াৰ কৰা হয়।

২। তেওঁলোকে আগতে কিনা বা চোৱা বস্তুখিনিৰ এখন তালিকা কৰা হয়। এই তালিকাখনক তেওঁলোকৰ পছন্দ হোৱা বস্তুৰ তালিকা বুলিবও পাৰি।

৩। আটাইতকৈ বেছি ব্যৱহাৰকাৰীয়ে যিসমূহ বস্তু বেছি পছন্দ কৰিছে, সেইসমূহ আপুনিও পছন্দ কৰাৰ সম্ভাৱনা বেছি। সেয়াকে আপোনাৰ আগত আগবঢ়োৱা হয়।

মোটামুটিভাৱে এনে ধৰণৰ এলগ’ৰিথমৰ ওপৰত ভিত্তি কৰিয়েই অন্য ক্ষেত্ৰতো ব্যৱহাৰকাৰীৰ পছন্দৰ বিষয়ে ভৱিষ্যবাণী কৰা হয়। ফেচবুকত আপোনাৰ “নিউজফিড”-ত দেখুওৱা কাৰ্য্যকলাপবোৰ, কাষত দেখুওৱা বিজ্ঞাপনবোৰ, আপোনাৰ সম্ভাব্য বন্ধুৰ নামবোৰ আদিও প্ৰায় এইদৰেই দেখুওৱা হয়। অতি সৰলীকৰণ কৰি ক’বলৈ গ’লে এনেধৰণৰ ব্যৱস্থাটোকে ৰিকমাণ্ডাৰ চিষ্টেম বোলা হয়। দৰাচলতে ৰিকমাণ্ডাৰ চিষ্টেমত ওপৰত দিয়া ধৰণৰ এলগ’ৰিথমবোৰত অন্য কিটিপ যোগ কৰি ইহঁতৰ দক্ষতা আৰু বঢ়াব পাৰি। এই কিটিপবোৰ ভিন ভিন চ’চিয়েল নেটৱৰ্কিং বা চ’চিয়েল এক্টিভিটি সাপেক্ষে ভিন ভিন হয়।

দ্যৰ্থহীনভাবে ইয়াৰ দ্বাৰা আমাজ’ন, ফ্লিপকাৰ্ট, ফেচবুক আদি সেৱা আগবঢ়াওঁতাসকল আৰু লগতে আমিও নিজৰ নিজৰ ধৰণে উপকৃত হওঁ। আজি গ্ল’বেল ইন্টাৰনেট ব্যৱসায়ৰ যুগত ব্যৱসায় বা সেৱাৰ উপস্থাপন বা বিজ্ঞাপনৰ দ্বাৰা হাজাৰজন গ্ৰাহকৰ ভিতৰত মাত্ৰ এজনক আকৰ্ষণ কৰিব পাৰিলেও অনেক টকাৰ লাভ হ’ব পাৰে। ইয়াৰ দ্বাৰা সেৱা প্ৰদানকাৰী, ব্যৱসায়ী আৰু ভোক্তা – সকলো ইমান প্ৰভাৱান্বিত আৰু লাভান্বিত হৈছে যে আজি ৰিকমাণ্ডাৰ চিষ্টেম তথ্য-প্ৰযুক্তিৰ গৱেষণাৰ এক অন্যতম মুখ্য বিষয় হৈ পৰিছে। সস্তীয়া কম্পিউটাৰ উপাংশৰ সহজলভ্যতা আৰু ইয়াৰ ফলশ্ৰুতিত গা কৰি উঠা উচ্চ কাৰ্য্যক্ষম (হাই পাৰ্ফৰ্মেন্স) কম্পিউটাৰৰ চুপাৰকম্পিউটাৰ পৰ্য্যায়ৰ উচ্চ কাৰ্য্যক্ষমতাইও এনে গৱেষণাত ইন্ধন যোগাইছে। ইয়াৰ কাৰণ এয়ে যে ৰিকমাণ্ডাৰ চিষ্টেম এটা ফলপ্ৰসুভাৱে কাম কৰিবলৈ ক্ষুদ্ৰ সময়ৰ ভিতৰতে ই লাখ লাখ ভোক্তা বা পণ্যৰ প্ৰফাইল মিলাই চোৱাৰ প্ৰয়োজন আৰু সেয়ে বৰ্তমান সহজলভ্য হাই পাৰ্ফৰ্মেন্স কম্পিউটিং ব্যৱস্থাত এই কাম সহজতে কৰিব পাৰি।

ৰিকমাণ্ডাৰ চিষ্টেম যে কেৱল সেৱা প্ৰদানকাৰীয়েহে – যেনে ফেচবুক, আমাজ’ন, ফ্লিপকাৰ্ট আদি – ব্যৱহাৰ কৰিব পাৰে তেনে নহয়। অনেক সময়ত তেওঁলোকে কিছুমান প্ৰগ্ৰেমিং লাইব্ৰেৰীৰ জৰিয়তে যিকোনো উৎসুক ব্যক্তিয়ে প্ৰগ্ৰেমত ব্যৱহাৰ কৰিবলৈ উপলব্ধ কৰি দিয়ে। ফেচবুক, ৱিকিপিডিয়া, টুইটাৰ আদি প্ৰায়ভাগৰে এনে মুক্ত লাইব্ৰেৰী আছে। উদাহৰণ স্বৰূপে যিকোনো ৱেবচাইটে ফেচবুক বা গুগলৰ দ্বাৰা লগ-ইনৰ সুবিধা দিয়ে। এনে ক্ষেত্ৰত ভোক্তাৰ অনুমতি সাপেক্ষে ফেচবুকৰ পৰা এবিধ প্ৰগ্ৰেমৰ সাহায্যত তেওঁৰ প্ৰফাইল ডেটা সংগ্ৰহ কৰা হয়। এনে লাইব্ৰেৰী নাথাকিলেও পাকৈত প্ৰগ্ৰেমাৰে প্ৰগ্ৰেমৰ সহায়ত ভোক্তাৰ বিষয়ে তেওঁ “পাব্লিক” কৰি ৰখা তথ্য সংগ্ৰহ কৰিব পাৰে।

ৰিকমাণ্ডাৰ চিষ্টেমৰ সহায়ত ভাল ব্যৱসায় বা যোগাত্মক কাৰ্য্য কৰিব পৰা যায়, ভাল কথা। কিন্তু বেয়া কাম একা?

সততে ফেচবুক হেকিঙৰ কথা শুনি থাকোঁ। অসাবধান ভোক্তাই অজান লিংকত ক্লিক কৰি পাচৱৰ্ড সদৰি কৰাৰ উদাহৰণৰ আকাল নাই। কিন্তু কোনোবাই আপোনাৰ মুকলিকৈ সকলোৱে চাব পৰা “পাব্লিক” ডেটা সংগ্ৰহ কৰাটোও হেকিঙেই। আজিকালি অনেকে বিয়া ঠিক কৰিবৰ সময়ত বৰ বা কন্যাৰ বিষয়ে ফেচবুকৰ পৰা তথ্য সংগ্ৰহ কৰে। ক্ৰেক বা পৰ্ণ’ চাইট বিচৰণ কৰা কোনো মানুহে কেতিয়াবা ইন্টাৰনেট ব্ৰাওজ কৰি থাকোঁতে হঠাতে ৰিকমাণ্ডাৰ চিষ্টেম এটাই কোনো সময়ত তথাকথিত বেয়া বিজ্ঞাপন এটা দেখুৱাই দিব পাৰে। অনেক দিনৰ আগতে লিখা কোনো কমেন্ট লৈ কোনোবাই আপোনাক ব্লেকমেইলিঙো কৰিব পাৰে। কোনোৱে ৰাজনৈতিক অত্যাচাৰৰো সন্মুখিন হ’ব পাৰে। তেতিয়া?

তাতোকৈ ডাঙৰ কথা, বৰ্তমান ৰিকমাণ্ডাৰ চিষ্টেমৰ সহায়ত অনেক লোকৰ বা বস্তুৰ বিষয়ে তথ্য সংগ্ৰহ কৰিব পাৰে। শীতল যুদ্ধৰ সময়ত স্বৈৰাচাৰী চৰকাৰ কিছুমানে গুপ্ত পুলিচৰ দ্বাৰা তথ্য সংগ্ৰহ কৰি মানুহক আতংকৰ মাজত ৰাখিছিল। তেওঁলোকে সাধাৰণতে মানুহৰ দৈনন্দিন কাৰ্য্যকলাপ লক্ষ্য কৰিয়েই এনে তথ্য গোটাইছিল। এতিয়া ৰিকমাণ্ডাৰ চিষ্টেমৰ সময়ত ইন্টাৰনেটৰ পৰা তাতোকৈও মহত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰিব পৰা যায়। এখন অস্থিৰ দেশৰ মানুহৰ মন বুজিব পাৰিলে বাহিৰৰ পৰা সেই দেশক গৃহযুদ্বৰ বাবেও উচতাব পৰা যাব। ভুল বা ভুৱা ইন্টাৰনেট চাৰ্ভেৰ ফলাফলৰ দ্বাৰাও মানুহক প্ৰভাৱান্বিত কৰিব পৰা যায়।

সকলো বস্তুৰে ভাল-বেয়া থাকে। আশাকৰোঁ আমি ভৱিষ্যতে ভাল কামতেই ৰিকমাণ্ডাৰ চিষ্টেম ব্যৱহাৰ কৰিম।

লেখক: প্ৰভাকৰ শৰ্মা নেওগ

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate