অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নাম সোনকালে মনত ৰখা খেল

নাম সোনকালে মনত ৰখা খেল

অংশগ্ৰহণকাৰী:৩০ জন

সময়:৩০ মিনিট

সঁজুলি: এটা বল।

উদ্দেশ্য:

নাম সোনকালে মনত ৰখা। নামটো মনত ৰাখিবলৈ পাছৰ দিনাও এই খেলত খেলিব লাগে।

কেনেকৈ খেলিব:

  • সকলোৱে ঘূৰণীয়াকৈ বহি লওক।
  • এজনে বলটো ল’ব।
  • নিজৰ দুয়োকাষৰ মানুহ দুজনক বাদ দি আন এজনৰ নামটো কৈ বলটো তেওঁলৈ দলিয়াওক।
  • যিজনে বলটো পাব, তেওঁ এইটোকে কৰিব। এইদৰে প্ৰত্যেকেই এবাৰ এবাৰ বলটো পাব।
  • দুই তিনিবাৰমান বলটো ঘূৰাৰ পাছতে যাতে সকলোৰে নাম কোৱা হৈ যায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।

 

সাৱধানতা: বলটো যাতে সকলোৱে পায়, প্ৰশিক্ষকগৰাকীয়ে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। নামটো সুধি ল’ব পাৰিব।

ইজনে সিজনৰ বিষয়ে জনা খেল

অংশগ্ৰহণকাৰী:২০-৩০ জন

সময়: ৪৫-৬০ মিনিট

উদ্দেশ্য:

সহযোগীসকলৰ মাজত চিনাকি বঢ়োৱা। ইজনে সিজনৰ বিষয়ে জনা। সহযোগীজনে কোৱা কথাবোৰ মনত ৰখা। সেইবোৰ সকলোৰে আগত কোৱা।

কেনেকৈ খেলিব:

  • সকলোৱে ঘূৰণীয়াকৈ বহি লওক।
  • দুজন-দুজনকৈ বহি একোটাকৈ দল গঠন কৰক। যিজনৰ বিষয়ে বিশেষ নাজানে তেনে লোকৰ লগতহে দলটো গঠন কৰিব।
  • ঘৰ, পৰিয়াল, অভিৰুচি আদিৰ বিষয়ে ১০ মিনিটকৈ কথা পাতি ইজনে সিজনৰ বিষয়ে জানি লওক।
  • এতিয়া সকলোৰে আগত প্ৰত্যেকে নিজৰ সহযোগীজনৰ বিষয়ে জানি উঠা কথাখিনি ক’ব লাগে।
  • সকলোৰে আগত যিকোনো সহযোগীয়ে প্ৰশ্ন কৰিব পাৰে।

 

টোকা: সময় কম হ’লে শেষৰ ভাগটো বাদ দিব পৰা যায়।

লিখকৰ নাম: বৰ্ণালী শৰ্মা।

শেহতীয়া উন্নীতকৰণ: : 10/5/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate