অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বায়’মেডিকেল ইঞ্জিনিয়াৰিং

বিৱৰণ

বায়’মেডিকেল ইঞ্জিনিয়াৰিং হ’ল ইঞ্জিনিয়াৰিঙৰ এটা শাখা য’ত ইঞ্জিনিয়াৰিঙৰ বিভিন্ন পদ্ধতি সমূহ চিকিৎসা খণ্ডত কিদৰে প্ৰয়োগ কৰা হয় তাৰ বিষয়ে অধ্যয়ন কৰা হয়| বায়’মেডিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক পাঠ্যক্ৰমত নাম ভৰ্ত্তি কৰিব বাবে ছাত্ৰ-ছাত্ৰী সকলে উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিজ্ঞান শাখাত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত আৰু জীৱবিজ্ঞান বিষয়সহ উৰ্ত্তীৰ্ণ হ’ব লাগে| স্নাতক পাঠ্যক্ৰমত নাম ভৰ্ত্তিৰ বাবে সাধাৰণতে এটা বাছনি পৰীক্ষা অনুষ্ঠিত হয়| বায়’মেডিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতকোত্তৰ আৰু পি.এইচ.ডি পাঠ্যক্ৰম অধ্যয়ন কৰিব পাৰে|

বায়’মেডিকেল ইঞ্জিনিয়াৰিঙৰ কেইখন মান শিক্ষানুষ্ঠান

বায়’মেডিকেল ইঞ্জিনিয়াৰিঙৰ বিভিন্ন পাঠ্যক্ৰমত শিক্ষা গ্ৰহণ কৰিব পৰা কেইখন মান শিক্ষানুষ্ঠান হ’ল-অমৃতা বিশ্ববিদ্যালয়, আন্না বিশ্ববিদ্যালয়, আলফা কলেজ অব্‌ ইঞ্জিনিয়াৰিং, এচ আৰ এম ইউনিভাৰ্চিটি, যাদৱপুৰ বিশ্ববিদ্যালয়, দ্বাৰকানাথ জে সাঙঘভী কলেজ অব্‌ ইঞ্জিনিয়াৰিং, নেতাজী সুভাষ ইঞ্জিনিয়াৰিং কলেজ, ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান, বাৰাণসী, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, মুম্বাই, ভাৰথ বিশ্ববিদ্যালয়, মডেল ইঞ্জিনিয়াৰিং কলেজ, কেৰালা, মণিপাল ইনষ্টিটিউট অব টেকন’লজী, মহাত্মা গান্ধী মিছ্নছ কলেজ অব ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজী, ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, ৰায়পুৰ, ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, ৰুৰকেল্লা আদি| এই শিক্ষানুষ্ঠানবোৰত বায়’মেডিকেল ইঞ্জিনিয়াৰিংৰ বিভিন্ন পাঠ্যক্ৰমত নাম ভৰ্তিৰ বাবে প্ৰয়োজন হোৱা শিক্ষাগত অৰ্হতা তথা নাম ভৰ্তি প্ৰক্ৰিয়া শিক্ষানুষ্ঠান অনুযায়ী বিভিন্ন হয়|

বিভিন্ন পদ

বায়’মেডিকেল ইঞ্জিনিয়াৰিঙৰ শিক্ষাগত অৰ্হতা ওপৰত ভিত্তি কৰি চৰকাৰী-বেচৰকাৰী খণ্ড(হাস্পতাল, ক্লিনিক, ওদ্যোগিক প্ৰতিষ্ঠান চিকিৎসা গৱেষণা প্ৰতিষ্ঠান ইত্যাদি)ত বিভিন্ন পদ, যেনে-বায়’মেডিকেল ইঞ্জিনিয়াৰ, বায়’মেকানিকছ ইঞ্জিনিয়াৰ, বায়’ইনষ্টুমেণ্টেচন ইঞ্জিনিয়াৰ, ৰিচাৰ্চ ইঞ্জিনিয়াৰ, টেকনিকেল ৰাইটাৰ, ক্লনিকেল ইঞ্জিনিয়াৰ, বায়’মিটিৰিয়েল ইঞ্জিনিয়াৰ, ৰিচাৰ্চ চাইণ্টিষ্ট, অধ্যাপক আদিত নিযুক্তি লাভ কৰিব পাৰে|

লেখক:- ডঃ বুলজিৎ বুঢ়াগোহাঁই

উৎস:- স্বৰ্ণলিপি আলোচনী



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate