মানুহজনৰ জন্ম হৈছিল নলবাৰীৰ টিহু নগৰৰ সমীপৰ মাখিবাহা গাৱঁত, ১৯২৯ চনৰ ৫ নবেম্বৰত৷ চন্দ্ৰনাথ শৰ্মা আৰু ঘুনুচাপ্ৰিয়া দেৱীৰ দ্বিতীয় পুত্ৰ আছিল এই মানুহজন ৷
মুক্তিযুঁজাৰু—
সৌ যে উৰিছে স্বৰাজ নিচান
হাতে হাতে ধৰি ব’লা হিন্দু-মাচলমান...৷
ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দি বাটে পথে এইদৰে চিঞৰি চিঞৰি গাইছিল এই মানুহজনে ৷ ভাৰত মাতা কি জয় আদি শ্লোগানৰ বেনাৰ/ ফেষ্টুন আঁকি প্ৰতিবাদী সমদল উলিয়াইছিল তেখেতে ৷ তেখেতে MV স্কুলত পঢ়াৰ দিনতেই কাঠেৰে এখন উৰাজাহাজ তৈয়াৰ কৰি তলে-ওপৰে ৰচি লগাই ঘৰৰ এটা কোঠাত আঁৰি কোঠাটোত ঘূৰাই ফুৰিছিল ৷ সেই তেতিয়াই প্ৰতিভাৰ উমান দিয়া সেই ল’ৰাটিয়েই আছিল আদ্য শৰ্মা ৷ জীৱনৰ চৈধ্যতা বসন্ত গৰকাৰ পিছত তেখেতে ১৯৪৩ চনত ব্ৰিটিছ চৰকাৰৰ অধীনত দুশ টকা দৰ্মহাৰে যুদ্ধক্ষেত্ৰৰ সামগ্ৰী যোগান ধৰা কামত যোগ দিছিল ৷ পিছত ১৯৪৬ চনত গুৱাহাটীত মহাত্মা গান্ধীৰ সান্নিধ্যলৈ আহি জয়চন্দ্ৰ দত্ত, হৰকান্ত ভট্টাচাৰ্য আদিৰ নেতৃত্বত ভাৰতৰ মুক্তি যুদ্ধত যোগদান কৰে ৷ বেটৰ ঠাৰিৰ টুকুৰা থেতেলিয়াই ব্ৰাচ তৈয়াৰ কৰি, চৰকাৰে যোগান ধৰা মেলেৰীয়া জ্বৰৰ টেবলেট গুৰি কৰি ৰং তৈয়াৰ কৰি বেনাৰ/ ফেষ্টুন লিখিছিল৷
শিল্পী
১৯৫২ চন ৷ সেইবেলি গুৱাহাটীৰ জজ খেলপথাৰত অসম সংগীত সন্মিলন হৈছিল ৷ ইয়াতে লগ পায় বিষ্ণু ৰাভা, ফণী শৰ্মা, ৰাধাগোবিন্দ বৰুৱা আদি স্বনামধন্য লোকসকলক ৷ এইসকল মহান লোকৰ প্ৰভাৱত তেখেতৰ মন অসমৰ সমাজ, শিল্পৰ প্ৰতি আকৃষ্ট হয় ৷ ফলস্বৰূপে তেজপুৰৰ কলা চৰ্চাৰ অনুষ্ঠান ‘‘ৰংঘৰ’’, নলবাৰী চহৰত ‘‘প্ৰতিষ্ঠান’’ আদি ৷ ১৯৪৭ চনত তেখেতে প্ৰৱেশ কৰে ভ্ৰাম্যমান জগতত ৷ নলবাৰী নাট্যমন্দিৰত প্ৰদৰ্শিত হয় ‘‘কুকুৰীকণাৰ আঠমঙলা’’ নাটখন ৷ এই নাট খনিৰ কলা নিৰ্দেশনা, মঞ্চ পৰিকল্পনা, আলোকসম্পাত আৰু স্পেচিয়েল এফেক্টৰ যোগেদিয়েই তেখেতে নাট্যজগতৰ বাট মুকলি কৰে ৷ ১৯৫২ চনত এই নাট্য মন্দিৰতে প্ৰদৰ্শিত হোৱা লক্ষ্যধৰ চৌধুৰীৰ ‘‘ৰক্ষকুমাৰ’’ নাটকত ধনুযুদ্ধত জ্বলন্ত কাঁড় প্ৰদৰ্শন কৰি তেখেতে চমক সৃষ্টি কৰিছিল ৷ তাৰ পিছত তেখেতে পিছলৈ ওভটি নোচোৱাকৈ ভিন ভিন ভ্ৰাম্যমানত কলা নিৰ্দেশনা, মঞ্চ পৰিকল্পনা, আলোকসম্পাত আৰু স্পেচিয়েল এফেক্টৰ কাম কৰি গ’ল নিৰবিচ্ছিন্নভাৱে ৷
লিখক: কিৰণ খনিকৰ
শেহতীয়া উন্নীতকৰণ: : 4/22/2020