অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ইতিহাস

ইতিহাস

 

১) প্ৰশ্ন : ১৯৩০ চনৰ ১১ ডিচেম্বৰত তেওঁৰ জন্ম হৈছিল। তেওঁ ১৯৬১ চনত অৰুণাচল প্ৰদেশৰ পৰা লোকসভাৰ সদস্য হিচাপে মনোনীত হৈছিল আৰু ১৯৬২ চনত প্ৰথম সংসদীয় সচিব হয়। তেওঁ তাৰ পিছত ১৯৬৭ চনত কেন্দ্ৰীয় মন্ত্ৰী সভাৰ উপ-মন্ত্ৰী হয়। তেওঁ কোন আছিল?

উত্তৰ : ডায়িং এৰিং।

২) প্ৰশ্ন : তেওঁ অসমৰ আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল। তেওঁ ১২২৮ চনত নগা ৰাজ্যৰ সীমাত উপস্থিত হয়। ১২৬৮ চনত তেওঁৰ মৃত্যু হয়। তেওঁ কোন আছিল?

উত্তৰ : চুকাফা।

৩) প্ৰশ্ন : তেওঁ মণিপুৰৰ মাটিত আন্তঃৰাষ্ট্ৰীয় খেল পল’ৰ পৰিচয় কৰাইছিল। তেওঁ ১৪০৪ চনত সিংহাসনত অধিষ্ঠিত হয় আৰু প্ৰায় ২৮ বছৰ শাসন কৰে। তেওঁ কোন আছিল?

উত্তৰ : লুৱাং পুনচিবা।

৪) প্ৰশ্ন : তেওঁ মেঘালয়ৰ অন্যতম্মহান শ্বহীদ আছিল। ইয়াণ্ডাবু সন্ধি সম্পূৰ্ণ হোৱাৰ পাছত ইংৰাজে লাহে লাহে উত্তৰ-পূৰ্বাঞ্চল অধিকাৰ কৰিবলৈ আগবাঢ়ি অহাৰ সময়ত তেওঁ খাডচফ্ৰাৰ চিয়েম আছিল। তেওঁৰ ঢাকাত মৃত্যু হয়। তেওঁ কোন আছিল?

উত্তৰ : ইউ টিৰোট সিং।

৫) প্ৰশ্ন : তেওঁ ত্ৰিপুৰা শাসন কৰা শেষ ৰাজকুমাৰ, তেওঁ আগৰতলাত “বেণুবন বিহাৰ” নামৰ এক বুদ্ধ মন্দিৰ আৰু “নীৰ মহল” নামৰ এটা জল মহল নিৰ্মাণ কৰাইছিল। ১৯৪৭ চনৰ ১৭ মে’ত তেওঁৰ মৃত্যু হয়। তেওঁ কোন আছিল?

উত্তৰ : বীৰ বিক্ৰম কিশোৰ মানিক্য।

৬) প্ৰশ্ন : ১৮৭৪ চনত অসমৰ পৰা কোন ৰাজ্য পৃথক হয়?

উত্তৰ : বঙ্গ।

৭) প্ৰশ্ন : উত্তৰ-পূব ভাৰতৰ শিৱাজী বুলি কাক জনা যায়?

উত্তৰ : ৰুদ্ৰ সিংহ।

৮) প্ৰশ্ন : মণিপুৰী আৰু ইংৰাজ সেনাৰ মাজত হোৱা প্ৰথম যুদ্ধ খন কি আছিলে?

উত্তৰ : থৌবালৰ যুদ্ধ।

৯) প্ৰশ্ন : কিমান চনত মেঘালয় অসমৰ পৰা পৃথক হয়?

উত্তৰ : ১৮৭৪ চনত।

১০) প্ৰশ্ন : ১৮৮৯ চনত কাক ছিকিমৰ প্ৰথম ৰাজনৈতিক বিষয়া হিচাপে নিযুক্ত কৰা হয়?

উত্তৰ : ক্লাউড হুৱাইট।

১১) প্ৰশ্ন : ১৮৯৪ চনত ছিকিমৰ ৰাজধানী কোন ঠাইলৈ স্থানান্তৰিত কৰা হয়?

উত্তৰ : গেংটক।

১২) প্ৰশ্ন : বি. এন. সিং অৰুণাচলৰ প্ৰথম কি আছিল?
উত্তৰ : ৰাজ্যপাল।

১৩) প্ৰশ্ন : ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা অসমৰ প্ৰথম ব্যক্তি জন কোন আছিল?

উত্তৰ : ড° ফকৰুদ্দিন আলি আহমেদ।

১৪) প্ৰশ্ন : মেঘালয়ৰ প্ৰথম খাছী মুখ্যমন্ত্ৰী কোন আছিল?

উত্তৰ : ডাৰউইন ডিয়েংগডো পাগ।

১৫) প্ৰশ্ন : মিজোৰামৰ প্ৰথম ৰাজ্যপাল কোন আছিল?

উত্তৰ : শ্ৰী এইছ শইকীয়া।

১৬) প্ৰশ্ন : শ্ৰী বি. বি. লাল ছিকিমৰ প্ৰথম কি আছিল?

উত্তৰ : ৰাজ্যপাল।

১৭) প্ৰশ্ন : ত্ৰিপুৰাৰ প্ৰথম ৰাজ্যপাল কোন আছিল?

উত্তৰ : ব্ৰজ কুমাৰ নেহৰু।

১৮) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ টাৱাং মঠৰ নিৰ্মাণ কাৰ্য কোন চনত আৰম্ভ হৈছিল?

উত্তৰ : ১৬৪০ চনত।

১৯) প্ৰশ্ন : গৌহাটী উচ্চ ন্যায়ালয় কেতিয়া স্থাপিত হৈছিল?

উত্তৰ : ১৯৪৮ চনত।

২০) প্ৰশ্ন : অসমত কেতিয়া প্ৰথম বিধ্বংসী ভূমিকম্প সংঘটিত হৈছিল?

উত্তৰ : ১৫৪৮ চনত।

২১) প্ৰশ্ন : শৰাইঘাটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল?

উত্তৰ : ১৬৭১ চনত।

২২) প্ৰশ্ন : শ্বিলং চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল?

উত্তৰ : ১১ নৱেম্বৰ, ১৯৭৫ চনত।

২৩) প্ৰশ্ন : নাগালেণ্ডত কেতিয়া প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল?

উত্তৰ : ১৯৬৪ চনত।

২৪) প্ৰশ্ন : কোন চনত নগা পাহাৰ জিলা পৰিষদ গঠিত হৈছিল?

উত্তৰ : ১৯৪৫ চনত।

২৯) প্ৰশ্ন : কোন চনত ছোগিয়াল ছিকিমৰ প্ৰথম শাসক হয়?

উত্তৰ : ১৬৪২ চনত।

৩০) প্ৰশ্ন : ভাৰতৰ কোনজন প্ৰধান মন্ত্ৰীয়ে অৰুণাচল প্ৰদেশ তিনিবাৰ ভ্ৰ্মণ কৰিছিল?

উত্তৰ : ৰাজীৱ গান্ধী।

৩১) প্ৰশ্ন : অতীতত অৰুণাচল প্ৰদেশক কি নামেৰে জনা গৈছিল?

উত্তৰ : উত্তৰ-পূব সীমান্ত অঞ্চল।

৩২) প্ৰশ্ন : প্ৰথম বাৰৰ বাবে অৰুণাচল প্ৰদেশত কেতিয়া লোকপিয়ল সম্পন্ন কৰা হৈছিল?

উত্তৰ : ১৯৬১ চনত।

৩৩) প্ৰশ্ন : কোন চনত আৰু ক’ত আহোম আৰু মোগলৰ মাজত শেষ যুদ্ধ হৈছিল?

উত্তৰ : ১৬৮১ চনত, ইটাখুলিত।

৩৪) প্ৰশ্ন : ৰাজকীয় বুৰঞ্জীক মনিপুৰত স্থানীয় ভাৱে কি কোৱা হয়?

উত্তৰ : চেইথাৰ’ল কুম্পাবা।

৩৫) প্ৰশ্ন : শ্বিলং চুক্তি কাৰ মাজত আৰু ক’ত স্বাক্ষৰিত হৈছিল?

উত্তৰ : নগা নেছনেল কাউন্সিলৰ প্ৰতিনিধিৰ লগতে ইয়াৰ ফেডাৰেল চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত শ্বিলঙত হৈছিল।

৩৬) প্ৰশ্ন : পূৰ্ণাঙ্গ ৰাজ্যৰ স্বীকৃতি পোৱাৰ আগতে নাগালেণ্ড কি নামেৰে জনাজাত আছিল?

উত্তৰ : নগা পাহাৰ।

৩৭) প্ৰশ্ন : কাৰ শাসন কালত ইউৰোপীয় পৰ্যটক ৰাল্‌ফ ফিট্‌চে ত্ৰিপুৰা ৰাজ্য ভ্ৰমণ কৰিছিল?

উত্তৰ : মহাৰাজ বীৰেন্দ্ৰ কিশোৰ মাণিক্য।

৩৮) প্ৰশ্ন : ত্ৰিপুৰাৰ কোনজন ৰজাই পুৰণি আগৰতলাক তেওঁৰ ৰাজধানী কৰিছিল?

উত্তৰ : মহাৰাজ কৃষ্ণ মাণিক্য।

৩৯) কিছুমান ঘটনা আৰু সংঘটিত হোৱা চন।

ঘটনা

বছৰ

অৰুণাচল প্ৰদেশ প্ৰথম বাৰৰ বাবে ৰাষ্ট্ৰ্পতি শাসনৰ অধীন হয়।

১৯৫২ চনত

অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ (গুৱাহাটী) স্থানান্তৰিত হয়

১৯৭৪ চনত

মণিপুৰ ভাৰতৰ লগত চামিল হয়

১৯৪৯ চনত

মেঘালয়ত প্ৰথম বাৰ সাধাৰণ নিৰ্বাচন হয়

১৯২৮ চনত

মিজোৰাম এই পৰ্যন্ত অসমৰ এখন জিলা আছিল

১৬৭২ চনত

নাগালেণ্ড বিধানসভাৰ প্ৰথম অধিবেশন হয়

১৯৬৪ চনত

ফুনষ্টক নামগ্যাল ছিকিমৰ প্ৰথম ৰজা হয়

১৬৪২ চনত

ত্ৰিপুৰাৰ বীৰ চন্দ্ৰ মাণিক্যৰ মৃত্যু হয়

১৮৯৬ চনত

 

৪০) ৰাজনৈতিক দিশত উত্তৰ – পূৰ্বাঞ্চলৰ প্ৰথম :

কেপ্টেইন জে. বাট্‌লাৰ

প্ৰথম নাগালেণ্ডৰ ব্ৰিটিছ ৰাজনৈতিক সদস্য।

লে. জন গ্ৰেগ’ৰি

প্ৰথম নাগা পাহাৰৰ ব্ৰিটিছ ডেপুটী কমিচনাৰ।

ই মাদ আলি

প্ৰথম নাগা পাহাৰৰ ভাৰতীয় ডেপুটি কমিচনাৰ।

পি. শ্বি আও

প্ৰথম নাগালেণ্ডৰ মুখ্যমন্ত্ৰী।

বিষ্ণু সহায়

প্ৰথম নাগালেণ্ডৰ ৰাজ্যপাল।

ডেভিদ স্কট

প্ৰথম অসমৰ ব্ৰিটিছ ৰাজনৈতিক সদস্য।

ছাৰ আকবৰ হাইদৰ আলি

প্ৰথম অসমৰ ভাৰতীয় ৰাজ্যপাল।

গোপীনাথ বৰদলৈ

প্ৰথম অসমৰ মুখ্যমন্ত্ৰী।

জে. এফ. নেধম

প্ৰথম শদিয়াৰ ব্ৰিটিছ সহকাৰী ৰাজনৈতিক বিষয়া।

এন. কে. ৰুষ্টম্‌জী

প্ৰথম অৰুণাচল প্ৰদেশৰ ভাৰতীয় পৰামৰ্শদাতা (অসমৰ ৰাজ্যপাল)

পি. এন. লুঠ্‌ৰা

প্ৰথম অৰুণাচল প্ৰদেশৰ উপায়ুক্ত।

কে. এ. এ. ৰাজা

প্ৰথম অৰুণাচল প্ৰদেশৰ লে. গৱৰ্ণৰ।

বি. এন. সিং

প্ৰথম অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল।

কেপ্টেইন ব্ৰাউন

প্ৰথম মিজো হিলচ্‌ৰ ব্ৰিটিছ চুপাৰিণ্টেণ্ডেণ্ট।

এছ. পি. মুখাৰ্জী

প্ৰথম মিজোৰামৰ লে. গৱৰ্ণৰ।

চ. চাংগা

প্ৰথম মিজোৰামৰ মুখ্যমন্ত্ৰী।

এফ. জে. গ্ৰাণ্ট, ব্ৰিটিছ

প্ৰথম মণিপুৰৰ ৰাজ।নৈতিক সদস্য

কল লিষ্টাৰ

প্ৰথম মেঘালয়ৰ ব্ৰিটিছ ৰাজনৈতিক সদস্য।

এ. বি. চেটাৰ্জী

প্ৰথম ত্ৰিপুৰা সাম্ৰাজ্যৰ ভাৰতীয় দিৱান।

কেপ্টেইন ফিচাৰ

প্ৰথম কাছাৰ জিলাৰ ব্ৰিটিছ চুপাৰিণ্টেণ্ডেণ্ট।

কেপ্টেইন উইলিয়াম্‌চন

প্ৰথম গাৰো পাহাৰৰ ব্ৰিটিছ ডেপুটি চুপাৰিণ্টেণ্ডেণ্ট।

লে. আৰ. উইলকক্স

প্ৰথম অৰুণাচল প্ৰদেশৰ পাহাৰৰ জৰীপ কৰোঁতা।

চেমাচালেপ্‌যাং আও

প্ৰথম নাগালেণ্ডৰ থলুৱা যাজক।

ৰাণী গাই ডিন্‌লিউ

প্ৰথম ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে আন্দোলনকাৰী ট্ৰাইবেল মহিলা।

এছ. এন. বৰকটকী

প্ৰথম মিজো পাহাৰৰ ভাৰতীয় চুপাৰিণ্টেণ্ডেণ্ট।

এছ. জে. দাস

প্ৰথম মিজোৰামৰ মুখ্যমন্ত্ৰী।

এইছ. ডি. ডব্লিউ. মোমিন

প্ৰথম গাৰো পাহাৰৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী।

এছ. চি. ৰয়

প্ৰথম কটন কলেজৰ ভাৰতীয় অধ্যক্ষ।

শচীন্দ্ৰ লাল সিংহ

প্ৰথম ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী।

খাং ছাৰ্‌ পা

প্ৰথম ছিকিমৰ মুখ্যমন্ত্ৰী।

ড° কমলা বেনিৱাল

প্ৰথম উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম মহিলা ৰাজ্যপাল।

 

উৎস : উত্তৰ পূৰ্বাঞ্চল কুইজ সঁফুৰা।

 

 

শেহতীয়া উন্নীতকৰণ: : 1/10/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate