চেঙেলীয়া বয়সত চোৰাংচোৱা হ’বলৈ হেঁপাহ কৰাটো স্বাভাৱিক মানুহৰ লক্ষণ।কিন্তু সদ্যহতে টেলিভিছনৰ ধাৰাবাহিকবিলাকত অপৰাধ অনুসন্ধান ,দেশৰ প্ৰতিৰক্ষাৰ তথ্য চুৰি কৰা ইত্যাদি খুব গ্লেমাৰৰ সৈতে প্ৰদৰ্শন কৰা দেখি অপৰাধী চিনাক্তকৰণত প্ৰয়োগ কৰা বিজ্ঞানবিধৰ প্ৰতিও আমাৰ আকৰ্ষণ বাঢ়িছে।ইংৰাজী ভাষাত এই বিজ্ঞানবিধৰ নাম হ’ল ফৰেনছিক ছায়েন্স।‘ফৰেনছিক’নামৰ লেটিন ভাষাৰ শব্দটোৰ পৰা ইংৰাজী নামটো আহিছে।লেটিন ভাষাৰ এই শব্দটোৰ অৰ্থ হ’ল ‘আইনৰ দৰবাৰ’।ন্যায় বিচাৰ কৰিবলৈ,অপৰাধৰ ৰহস্য ভেদিবলৈ যিবিলাক বৈজ্ঞানিক সুত্ৰ আৰু পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজন হয়,তাকেই ফৰেনছিক ছায়েন্স বোলা হয়।এই বিজ্ঞান বহুমাত্ৰিক শাস্ত্ৰলব্ধ জ্ঞানৰ সমাহাৰ।সেই দেখি ইয়াৰ কেইবাটাও শাখা আছে।যেনে-ফৰেনছিক ফিজিক্স,ফৰেনছিক কেমেষ্ট্ৰী,ফৰেনছিক বায়’লজী,ফৰেনছিক এনটম’লজী,ফৰেনছিক পেথ’লজী,ফৰেনছিক মেডিচিন,ফৰেনছিক ইঞ্জিনীয়াৰিং,ফৰেছনিক ডকুমেণ্ট ইত্যাদি।
মানুহৰ ভিতৰত কুভাব থাকে মানুহে অপৰাধ কৰে।অপৰাধীয়ে নিজৰ অপুৰ্ণ বাসনা পুৰ্ণ কৰিবলৈ আন মানুহৰ অধিকাৰ খৰ্ব কৰে।এইটো নীতিবিৰুদ্ধ কথা বাবে শাস্তি দিবলৈ আইন,আদালত আৰু পুলিচ লাগে।ফৰেনছিক ছায়েন্সে অপৰাধীৰ শুংসুত্ৰ উলিয়াবলৈ বৈজ্ঞানিক যুক্তি আৰু তথ্যৰ যোগান ধৰে।
চিকিৎসকসকলে স্নাতক শ্ৰেণীত পঢ়া-শুনা কৰোঁতে ফৰেনছিক মেডিচিনৰ প্ৰাথমিক পাঠ পঢ়িব লাগে।যাতে অস্বাভাৱিক মৃত্যুৰ কথা আইন ৰক্ষকক জনাব পাৰে।আমাৰ দেশৰ আইন অনুসৰি ফৰেনছিক মেডিচিনৰ আনুষ্ঠানিক জ্ঞান থকা ডাক্তৰেহে মৰণোত্তৰ পৰীক্ষা কৰিব পাৰে।এই বিষয়ৰ এম ডি আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত টক্সিঅ’লজী বা বিষক্ৰিয়া বিজ্ঞান,ফৰেছনিক পেথ’লজী আৰু ক্লিনিকেল ফৰেনছিক মেডিচিন পঢ়োৱা হয়।এনে বিশেষজ্ঞ ডাক্তৰে অস্বাভাৱিকভাৱে মৃত্যুমুখত পৰা মৃতদেহৰ পৰীক্ষা কৰি অপৰাধৰ শুংসুত্ৰ উলিয়াই দিয়ে।
ইয়াৰ বাহিৰেও ফৰেনছিক বিজ্ঞানীসকলে তলত উল্লেখ কৰা বিষয়বিলাক চাই-চিতি অপৰাধী চিনাক্ত কৰাত পুলিচক সহায় কৰে।
(১)ফিংগাৰ প্ৰিণ্ট বা আঙুলিৰ চাব-প্ৰত্যেক মানুহৰে আঙুলিৰ চাব বা চিন বেলেগ বেলেগ ।মৃতদেহ বা অপৰাধ ঘটা ঠাইত ৰৈ যোৱা আঙুলিৰ চাব বিজ্ঞানীয়ে পাউডাৰ,ৰাসায়নিক দ্ৰব্য,লেজাৰ,কেমেৰাৰে তোলা ফটোৰ সহায়ত বিচাৰি উলিয়ায়।
(২)তেজৰ চিন:হত্যাকাণ্ড,বোমা বিস্ফোৰণ আদিত ছিটিকি পৰা তেজৰ দাগ,ৰক্তকণিকা আদি অধ্যয়ন কৰি দুৰ্ঘটনাস্থলীৰ জ্যামিতি নিশ্চিত কৰিব পাৰে।
(৩)আঁহ:মুৰৰ চুলি,গাৰ নোম,কাপোৰৰ আঁহ,সুতা আদি পৰীক্ষা-নিৰীক্ষা কৰি ফৰেনছিক টেক্সটাইল এক্সপাৰ্টে অপৰাধীৰ কাপোৰ,ডি এন এ প্ৰিণ্ট আদি চিনিব পাৰে।
(৪)বন্দুকৰ গুলী,কাৰ্টিজ আদি:প্ৰত্যেক বন্দুকৰ নলীত গুলী,কাৰ্টিজ আদিয়ে অদ্বিতীয় আৰু একেধৰণৰ চিন থৈ যায়।দুটা গুলীৰ তুলনা কৰি বিজ্ঞানীসকলে ক’ব পাৰে যে একেটা বন্দুক ব্যৱহাৰ কৰা হৈছিল নে নাই।
(৫)খোজ:খোজৰ বৈচিত্ৰ্য অধ্যয়ন কৰি বিজ্ঞানীয়ে অপৰাধীৰ অৱয়ব,গম্ভব্যস্থল আদি চিনিব পাৰে।
(৬)কণ্ঠস্বৰ,প্ৰতিচ্ছবি আৰু প্ৰচ্ছায়া:পদাৰ্থ বিজ্ঞানৰ কলা-কৌশল প্ৰয়োগ কৰি টেপ ৰেকৰ্ডাৰ ,ভিডিঅ’,টেপ আদিত স্বৰবদ্ধ বা চিত্ৰিত কৰা কণ্ঠস্বৰ,প্ৰতিচ্ছবি,ছায়া- প্ৰচ্ছায়াৰ শুদ্ধতা স্থিৰ কৰিব পাৰি।
(৭)হাতৰ আখৰ:হস্তাক্ষৰ বিশেষজ্ঞসকলে ডায়েৰী,চিঠি,চেক আদিত লিখা লেখা,চহী আদি চাই আচামী চিহ্নিত কৰিব পাৰে।
ফৰেনছিক বিজ্ঞানীৰ কাম-কাজত কোনো গ্লেমাৰ নাই।একঘেয়ামি,আমনিদায়ক কাম কৰিবলৈ বেয়া নোপোৱা,নিজৰ ব্যৱসায়িক ক্ষেত্ৰত সুক্ষ্ম জ্ঞান,দলবদ্ধ সদস্য হিচাপে আনৰ সৈতে মিলা-মিছা কৰি চলিব পৰা গুণ আদি থকা মানুহে ফৰেনছিক বিজ্ঞানী হিচাপে যশস্বী হ’ব পাৰে।
ফৰেনছিক বিজ্ঞানীসকলৰ কৰ্মক্ষেত্ৰ হ’ল চৰকাৰী প্ৰয়োগশালা আৰু পুলিচ বিভাগ।আমাৰ দেশত প্ৰাইভেট প্ৰেক্টিচ কৰিব পৰা অৱস্থা ফৰেনছিক বিজ্ঞানীৰ বাবে আজিকোপতি হৈ উঠা নাই।
১৯৭২ চনত ভাৰত চৰকাৰে নতুন দিল্লীত নেচনেল ইনষ্টিউট অৱ ক্ৰিমিন’লজী এণ্ড ফৰেনছিক ছায়েন্স নামৰ গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰি এই দিশৰ চিন্তা-চৰ্চাৰ বুনিয়াদ গঢ়িছিল।তদুপৰি কলকাতা,চণ্ডীগড়,হায়দৰাবাদত ভাৰত চৰকাৰৰ অধীনত থকা তিনিটা কেন্দ্ৰীয় ফৰেনছিক ছায়েন্স লেবৰেটৰী আছে।
ইয়াৰ বাহিৰেও আমাৰ দেশৰ ভালেমান বিশ্ববিদ্যালয়ত ফৰেনছিক ছায়েন্সৰ ভালেমান পাঠ্যক্ৰম আছে।ঘাইকৈ বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীয়ে এই বিষয় পঢ়িবলৈ অগ্ৰাধিকাৰ পায়।আজিকালি কলা আৰু বাণিজ্য শাখাৰ ছাত্ৰ-ছাত্ৰীয়েও ফৰেনছিক ছায়েন্সৰ বিভিন্ন পাঠ্যক্ৰম পঢ়াৰ সুবিধা আমাৰ দেশত আছে।
ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী দপ্তৰৰ অধীনত থকা নতুন দিল্লীৰ ব্যুৰ’অৱ পুলিচ ৰিছাৰ্চ এণ্ড ডেভেলপমেণ্ট নামৰ প্ৰতিষ্ঠানটোৱে অপৰাধ বিজ্ঞান আৰু ফৰেনছিক ছায়েন্সৰ বিভিন্ন শাখাত গৱেষণা কৰে।ফৰেনছিক কেমিকেল ছায়েন্স,ফৰেনছিক ডকুমেণ্ট ছায়েন্স,চাইবাৰ অপৰাধ নিয়ন্ত্ৰণ,ডি এন এ ,ফিংগাৰ প্ৰিণ্ট আদি বিষয়ত গৱেষণা কৰিবলৈ এই প্ৰতিষ্ঠানত জলপানিৰ ব্যৱস্থা আছে।
ফৰেনছিক ছায়েন্সৰ বিভিন্ন পাঠ্যক্ৰম পঢ়িব পৰা প্ৰধান ভাৰতীয় শিক্ষানুষ্ঠান বিলাকৰ নাম-ঠিকনা আৰু পাঠ্যক্ৰম আদিৰ যাৱতীয় তথ্য তলত উল্লেখ কৰা হৈছে-
(১)পোষ্ট বি ই ডিপ্ল’মা ইন ফৰেনছিক ইঞ্জিনীয়াৰিং :আন্না বিশ্ববিদ্যালয় ,চেন্নাই-৬০০০০২৫ ,অৰ্হতা বি ই বা সমপৰ্যায়ৰ।
(২)এম এ ইন ক্ৰিমিনেল জাষ্টিচ:অন্ধ্ৰ বিশ্ববিদ্যালয়,বিশাখাপট্টনম-৫৩০০০৩,অৰ্হতা-যিকোনো বিষয়ৰ স্নাতক ডিগ্ৰীধাৰী।
(৩)পি জি ডিপ্ল’মা ইন ফৰেনছিক ছায়েন্স:বুণ্ডেলখণ্ড বিশ্ববিদ্যালয়।
(৪)চাৰ্টিফিকেট ইন ফৰেনছিক ছায়েন্স:দিল্লী বিশ্ববিদ্যালয় ,দিল্লী-১১০০০৭।
(৫)এম এছ চি ইন ফৰেনছিক ছায়েন্স: ক)পাঞ্জাৱী বিশ্ববিদ্যালয়,পাটিয়ালা (খ)ওচমানিয়া বিশ্ববিদ্যালয় ,হায়দৰাবাদ(গ)মাদ্ৰাজ বিশ্ববিদ্যালয়,চেন্নাই (ঘ)ড০ বি আৰ আম্বেদকাৰ বিশ্ববিদ্যালয় ,আগ্ৰা।
(৬)এম এছ চি ইন ক্ৰিমিন’লজী ,লক্ষ্ণৌ বিশ্ববিদ্যালয় ।
(৭)এম ই ইন ক্ৰিমিনেল এণ্ড ফৰেনছিক ছায়েন্স:ড০ হৰি সিং গৌড় বিশ্ববিদ্যালয়,সাগৰ-৪৭০০০৩ ।
(৮)এম এ (ক্ৰিমিন’লজী এণ্ড ফৰেনছিক ছায়েন্স):কৰ্ণাটক বিশ্ববিদ্যালয় ,ধাৰবাড়-৫৮০০০৩
(৯)পি জি ডিপ্ল’মা ইন ফৰেনছিক এনথ্ৰ’প’লজী –লক্ষ্ণৌ বিশ্ববিদ্যালয় ,লক্ষ্ণৌ -২২৬০০৭।
লেখক:ড০ গৌৰাংগ কুমাৰ শৰ্মা (শিক্ষা বাৰ্তা)
শেহতীয়া উন্নীতকৰণ: : 3/19/2020