অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বাওঁহতীয়াসকলক শুধৰাব পাৰিনে?

বাওঁহতীয়াসকলক শুধৰাব পাৰিনে?

আমি প্ৰায়ভাগ মানুহেই আমাৰ কাম-কাজ সোঁহাতেৰে কৰোঁ।

গতিকে যিসকল বাওঁহতীয়া, তেওঁলোকে সোঁহাতেৰে কাম কৰা মানুহৰ লগত মিলিবলৈ বহুতো কষ্ট কৰিবলগা হয়।

৯৬ শতাংশ মানুহ হৈছে সোঁহতীয়া। গতিকে দুৱাৰৰ খিলি, স্ক্ৰু ড্ৰাইভাৰ, গাড়ী, বিভিন্ন সা-সৰঞ্জামৰ পৰা আদি কৰি কামিজৰ বুটামলৈকে সকলোবোৰ সোঁহাতেৰে কাম কৰা মানুহৰ বাবেই প্ৰধানকৈ তৈয়াৰী। কেনেবাকৈ কিছু সংখ্যক বাওঁহতীয়া মানুহেও এইবোৰ কাম ভালদৰেই কৰিব পাৰে। উদাহৰণস্বৰূপে, লিও অনাৰ্ডে ড্যা ভিন্সি আৰু মাইকেল এঞ্জেলো। পৃথিৱীৰ দুগৰাকী বিখ্যাত ব্যক্তি আছিল বাওঁহতীয়া।

বেছিভাগ মাক-দেউতাকেও চিন্তা কৰে। তেওঁলোকৰ ল’ৰা বা ছোৱালীজনী বাওঁহতীয়া হ’ব নেকি। কিন্তু বেছিভাগ চিকিৎসকৰ মতে এই বিষয়ে একো কৰা উচিত নহয়। বাওঁহতীয়া হোৱাটো ব্যক্তিগৰাকীৰ কোনো ত্ৰুটি নহয়। এইসকল ব্যক্তিৰ মতে বাঁওহতীয়া ল’ৰা-ছোৱালীক সোঁহাতেৰে কাম কৰাবলৈ জোৰ কৰিব নালাগে বা সিঁহতে বাওঁহাতেৰে কাম কৰাৰ কাৰণে গালি শপনি পাৰিব নালাগে আৰু মাৰিব নালাগে।

মানুহ কিয় সোহঁতীয়া হয়? বহুকাল ধৰি এইটো কি বাস কৰা হৈ আহিছে যে, মূলত ৰীতি নীতি, পৰম্পৰাৰ বাবে মানুহে সোঁহাতেৰে কাম কৰে।

আজিকালি এইটো ধৰা হৈছে যে বেছিভাগ মানুহেই সোঁহতীয়া। কাৰণ বেছিভাগ মানুহৰে মগজুৱে এক বিশেষ ধৰণেৰে কাম কৰে। মগজুৰ এই অংশই আনটো অংশক নিয়ন্ত্ৰণ কৰে। মগজুৰ বাওঁফালৰ অংশটোহে শৰীৰৰ সোঁফালৰ কামবোৰ পৰিকল্পনা কৰে আৰু সোঁফালৰ অংশটোৱে শৰীৰৰ বাওঁফালৰ কামবোৰ পৰিচালনা কৰে। বেছিভাগ মানুহৰে মগজুৰ বাওঁফালৰ অংশই সোঁফালৰ অংশৰ ওপৰত প্ৰাধান্য বিস্তাৰ কৰে। গতিকে মানুহৰ শৰীৰৰ সোঁফালটো অধিক নিপুন হয় আৰু অধিক সোনকালে পাৰদৰ্শী হৈ উঠে। গতিকে সোঁহাতেৰে কৰা কামবোৰ বাওঁহাতেৰে কৰা কামতকৈ ভাল হয়।

আনহাতে, বাওঁহতীয়া ব্যক্তিসকলৰ মগজু আনটো দিশত বিকশিত হয়। তেওঁলোকৰ সোঁফালৰ অংশটোৱে বাওঁফালৰ অংশটোৰ ওপৰত প্ৰাধান্য বিস্তাৰ কৰে। গতিকে শৰীৰৰ বাওঁফালটো অধিক নিপুন হয়। তেওঁলোকে গতিকে বাওঁহাতেৰেই ভালকৈ অধিক কাম কৰিবলৈ সক্ষম হয় আৰু এইটো কোনো সমস্যা নহয়।

 

লেখিকাৰ নাম: বৰ্নালী শৰ্মা

শেহতীয়া উন্নীতকৰণ: : 3/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate