দুখীয়া শ্রেণী মুক্তিৰ বাবে চিৰকাল যুঁজ দিওতা বিল্পবী শিল্পী কলাগুৰু বিষ্ণুৰাভাৰ জন্ম হয় কৃষ্টি সংস্কৃতি আৰু শিল্প সম্পদৰে ভৰপূৰ বংগ দেশৰ বিখ্যাত ঢাকা চহৰত ১৯০৯ চনৰ জানুৱৰী মাহৰ ৩১ তাৰিখে। তেখেতৰ পিতৃ গোপাল ৰাভা আৰু মাতৃ গেঠী দেবী। পিতৃ গোপাল ৰাভা চুবেদাৰ মেজৰ হৈ ঢাকালৈ যোৱাৰ পিছত তাতেই বিষ্ণুৰাভা জন্ম হয়। গোপাল ৰাভাৰ মুঠ সন্তান আঠ জন। তাৰে ভিতৰত পাচজন পুত্র ক্রমে দিলীপ, গোপাল, নন্দলাল, বিষ্ণুৰাভা আৰু ৰঞ্জিত। কন্য তিনি গৰাকী ক্রমে কমলা, মনমোহিনী আৰু লক্ষ্মী। ৰাভা দেবে প্রথমে ঢাকাৰ মিলিটাৰী প্রাইমেৰী স্কুলত বাংলা ভাষাত শিক্ষা আৰম্ভ কৰে। তাৰ পাছতে তেজপুৰলৈ আহি তেজপুৰ চৰকাৰী হাইস্কুলত নাম ভর্তি কৰে। ১৯২৬ চনত দৰং জিলাৰ ভিতৰত প্রথম হৈ প্রথম বিভাগত প্রবেশিকা পৰীক্ষাত উত্তীর্ণ হয়। তাৰ পাছতেই ৰাভাই কলকতা চেন্টপ’ল কলেজত আই-এছ-চি শ্রেণীত নাম লগাই। ইয়াত পঢ়ি থাকোতে ৰাভাদেৱে সংস্কৃতিৰ প্রতি মনোযোগ দিয়ে। তাৰ পাছত১৯২৮ চনত কলকতাৰ ৰিপন কলেজত বি এছ চি শ্রেণীত নাম লগাই পদার্থ বিজ্ঞানত অনার্ছ লৈ পঢ়ে। ৰাভা দেব সৰুৰে পৰাই প্রখৰ মেধাশক্তি আৰু সংবেদনশীল মনৰ, এই সংবেদনশীলতাই তেখেতক শিল্পী আৰু বিল্পবী কর্মী ৰূপে গঢ়ি তুলিছিল। কলকতা কলেজত পঢ়ি থকা সময়চোৱাত তেওঁ পঢ়া শুনাৰ পৰা আদি কৰি খেলা ধূলা, শিল্প সাহিত্য ইত্যাদি সকলোতে আগবঢ়া আৰু নেতৃত্ব দিবলৈ সমর্থবন হৈছিল।
কলকতাৰ দৰে এখন আগবঢ়া ঠাইত অসমৰ দৰে এখন পিছপৰা অঞ্চলৰ এজন ছাত্রাই এনে ভূমিকা লব পৰাটো গভীৰ তাৎপয্যপূর্ণ। তেখেত একাধাৰে সুনিপুণ নৃত্যশিল্পী, বাদ্য শিল্পী, নাট্যকাৰ, সুদক্ষ অভিনেতা, খেলুৱৈ, নিবন্ধকাৰ, সু-গায়ক, গীতিকাৰ আৰু সুৰকাৰ আছিল। তেখেত এই গুণ বোৰৰ অধিকাৰী হোৱাৰ বাবে কলাগুৰু সন্মানেৰে সন্মানিত হৈছিল। ১৯৪০চনত কাশী হিন্দু বিশ্ব বিদ্যালয়ত ৰাভা দেৱে ১০৮ বিধ নৃত্য প্রদর্শনেৰে নিজৰ পৰিচয় দাঙি ধৰিছিল। তাৰ ভিতৰত তাণ্ডব নৃত্যও অন্তভূক্ত আছিল আৰু এই নৃত্য প্রদর্শনেৰে সেই সময়ৰ উপাচার্য্য দার্শনিক পণ্ডিত ডঃ সর্বপল্লী ৰাধাকৃষ্ণণ পৰা সোণৰ পদক লাভ কৰাৰ লগতে ভাৰত শ্রেষ্ঠ কলাবিদ উপাধি লাভ কৰি অসমলৈ গৌৰব কঢ়িয়াই আনিছিল।
ৰাভা দেবৰ সংস্কৃতিক জীবনৰ কেন্দ্রস্থল আছিল তেজপুৰৰ বাণ থিয়েটাৰ। তাত তেখেতে বিভিন্ন গীত গোৱাৰ উপৰিও নাটকত অভিনয় কৰিছিল। তেখেতে সর্বমুঠ ৪৭খন গন্থ ৰচনা কৰে। তাৰে ভিতৰত উল্লেখযোগ্য কেইখনমান গন্থ হল- ভাৰতীয় সংগীত, নৃত্য-কলা, (৩) বৰগীত স্বৰলিপিসহ, কৃষক, মুক্তি দেউল, কেৰু মণি থুৰিয়া, সোণপাহী আদিয়ে প্রধান। গীত নৃত্য আৰু অন্যান্য সংস্কৃতিক কর্ম ব্যস্ত হৈ থাকোতে বিষ্ণুৰাভাই এবাৰ যোৰহাটৰ ষোল্ল বছৰীয়া গায়িকা প্রিয়লতা দত্তক লগ পাই। প্রথম দেখাতে তেওঁলোকে ইজনে সিজনৰ প্রতি আকর্ষিত হয় আৰু ১৯৩৬ চনত দুয়ো বৈবাহিক জীবনত সোমাই পৰে। কিন্তু বিয়াৰ ছমাহৰ পাছতেই পত্নী প্রিয়লতা সন্নিপাত জ্বৰত আক্রান্ত হৈ কলকতাৰ মেডিকেল কলেজত মৃত্যু হয়।পত্নীৰ বিয়োগত ৰাভাদেৱ ভাঙি পৰে আৰু তাৰ পাছতেই ৰচনা কৰে এই গীতটিৰ “পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা, পুৰাবানে প্রিয়ে এই জনমত মোৰ হিয়াৰ অপূৰ্ণ আশা”….।
১৯৪৭চনত ভাৰতে স্বাধীনতা লাভ কৰে। বিষ্ণুৰাভাৰ দৃষ্টিত সেই স্বাধীনতা প্রকৃত স্বাধীনতা নাছিল। আৰু সেই স্বাধীনতাৰ বিপৰীতে মাত মতাৰ বাবে চৰকাৰী পুলিছ বাহিনীয়ে গ্রেপ্তাৰৰ বাবে বিছাৰিবলৈ ধৰে। গেপ্তাৰৰ পৰা হাত সাৰিবলৈ ৰাভাই গাৱে ভূঞে আত্মগোপন কৰে। নলবাৰী জিলাৰ বেলশৰৰ নবীন চন্দ্র মেধিৰ ঘৰত আত্মগোপন কৰি থাকোতে মেধিৰ জীয়ৰী কনকলতা মেধিৰ সৈতে পৰিচয় ঘটে আৰু ১৯৫১ চনত দুয়ো যুগ্মজীৱনৰ পাতনি মেলে। তাৰ পাছত ১৯৫৭ চনত ৰাভাৰ প্রথম পুত্র পৃথিৰাজ ৰাভা আৰু ১৯৬০চনত দ্বিতীয় পুত্র হেমৰাজ ৰাভাৰ জন্ম হয়।
কৃষক আন্দোলনৰ সময়চোৱাত ৰাভাৰ জীৱনলৈ অনেক সংঘাট আহে। হঠাৎ ৰাভাৰ পত্নী কনকলতা অসুস্থ হৈ পৰে। তেওঁক লগতে ডিব্রুগড়লৈ নিয়া হয় যদিও ১৯৬২ চনৰ ৫ জানুৱাৰীত চৰি বছৰীয়া সন্তান পৃথিৰাজ আৰু দুবছৰীয়া হেমৰাজক এৰি মৃত্যুক আকোৱালি লয়। পত্নীৰ অকাল মৃত্যুত কণ কণ পুত্র দুটিক লৈ ৰাভা চিন্তিত হয় আৰু পূর্বতে লগ পোৱা মোহিনী ৰাভাক বিয়া কৰাই। বিয়াৰ পাছত তেওলোকৰ মেণ্ডলা নামৰ এটি পুত্র সন্তানৰ জন্ম হয়। ৰাভাদেৱে যেতিয়া গম পাইছিল তেখেতৰ অন্তিম ক্ষণ ওচৰ চাপি আহিল, তেতিয়া তেওঁ শেষ গীতটি লিখিছিল:- “এয়ে মোৰ শেষ গান মোৰ জীৱন নাটৰ শেষ ৰাগিণি কল্যাণ খৰমান….।”
এটি সুৰ শেষ হল, এজন বিল্পবী সৈনিক শিল্পীৰ অবসান ঘটিল। ১৯৬৯চনত ১৯ জুনৰ
সন্ধিয়াৰ পৰা ৰাভাৰ কণ্ঠস্বৰ স্তব্ধ হৈ পৰে। ৰাতি দুই বাজি পচিঁশ মিনিটত বিশাল প্রতিভাৰ গৰাকী ৰাভাদেৱৰ জীৱনাবসান ঘটে। সময়ো যেন স্তদ্ধ, অসমৰ আকাশৰ পৰা মেলানি মাগিলে এটা উজ্জল নক্ষত্রই।
ভাস্কৰ জিৎ নাথ
শেহতীয়া উন্নীতকৰণ: : 6/19/2020