অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আগৰ হাল যেনি যায়

আগৰ হাল যেনি যায়

অংশগ্ৰহণকাৰী: ৩০-৪০ জন

সময়: ৬০ মিনিট

সামগ্ৰী: এখন কাগজ, পেঞ্চিল বা কলম।

পূৰ্ৱ প্ৰস্তুতি: কিছুমান জ্যামিতিক চিত্ৰ কাগজত আঁকি থওক।

উদ্দেশ্য:

নিৰ্দিষ্ট শব্দৰ লগত সংলগ্ন হৈ থকা ধাৰণা সলোৱা। কথাটো ঠিকমতে বুজাবলৈ কেনেকৈ ক’ব লাগে। আমি কেনেকৈ নিৰ্দেশ দিওঁ আৰু ইয়াৰ কি প্ৰভাৱ পৰে।

কেনেকৈ খেলিব

প্ৰথম ভাগ:

  • সকলোৱে ঘূৰণীয়াকৈ বহি লওক।
  • প্ৰশিক্ষকগৰাকীয়ে যিকোনো এগৰাকী ব্যক্তিক মাতি আনিব আৰু তেওঁক আঁকি থোৱা চিত্ৰ এখন দিব।
  • সেই ব্যক্তিজনে সকলোৰে ফালে পিঠি দি থিয় হৈ ল’ব।
  • যেনেদৰে তেওঁ নিৰ্দেশ দি যাব বাকীবোৰে ঠিক তেনেকৈ ছবি আঁকিব।
  • কোনোৱে প্ৰশ্ন সুধিব নোৱাৰিব।
  • চিত্ৰখনৰ সম্পূৰ্ণ বিৱৰণ দিয়াৰ পাছত তেওঁ চাব, কাৰ ছবিখন ঠিক্ হৈছে।

দ্বিতীয় ভাগ:

  • এতিয়া সেইজন মানুহে সকলোৰে ফালে মুখ কৰি ছবিখনৰ বিৱৰণ দিব।
  • এতিয়া তেওঁ সকলোৰে ফালে চাব পাৰে বা তেওঁক সোধা যিকোনো প্ৰশ্নৰো উত্তৰ দিব পাৰে।
  • সকলোবোৰ নিৰ্দেশ দি উঠাৰ পাছত, তেওঁ চাব কাৰ ছবিখন সঠিক হৈছে। দুয়োটা স্থিতিৰে তুলনা কৰিলে দেখা যাব যে সকলোৰে ফালে মুখ কৰি বিৱৰণ দিয়া চিত্ৰখন বেছি সঠিক হৈছে।

তৃতীয় ভাগ:

  • এতিয়া প্ৰশিক্ষকগৰাকীয়ে সকলোৰে মাজৰ পৰা এজনক মাতি আনিব আৰু তেওঁক চিত্ৰখন দেখুৱাব।
  • চিত্ৰখন কেনেকৈ তৈয়াৰ কৰাব লাগে, সেই কথাটো প্ৰশিক্ষকগৰাকীয়ে নকয়।পাছত অহা মানুহজনে যিকোনো উপায়ে চিত্ৰখন তৈয়াৰ কৰোৱাবলৈ যত্ন কৰিব। কোনো বাধা নিষেধ নাথাকিব।
  • প্ৰায়ে দ্বিতীয়জন ব্যক্তিয়ে প্ৰথমজনৰ পদ্ধতিকে লোৱা দেখা যায়। প্ৰথমজনক যি নিৰ্দেশ দিয়া হৈছিল, সেই অনুসাৰে এইজনে নিৰ্দেশ দিয়া দেখা যায়।

আলোচনা:

  • ইয়াত মন কৰিবলগীয়া কথা হ’ল যে, দ্বিতীয়জন ব্যক্তিয়ে সকলোকে চিত্ৰখন দেখুওৱাত কোনো বাধা নথকা সত্বেও তেওঁ সেইখন নেদেখুৱায়।
  • সাধাৰণতে সকলোৰে নিৰ্দেশ অনুযায়ীহে কাম কৰাৰ মানসিকতা থাকে। সেইবাবে কোনো বাধা নিষেধ নথকা সত্বেও চিত্ৰখন নেদেখুৱায়।

সাৱধানতা:

  • এইটো খেলত এটা উত্তেজনাৰ পৰিৱেশ সৃষ্টি হয়।
লেখিকাৰ নাম: বৰ্ণালী শৰ্মা

শেহতীয়া উন্নীতকৰণ: : 4/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate