অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰাচীন ভাৰতত বিজ্ঞান

প্ৰাচীন ভাৰতত বিজ্ঞান

প্ৰাচীন ভাৰতত বিজ্ঞান চৰ্চা কেৱল ভাৰতবৰ্ষৰ নিজৰ মাটিতে সীমাবদ্ধ নাছিল। ইয়াৰ পৰিসৰ প্ৰাচীন ইজিপ্ত, মেছোপটোমিয়া, আৰৱ দেশ আৰু চীনদেশলৈ ব্যাপ্ত হৈ আছিল। ভাৰতবৰ্ষ আৰু চীনদেশ ওচৰ চুবুৰীয়া দেশ হোৱা সত্বেও চীন আৰু ভাৰতৰ মাজত যোগাযোগ স্থাপন মধ্য এছিয়াৰ মাজেদিহে হৈছিল। আনহাতে আৰব দেশসমূহ আৰু ভূমধ্যসাগৰীয় দেশসমূহৰ লগত ভাৰতৰ নিকট সম্পৰ্ক আছিল আৰু এইবোৰ দেশৰ লগত যোগাযোগ স্থাপনৰ স্থলপথ আৰু জলপথ উভয়ৰে ব্যৱহাৰ কৰা হৈছিল। দৰাচলতে, দুহাজাৰ বছৰ আগতেই দক্ষিণ ভাৰতৰ লগত ৰোমানসকলৰ বেহা-বেপাৰ চলিছিল। কৰমণ্ডল উপকূলৰ লগত সাগৰীয় বাণিজ্য চলাৰ যথেষ্ট প্ৰমাণ পোৱা গৈছে। এই বেহা-বেপাৰে এনে এটা তুংগ অৱস্থা পাইছিলগৈ যে আগষ্টাচ চিজাৰে ৰোমৰ পৰা সোণ যাতে ভাৰতীয় বস্তু কিনিবলৈ ভাৰতলৈ অহাত বাধা দিব পৰা যায়। সেইবাবে ৰাজাজ্ঞা জাৰি কৰিবলগা হৈছিল। বৰ্তমানে আমি সন্মুখীন হোৱা বিঅ’পি ৰ ভাৰসাম্যৰ উদ্ধৃত্ব সমস্যাতকৈ ই কিমান বেলেগ আছিল। গতিকে আমি দেখিলো যে বাণিজ্য আৰু বৈজ্ঞানিক ভাৱধাৰাৰ আদান-প্ৰদানৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ লগত অন্যান্য দেশৰ ঐতিহাসিক সম্পৰ্ক আছে আৰু ইয়াৰ ফলতে নতুন বৈজ্ঞানিক ভাৱধাৰা আৰু আৱিষ্কাৰসমূহৰ উদ্ভাৱন সম্ভৱ হৈছে।

চিন্তাধাৰাৰ আদান-প্ৰদানৰ ক্ষেত্ৰত দেখা যায় যে, পাইথাগোৰিয়ান (যিসকল মহান গ্ৰীক গণতান্ত্ৰিক পাইথাগোৰাচৰ অনুকৰণকাৰী)সকলৰ ওপৰত জৈন চিন্তাধাৰাৰ প্ৰভাৱ আছে। বিজ্ঞানৰ ক্ষেত্ৰত ইজিপ্ত, গ্ৰীচ আৰু ৰোমানসাম্ৰাজ্যৰ লগত নিকট সম্পৰ্কৰ প্ৰমাণ পোৱা যায়। পিং গ্ৰীৰ লেখীয়া পণ্ডিতৰ মতে, বিজ্ঞানৰ ক্ষেত্ৰত ভাৰতৰ সম্পৰ্ক মেছোপটেমীয়া আৰু বেবীলনৰ লগতো আছিল।

নৱম আৰু ত্ৰয়োদশ শতাব্দীৰ মাজৰ সময়ছোৱাত আৰবসকলে ভাৰতীয় চীনা আৰু গ্ৰীকসকলৰ পৰা গণিতশাস্ত্ৰৰ জ্ঞান লৈ সেই জ্ঞানৰ সমন্বয় সাধন কৰি বীজগণিত এলজ্ৰেবাৰ সৃষ্টি কৰিছিল আৰু এই জ্ঞান ইউৰোপলৈ প্ৰেৰণ কৰিছিল। আজি আমি যিদৰে বীজগণিত শিঁকো তাৰ মূলতে আছে আল-খোৱাৰিজমি আৰু ওমৰ খায়াম। এই সন্দৰ্ভত গণিতজ্ঞ ইবন চিন্নাৰ সম্পৰ্কে এটা ঘটনাৰ উল্লেখ কৰিব পৰা যায়। এবাৰ তেওঁক তেওঁৰ দেউতাকে অবাবতে সময় নষ্ট কৰাৰ কাৰণে তীব্ৰ ভৎসৰ্না কৰিছিল আৰু বজাৰ বহা ঠাইলৈ গৈ তাত ভাৰতীয় জ্যোতিষশাস্ত্ৰ দ্বিতীয়বাৰৰ বাহিৰা উৎসৰ দ্বাৰা বাবে প্ৰভাৱান্বিত হৈছিল। গ্ৰীকসকলৰ কিছুমান জ্যামিতিক পদ্ধতি ভাৰতীয় জ্যোতিষশাস্ত্ৰত প্ৰৱেশ কৰিছিল। বৰাহমিহিৰৰ অন্যতম কীৰ্ত্তিস্তম্ভ পঞ্চসিন্ধান্তিকাক ৰোমাকা বুলি কোৱা হয়। যিটো নাম গ্ৰীচ আৰু ৰোমৰ পৰা পোৱা জ্ঞানৰ বাবে কৃতজ্ঞতা জনাবলৈ ৰখা হৈছে বুলি অনুমান কৰিব পাৰি। ঠিক তেনেদৰে আয়ুৰ্বেদতো বহুত বস্তু গ্ৰীকৰ চিকিৎসা পদ্ধতিৰ পৰা লোৱা হৈছে।

গণিত আৰু চিকিৎসা শাস্ত্ৰত অহা উন্নতিৰ লগে লগে স্থাপত্যবিদ্যাৰ ক্ষেত্ৰত অহা বিকাশো মন কৰিবলগীয়া। ভাৰতীয় মন্দিৰৰ স্থাপত্য ইজিপ্তৰ পিৰামিডৰ সমান পুৰণি নহয়। মহেঞ্জোদাৰো আৰু হৰাপ্পাৰ ধ্বংসাৱশেষৰ পৰা দেখা যায় যে এই নগৰসমূহৰ পৰিকল্পনা যথেষ্ট উন্নত মানদণ্ডৰ আছিল আৰু এই নগৰকেইখন পিৰামিড সমসাময়িক আছিল। মহেঞ্জোদাৰো নগৰত মাটিৰ তলেদি যাব পৰা নৰ্দমাৰ ব্যৱস্থা আছিল। মেছোপটেমীয়ান, ইজিপ্তিয়ান, গ্ৰীক আৰু ৰোমানসকলে নিৰ্মাণ কৰা গম্বুজযুক্ত তোৰণ বিশেষ ধৰণৰ আছিল আৰু এইবোৰ যথেষ্ট শক্তিশালী আছিল। গম্বুজনিৰ্মাণৰ কলাকৌশল ভাৰতলৈ আহে তুৰ্কসকলৰ লগত।

প্ৰাচীনকালত যথেষ্ট চিন্তা-চৰ্চা কৰি যজ্ঞৰ বেদী নিৰ্মাণ কৰা হৈছিল। এই বেদীসমূহ এক নিৰ্দিষ্ট ৰূপত গঢ় দিব লগা হৈছিল আৰু পূৰ্বদিশৰ ফালে থকাকৈ এক বিশেষ দিশত সজোৱা হৈছিল। এই ধৰ্মীয় আচাৰ ব্যৱহাৰবোৰ পালন কৰিবলৈ কিছুমান জ্যামিতিৰ সমস্যা সমাধান কৰিব লগা হৈছিল। এই নিয়মবোৰ ‘সুলভাসূত্ৰ’ত পোৱা যায়। কিন্তু এইধৰণৰ জ্যামিতিৰ ইউফ্লিডৰ জ্যামিতিৰ লগত পাৰ্থক্য আছে।

 

মধ্যযুগৰ প্ৰথমছোৱা সময়ত জ্যোতিষবিদ্যাৰ লগত গণিতশাস্ত্ৰৰ নিকট সম্পৰ্ক আছিল। পঞ্চষষ্ঠ শতাব্দীৰ সময়ছোৱাৰ আৰ্যভট্ট এনে এজন জ্যোতিষবিদ গণিতজ্ঞ আছিল। তেওঁ ভাৰতীয় জ্যোতিষৰ ভেঁটিসমূহ ১২১ টা সূত্ৰ বা লোকৰ ৰূপত প্ৰতিষ্ঠা কৰি থৈ গৈছে। এই সূত্ৰৰ পদ্ধতিটো খুব জন জনপ্ৰিয় আছিল আৰু পাণ্ডিত্যপূৰ্ণ কাম-কাজৰ বাবে উপযুক্ত আছিল। বেপাৰীৰ পৰা অংকশাস্ত্ৰ শিকিবলৈ কৈছিল।

বৰ্তমানৰ দৰে অতীততো কৃষিকাৰ্য্য গুৰুত্বপূৰ্ণ আছিল। প্ৰথম প্ৰজন্মৰ বৈজ্ঞানিকসকলে কৰা তেওঁলোকৰ প্ৰথম অধ্যয়নৰ ক্ষেত্ৰ আছিল কৃষিকাৰ্য্য সম্বন্ধীয়। আৰু সেইটো হ’ল ধাতুবোৰ আগতীয়াকৈ কৈ দিয়া। ধাতু সম্বন্ধে ভৱিষৎকালীয়ে কৃষিকাৰ্য্যত (গুটি সিঁচা কামত) আৰু জীৱনৰ অন্যান্য ক্ষেত্ৰত যথেষ্ট সহায় কৰিছিল। এনেদৰে এটা প্ৰধান আৰু প্ৰাথমিক কাম হৈ পৰিছিল এখন কেলেণ্ডাৰ যুগুত কৰা। ইজিপ্তিয়ান, গ্ৰীক, বেবীলগীয়ান আৰু ভাৰতীয়সকলে ঋতুসম্বন্ধে সঠিক জ্ঞান দিব পৰা এখন কেলেণ্ডাৰ প্ৰস্তুত কৰিবলৈ যথেষ্ট কষ্ট কৰিছিল। গ্ৰীক আৰু ইজিপ্তিয়সকলে জ্যামিতিক ধৰণে উপায়েৰে এই কেলেণ্ডাৰ প্ৰস্তুত কৰিছিল। মেছোপটেমীয়ান আৰু ভাৰতীয়সকলে ব্যৱহাৰ কৰিছিল পাটীগণিতিক উপায়। কেনেণ্ডাৰ প্ৰস্তুত কৰিবলৈ তেওঁলোকে নিতৌ আকাশখন পৰ্য্যবেক্ষণ কৰিছিল আৰু এইটোৱে আছিল ইয়াৰ মূলভিত্তি। শতাব্দীজুৰি কৰা এই সূক্ষ্ম পৰ্য্যবেক্ষণসমূহ আৰু গণনাই জ্যোতিষশাস্ত্ৰ আৰু গণিতশাস্ত্ৰক পৰিপক্কতা প্ৰদান কৰিছিল।

মাটিৰ জোখ-মাখ সম্বন্ধীয় সমস্যাসমূহ সমাধান কৰিবলগীয়া হোৱাত গণিতশাস্ত্ৰয়ো একেলগে বিকাশ লাভ কৰিছিল। খেতি-বাতিৰ প্ৰধান উৎস মাটিৰ সঠিক জোখ-মাখ ল’বলৈ আৱিষ্কাৰ হৈছিল। অনেক সূত্ৰ, আৰু পাছলৈ এইবোৰেই উপপাদ্যৰ ৰূপ লৈছিল। যি কি নহওক, শতাব্দীৰ পাছত আজি এইটো সোধা প্ৰাসাংগিক যে এই সভ্যতাবোৰৰ প্ৰধান অৱদান কি আছিল? এই পদ্ধতি বা পৰম্পৰাসমূহে কেনেকৈ ইটোৱে-সিটোৰ লগত সমিলমিল ঘটাইছিল? যেতিয়া বিজ্ঞানৰ লগত জাতীয় গৌৰৱৰ বিষয়টো জড়িত হৈ পৰে তেতিয়া এটা সময়ত এই প্ৰশ্নবোৰ সোধা নিতান্তই প্ৰাসঙ্গিক হৈ পৰে। বৰ্তমানে চলি থকা পূৰ্ব সংস্কাৰসমূহকে বুৰঞ্জীমূলক সত্য বুলি চলাই দিব খোজা ধাৰণাৰ পৰাই এই কথাৰ সত্যতা প্ৰমাণিত হয়। বৰ্তমানৰ বিভাজনসমূহক সুৰক্ষা দিবলৈকে অতীতৰ পৰা এক কাল্পনিক ধাৰণা লৈ লোৱা হয়।

এনেধৰণৰ চোভেনিজমৰ উৎকৃষ্ট নিদৰ্শন হ’ল: কিছুমান বুৰঞ্জীয়ে উল্লেখ কৰা মতে বিজ্ঞানৰ আৰম্ভণি হৈছিল কিছুমান আশ্চৰ্যজনক ঘটনাৰ ৰূপত, গ্ৰীচদেশত। এনেধৰণৰ বিজ্ঞানৰ বুৰঞ্জীয়ে ইউৰোপক আৰু কেৱল ইউৰোপক ইউৰোপৰহে অৱদানক বেছি গুৰুত্ব আৰোপ কৰে। আন ক্ষেত্ৰবোৰৰ পৰা অহা বৈজ্ঞানিক অৱদানক, নুই কৰে। কিন্তু এই সকলোবোৰৰ সংমিশ্ৰণতে যে এক বৈজ্ঞানিক পৰম্পৰাৰ সৃষ্টি হৈছে এই কথা পাহৰি যায়। গ্ৰীকবিজ্ঞানে তেওঁলোকৰ মতামতকে শুদ্ধ বুলি গণ্য কৰে আৰু বাকীসকলে তেওঁলোকৰ অন্ধ অনুকৰণ কৰা বুলি ভাবে।

বিজ্ঞানৰ এনেধৰণৰ বুৰঞ্জী এতিয়া অন্যান্য সকলেও উত্থাপন কৰিছে। উদাহৰণস্বৰূপে, ভাৰতত এনে প্ৰমাণ যথেষ্ট আৰু যিবোৰৰ মতে আধুনিক বিজ্ঞানৰ প্ৰায়ভাগ তত্বই প্ৰাচীন ভাৰতৰ অলেখ পুথিত আছে। এইটো কেৱল বিজ্ঞানতেই সীমাবদ্ধ নহৈ কাৰিকৰী বিজ্ঞানৰ ক্ষেত্ৰতো শুদ্ধ। বিভিন্ন প্ৰজন্মৰ কষ্টোপাৰ্জিত এই বৈজ্ঞানিক জ্ঞান বুৰঞ্জীবিদসকলে নিজৰ সুবিধা অনুযায়ী হিন্দু বা মুছলমানৰ বুলি অভিহিত কৰে। এনেধৰণৰ প্ৰচেষ্টাই বিজ্ঞানৰ সাৰ্বজনীন চৰিত্ৰকেই কেৱল অস্বীকাৰ কৰাৰ উপৰিও অতীজত অৰ্জন কৰা মহান বৌদ্ধিক কৃতকাৰ্য্যতাকো তাচ্ছিল্য কৰে। পৰম্পৰ বুজাবুজিৰ বাবে আনৰ অৱদানসমূহৰ প্ৰতিও শ্ৰদ্ধা আৰু প্ৰশংসা খুবেই জৰুৰী।

ওপৰৰ আলোচনাৰ পৰা আমি আজি এইটো জানিব পাৰো যে ইজিপ্তিয়ানসকল হ’ল গ্ৰীক জ্যামিতিৰ প্ৰকৃত অগ্ৰদূত। ইজিপ্তত প্ৰচলিত বিভিন্ন ফলাফল গ্ৰীকসকলে গৈ সেইবোৰ নতুন ধৰণে প্ৰকাশ কৰিছিল। পাইথাগোৰাছত উপপাদ্যটো ইয়াৰ জ্যামিতিক ৰূপত ইজিপ্তত প্ৰচলিত আছিল। পাছত গ্ৰীকসকলে এইটো এক নিৰ্দিষ্ট সূত্ৰত সীমাবদ্ধ কৰি জ্যামিতিক আকাৰ প্ৰদান কৰি প্ৰমাণ কৰিছিল। এইটো মনকৰিবলগীয়া যে এইখিনি সময়তে বেছিভাগ সভ্যতাই পাইথাগোৰাছেৰ তিনিটা ৰাশিক লৈ কৰা গণনা সম্বন্ধে অৱগত আছিল।[যেনে:(৩,৪,৫), (৮,৬,১০) বা (১২, ৫, ১৩) এই আটাইবোৰ সংখ্যাৰ সংহতিয়ে পাইথাগোৰাছৰ উপপাদ্য সিদ্ধ কৰে; অৰ্থাৎ ৩+৪=৫ ইত্যাদি] আৰু এইবোৰৰ বেছিভাগে বেলেগ বেলেগ সূত্ৰৰ ওপৰত নিৰ্ভৰ কৰি সমাধান কৰা হৈছিল।

আৰ্য্যভট্টৰ কিতাপখনৰ প্ৰথম অধ্যায়ত তৰাৰ স্থান নিৰ্ণয়ৰ পদ্ধতি সম্বন্ধে আলোচনা কৰা হৈছে। বাকীখিনি অংশ তিনিটা ভাগত ভগোৱা হৈছে। এটা ভাগত গ্ৰহ নক্ষত্ৰৰ স্থান নিৰ্ণয়ৰ বাবে দৰ্কাৰ হোৱা অংকৰ জ্ঞানৰ বিষয়ে, দ্বিতীয় ভাগত সময়ৰ হিচাব সম্বন্ধে আৰু তৃতীয় ভাগত জ্যোতিষ সংক্ৰান্তীয় গণনাত গ্ৰীক জ্যোতি পদ্ধতিৰ সম্পৰ্কে আলোচনা কৰা হৈছে। আৰ্য্যভট্টৰ পাছত বৰাহমিহিৰ আৰু ব্ৰক্ষ্মগুপ্তই জ্যোতিষশাস্ত্ৰৰ চৰ্চা অব্যাহত ৰাখিছিল।

গণনাৰ বিভিন্ন বিভাগৰ ভিতৰত দুটা প্ৰধান ক্ষেত্ৰ আছে। প্ৰতিজ্ঞানিতাত বিভিন্ন সমস্যা সমাধান কৰিবলৈ বহুতো সংজ্ঞা আছে। Big Bijaganite হ’ল ভাৰতীয় গাণিতিক পৰম্পৰাৰ এলগৰিথমিক অংশ। ইয়াৰ সমীকৰণ সমাধান কৰিবলৈ প্ৰথমৰ সমাধানটো ‘বীজ’ বুলি ধৰা হয়। বৰ্তমানৰ পৰ্য্যবেক্ষণৰ ভিত্তিত ভৱিষ্যতে গ্ৰহ-নক্ষত্ৰসমূহৰ অৱস্থান নিৰ্ণয় কৰিবলৈ এই পদ্ধতিয়ে জ্যোতিষৰ বিভিন্ন সমীকৰণ সমাধান কৰোতে ব্যৱহাৰ কৰা হৈছিল। এই ধৰণে গ্ৰহ-নক্ষত্ৰৰ অৱস্থান উলিয়াবলৈ কৰা সমীকৰণবোৰৰ সমাধান নিৰ্ভুল নাছিল। কিয়নো এইবোৰ বীজ হিচাবে ব্যৱহাৰ কৰা মানটোৰ ওপৰত নিৰ্ভৰশীল আছিল। ফলত সূত্ৰবোৰ কোনোধৰণৰ পৰিৱৰ্ত্তন নকৰাকৈ এই ভুলবোৰৰ শুধৰণি অনাৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল।

গণিতশাস্ত্ৰৰ বুৰঞ্জী আৰু ধাৰণাৰ সামাজিক বুৰঞ্জী সৌসিদিনালৈকে বিতৰ্কৰ বিষয় হৈ আহিছে। কথাটো হ’ল-গ্ৰীকসকলৰ সৰ্বসন্মত যুক্তিৰ পৰা বুজিব পৰা আৰু টান গণিতজ্ঞ ভাৰতীয়, আৰব আৰু বেবীলনীয়সকলৰ গণিতৰ পৰা যিটোক এলগৰিথমিক বুলি গণ্য কৰা হয়, যথেষ্ট পৃথক। এইবোৰৰ পদ্ধতিগত পাৰ্থক্য থাকিলেও প্ৰত্যেকৰে মূল্য আছে। গ্ৰীক পৰম্পৰাক এলগৰিথমিক পৰম্পৰাতকৈ উৎকৃষ্ট বুলি গণ্য কৰা হয়। বৰ্তমানে যেতিয়া দ্ৰুতগতিত গণনা কৰিব পৰা বিভিন্ন সুবিধা আমাৰ মাজত আছে। তেনেস্থলত এলগৰিথমিক পদ্ধতিৰে যথেষ্ট মূল্য আহি পৰিছে।

মহেঞ্জোদাৰো আৰু হৰপ্পাৰ নগৰ পৰিকল্পনা ব্যৱস্থা, পানী যোগান ব্যৱস্থা, নলা-নৰ্দমা তথা শৌচাগাৰ সম্বন্ধীয় ব্যৱস্থাৰ পৰা সেই সময়ৰ উচ্চ স্তৰৰ জনকল্যাণমূলক কাম-কাজৰ বিষয়ে জানিব পৰা যায়। কিন্তু সমসাময়িক সভ্যতা ইজিপ্ত মেছোপটেমীয়া আৰু চীনত এনে কোনো সমান্তৰাল ব্যৱস্থা নাছিল। এই সময়ত চিকিৎসা বিদ্যাৰো যথেষ্ট উন্নতি হৈছিল আৰু এই বিষয়ে সিন্ধু সভ্যতাত পোৱা বহুতো সাক্ষ্য প্ৰমাণো আছে। কিন্তু কিতাপত এই বিষয়ে খুব কম প্ৰমাণহে আছে।

দ্বিতীয় নগৰীকৰণৰ আৰম্ভ হোৱাৰ পৰা কিতাপৰ সাক্ষ্যও পোৱা যায়। প্ৰাচীন।পুথিপাতিৰ ভিতৰত সম্পূৰ্ণভাৱে চিকিৎসা শাস্ত্ৰলৈ অৰ্পণ কৰা দুখন পুথি হ’ল চৰক সংহিতা আৰু শুশ্ৰুত সংহিতা। (কিছুমান চিকিৎসা বিদ্যাৰ নমুনা ৰিগবেদ আৰু অথৰ্ববেদতো পোৱা যায়)। এই পুথি দুখনত আয়ুৰ্বেদ সংক্ৰান্তীয় চৰ্চা আছে।

শুশ্ৰুত সংহিতাত বহলভাৱে অস্ত্ৰোপচাৰৰ বিষয়ে আলোচনা কৰা হৈছে আৰু মৃত ব্যক্তিৰ ওপৰত কটা-ছিঙাৰ কাৰ্য্যপ্ৰণালীৰ বিষয়ে আলোচনা কৰা হৈছে। ৪২ টা অস্ত্ৰোপচাৰৰ পদ্ধতিৰে আৰু ১২১ টা বেলেগ বেলেগ সৰঞ্জামেৰে ৩০০ টা অস্ত্ৰোপচাৰৰ বিশদ বৰ্ণনা দিয়া আছে। চৰক সংহিতাত জীৱ-জন্তু, গছ-গছনি আদিৰ বাবে ৬০০ ঔষধ আৰু শুশ্ৰুত সংহিতাত ৬৫০ বিধ ঔষধৰ উল্লেখ আছে।

পাছৰ কালছোৱাত ৰোগী চিকিৎসা কৰোতে বহুত অজৈৱ বস্তুও ব্যৱহাৰ কৰা হৈছিল। ৰসায়ন বিদ্যা আৰু ধাতুবিদ্যাত লাভ কৰা বিকাশৰ জৰিয়তে বিভিন্ন বস্তুৰ সংমিশ্ৰণ ঘটোৱা সম্ভৱপৰ হৈছিল আৰু ইয়াৰ ফলতে চিকিৎসা বিদ্যায়ো প্ৰসাৰতা লাভ কৰিছিল। এই প্ৰৱণতাৰ সূচনা হৈছিল ভগভট্টৰ দিনত আয়ুৰ্বেদিক চিকিৎসাৰ উপৰিও কৰ্মচিকিৎসাৰো প্ৰচলন আছিল।

ঔষধবোৰ সংকৰধাতু, ধাতু, বিভিন্ন ধাতুৰ মিশ্ৰণ, নিমখ আৰু ধাতুৰ ওপৰত ভিত্তি কৰি বিভিন্ন পদাৰ্থৰে প্ৰস্তুত কৰা হৈছিল। এই প্ৰণালীৰে পোণতে সিদ্ধসকলে চিকিৎসা কৰিছিল। তামিল সিদ্ধসকলৰ ভিতৰত এজন আছিল পুলিপানি। বিভিন্নজনৰ মতে এওঁৰ আদিপুৰুষ চীনদেশীয়। পাৰাৰ মিশ্ৰৰ ব্যৱহাৰ সিদ্ধ বিদ্যালয়সমূহে কৰিছিল। ইয়াৰ ব্যৱহাৰ আয়ুৰ্বেদতো আছে আৰু শুশ্ৰুতে তেওঁৰ লেখনীত ইয়াৰ প্ৰথম উল্লেখ কৰিছিল।

দক্ষিণ এছিয়া আৰু অন্যান্য প্ৰাচীন সভ্যতাসমূহৰ মাজত চিকিৎসা শাস্ত্ৰৰ ভাবৰ আদান-প্ৰদান হোৱাৰ সাক্ষ্য পোৱা যায়। হমুৰাবিয়ান কালৰ (২০০০ খ্ৰী:পূ) এখন প্ৰাচীন চিকিৎসা গ্ৰন্থত বিভিন্ন চিকিৎসা সম্বন্ধীয় ধাৰণা পোৱা যায়। আৰু এই একেবোৰ ধাৰাণাই পাছত ভাৰতীয় আয়ুৰ্বেদ শাস্ত্ৰ আৰু গ্ৰীক হিপ’ক্ৰেটিক শাস্ত্ৰসমূহত পোৱা গৈছে। প্ৰাচীন নথিপত্ৰসমূহৰ পৰা জনা যায় যে আলেকজেণ্ডাৰৰ সৈন্যসকলক কোনো স্থানীয় ৰোগত ভুগিলে বা সাপে খুঁটিলে ভাৰতীয় চিকিৎসকসকলক মতা হৈছিল। এওঁলোকৰ কিছুমান চিকিৎসক গ্ৰীচদেশ ভ্ৰমণ কৰিছিল আৰু তালৈ ভাৰতীয় ঔষধ লৈ গৈছিল। ঠিক সেইদৰে, চৰক সংহিতা আৰু শুশ্ৰুত সংহিত্যৰ লগত হিপ’ক্ৰেষ্টিক ঔষধৰ যথেষ্ট সাদৃশ্য আছে আৰু ইয়াৰ পৰা প্ৰমাণ পোৱা যায় যে খ্ৰী:পূ: চতুৰ্থ শতিকা আৰু খ্ৰী: ৩য় শতিকাৰ মাজৰ সময়ছোৱাত এই দুই সভ্যতাৰ মাজত ভাবৰ আদান-প্ৰদান হৈছিল।

লেখিকাৰ নাম: বৰ্নালী শৰ্মা

শেহতীয়া উন্নীতকৰণ: : 6/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate