বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নে গোটেই পৃথিৱীখনক এখন ক্ষুদ্ৰ গাঁৱলৈ পৰিৱৰ্তন কৰিছে। অতীতত শিক্ষা লাভৰ বাবে একমাত্ৰ গুৰুৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। সেই সময়ত নিয়ম-কানুন, সামাজিক-সমন্বয়ৰ বান্ধোনো কটকটীয়া আছিল। বৰ্তমান সময়ত শিক্ষালাভৰ বাবে অকল গুৰুৰ ওপৰত নিৰ্ভৰ নকৰি বিভিন্ন প্ৰযুক্তিবিদ্যাৰ সহায় লৈও আগবাঢ়িব পৰাৰ এক পৰিৱেশ সৃষ্টি হৈছে। তথাপি ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাগুৰুৰ প্ৰয়োজনীয়তা আজিও যথেষ্ট আছে আৰু ভৱিষ্যতলৈও থাকিব। কিয়নো পাঠ্যক্ৰমৰ জ্ঞানখিনিয়ে এজন সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত হোৱাত সৰ্বস্ব নহয়। এজন ভাল শিক্ষকেহে ছাত্ৰ-ছাত্ৰীসকলক এজন সুনাগৰিক হিচাপে গঢ়ি তুলিব পাৰে। এইক্ষেত্ৰত অভিভাৱকৰ গুৰুত্বও অপৰিসীম।
ঘৰেই শিশুৰ আচল শিক্ষাৰ ঠাই। পিতৃ মাতৃ বা অভিভাৱক অবিহনে শিক্ষা সম্পূৰ্ণ হ’ব নোৱাৰে।
অভিভাৱক দৃষ্টিত শিক্ষকসকল ল’ৰা-ছোৱালীৰ বাবে ‘অন্য এক অভিভাৱক’। সেই কাৰণে শিক্ষকৰ কাৰ্যাৱলীৰ ওপৰত অভিভাৱকৰ তীক্ষ্ণ নজৰ থাকিব লাগে। নিজৰ সন্তানৰ শিকন প্ৰক্ৰিয়াত শিক্ষকজনে কিবা প্ৰভাৱ পেলাব পাৰিছেনে, ঠিকমতে শিক্ষাদান কৰিব পাৰিছেনে, পাঠ্যক্ৰমৰ উপৰি অন্যান্য বিষয় যেনে- সততা, ন্যায়, ব্যৱহাৰ সম্পৰ্কীয় পাঠ শিকাইছেনে আদি বিষয়ত নজৰ দিব লাগিব।
আন ধৰণে শিক্ষকসকলৰ দৃষ্টিতো অভিভাৱক বা পিতৃ-মাতৃ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ‘একোজনকৈ অন্য শিক্ষক’; সেয়েহে শিক্ষকসকলে অভিভাৱকৰ কাৰ্যাৱলীতো তীক্ষ্ণ নজৰ ৰখা উচিত। যেনে- বিদ্যালয়ৰ পৰা ঘৰলৈ অহাৰ পিছত অভিভাৱকে কি কি দায়িত্ব পালন কৰে? ঘৰখনৰ পৰিৱেশ কেনেকুৱা? সন্তানে গৃহ কাৰ্যাৱলী সময়মতে কৰাটো নিশ্চিত কৰিছেনে? ইত্যাদি।
১)অংশগ্ৰহণ:
অভিভাৱক হিচাপে আপোনাৰ সন্তানে শিক্ষা আহৰণত আপুনি কি ভূমিকা লৈছে?
সন্তানৰ শিকন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰক। শিক্ষকসকলৰ লগত এক মধুৰ সম্পৰ্ক গঢ়ি তোলক যাতে শিক্ষকজনে আপোনাৰ সন্তানৰ প্ৰতিটো খবৰ(ভাল/বেয়া) দিবলৈ অলপো শংকাবোধ নকৰে।
২)নিজকে শিক্ষিত কৰি তোলক:
আপোনাৰ সন্তানৰ শিকন প্ৰক্ৰিয়াত ব্যৱহৃত বিভিন্ন ধৰণে প্ৰয়োগ হোৱা প্ৰক্ৰিয়াবোৰ গভীৰভাৱে বিশ্লেষণ কৰক, যাতে আপুনি নিজে সন্তানক শিক্ষা আহৰণত অৰিহণা যোগাব পাৰে।
৩)এজন সংগী হওক:
আপোনাৰ সন্তানক শিক্ষাদান কৰা শিক্ষাগুৰুসকলৰ লগত আপোনাৰ সম্পৰ্ক এজন সহায়কাৰী সংগীৰ দৰে হওক। আপোনাৰ সন্তানৰ আশা-আকাংক্ষা, দুৰ্বলতা, সাহসিকতা এইবোৰৰ বিষয়ে শিক্ষাগুৰুসকলৰ লগত আলোচনা কৰক, যাতে শিক্ষাগুৰুসকলে পৰৱৰ্তী পাৰ্যায়ত উন্নতিৰ হকে নতুন পদক্ষেপ গ্ৰহণ কৰিব পাৰে।
১)যোগাযোগ:
ছাৰে-ছাত্ৰীবোৰৰ বিভিন্ন তথ্যসমূহ অভিভাৱকৰ লগত আদান-প্ৰদান কৰা, কোনো নিৰ্দিষ্ট দিনত হ’ব লগা ‘অভিভাৱক-শিক্ষক’ সন্মিলনলৈ ৰৈ নাথাকি নিয়মীয়াকৈ অভিভাৱকৰ লগত যোগাযোগ ৰক্ষা কৰিব লাগে। যদি ছাত্ৰ বা ছাত্ৰীৰ ভাল-বেয়া দিশবোৰ, আচাৰ-ব্যৱহাৰ বা শৈক্ষিক দিশৰ পৰাই হওক, আৰম্ভণিৰ পৰা অভিভাৱকৰ লগাত যোগাযোগ সুদৃঢ় হ’লে পৰৱৰ্তী পৰ্যায়ত ই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ উত্তৰণৰ দিশত সুপ্ৰভাৱ পেলায়।
২)যোগাযোগৰ মাধ্যম:
যোগাযোগৰ মাধ্যম হিচাপে আজিকালি SMS, E:mail বা Phone Callৰ দ্বাৰাও সম্ভাৱ। শিক্ষকজনে যদি শাৰীৰিকভাৱে উপস্থিত হয়, সেয়া কিন্তু আটাইতকৈ ফলাপ্ৰসূদায়ক।
১)যোগাযোগ:
শিক্ষাগুৰুসকলৰ সৈতে ছাত্ৰ-ছাত্ৰীসকলৰ যোগাযোগ এনেদৰে স্থাপন হ’ব লাগে, য’ত ছাত্ৰ-ছাত্ৰীসকলৰ মনত প্ৰতিটো কথাই বিনাদ্বিধাই শিক্ষকজনৰ লগত আলোচনা কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ মনৰ ভাব প্ৰকাশ কৰিব পৰাৰ উপযুক্ত সুবিধা দিব লাগে। শিক্ষক হিচাপে কোনজন ছাত্ৰ লাজকুৰীয়া, অন্তৰ্মুখী, তাক নিৰ্ধাৰণ কৰিব পাৰিব লাগিব আৰু শ্ৰেণীকোঠাৰ ভিতৰত বিভিন্ন ধৰণৰ আলোচনাত অংশগ্ৰহণৰ দ্বাৰাই এইবোৰ চৰিত্ৰৰ সংশোধনৰ চেষ্টা চলাব লাগিব।
২)স্বতন্ত্ৰভাৱে কাৰ্য সমাপনৰ বাবে উৎসাহ:
শিক্ষক হিচাপে পাঠ্যক্ৰমৰ বিষয়বস্তুবোৰ খৰচি মাৰি বুজাই দিব লাগিব আৰু ল’ৰা-ছোৱালীবোৰক পাঠ্যপুথিৰ বিভিন্ন অনুশীলনী, সমস্যাসমূহ স্বতন্ত্ৰভাৱে সমাপনৰ বাবে উৎসাহ যোগাব লাগিব। বিদ্যালয়ৰ পুথিভঁৰাল আৰু কিতাপৰ ব্যৱহাৰৰ বাবে উৎসাহিত কৰিব লাগিব।
৩)উচ্চ লক্ষ্য নিৰ্ধাৰণ:
প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীৰ বাবে কিছুমান নিৰ্ধাৰিত লক্ষ্য স্থিৰ কৰি লওক। লক্ষ্য যিমান দূৰ সম্ভৱ সেয়া নিৰূপণ কৰি ছাত্ৰ-ছাত্ৰীসকলক লক্ষ্য পূৰণৰ অৰ্থে আগবঢ়াই লৈ যাওক। লক্ষ্য যদিও বহুত কষ্টসাধ্য, তথাপি আগবঢ়াৰ বাবে প্ৰতিটো খোজত উৎসাহ প্ৰদান কৰক। ছাত্ৰ-ছাত্ৰীসকলৰ দক্ষতা, সক্ষমতাৰ ওপৰত ভিত্তি কৰি লক্ষ্য নিৰ্ধাৰণ কৰিব।
১)সঠিক প্ৰশ্ন সোধক:
সাধাৰণতে অভিভাৱকসকলে নিজৰ ল’ৰা-ছোৱালীবোৰক বিদ্যালয়ৰ পৰা ঘৰলৈ অহাৰ পিছত প্ৰায়েই প্ৰশ্ন কৰে ‘আজি বিদ্যালয়ত কি কৰিলা’? সচৰাচৰ ল’ৰা-ছোৱালীবোৰৰ উত্তৰটোও একেবাৰে ৰেডিমেড- ‘একো নাই, পঢ়িছোঁ, খেলিছোঁ এনেকুৱা বিধৰ। যদি আপুনি আৰু সঠিক উত্তৰ বিচাৰে, তেন্তে আপোনাৰ প্ৰশ্নটোও অধিক মনোগ্ৰাহী হ’ব লাগিব। যেনে- যদি আপুনি আপোনাৰ সন্তানৰ বহীত ‘ছবি’ দেখা পায় তেন্তে আপুনি সোধক ‘তুমি এইটো ছবি কেনেকৈ আঁকিলা? তোমাৰ বন্ধু-বান্ধৱীবোৰে কি আঁকিলে? ছবিটো চাই শিক্ষকে তোমাক কি ক’লে? নিঃসন্দেহে আপুনি মনে বিচৰা ধৰণে ইয়াৰ উত্তৰ পাব।
২)তুলনা পৰিহাৰ কৰক:
প্ৰত্যেকজন ল’ৰা-ছোৱালী পৃথক পৃথক সক্ষমতা/দক্ষতাৰ অধিকাৰী। সেই কাৰণে পৰাপক্ষত আপুনি কাৰো লগত তুলনা নকৰিব। দুৰ্বল দিশবোৰৰ প্ৰতি আপুনি বেছি গুৰুত্ব প্ৰদান কৰক। অভিভাৱক হিচাপে সন্তানৰ অকল সাফল্যতহে আপুনি উৎসাহিত নহ’ব, ভবা ধৰণে সফলতা লাভ নকৰিলেও, সফলতা লাভ কৰাৰ বাবে কৰা প্ৰচেষ্টাক উদগনি যোগাওক।
শিক্ষক, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰ সম্পৰ্ক এটা সমবাহু ত্ৰিভুজৰ দৰে। অৰ্থাৎ প্ৰতিটোৱে ইটো আনটোৰ পৰিপূৰক। এটা বাহুত ঘুণে ধৰিলে গোটেই ত্ৰিভুজটোৱে ভাৰসাম্য হেৰুৱাই পেলাব।
ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ মাজৰ সম্পৰ্কে বেয়া হ’লে তাৰ ফল অভিভাৱকে ভোগ কৰিব লগা হয় আৰু অভিভাৱক, ছাত্ৰ-ছাত্ৰীৰ সম্পৰ্ক বেয়া হ’লে শিক্ষকজনে ভুগিব লগা হয়। সেয়েহে শিক্ষক, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰ সম্পৰ্ক অতিশয় দৃঢ় হ’ব লাগিব। অন্যথা ইয়াৰ কুফল ছাত্ৰ-ছাত্ৰীসকলে গোটেই জীৱনজুৰি ভোগ কৰিব লাগিব।
লেখক:জিতু তালুকদাৰ
শেহতীয়া উন্নীতকৰণ: : 3/10/2020