আসাম ফাউণ্ডেচন অৱ নৰ্থ আমেৰিকা চমূকৈ আফনাৰ এক ব্যতিক্ৰমী প্ৰয়াস একাডেমীকচে আৰ্থিকভাৱে দুৰ্বল আৰু মেধাৱী তথা সম্ভাৱণাপূৰ্ণ ছাত্ৰ-ছাত্ৰীসকললৈ শৈক্ষিক জলপানী আগবঢ়োৱাৰ লগতে এই ছাত্ৰ-ছাত্ৰীসকলক বিনা আৰ্থিক প্ৰতিদ্বন্দীতাৰে আগবাঢ়ি যোৱাত সহায় কৰিব। মাধ্যমিক শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকললৈ এই সুবিধা আগবঢ়োৱা হ’ব। দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত উচ্চ শিক্ষাৰ প্ৰতি উদ্গনি জনোৱাৰ লগতে এইসকল ছাত্ৰ-ছাত্ৰীয়ে যাতে উচ্চ শিক্ষা গ্ৰহণ কৰি ভৱিষ্যতে এটা সুন্দৰ জীৱন অতিবাহিত কৰিব পাৰে। একাডেমীকচে অসমৰ বাসিন্দা তথা দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীলৈ এই সুবিধা আগবঢ়াব। যিকোনো স্নাতক ডিগ্ৰীত নামভৰ্তী কৰা অথবা কৰিবলগীয়া ছাত্ৰ-ছাত্ৰীহে এই আঁচনিৰ হিতাধিকাৰী হ’ব পাৰিব। ডিপ্লমা বা চাৰ্টিফিকেট পৰ্য্যায়ৰ পাঠ্যক্ৰমৰ বাবে এই জলপানী আগবঢ়োৱা নহ’ব। একাডেমীকচে আগবঢ়োৱা জলপানী হিচাপে প্ৰতিগৰাকী হিতাধিকাৰীয়ে কলা, বিজ্ঞান অথবা বাণিজ্য শাখাত স্নাতক অথবা ইয়াৰ সমপৰ্য্যায়ৰ ডিগ্ৰীৰ বাবে ১০,০০০ কৈ জলপানী লাভ কৰিব আনহাতে বিত্তীমূলক শিক্ষা যেনে-চিকিৎসা, আভিযান্ত্ৰিক আদি শিক্ষাৰ বাবে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক ৩০,০০০ কৈ জলপানী আগবঢ়োৱা হ’ব। প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক বিভিন্ন পৰামৰ্শ দিয়াৰ ওপৰিও ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ অগ্ৰগতিৰ চোৱাচিতা কৰিবলৈ একোজনকৈ তত্ত্বাবধায়ক থাকিব।
উল্লেখযোগ্য যে একাডেমী হল মাৰ্কিন যুক্তৰাষ্ট্ৰত অস্থায়ীভাৱে বাস কৰা তথা অসমৰ সৈতে জড়িত হৈ থকা এচাম উদ্যমী লোকৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। আফনাৰ স্বেচ্ছাসেৱী এইসকল লোকে অসমৰ আৰ্থিকভাৱে দুৰ্বল মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ সপোন পূৰণৰ বাট প্ৰশস্ত কৰাত সহায় কৰিব।
আবেদনপত্ৰৰ লগতে এই জলপানী সন্দৰ্ভত সবিশেষ জানিবৰ বাবে অনুগ্ৰহ কৰি এই লিংকত ক্লিক কৰক- AFNA
অতিৰিক্ত তথ্য অথবা কোনো প্ৰশ্ন জানিবলৈ অনুগ্ৰহ কৰি এই ঠিকনাত ই-মেইল কৰিব পাৰে afna.akadamics+help@gmail.com
উৎস: আইএনডিজি দল
শেহতীয়া উন্নীতকৰণ: : 3/29/2020
অসমীয়া জাতিৰ জাতীয় সত্বাৰ প্ৰতীক গামোচাৰ বিষয়ে লিখ...
অতীতত ভাৰতীয় দাৰ্শনিক কণাদ আৰু গ্ৰীক দাৰ্শনিক ডেম’...
অভিভাৱকৰ শাসন আৰু শিক্ষা-ব্যৱস্থাৰ মেৰপাকত আমাৰ ...
অম্বুবাচী আৰু ইয়াৰ সৈতে জড়িত লোকাচাৰসমূ লিখা হৈছে