অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কথা কেনেকৈ বুজিব?

কথা কেনেকৈ বুজিব?

অংশগ্ৰহণকাৰী: ৩০ জন

সময়: ৩০-৪০ মিনিট

উদ্দেশ্য:

কথা কোৱাত অংগী ভংগীৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। নিজৰ কথা বুজাবলৈ আটাইতকৈ ভাল পন্থা কি হ’ব পাৰে। কথা পাতোতে মুখামুখিকৈ কথা পাতিলে বেছি সোনকালে আৰু ভালদৰে বুজা যায়।

কেনেকৈ খেলিব:

এই খেলটোত দুটা ভাগ আছে। প্ৰথমে সকলোৱে দুজনকৈ দল গঠন কৰক।

প্ৰথম ভাগ

পিঠিয়া পিঠিকৈ:

প্ৰথমে প্ৰত্যেকটো দলেই পিঠিয়া পিঠিকৈ থিয় হৈ লওক। প্ৰত্যেকটো দল আঁতৰে আঁতৰে থিয় হ’ব। তাৰ পাছত তৰ্কৰ কাৰণে একোটা আমোদজনক বিষয় বাছি লওক। যেনে: বিয়া হোৱা মহিলাসকলে কাম কৰিব নালাগে। প্ৰত্যেকটো দলতে এজনে সপক্ষে আৰু আনজনে বিপক্ষে ক’ব। দুয়োজনে সমুখৰ ফালে চাই কথা ক’ব। কথা পাতি থাঁকোতে মূৰ লৰাব নোৱাৰিব বা হাতেৰেও কোনো অংগী ভংগী কৰিব নোৱাৰিব। কথা বতৰা ৫ মিনিট পৰ্য্যন্ত চলি থাকিব।

দ্বিতীয় ভাগ

মুখামুখিকৈ:

আগৰ নিচিনাকৈ আকৌ আগৰ দলবোৰেই এইবাৰ মুখামুখিকৈ থিয় হ’ব। তাৰ পাছত আকৌ তৰ্কৰ বাবে এটা বিষয় ল’ব আৰু আগৰ নিচিনাকৈ এজনে সপক্ষে আনজনে বিপক্ষে ক’ব। মুখৰ ভাব সলাব পাৰে বা হাতেৰেও অংগী ভংগী কৰিব পাৰে। এনেকৈ ৫ মিনিট পৰ্য্যন্ত খেল চলিব। তাৰ পাছত এই দুয়োটা অৱস্থানেৰে প্ৰতিক্ৰিয়া সোধক। প্ৰথমতে কেনে লাগিছিল আৰু দ্বিতীয়বাৰ কেনে লাগিল। দুয়োটাৰ মাজত কি পাৰ্থক্য অনুভৱ কৰিলে।

সাৱধানতা:

এই খেলত প্ৰশিক্ষকগৰাকীয়ে গোটেই পৰিৱেশটো নিয়ন্ত্ৰণত ৰখা উচিত। কাৰণ এই খেলত ডাঙৰকৈ কথা কোৱা বা গণ্ডগোল হোৱাৰ আশংকা আছে।

লেখিকাৰ নাম: বৰ্ণালী শৰ্মা

শেহতীয়া উন্নীতকৰণ: : 5/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate