অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দশম শ্রেণীৰ পাছৰ কেৰিয়াৰ কি?

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাবোৰৰত কৃতকাৰ্য হোৱা সকলোবোৰ ছাত্র-ছাত্রীৰে নিজৰ পচন্দৰ পাঠ্যক্রম লৈ উচ্চ শিক্ষা লাভ কৰিব বাবে পৰ্যাপ্ত শিক্ষানুষ্ঠান অসমত নাই। সেইদৰে নতুন নতুন পাঠ্যক্রমবোৰো অসমৰ শিক্ষানুষ্ঠানসমূহত নাই। গতিকে অসমৰ কিছুসংখ্যক ছাত্র-ছাত্রী প্রত্যেক বছৰে অসমৰ বাহিৰৰ শিক্ষানুষ্ঠানত উচ্চ শিক্ষা লাভ কৰিবলৈ যায়। কিন্তু আমাৰ ৰাজ্যখনৰ বহুতো ছাত্র-ছাত্রী তথা অভিভাৱকসকলে নাজানে যে অসমৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহত কি কি বিষয়ৰ পাঠ্যক্রম পঢ়িবৰ বাবে সুবিধা আছে।উদাহৰণস্বৰূপে – ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান (IIT) গুৱাহাটীত যে পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান আৰু গণিত বিষত স্নাতকোত্তৰ কৰিব পৰা উপৰিও কলা বিভাগৰ সকলো বিষয়তে গৱেষণা কৰিব পৰা সুবিধা আছে সেই কথা বহুতে নাজানে। যি কোনো বিশ্ববিদ্যালয়/মহাবিদ্যালয়ত নামভর্তি কৰা পূর্বে শিক্ষানুষ্ঠানবোৰৰ বৈধতা/ডিগ্রীৰ মর্যাদা/ব্যৱস্থা/স্বীকৃতিপ্রাপ্তিৰ মর্যাদা আদিৰ বিষয়ে জানি ল’ব লাগে।  এই তথ্যবোৰ বিভিন্ন শিক্ষা বিষয়ক পৰিষদ/সংস্থা আদিৰ ৱেবচাইটৰ পৰা লাভ কৰিব পাৰি। যেনে- মানৱ সম্পদ উন্নয়ন মন্ত্রালয়বিশ্ববিদ্যালয় অনুদান আয়োগ, ভাৰতীয় চিকিৎসা পৰিষদ, ৰাষ্ট্রীয় মূল্যাঙ্কন আৰু স্বীকৃতি পৰিষদ, নিখিল ভাৰত কাৰিকৰী শিক্ষা পৰিষদভাৰতীয় বিশ্ববিদ্যালয় সংস্থা, দূৰ শিক্ষা পৰিষদ, ভাৰতীয় নাৰ্ছিং পৰিষদ, ভাৰতীয় ফাৰ্মাচী পৰিষদআৰ্কিটেকচাৰ পৰিষদ, ভাৰতীয় বাৰ পৰিষদ ইত্যাদি।) আদি। শিক্ষানুষ্ঠানসমূহ এই পৰিষদ বা সংস্থাবোৰৰ স্বীকৃতিপ্রাপ্ত হ’লেই নহ’ব। যি বিভাগত অধ্যয়ন কৰিব বিচাৰে, সেই বিভাগটিও স্বীকৃতিপ্রাপ্ত হ’ব লাগিব। তদুপৰি মহাবিদ্যালয়/বিশ্ববিদ্যালয়বোৰৰ শিক্ষণ ব্যৱস্থাৰ বিষয়ে বিতংভাৱে জানি লোৱা উচিত, যেনে – পুথিভঁৰাল,ইণ্টাৰনেট আদিৰ সা-সুবিধা আছে নে নাই, কেম্পাচ ইণ্টাৰভিউ হয় নে নহয়, উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রীসকলে কেনেদৰে প্রতিষ্ঠিত হৈছে তাৰো এটা সাম্যক ধাৰণা লোৱা উচিত।

হাইস্কুল শিক্ষান্ত চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত

১। ঔদ্যোগিক প্রশিক্ষণ কেন্দ্র বা আই টি আই

২। পলিটেকনিক

৩। উচ্চতৰ মাধ্যমিক (কলা/বাণিজ্য/বিজ্ঞান) পঢ়িব পাৰে।

ঔদ্যোগিক প্রশিক্ষণ কেন্দ্র বা আই টি আই

ঔদ্যোগিক প্রশিক্ষণ কেন্দ্র বা আই টি আইৰ বিভিন্ন ট্রেডত পঢ়িবলৈ শিক্ষাগত অৰ্হতা বেলেগ বেলেগ হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ নোহোৱাসকলে এবছৰীয়া পাঠ্যক্রম কাটিং এণ্ড ছিউইং, প্লাম্বাৰ আৰু ট্রেক্টৰ মেকানিক ট্রেডত অধ্যয়নৰ বাবে নামভৰ্তি কৰিব পাৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলে তলত উল্লেখ কৰা ট্রেডত অধ্যয়নৰ বাবে নামভৰ্তি কৰিব পাৰে।

দুবছৰীয়া পাঠ্যক্রম

ড্রাফটমেন (চিভিল), ড্রাফটমেন (মেকানিক), ছাৰ্ভেয়ৰ, ফিটাৰ, টাৰ্নাৰ , মেকানিক ৰেডিঅ’ এণ্ড টিভি, মেকানিক এয়াৰ কণ্ডিচনাৰ, ইনষ্টুমেণ্ট মেকানিক, ইলেকট্রনিক মেকানিক, ইনৰফমেচন টেকন’লজি এণ্ড ইলেকট্রনিক ছিষ্টেম মেইনটেনেন্স, মেচিনিষ্ট, ইলেকট্রিচিয়ান, ৱায়াৰমেন মেকানিক, ইলেকট্রপ্লেটৰ, লেবৰেটৰী এছিষ্টেণ্ট (কেমিকেল)।

এবছৰীয়া পাঠ্যক্রম

ষ্টেনোগ্রাফী, ৱেল্ডাৰ, ডিজেল মেকানিক, এমব্রইডাৰী এণ্ড নিডল ৱৰ্ক, প্লাষ্টিক প্রচেছিং , ফটোগ্রাফী, লেডাৰ গুডছ মেকাৰ, ছেক্রেটেৰিয়েল প্রেকটিচ , হেয়াৰ এণ্ড স্কিন কেয়াৰ, ড্রেছ মেকিং , উইভিং এণ্ড ঊলেন ফেব্রিক। দুবছৰীয়া পাঠ্যক্রম “কম্পিউটাৰ অপাৰেচন প্রোগ্রাম এছিষ্টেণ্ট” ট্রেডত অধ্যয়নৰ বাবে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে। ইয়াৰ উপৰিও আই টি আইবোৰত হ্রস্বম্যাদী পাঠ্যক্রম আছে। যেনে – ট্রেভেল এজেণ্ট এণ্ড টুৰ অপাৰেটৰৰ তিনিমহীয়া পাঠ্যক্রম, ফল-মূল আৰু শাক পাচলি সংৰক্ষণৰ তিনিমহীয়া পাঠ্যক্রম, ষ্টীল ফাৰ্ণিচাৰ মেকিঙৰ তিনিমহীয়া পাঠ্যক্রম, গ্রীল এণ্ড এলাইড প্রডাক্ট মেকিঙৰ তিনিমহীয়া পাঠ্যক্রম, কাৰ ছাৰ্ভিচিঙৰ ছয় সপ্তাহৰ পাঠ্যক্রম, ৰিফ্রিজাৰেটৰ এণ্ড এয়াৰ কণ্ডিচনাৰৰ ৰিপেয়াৰিঙৰ তিনিমহীয়া পাঠ্যক্রম, পাম্প ৰিপেয়াৰিঙৰ তিনিমহীয়া পাঠ্যক্রম আদি আছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’লে নম্বৰ ভিত্তিত পোনপতীয়াকৈ নামভৰ্তিৰ সুবিধা আছে আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ নহ’লে এটি প্রৱেশ পৰীক্ষাৰ জৰিয়তে নামভৰ্তিৰ সুবিধা আছে।

অসমত থকা ঔদ্যোগিক প্রশিক্ষণ কেন্দ্র বা আই টি আই কেইখনৰ নাম হ’ল :

১। আই টি আই কৰিমগঞ্জ,

২। আই টি আই কোকৰাঝাৰ,

৩। আই টি আই গড়গাঁও,

৪। আই টি আই গোৱালপাৰা,

৫। আই টি আই গুৱাহাটী,

৬। আই টি আই ডিব্রুগড়,

৭। আই টি আই তেজপুৰ,

৮। আই টি আই তিনিচুকীয়া,

৯। আই টি আই দক্ষিণ শালমাৰা,

১০। আই টি আই নগাঁও,

১১। আই টি আই বঙাইগাঁও,

১২। আই টি আই বৰপেটা,

১৩। আই টি আই যোৰহাট,

১৪। আই টি আই শিলচৰ,

১৫। আই টি আই ধনশিৰি,

১৬। আই টি আই ধেমাজি,

১৭। আই টি আই নলবাৰী,

১৮। আই টি আই ভেৰগাঁও,

১৯। আই টি আই মৰিগাঁও,

২০। আই টি আই হাইলাকান্দি,

২১। আই টি আই মাজুলী,

২২। আই টি আই ডিফু,

২৩। আই টি আই হাফলং

মহিলাৰ বাবে সংৰক্ষিত আই টি আই কেইখন হ’ল

১। আই টি আই উত্তৰ লখিমপুৰ,

২। আই টি আই গুৱাহাটী,

৩। আই টি আই তিনিচুকীয়া,

৪। আই টি আই মাজবাট,

৫। আই টি আই শিলচৰ।

পলিটেকনিক

পলিটেকনিকবোৰত তিনি বছৰীয়া ডিপ্লমা পাঠ্যক্রম প্রদান কৰা হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলে এটি প্রৱেশ পৰীক্ষাৰ জৰিয়তে নামভৰ্তিৰ সুবিধা আছে।

অসমত থকা পলিটেকনিক কেইখন হ’ল:

১। অসম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট, গুৱাহাটী

২। গাৰ্লছ পলিটেকনিক, গুৱাহাটী

৩। বঙাইগাঁও পলিটেকনিক ,

৪। শিলচৰ পলিটেকনিক,

৫। নগাঁও পলিটেকনিক,

৬। প্রিন্স অব্ ৱেলছ ইনষ্টিটিউট অব্ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজি, যোৰহাট

৭। ডিব্রুগড় পলিটেকনিক

৮। গাৰ্লছ পলিটেকনিক, গোলাঘাট

৯। চেণ্ট্রেল ইনষ্টিটিউট অব্ টেকন’লজি, কোকৰাঝাৰ

১০। অসম টেক্সটাইল ইনষ্টিটিউট, গুৱাহাটি।

পলিটেকনিকবোৰত পঢ়াৰ সুবিধা থকা বিভিন্ন বিভাগবোৰ হ’ল:

  • চিভিল, মেকানিকেল
  • ইলেকট্রিকেল
  • ইলেকট্রনিকছ এণ্ড টেলিকমিউনিকেচনছ
  • অ’টোমোবাইল
  • কম্পিউটাৰ ইঞ্জিনিয়াৰিং
  • ইনষ্টুমেনটেছন
  • টেক্সটাইল টেকন’লজি
  • এগ্রিকালছাৰ
  • আৰ্কিটেক্ট এছিষ্টণ্ট আদি।

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণীৰ পিছত

কলা শাখা উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী কলা শাখাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি পঢ়িব পাৰি:

সাধাৰণ স্নাতক পাঠ্যক্রম, মেজৰসহ (যেনে-সমাজনীতি, অৰ্থনীতি, সাহিত্য (ইংৰাজী,অসমীয়া,হিন্দী,বঙালী ইত্যাদি), মনোবিজ্ঞান, বুৰঞ্জী, ৰাজনীতি বিজ্ঞান, শিক্ষা, পৰ্যটন, পৰিবেশ কলা, নৃতত্ত্ব বিজ্ঞান,আইন ইত্যাদি) স্নাতক পাঠ্যক্রম।

স্নাতক পাঠ্যক্রমত উত্তীৰ্ণ হোৱাৰ পিছৰ পাঠ্যক্রম হ’ল:

স্নাতকোত্তৰ (এম এ) আৰু পি এইচডি। কলা শাখাত অধ্যয়ন কৰি মনোবৈজ্ঞানিক, সমাজবিজ্ঞানী, সমাজ কৰ্মী, বুৰঞ্জীবিদ, নৃতত্ত্ববিদ, লেখক, সাংবাদিক, অধিবক্তা, বিদ্যালয়/মহাবিদ্যালয়/বিশ্ববিদ্যালয়ৰ শিক্ষক হিচাবে কেৰিয়াৰ গঢ়িব পাৰে। কলা শাখাৰ যিকোনো স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে কেন্দ্রীয় লোকসেৱা আয়োগ (ইউ পি এছ চি)ৰ পৰীক্ষা, বেংকিং খণ্ডৰ পৰীক্ষা আৰু অন্যান্য ইঞ্চিউৰেঞ্চৰ পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে। দ্বাদশ শ্রেণীৰ যিকোনো শাখাত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে পাঁচ বছৰীয়া সংযুক্ত আইনৰ স্নাতক পাঠ্যক্রম আৰু হোটেল পৰিচালনা (হোটেল মেনেজমেণ্ট) পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে। দ্বাদশ শ্রেণীৰ যিকোনো শাখাত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে পাঁচ বছৰীয়া সংযুক্ত ইংৰাজী/গণসংযোগ/বিদেশী ভাষাৰ স্নাতকোত্তৰ পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে। অবিবাহিত ভাৰতীয় নাগৰিকে ৰাষ্ট্রীয় প্রতিৰক্ষা শিক্ষা প্রতিষ্ঠান (এন ডি এ)ত নামভৰ্তি কৰিব পাৰে যদিহে ভাৰতীয় সেনাবাহিনীত যোগদানৰ ইচ্ছা থাকে। যিকোনো শাখাত দ্বাদশ শ্রেণীৰ উত্তীৰ্ণসকলে ইউ পি এছ চিৰ অধীনত অনুষ্ঠিত এন ডি এ পৰীক্ষাত বাছনি হৈ এই প্রতিৰক্ষা শিক্ষা প্রতিষ্ঠানত নামভৰ্তি কৰিব পাৰে। যিকোনো শাখাত দ্বাদশ শ্রেণীৰ উত্তীৰ্ণসকলে ফাইন আৰ্টছ, দৃশ্য কলা (ভিজুৱেল আৰ্টছ), আভ্যন্তৰীণ সজ্জা (ইণ্টেৰিয়’ৰ ডিজাইন), প্রায়োগিক কলা (এপ্লাইড আৰ্ট), ফেশ্বন ডিজাইন, অলংকাৰ সজ্জা (জুৱেলাৰী ডিজাইন) ইত্যাদি পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে। যিসকল শিক্ষাৰ্থীৰ নৃত্য-গীত, নাটকৰ প্রতি আসক্তি আছে বা ইয়াক আনুষ্ঠানিক পাঠ্যক্রম হিচাপে ল’ব বিচাৰে, তেনে শিক্ষাৰ্থীয়ে পৰিৱেশ কলা স্নাতক পাঠ্যক্রম (বি এফ এ) নামভৰ্তি কৰিব পাৰে। দ্বাদশ শ্রেণীৰ যিকোনো শাখাত উত্তীৰ্ণ যিসকল শিক্ষাৰ্থীয়ে নিজকে এগৰাকী শাৰীৰিক শিক্ষাৰ শিক্ষক, ক্রীড়া প্রশিক্ষক অথবা ফিটনেছ ট্রেইনাৰ হিচাবে কেৰিয়াৰ গঢ়িব বিচাৰে, তেওঁলোকে “শাৰীৰিক শিক্ষা” বিষয়ৰ স্নাতক পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে।

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণীৰ পিছত

বাণিজ্য শাখা উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী বাণিজ্য শাখাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি পঢ়িব পাৰি:

সাধাৰণ স্নাতক পাঠ্যক্রম ,মেজৰসহ (যেনে-ইঞ্চিউৰেন্স, কম্পিউটাৰ, বৈদেশিক বাণিজ্য , বেংকিং আৰু ইঞ্চিউৰেন্স, একাউণ্টিং আৰু বিত্ত, ই-বাণিজ্য, অৰ্থনীতি আৰু একাউণ্টিং ইত্যাদি ) স্নাতক পাঠ্যক্রম।

স্নাতক পাঠ্যক্রমত উত্তীৰ্ণ হোৱাৰ পিছৰ পাঠ্যক্রম হ’ল:

স্নাতকোত্তৰ (এম কম) আৰু পি এইচ ডি। বাণিজ্য শাখাৰ যিকোনো স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে কেন্দ্রীয় লোকসেৱা আয়োগ (ইউ পি এছ চি)ৰ পৰীক্ষা, বেংকিং খণ্ডৰ পৰীক্ষা আৰু অন্যান্য ইঞ্চিউৰেঞ্চৰ পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে।

চি এ (চাৰ্টাৰ্ড একাউণ্টেঞ্চি)

ভাৰতীয় চাৰ্টাৰ্ড একাউনটেণ্ট প্রতিষ্ঠানে চাৰ্টাৰ্ড একাউণ্টেণ্সিৰ শিক্ষা আগবঢ়ায়।

কষ্ট একাউণ্টেণ্ট

‘ইনষ্টিটিউট অৱ কষ্ট এণ্ড ৱ্কছ একাউনটেণ্টছ অৱ ইণ্ডিয়া’ই এই পাঠ্যক্রম আগবঢ়ায়।

কোম্পানী ছেক্রেটাৰী

‘ইনষ্টিটিউট অৱ কোম্পানী ছেক্রেটাৰিজ অৱ ইণ্ডিয়া’ই এই পাঠ্যক্রম আগবঢ়ায়।

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণীৰ পিছত

বিজ্ঞান শাখা উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি পঢ়িব পাৰি:

সাধাৰণ স্নাতক পাঠ্যক্রম, মেজৰসহ (যেনে- পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত, অৰ্থবিজ্ঞান, জীৱবিজ্ঞান, প্রাণীবিজ্ঞান, পৰিৱেশ বিজ্ঞান ইত্যাদি)স্নাতক পাঠ্যক্রম।

স্নাতক পাঠ্যক্রমত উত্তীৰ্ণ হোৱাৰ পিছৰ পাঠ্যক্রম হ’ল – স্নাতকোত্তৰ (এম এচ ছি) আৰু পি এইচ ডি। বিজ্ঞান শাখাৰ যিকোনো স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে কেন্দ্রীয় লোকসেৱা আয়োগ (ইউ পি এছ চি)ৰ পৰীক্ষা, বেংকিং খণ্ডৰ পৰীক্ষা আৰু অন্যান্য ইঞ্চিউৰেঞ্চৰ পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে। ষ্টাফ ছিলেকচন কমিছনৰ কম্বাইণ্ড গ্রেজুৱেট লেভেল পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে। উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাৰ পিছত বি চি এ, বি বি এ, বি টেক /বি ই, বি আৰ্ক, এম বি বি এছ , বি ফাৰ্ম, বি এছ চি নাৰ্ছিং , আয়ুৰ্বেদিক, হোমিঅ’পেথিক, পশু পালন আৰু পশু চিকিৎসা, কৃষি, মীন, গাৰ্হস্থ্যবিজ্ঞানৰ স্নাতক পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে। উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণীৰ বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱা সকলে পেৰামেডিকেলৰ বিভিন্ন বিভাগত (Medical Laboratory Technology, Medical Radiographic Technology, Cardiac Care Technology, Physiotherapy, ICU Technology, Physicians Assistance Course, Emergency & First Aid, O.T. Technology (O.T. + Anesthesia+ Endoscopy), Dialysis Technician Course ) ডিপ্লমা শিক্ষা গ্রহণ কৰিব পাৰে। ইয়াৰ বাবে উচ্চতৰ মাধ্যমিক (বিজ্ঞান শাখা) চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞান বিষয়ত ৫০% নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে। বেংক প্ৰবেচেনাৰী অফিচাৰ পদৰ বাবে যিকোনো স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয় পৰা যিকোনো শাখাত নিম্নতম শিক্ষাগত অৰ্হতাৰ স্নাতকসকলে আৱেদন কৰিব পাৰে। তদুপৰি, বিভিন্ন বিষয়ৰ কথা যেনে — বিভিন্ন শিক্ষানুষ্ঠানসমূহত শিক্ষা লাভ কৰিবলৈ কি কি অর্হতা লাগে, ছাত্র-ছাত্রীসকলে কেনেদৰে পঢ়া শুনা কৰিব লাগে , সাধাৰণ জ্ঞান কেনেকৈ আহৰণ কৰিব, বিভিন্ন বিষয়ৰ বৃত্তি বিষয় কেনেকৈ গ’ম পোৱা যাব, ছাত্র-ছাত্রীসকলে হবিবোৰ চলাই নিয়া উচিত নে, বিভিন্ন চাকৰি কাৰণে কি কি অহর্তা লাগে, চাকৰিৰ বিজ্ঞাপনবোৰ ক’ত পোৱা যাব, বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাবোৰৰ বিষয় কেনেকৈ গ’ম পোৱা যাব? এই তথ্যবোৰ ক’ৰ পৰা সংগ্রহ কৰিব পাৰি। এনেধৰণৰ কথাবোৰৰ বিষয়ে যদি কোনো আগ্রহী ছাত্র-ছাত্রী তথা অভিভাৱকসকলে জানিব বিছাৰে তেন্তে প্রত্যেক শনিবাৰে বিয়লি ৬ বজাৰ পৰা ৯বজাৰ ভিতৰত আমাৰ লগত ফোনত (০৯৪৩৫১-৮৮৬৩০) যোগাযোগ কৰিব পাৰে। তাৰোপৰি, ছাত্র-ছাত্রীৰ লগত মুখা-মুখিকৈ এই কথাবোৰ আলোচনা কৰিবলৈ যদি অসমৰ কোনো মহাবিদ্যালয়/বিদ্যালয়ে আমন্ত্রণ জনায়, তেন্তে সময় আৰু সুবিধা হ’লে যাব পাৰোঁ (যাৱতীয় খা-খৰচ বহন কৰিব লাগিব)। এইখিনিতে দুটা ৱেবছাইট আৰু এটা ব্ল’গ (blog) ৰ বিষয়ে উল্লেখ কৰিব বিছাৰিছোঁ। এটা হ’ল কেৰিয়াৰ আনুষঙ্গিক ৱেবছাইট সমিধান । এই ৱেবচাইটৰ যোগেদি ছাত্র-ছাত্রী তথা অভিভাৱকসকলে যিকোনো বিষয়ত কেৰিয়াৰ সম্পর্কীয় প্রশ্ন সুধিব পাৰে। এই ৱেবচাইটটোৰ জৰিয়তে বিনামূলীয়াকৈ কেৰিয়াৰ সম্পর্কীয় প্রশ্নৰ উত্তৰ লাভ কৰিব পাৰে। আনটি হ’ল চাকৰি। “চাকৰি”ত বিভিন্ন ধৰণৰ চাকৰিৰ বিজ্ঞাপনবোৰ, যিবোৰ স্থানীয় সংবাদপত্র, বিভিন্ন কোম্পানীৰ নিজস্ব ৱেবছাইট আৰু নিযুক্তি সম্পর্কীয় ৱেবছাইটবোৰত প্রকাশ হয়, সেইবোৰ একত্রিত কৰি উপলব্ধ কৰা হয়। ব্ল’গটিৰ ঠিকনা হ’ল careerquips.blogspot.in ইয়াত বিভিন্ন চাকৰি তথা প্রতিযোগিতামূলক পৰীক্ষাৰ বিজ্ঞাপন, এই পৰীক্ষাৰবোৰৰ বাবে কেনেকৈ প্রস্তুতি চলাব লাগে তথা আৰ্হি প্রশ্নবোৰ উপলব্ধ কৰা হয়।

ড° বুলজিৎ বুঢ়াগোহাঁই, সহকাৰী অধ্যাপক, যান্ত্রিক অভিযান্ত্রিক বিভাগ,

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী

শেহতীয়া উন্নীতকৰণ: : 3/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate