অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কে আৰ নাৰায়নণ

কে আৰ নাৰায়নণ

 

কে আৰ নাৰায়নণ ভাৰতৰ দশম ৰাষ্ট্ৰপতি। তেওঁৰ সম্পুৰ্ণ নাম কোচেৰিল ৰমণ নাৰায়ণম (Kocheril Raman Narayanan)।১৯২০ চনৰ ২৭ অক্টোবৰত কেৰালাৰ কোত্তায়াম জিলাৰ উজাফুৰ গাঁৱত তেওঁৰ জন্ম। এটি দুখীয়া দলিত পৰিয়ালত জন্ম গ্ৰহণ কৰা  নাৰায়নণৰ পিতৃ ৰমণ বেদ্যয়ন আছিল এগৰাকী আয়ুৰ্বেদিক কবিৰাজ।শৈশৱৰে পৰা দৰিদ্ৰতাৰ মাজেৰে ডাঙৰ হোৱা অতি মেধাৱী ছাত্ৰ নাৰায়নণে ট্ৰাভানকোৰ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।১৯৪৩ চনত সেই বিশ্ববিদ্যালয়তে প্ৰবক্তা হিচাপে তেওঁ কৰ্মজীৱন আৰম্ভ কৰে।কিছুদিন শিক্ষকতা কৰি ১৯৪৫ চনত মাদ্ৰাজৰ পৰা প্ৰকাশিত ‘দি হিন্দু’ আৰু বোম্বেৰ পৰা প্ৰকাশিত ‘দি টাইমছ অব ইণ্ডিয়া’ কাকতৰ সাংবাদিকৰুপে কাৰ্যনিবাহ কৰে।তেনে সময়তে তেওঁ টাটাৰ পৰা এক বৃত্তি লাভ কৰি ইংলেণ্ডৰ লণ্ডন স্কুল অব ইকনমিস্কলৈ পঢ়িবলৈ যায় (১৯৪৫-১৯৪৮)।ইংলেণ্ডত পঢ়ি থকা কালছোৱাতে নাৰায়ণনে ‘ছয়িচেল ৱেলফেয়াৰ উইকলী’নামৰ পত্ৰিকাৰ বৈদেশিক প্ৰতিনিধিৰুপেও কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৪৯ চনত তেওঁ ভাৰতলৈ ঘুৰি আহে আৰু ভাৰতীয় বৈদেশিক সেৱাত যোগ দিয়ে ।১৯৪৯-১৯৮৩ চনলৈ কুটনীতিজ্ঞ হিচাপ নাৰায়ণনে পৃথিৱীৰ প্ৰায়বোৰ ঠাইৰে ভাৰতীয় দুতাবাসত কাৰ্যনিৰ্বাহ কৰে।১৯৫০ চনত ব্ৰহ্মদেশৰ (ম্যানমাৰ)মাটিণ্ট টিণ্টৰ (ঊষা নাৰায়ণন)লগত বিবাহ আৰু কালক্ৰমত দুটি কন্যা সন্তানৰ পিতৃ।১৯৭৯ চনত দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰুপে নিযুক্ত হৈ ১৯৮০ চনৰ অক্টোবৰ মাহলৈ কাৰ্যনিৰ্বাহ।ভাৰতীয় বৈদেশিক সেৱাৰপৰা আহি একেবাৰে শিক্ষকতাৰ বৃত্তিত পুনৰ প্ৰৱেশ। ১৯৮০ চনত তেওঁ পুনৰ ৱাশ্বিংটনত ভাৰতৰ উচ্চায়ুক্ত নিযুক্ত হয়।১৯৮৩ চনলৈকে তেওঁ এই পদবীত কাৰ্যনিৰ্বাহ কৰে।শিক্ষা ক্ষেত্ৰ,প্ৰশাসনীয় ক্ষেত্ৰৰ পৰা আহি ১৯৮৪ চনত নাৰায়ণনে ৰাজনীতিত প্ৰৱেশ কৰে।ৰাজনীতিত প্ৰৱেশ কৰিয়ে কেৰেলাৰ ওত্তাপালাম লোকসভা সমষ্টিৰ পৰা একেৰাহে তিনিবাৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰুপে নিৰ্বাচিত হয় (১৯৮৪,১৯৮৯,১৯৯১)সেই সময়ছোৱাত তেওঁ কেইবাবাৰো পৰিকল্পনা (১৯৮৫),বৈদেশিক পৰিক্ৰমা (১৯৮৫-১৯৮৬),বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, পাৰমাণৱিক শক্তি আৰু মহাকাশ ,ইলেক্ট্ৰনিক্স (১৯৮৬-১৯৮৯)দপ্তৰৰ মন্ত্ৰীৰুপে কাৰ্যনিৰ্বাহ কৰিছিল।অতি দক্ষতাৰে কেন্দ্ৰীয় কেবিনেটত বিভিন্ন বিভাগৰ মন্ত্ৰীৰুপে কাৰ্য নিবাহ কৰা কে আৰ নাৰায়ণনক ১৯৯২ চনত ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰুপে নিৰ্বাচিত কৰা হয়।১৯৯৭ চনত জুলাই মাহলৈ এই পদত কাৰ্যনিৰ্বাহ কৰে।উপৰাষ্ট্ৰপতিৰুপে পাঁচবছৰ সম্পুৰ্ণ কৰাৰ পাছত ১৯৯৭ চনৰ ২৫ জুলাইত তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতিৰুপে নিবাৰ্চিত  কৰা হয় আৰু ২০০২ চনৰ ২৫ জুলাইলৈকে এই পদত কাৰ্যনিৰ্বাহ কৰে।

সৰুৰে পৰা মোধাশক্তিৰ পৰিচয় দি অহা অসাধাৰণ পাণ্ডিত্যৰ অধিকাৰী কে আৰ নাৰায়ণনে ৰাজনীতি আৰু আন্ত:ৰাষ্ট্ৰীয় ক্ষেত্ৰখনতো নিজৰ পাণ্ডিত্যৰ পৰিচয় দিবলৈ সক্ষম হৈছিল।ৰাজনৈতিক তত্ত্ব আৰু আন্ত:ৰাষ্ট্ৰীয় প্ৰসংগক লৈ কেইবাখনো গ্ৰন্থ (কেইবাখনৰো সহযোগী লেখকৰুপে )ৰচনা কৰিছে।তাৰ ভিতৰত ‘নন –এলাইনমেণ্ট ইন কণ্টেমপৰেৰী ইণ্টাৰনেছনেল ৰিলেচনছ’(Non –alignment in Contemporary International Relations,১৯৮১)ইণ্ডিয়া এণ্ড আমেৰিকা: এছেজ ইন আণ্ডাৰষ্টেণ্ডিং(India and America :Essays in Understanding ১৯৮৪),’নেহৰু এণ্ড হিজভিছন’(Nehru and His Vision, ১৯৯৯)আদি উল্লেখযোগ্য ।২০০৫ চনৰ ৯ নৱেম্বৰত মৃত্যু।

 

উৎস-প্ৰান্তিক

 

 

 

 

 

 

 

 

 

 

শেহতীয়া উন্নীতকৰণ: : 12/9/2021



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate