ঘৰ চলোৱা বৰ সহজ কথা নহয়। দেখাত সহজ যেন লাগিলেও ঘৰ চম্ভালাৰ জটিলতাৰ বিষয়ে যিকোনো গৃহিণীক সুধিলেই গম পোৱা যায়। সেই কাৰণেই গৃহ বিজ্ঞান নামৰ বিষয়টো আৱিষ্কাৰ কৰা হৈছে আৰু ইয়াক বিজ্ঞান শাখাত অন্তৰ্ভূক্ত কৰা হৈছে। গৃহ বিজ্ঞানৰ পৰিসৰে ৰসায়ন বিদ্যা, জৈৱ ৰসায়ন বিদ্যা, জীৱবিদ্যা, পৰিৱেশ-পদাৰ্থবিদ্যা(এনভাইৰনমেন্টেল ফিজিক্স), মানৱীয় দেহৰ শৰীৰ ক্ৰিয়া, স্বচ্ছতা, স্বাস্থ্য বিদ্যা, অৰ্থনীতি, সমাজনীতি, মনোবিজ্ঞান, খাদ্য আৰু পৰিপুষ্টি, ৰন্ধন বিদ্যা, গৃহসজ্জা, গৃহ ব্যৱস্থাপনা, ঘৰুৱা অভিযান্ত্ৰিকী বা ডমেষ্টিক ইঞ্জিনীয়াৰিং, শিশুৰ লালন-পালন, বস্ত্ৰবিদ্যা, চিলাইৰ কৌশল আদি বিষয় সামৰি লয়।
গৃহ বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীয়ে হোটেল আৰু খাদ্য উদ্যোগ, হাস্পতাল, সমাজসেৱা কেন্দ্ৰ, হেলথ ক্লাব আদিত কেৰিয়াৰ গঢ়িব পাৰে। তদুপৰি তেওঁলোকে শিক্ষকতা আৰু পেছাদাৰী পৰামৰ্শদাতাৰ চাকৰিও কৰিব পাৰে। সদ্যহতে অসমত শিক্ষকতাৰ বাদে গৃহবিজ্ঞানত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীধাৰীসকলৰ বাবে অইন ক্ষেত্ৰত কৰ্ম সংস্থাপনৰ সুযোগ তেনেই কম। দিল্লী-মুম্বাই আদি ডাঙৰ ডাঙৰ চহৰত গৃহ বিজ্ঞানীসকলৰ বাবে প্ৰাইভেট ছেক্টৰত চাকৰিৰ সুযোগ যথেষ্ট বেছি। তদুপৰি তাত প্ৰাইভেট প্ৰেক্টিচ কৰিবলৈও সুবিধা পোৱা যায়।
গৃহ বিজ্ঞানী হ’ব খোজা মানুহৰ বিজ্ঞানৰ প্ৰতি ভাল পোৱা, কাণ্ডজ্ঞান, শাৰীৰিক পৰিশ্ৰম কৰিবলৈ হেলা নকৰা, ব্যৱহাৰিকতা, ঘৰুৱা কাম কৰিবলৈ ভাল পোৱা, নিজৰ মনৰ ভাব স্পষ্টকৈ ব্যক্ত কৰিব পৰা, ঘৰুৱা সমস্যাবিলাকৰ প্ৰতি বিদ্যায়তনিক দৃষ্টিৰে চাব পৰা, মানুহৰ প্ৰতি মৰম আদি গুণ থাকিব লাগে।
গৃহ বিজ্ঞান ছোৱালীৰ বাবে সংৰক্ষিত বিষয় বুলি বহুতেই ভাবে যদিও ল’ৰায়ো এই বিষয় পঢ়িব পাৰে। উচ্চতৰ মাধ্যমিক শ্ৰেণীত গৃহ বিজ্ঞান আনুষ্ঠানিকভাৱে পঢ়া ল’ৰা-ছোৱালীয়ে বি এছ চি ইন হোম ছায়েন্স নামৰ তিনি বছৰীয়া পাঠ্যক্ৰম পঢ়িব পাৰে। কৃষি বিশ্ববিদ্যালয়ৰ অধীনত বি এছ চি ইন হোম ছায়েন্স পঢ়িব খোজাসকলে পদাৰ্থবিদ্যা, ৰসায়ন বিদ্যা আৰু জীৱবিদ্যাসহ উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰিব লাগে।
আমাৰ দেশৰ প্ৰায় ৭৮ খনমান বিশ্ববিদ্যালয়ত হোম ছায়েন্সৰ বি এছ চি আৰু ৫৪ খনমান বিশ্ববিদ্যালয়ত এম এছ চি ইন হোম ছায়েন্স পঢ়িব পাৰি।
অসমৰ গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বি এ ইন হোম ছায়েন্স ক’ৰ্ছ পঢ়িব পাৰি। অসম কৃষি বিশ্ববিদ্যালয়ত হোম ছায়েন্সৰ বি এছ চি আৰু এম এছ চি দুয়োটা পাঠ্যক্ৰম পঢ়াৰ সুবিধা আছে। তাৰ বাদেও হোম ছায়েন্স পঢ়িব পৰা ভাৰতৰ আগশাৰীৰ শিক্ষানুষ্ঠান কেইখনমানৰ নাম তলত উল্লেখ কৰা হৈছে-
১)এছ এছ ইউনিভাৰ্ছিটী অৱ বৰোদা, বদোদৰা- ৩৯০০০২
২)ইউনিভাৰ্ছিটী অৱ দিল্লী, দিল্লী- ১১০০০৭
৩)ইউনিভাৰ্ছিটী অৱ মুম্বাই, মুম্বাই- ৪০০০৩২
৪)ইউনিভাৰ্ছিটী অৱ মাদ্ৰাজ, চেন্নাই- ৬০০০০৫
৫)এছ এন ডি টি ৱ’মেনছ ইউনিভাৰ্ছিটী, মুম্বাই- ৪০০০২০
৬)নাগপুৰ ইউনিভাৰ্ছিটী, নাগপুৰ- ৪৪০০০১
৭)নিৰ্মলা নিকেতন, ৪৯ নিউ মেৰাইন লাইনছ, মুম্বাই- ৪০০০২০
৮)জি বি পন্ট ইউনিভাৰ্ছিটী অৱ এগ্ৰিকালচাৰেল এণ্ড টেকন’লজী, পন্টনগৰ- ২৬৩১৪৫
৯)পাঞ্জাৱ এগ্ৰিকালচাৰেল ইউনিভাৰ্ছিটী, লুধিয়ানা- ১৪১০০৪
১০)তামিলনাডু এগ্ৰিকালচাৰেল ইউনিভাৰ্ছিটী, কইম্বাট’ৰ- ৬৪০০০৩
১১)বনস্থলী বিদ্যাপীঠ, ৰাজস্থান- ৩০৪০২২ ।
জৈৱ-প্ৰযুক্তিবিদ্যা বা জীৱ-প্ৰযুক্তি হ’ল কাৰিকৰী কৌশল বা প্ৰযুক্তিৰ সৈতে জীৱ বিজ্ঞানৰ সংমিশ্ৰণত সৃষ্টি হোৱা এবিধ নতুন শাস্ত্ৰ। জীৱিত প্ৰাণী বা উদ্ভিদৰ দেহত প্ৰযুক্তি প্ৰয়োগ কৰি নতুন বস্তু তৈয়াৰ কৰিবলৈ, ব্যৱহাৰ হৈ থকা বস্তুৰ মান বঢ়াবলৈ, প্ৰাণী আৰু উদ্ভিদৰ বিকাশ খৰতকীয়া কৰিবলৈ, মাইক্ৰ’ অৰ্গানিজমৰ উন্নয়ন সাধিবলৈ বায়’টেকন’লজীৰ ব্যৱহাৰ কৰা হয়। এই শাস্ত্ৰই ইঞ্জিনীয়াৰিং, ৰসায়ন বিজ্ঞান, ভাইৰ’লজী, ইম্মিউন’লজী, বায়’কেমেষ্ট্ৰী, জেনেটিক্স বা বংশগতি তত্ত্ব আদি বিষয় সামৰি লয়। স্বাস্থ্য, চিকিৎসা, খেতি আৰু পশুপালন, শইচ ৰোৱা, শইচৰ বন্দৱস্তিকৰণ, ইক’লজী, চেল বায়’লজী, মৃৎ সংৰক্ষণ, বীজ প্ৰযুক্তি, উদ্ভিদৰ শৰীৰ ৰচনা, জীৱ পৰিসংখ্যা আদিৰ অধ্যয়ন আৰু অনুসন্ধানত বায়’টেকন’লজী অতি জৰুৰী হৈ পৰিছে। সেই দেখি বায়’টেকন’লজীৰ চাহিদা বেগাই বাঢ়িব লাগিছে।
বায়’টেকন’লজী অপেক্ষাকৃতভাৱে নতুন শাস্ত্ৰ যদিও ঔদ্যোগিক আৰু ভৌতিক বিকাশ ত্বৰান্বিত কৰিবলৈ অনেক শাখা-উপশাখাৰ সৃষ্টি হৈছে। তাৰে কেইটামান হ’ল-
১)প্লেন্ট বায়’টেকন’লজী:
ইয়াত উদ্ভিদৰ বিকাশৰ বাবে জৰুৰী প্ৰযুক্তিৰ চৰ্চা কৰা হয়।
২)এনিমেল বায়’টেকন’লজী:
ইয়াত জন্তুৰ শৰীৰ ক্ৰিয়া, নিৰোগী আৰু মানুহৰ লাভৰ বাবে উন্নত কৰিবলৈ জৰুৰী জীৱ-প্ৰযুক্তিৰ চৰ্চা কৰা হয়। যেনে- অধিক গাখীৰ দিব পৰা গাইগৰু বা অধিক কণী পাৰিব পৰা হাঁহ-কুকুৰা আদি সৃষ্টি কৰিবলৈ এনিমেল বায়’টেকন’লজীৰ জ্ঞান লাগে।
৩)মাইক্ৰ’বিয়েল বায়’টেকন’লজী:
সূক্ষ্মাতিসূক্ষ্ম জীৱৰ শৰীৰক্ৰিয়া অধ্যয়ন কৰি মনুষ্য উপযোগী ঔষধ, আহাৰ আদি তৈয়াৰ কৰিবলৈ মাইক্ৰ’বিয়েল বায়’টেকন’লজীৰ দৰকাৰ হয়।
৪)এনভাইৰনমেন্টেল বায়’টেকন’লজী:
পৰিৱেশ আৰু পৰিস্থিতি তন্ত্ৰৰ অধ্যয়ন কৰিবলৈ লগা জীৱ-প্ৰযুক্তি এই শাখাই যোগান ধৰে।
৫)মেডিকেল বায়’টেকন’লজী:
চিকিৎসা বিজ্ঞানৰ সমস্যা যেনে- ৰোগৰ ঔষধ, শল্য চিকিৎসাৰ পিছৰ শৰীৰ বা দেহ সোনকালে সাধাৰণ স্থিতিলৈ অনা আদি কথা চিন্তা-চৰ্চা কৰিবলৈ মেডিকেল বায়’টেকন’লজীৰ সৃষ্টি কৰা হৈছে। ইয়াৰো অনেক উপশাখা আছে। যেনে- প্ৰ’টিন ইঞ্জিনীয়াৰিং, জেনোমিক্স ইত্যাদি। তাৰে কেইটামানৰ চমু পৰিচয় তলত উল্লেখ কৰা হৈছে-
ক)জিনথেৰাপী: ৰোগ নিবাৰণ কৰিবলৈ নিজৰ স্থানান্তৰণ, জিনৰ শুদ্ধিকৰণ আদি উপায়ৰ চৰ্চা আৰু প্ৰয়োগ কৰা শাস্ত্ৰৰ নাম হ’ল জিল থেৰাপী।
খ)মেটাবলিক ইঞ্জিনীয়াৰিং: ৰোগ নিবাৰণৰ বাবে কিছুমান কোষত উৎপাদন বঢ়াবলৈ জিনৰ ৰচনা বিন্যাস সলাই দিয়াৰ কৌশল মেটাবলিক ইঞ্জিনীয়াৰিঙত কৰা হয়।
গ)আৰ এন এ ইন্টাৰফিয়াৰেঞ্চ: কেঞ্চাৰগ্ৰস্ত কোষ ঠিক কৰিবলৈ, নৰদেহত বীজাণুৰ প্ৰৱেশ ৰুধিবলৈ আৰ এন এ বা ৰাইব’ নিউক্লিয়াৰ এচিড নামৰ পদাৰ্থবিধৰ উপস্থিতি হেৰফেৰ কৰাই দিব পৰা প্ৰযুক্তিৰ নাম হ’ল আৰ এন এ ইন্টাৰফিয়াৰেন্স।
ঘ)প্ৰ’টিঅ’মিক্স: জীৱৰ দেহত থকা প্ৰ’টিনবোৰৰ চৰিত্ৰ, পৰিমাণ আৰু চিনাক্তকৰণৰ বাবে প্ৰ’টিঅ’মিক্স নামৰ নতুন শাস্ত্ৰ আৱিষ্কাৰ কৰা হৈছে। ইয়াৰো তিনিটা শাখা আছে- ফেন-এক্সপ্ৰেছন প্ৰ’টিঅ’মিক্স, ফাংচনেল প্ৰ’টিঅ’মিক্স আৰু ষ্ট্ৰাকচাৰেল প্ৰ’টিঅ’মিক্স।
ইয়াৰ উপৰি প্ৰ’টিন ইঞ্জিনীয়াৰিং, জেনেটিক্স, ডি এন এ ভেকচিন আদি নতুন নতুন উপশাখা মেডিকেল বায়’টেকন’লজীত আছে।
৬)পেট্ৰ’লিয়াম বায়’টেকন’লজী:
খাৰুৱা তেল, প্ৰাকৃতিক গেছ আদিৰ উৎখনন উজু কৰিবলৈ, শোধনৰ প্ৰক্ৰিয়া সৰল কৰিবলৈ ব্যৱহাৰ কৰা জী-প্ৰযুক্তিৰ নাম হ’ল পেট্ৰ’লিয়াম বায়’টেকন’লজী।
বায়’টেকন’লজী হ’ল ভৱিষ্যতৰ প্ৰযুক্তি। এয়া শিকিবলৈ আমাৰ দেশত বি টেক, এম এছ চি টেক নামৰ বা পৰ্যায়ৰ পাঠ্যক্ৰম আছে। পদাৰ্থবিদ্যা, ৰসায়ন বিদ্যা আৰু গণিতসহ প্ৰথম বিভাগত উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰা মানুহে আই আই টিবিলাকত বায়’টেকন’লজীৰ বি টেক ক’ৰ্ছ পঢ়িব পাৰে। জীৱবিদ্যা আৰু ৰসায়নসহ বি এছ চি পাছ কৰা মানুহে বিশ্ববিদ্যালয়ত এম এছ চি ইন বায়’টেকন’লজী ক’ৰ্ছ পঢ়িব পাৰে। বি টিক আৰু এম এছ চি উপাধি থকা মানুহে এম টেক ইন বায়’টেকন’লজী পাঠ্যক্ৰম পঢ়িব পাৰে। বায়’টেকন’লজী পঢ়িব পৰা ঘাই ভাৰতীয় শিক্ষানুষ্ঠানকেইখনৰ নাম এই লেখাৰ শেষৰ ফালে সন্নিৱিষ্ট কৰা হৈছে।
বায়’টেকন’লজিষ্টসকল জীৱ-প্ৰযুক্তিৰ কল-কাৰখানা, গৱেষণাগাৰ আদিত গৱেষক হিচাপে কাম কৰিব পাৰে। যেনে- দৰব নিৰ্মাণ কাৰখানা, খাদ্যবস্তু তৈয়াৰ কৰা কাৰখানা, চি এছ আই আৰ আৰু ডি আৰ ডি অ’ৰ লেবৰেটৰী ইত্যাদি। ইয়াৰ উপৰি তেওঁলোকে কলেজ, বিশ্ববিদ্যালয়ত শিক্ষকতা কৰাৰ লগতে পৰিৱেশ পৰ্যবেক্ষণ কেন্দ্ৰ আদিতো কাম কৰিব পাৰে। এই দশকৰ শেষৰ ফালে বায়’টেকন’লজী আই টি বা কম্পিউটাৰ প্ৰযুক্তিৰ দৰে গণ নিযুক্তিৰ ক্ষেত্ৰ হৈ উঠিব বুলি ভবা হৈছে।
1.B.Tech in Biotechnology.
2. Vidyasagar University, Midnapore- 721102.
3. Uttar Pradesh Technology University, Institute of Engineering & Technology Campus, Sitapur Road, Lucknow- 226021.
4. Panjab University, Sector 14, Chandigarh- 160014.
5. University of Kerala, Thiruananthapuram- 695034.
6. IIT Madras, Chennai- 600036.
2. PG Programme in Biotechnology
2. Tezpur University, Tezpur- 784028.
3. Jawaharlal Nehru University, New Delhi- 110067.
4. IIT Houzkhas, New Delhi- 110016.
5. IIT Kharagpur, New Delhi- 721302.
6. School of Biological Science, Madurai Kamraj University, Madurai- 625021.
7. MS University of Baroda, Vadodora- 390002.
8. Devi Ahilya Viswavidyalaya, Indore- 452001.
9. Indian Institute of Science, Bangalore- 560012.
10. Jadavpur University, Kolkata- 700032.
11. Institute of Microbial Technology 1389, Sector 33-c, Chandigarh- 160031.
লেখক: ড° গৌৰাংগ কুমাৰ শৰ্মা(শিক্ষা বাৰ্তা)
শেহতীয়া উন্নীতকৰণ: : 4/29/2020