অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সানমিহলি

সানমিহলি কুইজ-

 

১) প্ৰশ্ন : আপেক্ষিকতাবাদ মতবাদৰ জনক কোন?

উত্তৰ : এলবাৰ্ট আইনষ্টাইন।

২) প্ৰশ্ন : কোনো বস্তুৰ দৈৰ্ঘ্যৰ ওপৰত বেগৰ কি প্ৰভাৱ পৰে?

উত্তৰ : বেগ বাঢ়িলে বস্তুৰ দৈৰ্ঘ্য কমে (আইনষ্টাইনৰ আপেক্ষিকতাবাদ সূত্ৰ অনুসৰি)।

৩) প্ৰশ্ন : জড়তা কি?

উত্তৰ : কোনো বলৰ প্ৰতি কোনো বস্তুৱে কৰা প্ৰতিৰোধক জড়তা বোলে।

৪) প্ৰশ্ন : কোনো গেছক প্ৰসাৰিত কৰিলে তাৰ তাপমান বাঢ়িবনে কমিব?

উত্তৰ : তাপমান কমিব।

৫) প্ৰশ্ন : পৰমাণু সংখ্যা কি?

উত্তৰ : কোনো বস্তুৰ পৰমাণুত থকা প্ৰ’টনৰ সংখ্যাকে পৰমাণু সংখ্যা বোলে।

৬) প্ৰশ্ন : দ্ৰৱ্যমান সংখ্যা কি?

উত্তৰ : পৰমাণুত থকা প্ৰ’টন আৰু নিউট্ৰনৰ মুঠ সংখ্যাকে পৰমাণু দ্ৰৱ্যমান বোলে।

৭) প্ৰশ্ন : পোহৰৰ গতিবেগ কিমান?

উত্তৰ : ৩,০০,০০০ কিলোমিটাৰ প্ৰতি ছেকেণ্ডত।

৮) প্ৰশ্ন : মানুহে দাড়ি খুৰাবলৈ কি দাপোন ব্যৱহাৰ কৰে?

উত্তৰ : অবতল দাপোণ।

৯) প্ৰশ্ন : সূক্ষ্ম তৰঙ্গ কি?

উত্তৰ : যি বিদ্যুৎ তৰঙ্গৰ দৈৰ্ঘ্য ১ মিলিমিটাৰৰ পৰা ৩০ ছেণ্টিমিটাৰলৈকে হয়, তাকে সূক্ষ্ম তৰঙ্গ বোলে।

১০) প্ৰশ্ন : মটৰগাড়ীত কি দাপোণ ব্যৱহাৰ কৰা হয়?

উত্তৰ : উত্তল দাপোণ।

১১) প্ৰশ্ন : বিদ্যুৎ চুম্বকীয় অনুপ্ৰস্থ তৰঙ্গ।

১২) প্ৰশ্ন : ধ্বনি তৰঙ্গ কি?

উত্তৰ : যান্ত্ৰিক অনুদৈৰ্ঘ্য তৰঙ্গ।

১৩) প্ৰশ্ন : আটাইতকৈ সৰু তৰঙ্গ কাৰ?

উত্তৰ : হিলিয়ামৰ।

১৪) প্ৰশ্ন : বিজাৰণ (Oxidation) কি?

উত্তৰ : ইলেক্ট্ৰনৰ ধ্বংসক বিজাৰণ বোলে।

১৫) প্ৰশ্ন : জাৰণ (Reduction) কি?

উত্তৰ : ইলেক্ট্ৰন গ্ৰহণক জাৰণ বোলে।

১৬) প্ৰশ্ন : এইড্‌ছ বীজাণুক পোনপ্ৰথমে কোনে আৱিষ্কাৰ কৰে?

উত্তৰ : অধ্যাপক মণ্টেগনিৰ আৰু তেওঁৰ সহযোগীসকলে ইং ১৯৮৩ চনত আৱিষ্কাৰ কৰে।

১৭) প্ৰশ্ন : ব্ৰহ্মাণ্ডত ইলেক্ট্ৰনৰ সংখ্যা কিমান?

উত্তৰ : প্ৰায় ১০+৮

১৮) প্ৰশ্ন : আলুৰ শক্তিৰে চলা ঘড়ী কি?

উত্তৰ : ১৯৮৪ চনত আমেৰিকাৰ স্কিলক্ৰাফট নামৰ কোম্পানীয়ে দুটা আলুৰ পৰা উৎপন্ন হোৱা বিদ্যুৎ প্ৰৱাহৰ দ্বাৰা চলা এচিধ ঘড়ী নিৰ্মাণ কৰিছে। দস্তা আৰু তামৰ দুটা ইলেক্ট্ৰড আলুৰ ভিতৰত সোমাই দিয়া হয় আৰু তাৰ পৰা উৎপন্ন হোৱা বিদ্যুৎতেৰে এইবিধ ঘড়ী চলে।

১৯) প্ৰশ্ন : টেলিভিচন ঘড়ী কি?

উত্তৰ : পশ্চিমীয়া দেশবোৰত কেইবছৰমান আগতে এবিধ অতি আধুনিক ঘড়ী নিৰ্মাণ কৰি উলিয়াইছে। এই ঘড়ীত টেলিভিচন লগোৱা থাকে। সময়ৰ লগতে এই ঘড়ীত দূৰদৰ্শনৰ কাৰ্যসূচী (অনুষ্ঠান)ও চাব পাৰি।

২০) প্ৰশ্ন : অতি আধুনিক যন্ত্ৰ-মানৱ কি?

উত্তৰ : ১৯৮৪ চনত অষ্ট্ৰেলিয়াৰ বিজ্ঞানীয়ে নিৰ্মাণ কৰা কেঁচীৰে ভেড়াৰ নোম কাটিব পৰা ৰবটেই হ’ল অতি আধুনিক যন্ত্ৰ-মানৱ।

২১) প্ৰশ্ন : প্ৰাথমিক ৰং তিনিটা কি কি?

উত্তৰ : নীলা, সেউজীয়া আৰু ৰঙা।

২২) প্ৰশ্ন : কম্পিউটাৰ আধুনিক বিজ্ঞানৰ এটা মহান অৱদান। মানুহে সঁজা এই স্বয়ংক্ৰিয় যন্ত্ৰই গণনা কৰিব পাৰে, লিখিব পাৰে আৰু জটিল সমস্যাক তৎক্ষণাত নিৰ্ভূলভাৱে সমাধান কৰিব পাৰে।

২৩) প্ৰশ্ন : কম্পিউটাৰ কেই প্ৰকাৰৰ?

উত্তৰ : প্ৰধানকৈ দুই প্ৰকাৰৰ। যেনে – এনালগ কম্পিউটাৰ আৰু ডিজিটেল কম্পিউটাৰ।

২৪) প্ৰশ্ন : প্ৰথম ডিজিটেল কম্পিউটাৰ কোনে আৰু কেতিয়া নিৰ্মাণ কৰিছিল?

উত্তৰ : হাৰ্ৱাড বিশ্ববিদ্যালয়ৰ অধ্যাপক হাৱাৰ্ড এইচ. একিনে (Howard H. Aikken) ইং ১৯৪৪ চনত প্ৰথমে নিৰ্মাণ কৰিছিল।

২৫) প্ৰশ্ন : প্ৰচাৰ আৰু যোগাযোগৰ আধুনিক মাধ্যমবোৰ কি কি?

উত্তৰ : টেলিগ্ৰাফ, টেলিপ্ৰিণ্টাৰ, টেলিফোন, ৰেডিঅ’, টেলিভিচন, ফেক্স, টেলেক্স, চলচিত্ৰ, বাতৰি কাকত আদিয়ে প্ৰচাৰ আৰু যোগাযোগৰ আধুনিক মাধ্যম।

২৬) প্ৰশ্ন : টেলিগ্ৰাফ কি?

উত্তৰ : টেলিগ্ৰাফ হ’ল বিদ্যুৎ-প্ৰৱাহৰ সহায়ত দূৰণিবটীয়া ঠাইলৈ সংবাদ পঠোৱাৰ এটি বৈজ্ঞানিক কৈশল।

২৭) প্ৰশ্ন : এলিগ্ৰাফ ‘কি’ৰ মুখ্য ভাগ কি কি?

উত্তৰ : বেকষ্টপ, ফ্ৰেন, ক্লোজাৰ, হামাৰ এনভিল, কি-লিভাৰ আদি।

২৮) প্ৰশ্ন : চেমাফোৰ কি?

উত্তৰ : সংকেট পঠোৱাৰ এটা বিশেষ মাধ্যম।

২৯) প্ৰশ্ন : কেই প্ৰকাৰ মান টেলিফোনৰ নাম কোৱা?

উত্তৰ : ক’ৰ্ডলেচ টেলিফোন, পৰ্টেব’ল টেলিফোন আৰু ভিডিঅ’ টেলিফোন।

৩০) প্ৰশ্ন : ৰেডিঅ’ তৰঙ্গ কি?

উত্তৰ : ৫০ ছেণ্টিমিটাৰৰ পৰা ৩০ মিটাৰৰ মাজৰ বিদ্যুৎ চুম্বকীয় তৰঙ্গ।

৩১) প্ৰশ্ন : ৰবট বা যন্ত্ৰ-মানৱ কি?

উত্তৰ : মানুহে তৈয়াৰ কৰা মানুহৰ নিৰ্দেশত স্বয়ংক্ৰিয়ভাৱে মানুহৰ দৰে বা মানুহতকৈ অধিক কাম কৰিব পৰা এবিধ স্বয়ংক্ৰিয় যন্ত্ৰ।

৩২) প্ৰশ্ন : এনড্ৰাইড যন্ত্ৰ-মানৱ কি?

উত্তৰ : মানুহৰ দৰে দেখা যন্ত্ৰ-মানৱক এনড্ৰাইড যন্ত্ৰ-মানৱ বোলে।

৩৩) প্ৰশ্ন : কোন কোন দেশত যন্ত্ৰ-মানৱ ব্যৱহাৰ কৰা হৈছে?

উত্তৰ : জাপান, আমেৰিকা, জাৰ্মান, চুইডেন, ফ্ৰান্স, ইটালি আৰু বেলজিয়ামত।

৩৪) প্ৰশ্ন : কোন কোন দেশত কিমান যন্ত্ৰ-মানৱ ব্যৱহাৰ কৰা হৈছে?

উত্তৰ : জাপানত – ১৩,০০০, আমেৰিকাত – ৬,২৫০, জাৰ্মানিত – ৩,৫০০, চুইডেনত – ১,৩০০, বৃটেইনত – ১,১৫০, ফ্ৰান্সত – ৯৫০, ইটালিত – ৭০০, আৰু বেলজিয়ামত – ৩৫০।

৩৫) প্ৰশ্ন : ‘মেচাৰ’ৰ সম্পূৰ্ণ নাম কি?

উত্তৰ : মাইক্ৰোৱেভ এম্‌প্লিফিকেচন বাই ষ্টিমুলেটেড্‌ ৰেডিয়েচন।

৩৬) প্ৰশ্ন : ‘মেচাৰ’ৰ আৱিষ্কাৰক কোন?

উত্তৰ : চাৰ্লচ, এইচ টাউন্স।

৩৭) প্ৰশ্ন : ‘লেজাৰ’ৰ সম্পূৰ্ণ নাম কি?

উত্তৰ : লাইট এম্‌প্লিফিকেচ্‌ন বাইষ্টিমুলেটেড এমিচ্‌ন অফ্‌ ৰেডিয়েচ্‌ন।

৩৮) প্ৰশ্ন : বিশ্বত পোন প্ৰথমে কোনে আৰু কেতিয়া লেজাৰ প্ৰস্তুত কৰে?

উত্তৰ : আমেৰিকাৰ বিজ্ঞানী থিওডোৰ এইচ মেইমানে ইং ১৯০০ চনত ‘লেজাৰ’ আৱিষ্কাৰ কৰে।

৩৯) প্ৰশ্ন : শক্তি কি?

উত্তৰ : কোনো কাৰ্য বা কাম কৰাৰ সামৰ্থ্যই হ’ল শক্তি।

৪০) প্ৰশ্ন : শক্তি কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰ : শক্তি প্ৰধানকৈ আঠ প্ৰকাৰৰ। যেনে – যান্ত্ৰিক শক্তি, পোহৰ শক্তি, ধ্বনি শক্তি, তাপ শক্তি, চুম্বক শক্তি, বিদ্যুৎ শক্তি, ৰাসায়নিক শক্তি আৰু পৰমাণু শক্তি।

৪১) প্ৰশ্ন : এছ্‌বেছটাছ কি?

উত্তৰ : ক্ৰোকোডিলাইট আৰু ক্ৰিচকোলাইট মিশ্ৰণত সৃষ্টি এবিধ উচ্চ তাপৰোধক।

৪২) প্ৰশ্ন : কৃত্ৰিম সূতা কি কি?

উত্তৰ : ৰেয়ন, টেৰিলন, এক্ৰিলিন আৰু নাইলন। ৰেয়ন কাঠৰ পৰা আৰু বাকীবোৰক পেট্ৰ’লিয়াম তথা কয়লাৰ পৰা উৎপাদন কৰা হয়।

৪৩) প্ৰশ্ন : কাজগ তৈয়াৰ কৰিবলৈ কি কি পদাৰ্থ ব্যৱহাৰ কৰা হয়?

উত্তৰ : কাঠ, বাঁহ, ঘাঁহ, খেৰ আদি।

৪৪) প্ৰশ্ন : প্ৰথম পৰমাণু বোমা কেতিয়া বনোৱা হৈছিল?

উত্তৰ : ১৯৪৫ ত দ্বিতীয় মহাযুদ্ধৰ সময়ত। সেই সময়ত জাপানত নাগাচাকি আৰু হিৰোচিমাৰ ওপৰত আমেৰিকাই দুটা পৰমাণু বোমা পেলাইছিল।

৪৫) প্ৰশ্ন : বিশ্বৰ প্ৰথমটো পৰমাণু বোমাৰ নাম কি?

উত্তৰ : ‘লিটিয় বয়’।

৪৬) প্ৰশ্ন : হাইড্ৰজেন বম তৈয়াৰ কৰা দেশ কেইখনৰ নাম কি কি?

উত্তৰ : আমেৰিকা, ৰুছ, বৃটেইন, ফ্ৰান্স আৰু চীন।

৪৭) প্ৰশ্ন : নিউট্ৰনৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ : ইংৰাজ পদাৰ্থ বিজ্ঞানী চাৰ জেমচ চে্‌ড উইকে।

৪৮) প্ৰশ্ন : ৰকেট প্ৰধানকৈ কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰ : চাৰি প্ৰকাৰৰ। যেনে – কঠিন প্ৰচোদক ৰকেট, দ্ৰৱ প্ৰচোদক ৰকেট, বিদ্যুৎ ৰকেট আৰু আণৱিক ৰকেট।

৪৯) প্ৰশ্ন : ৰকেট আৰু জেদ প্লেনৰ মাজত পাৰ্থক্য কি?

উত্তৰ : ৰকেটত ইন্ধন জ্বলাবলৈ অক্সিজেন থাকে, আনহাতে জেট-প্লেনত অক্সিজেন ইন্ধনৰ সন্মুখেৰে ভিতৰলৈ যায়।

৫০) প্ৰশ্ন : ৰকেটত কি কি ইন্ধন ব্যৱহাৰ কৰা হয়?

উত্তৰ : ৰকেটৰ দ্ৰৱ হাইড্ৰজেন, দ্ৰৱ অক্সিজেন, নাইট্ৰ’জেন, টেট্ৰাক্সাইড কেৰাচিন আদিক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়।

৫১) প্ৰশ্ন : বিশ্বৰ সৰ্বপ্ৰথম বেলেষ্টিক ক্ষেপনাস্ত্ৰ কি?

উত্তৰ : ভি – ২।

৫২) প্ৰশ্ন : বিশ্বত ফুল ফুলা উদ্ভিদৰ সংখ্যা কিমান?

উত্তৰ : প্ৰায় ২,৫০,০০০ বিধ।

৫৩) প্ৰশ্ন : বিজ্ঞানী সকলে এতিয়ালৈকে উদ্ভিদৰ কিমান প্ৰজাতিৰ কথা জানিব পাৰিছে?

উত্তৰ : প্ৰায় ৩,৫০,০০০ বিধ।

৫৪) প্ৰশ্ন : পৃথিৱীত উদ্ভিদৰ উৎপত্তি কেতিয়া হৈছিল?

উত্তৰ : আজিৰ পৰা প্ৰায় ৪২.৫ কোটি বছৰ আগেয়ে।

৫৫) প্ৰশ্ন : উদ্ভিদৰ পাতৰ ৰং সেউজীয়া কিয়?

উত্তৰ : পাতত ক্ল’ৰোফিল থকাৰ বাবে।

৫৬) প্ৰশ্ন : বিশ্বত বিষাক্ত উদ্ভিদ আছেনে? যদি আছে তেন্তে কিমান আছে?

উত্তৰ : আছে। প্ৰায় সাত হাজাৰ বিধ আছে। তাৰে ৰুবাৰ্ব, লীৰেল, ৰোজৰী পি, অলেণ্ডাৰ আইভি আদি উল্লেখযোগ্য।

৫৭) প্ৰশ্ন : গছে টোপনি যায়নে?

উত্তৰ : যায়।

৫৮) প্ৰশ্ন : বেলডোনা নামৰ দৰৱ কি উদ্ভিদৰ পৰা প্ৰস্তুত কৰা হয়?

উত্তৰ : ডেডলী নাইটশ্বেড্‌ নামৰ গছৰ পৰা।

৫৯) প্ৰশ্ন : চাৰ্ক মাছে টোপনি যায়নে?

উত্তৰ : নাযায়।

৬০) প্ৰশ্ন : পৰজীৱী কাক বোলে?

উত্তৰ : যিবোৰ উদ্ভিদ আৰু প্ৰাণীয়ে আনক শোষণ কৰি জীয়াই থাকে তথা শাৰীৰিক ভাৱেও আনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে তাকে পৰজীৱী বোলে। যেনে – কৃমি।

৬১) প্ৰশ্ন : ইষ্ট, ভেঁকুৰ আদি কি?

উত্তৰ : মৃতজীৱী উদ্ভিদ।

৬২) প্ৰশ্ন : কস্তুৰী ক’ত পোৱা যায়?

উত্তৰ : মতা হৰিণাৰ কস্তুৰী পেটৰ ছালৰ তলত নাভিৰ ওপৰত পোৱা যায়।

৬৩) প্ৰশ্ন : কাঙ্গাৰুৰ বিশেষত্ব কি?

উত্তৰ : কাঙ্গাৰুৱে পেটৰ তলত থকা প্ৰাকৃতিক মোনাত নিজৰ পোৱালিক ভৰাই লোলি দৌৰি যাব পাৰে।

৬৪) প্ৰশ্ন : পেঙ্গুইন ক’ত পোৱা যায়?

উত্তৰ : এণ্টাৰ্কটিকাত।

৬৫) প্ৰশ্ন : হাতীয়ে নিজৰ শুৰেৰে পানী খায়নে?

উত্তৰ : নাখায়। শুৰেৰে পানী ভৰাই মুখেৰে খায়।

৬৬) প্ৰশ্ন : পোষাহাৰ সুষম আহাৰ (Nutritional) ৰ দৃষ্টিত আটাইতকৈ উত্তম কি?

উত্তৰ : পতিশাক।

৬৭) প্ৰশ্ন : বিশ্বৰ আটাইতকৈ ওখ মানুহজন কোন?

উত্তৰ : পাকিস্তানৰ মহম্মদ আলম চন্না।

৬৮) প্ৰশ্ন : নাৰকোটিক কি?

উত্তৰ : এনে এবিধ দৰৱ যাক খালে শৰীৰ চেতনাহীন হোৱাৰ লগতে বিষ-বেদনাৰ পৰা মুক্তি পোৱা যায়। যেনে – আফিং, কোকেন, মাৰিজুৱানা, বৰ্বিটিউৰেচ আদি।

৬৯) প্ৰশ্ন : হাৰ্ট লং মেচিন কি?

উত্তৰ : হৃদয়ৰ অস্ত্ৰোপচাৰৰ বাবে ব্যৱহাৰ কৰা এবিধ যন্ত্ৰ।

৭০) প্ৰশ্ন : বিশ্বৰ প্ৰথম টেষ্ট টিউব বেবী কোন?

উত্তৰ : বৃটেইনৰ গিলবাৰ্ট ব্ৰাউনৰ সন্তান লুইচ জয় ব্ৰাউন। জন্মৰ তাৰিখ হ’ল – ২৫ জুলাই ১৯৭৮।

৭১) প্ৰশ্ন : পোহৰ বৰ্ষ (Light year) কি?

উত্তৰ : তৰাৰ মাজৰ দূৰত্ব জোখাৰ একক।

৭২) প্ৰশ্ন : শক্তিৰ একক কি?

উত্তৰ : হৰ্চ পাৱাৰ। এক হৰ্চ পাৱাৰ সমান ৭৪৬ ৱাট।

৭৩) প্ৰশ্ন : আৰ্কিমিডিচৰ সিদ্ধান্ত কি?

উত্তৰ : কোনো বস্তুৱে অপসাৰিত কৰা পানীৰ ওজন তাৰ ওজনৰ দুগুণ হ’লে বস্তুটো পানীত ভাঁহি থাকিব।

৭৪) প্ৰশ্ন : ‘লেখ’ যন্ত্ৰৰ আৱিষ্কাৰক কোন?

উত্তৰ : বৃটেইনৰ হেনাৰি মুডচলে। ১৮০০ চন।

৭৫) প্ৰশ্ন : আলফ্ৰেড নবেলৰ মহত্বপূৰ্ণ আৱিষ্কাৰ কি?

উত্তৰ : ডিনামইট।

৭৬) প্ৰশ্ন : ফটোগ্ৰাফিৰ আৱিষ্কাৰক কোন?

উত্তৰ : ফ্ৰান্সৰ জোচেফ নীপচে্‌। ইং ১৮৩০ চন।

৭৭) প্ৰশ্ন : ডিজেল ইঞ্জিনৰ আৱিষ্কাৰক কোন?

উত্তৰ : জাৰ্মানীৰ ৰুডলফ ডিজেল। ১৮৯৩ চন।

৭৮) প্ৰশ্ন : ইলেক্ট্ৰনৰ আৱিষ্কাৰক কোন?

উত্তৰ : বৃটেনৰ জে. জে. থমচন।

৭৯) প্ৰশ্ন : চাইক্লোট্ৰনৰ আৱিষ্কাৰক কোন?

উত্তৰ : আৰ্নেষ্ট লৰেঞ্চ।

৮০) প্ৰশ্ন : কোৱাণ্টাম থিওৰিৰ আৱিষ্কাৰক কোন?

উত্তৰ : মেক্স প্লঙ্ক। ১৯০১ চন।

৮১) প্ৰশ্ন : জিৰোগ্ৰাফি (Xerography)ৰ আৱিষ্কাৰক কোন?

উত্তৰ : আমেৰিকাৰ বিজ্ঞানী চেষ্টাৰ কাৰ্লশ্বন।

৮২) প্ৰশ্ন : ষ্টেথেচ্‌কোপৰ আৱিষ্কাৰক কোন?

উত্তৰ : ইংলেণ্ডৰ ডাঃ উইলিয়াম ষ্টোকচ্‌।

৮৩) প্ৰশ্ন : পদাৰ্থ বিজ্ঞানী হেনৰি বেকৰেল কোন?

উত্তৰ : ৰেডিঅ’ ধৰ্মীতাৰ আৱিষ্কাৰক।

৮৪) প্ৰশ্ন : স্বয়ংক্ৰিয় টেলিগ্ৰাফ, বৈদ্যুতিক বাল্ব, ফোনোগ্ৰাফ আদিৰ আৱিষকাৰক কোন?

উত্তৰ : থমাচ আলভা এডিচন।

৮৫) প্ৰশ্ন : আমেৰিকাৰ বিজ্ঞানী জেমচ্‌ হেৰিচন আৰু আলেকজেণ্ডাৰ কেউলিনে ১৮৫০ চনত কি আৱিষ্কাৰ কৰিছিল?

উত্তৰ : ৰেফ্ৰিজাৰেটৰ।

৮৬) প্ৰশ্ন : ষ্টীম ইঞ্জিন (ভাপ কল)ৰ আৱিষ্কাৰক কোন?

উত্তৰ : স্কটলেণ্ডৰ ইঞ্জিনিয়াৰ জেমচ ৱাট।

৮৭) প্ৰশ্ন : কোনে আৰু কেতিয়া থাৰ্ম’মিটাৰ আৱিষ্কাৰ কৰে?

উত্তৰ : ইটালীৰ বিজ্ঞানী গেলিলিওৱে ইং ১৫৯৩ চনত।

৮৮) প্ৰশ্ন : লিওনাৰ্ডো দা ভিন্সি কোন আছিল?

উত্তৰ : ইটালীৰ বিশ্ববিশ্ৰুত চিত্ৰ শিল্পী লিওনাৰ্ডো দা ভিন্সি মনালিছা চিত্ৰৰ কাৰণে আজি মৰিও অমৰ হৈ আছে। চিত্ৰশিল্পী হোৱাৰ উপৰিও তেওঁ আছিল – বিজ্ঞানী আৰু ইঞ্জিনিয়াৰ। তেৱেঁই বৰটোপ, আধুনিক হেলিকপ্তাৰ, যুদ্ধত ব্যৱহাৰ হোৱা যন্ত্ৰ-পাতি, উৰণীয়া যন্ত্ৰ আদিৰ নমুনাৰ ছবি আঁকিছিল।

৮৯) প্ৰশ্ন : এম্পিয়াৰত বিদ্যুৎ প্ৰৱাহ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিটোৰ নাম কি?

উত্তৰ : এমিটাৰ।

৯০) প্ৰশ্ন : সাগৰীয় জাহাজে সময় কিহেৰে জোখে?

উত্তৰ : ক্ৰনোমিটাৰৰ সহায়ত।

৯১) প্ৰশ্ন : গছৰ বৃদ্ধিৰ জোখ ল’বলৈ ভাৰতীয় উদ্ভিদ বিজ্ঞানী জগদীশ চন্দ্ৰ বসুৱে আৱিষ্কাৰ কৰা যন্ত্ৰটোৰ নাম কি?

উত্তৰ : ক্ৰেস্কোগ্ৰাফ্‌।

৯২) প্ৰশ্ন : ৰেডিঅ’ ধৰ্মীয় সংখ্যা জানিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি?

উত্তৰ : গাইগাৰৰ মূলাৰ কাউণ্টাৰ।

৯৩) প্ৰশ্ন : গাখীৰৰ বিশুদ্ধতা জুখিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়?

উত্তৰ : লেক্ট’মিটাৰ।

৯৪) প্ৰশ্ন : প্ৰৱাহিত পানী নাইবা কোনো দ্ৰৱৰ জতি জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি?

উত্তৰ : টেকোমিটাৰ।

৯৫) প্ৰশ্ন : পোহৰৰ তীব্ৰতা জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি?

উত্তৰ : ফটোমিটাৰ।

৯৬) প্ৰশ্ন : সাগৰত বুৰ মাৰি গৈ থকা চাবমেৰিণে সাগৰৰ ওপৰৰ দৃশ্য চাবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি?

উত্তৰ : পেৰিচস্কোপ (Periscope)।

৯৭) প্ৰশ্ন : উৰাজাহাজ আৰু সাগৰীয় জাহাজত দিশ নিৰ্ণয়ৰ বাবে কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়?

উত্তৰ : মেগ্‌নেটিক কম্পাছ।

৯৮) প্ৰশ্ন : পাইৰোমিটাৰ কি?

উত্তৰ : উচ্চ তাপ জোখা যন্ত্ৰ।

৯৯) প্ৰশ্ন : ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ কি? ইয়াক কেতিয়া উৎক্ষেপণ কৰা হয়?

উত্তৰ : আৰ্যভট্ট ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ। ইয়াক ১৯৭৫ চনৰ ১৯ এপ্ৰিল তাৰিখে উৎক্ষেপণ কৰা হৈছিল।

১০০) প্ৰশ্ন : ভাৰতৰ দ্বিতীয় উপগ্ৰহ কি? ইয়াক কেতিয়া উৎক্ষেপণ কৰা হয়?

উত্তৰ : ভাস্কৰ। ইয়াক ১৯৭৯ চনৰ ৭ জুন তাৰিখে ৰুছ দেশৰ পৰা উৎক্ষেপণ কৰা হৈছিল।

১০১) প্ৰশ্ন : ভাস্কৰ – ২ক কেতিয়া আৰু ক’ৰ পৰা উৎক্ষেপণ কৰা হয়?

উত্তৰ : ১৯৮১ চনৰ ২০ নৱেম্বৰ তাৰিখে ৰুছহ দেশৰ পৰা উৎক্ষেপণ কৰা হৈছিল।

১০২) প্ৰশ্ন : ১৯৮২ চনৰ ১০ এপ্ৰিল তাৰিখে আমেৰিকাৰ কেপ্‌ কেনাবেলাৰ পৰা উৎক্ষেপণ কৰা ভাৰতীয় উপগ্ৰহটোৰ নাম কি?

উত্তৰ : ইনছাটে – ১ (এ)।

১০৩) প্ৰশ্ন : ইনছাটে – ১ (ৰি)ক কেতিয়া উৎক্ষেপণ কৰা হয়?

উত্তৰ : ১৯৮৩ চনৰ ৩০ আগষ্ট তাৰিখে।

১০৪) প্ৰশ্ন : প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন?

উত্তৰ : স্কাউড্ৰন লীডাৰ ৰাকেশ শৰ্মা।

১০৫) প্ৰশ্ন : ৰোহিনী – ২ক কেতিয়া উৎক্ষেপণ কৰা হয়?

উত্তৰ : ১৯৮১ চনৰ ৩১ মে’ তাৰিখে।

১০৬) প্ৰশ্ন : ভাৰতৰ প্ৰথমটো পৰমাণু বিস্ফোৰণ কেতিয়া আৰু ক’ত ঘটোৱা হয়?

উত্তৰ : ১৯৭৪ চনৰ ১৮ মে’ তাৰিখে ৰাজস্থানৰ পোখৰাণত।

১০৭) প্ৰশ্ন : আৰ্যভট্ট কোন আছিল?

উত্তৰ : প্ৰাচীন ভাৰতৰ বিখ্যাত জ্যোৰ্তিবিজ্ঞানী আছিল।

১০৮) প্ৰশ্ন : ১১ শ শতিকাৰ বিখ্যাত ভাৰতীয় গণিতজ্ঞ কোন আছিল?

উত্তৰ : ভাস্কৰাচাৰ্য।

১০৯) প্ৰশ্ন : ডক্টৰ হোমি জাহাঙ্গীৰ ভাবাৰ জন্ম কেতিয়া আৰু ক’ত হৈছিল?

উত্তৰ : ১৯০৯ চনৰ ৩০ অক্টোবৰ তাৰিখে, মুম্বাইত।

১১০) প্ৰশ্ন : ভাৰতত জন্ম লাভ কৰি চিকিৎসা বিজ্ঞানত নবেল বঁটা লাভ কৰা বিদেশী বিজ্ঞানী জনৰ নাম কি?

উত্তৰ : ডাক্তৰ হৰগোবিন্দ খুৰানা। এখেত জন্মসূত্ৰে ভাৰতীয় হ’লেও বৰ্তমান আমেৰিকাৰ নাগৰিকত্ব গ্ৰহণ কৰিছে।

১১১) প্ৰশ্ন : ডাঃ হৰগোবিন্দ খুৰানা এতিয়া কোন দেশৰ নাগৰিক?

উত্তৰ : আমেৰিকা।

১১২) প্ৰশ্ন : ১৮৮৭ চনৰ ২২ ডিচেম্বৰত তাৰিখে বৰ্তমান তামিলনাডুৰ ইৰোডত জন্ম লাভ কৰি ১৯২০ চনৰ ২৬ এপ্ৰিল তাৰিখে পৰলোক গমন কৰা বিখ্যাত ভাৰতীয় গণিতজ্ঞ কোন আছিল?
উত্তৰ : শ্ৰীনিবাস ৰামানুজন।

১১৩) প্ৰশ্ন : নবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় বিজ্ঞানী কোন?

উত্তৰ : চন্দ্ৰশেখৰ ভেঙ্কট ৰমণ (জন্ম ১৮৮৭ চনৰ ৭ নৱেম্বৰ আৰু মৃত্যু ১৯৭০ চনৰ ২১ নৱেম্বৰ)।

১১৪) প্ৰশ্ন : হেয়াৰ ড্ৰায়াৰ কি?

উত্তৰ : চুলি শুকোৱা এবিধ বৈদ্যুতিক যন্ত্ৰ।

১১৫) প্ৰশ্ন : পুৰুষ আৰু স্ত্ৰীৰ ছেক্স ক্ৰমোজমৰ চিন কি?

উত্তৰ : পুৰুষৰ - XY আৰু স্ত্ৰীৰ – XX।

১১৬) প্ৰশ্ন : ‘ড্ৰাই আইচ’ কাক বোলে?

উত্তৰ : কঠিন কাৰ্বন-ডাই-অক্সাইড।

১১৭) প্ৰশ্ন : নিউটন কিহৰ একক?
উত্তৰ : এম. কে. এচ. পদ্ধতিত বলৰ একক।

১১৮) প্ৰশ্ন : কোন উষ্ণতাক শূণ্য বোলা হয়?

উত্তৰ : ২৭৩ছেণ্টিগ্ৰেড উষ্ণতাক।

১১৯) প্ৰশ্ন : স্বৰ্গীয় সংখ্যা কি?
উত্তৰ : ০.৬১৮।

১২০) প্ৰশ্ন : এক পোহৰ বৰ্ষ (Light year)ত কিমান কিলোমিটাৰ?

উত্তৰ : ৯.৪৫ X ১০১২

১২১) প্ৰশ্ন : কি পদ্ধতিত সূৰ্যৰ তাপ পৃথিৱীলৈ আহে?

উত্তৰ : বিকিৰণ পদ্ধতিত।

১২২) প্ৰশ্ন : মানুহৰ তেজৰ শ্ৰেণী বিভাজন কৰা কৃতিত্বৰ বাবে কোন বিজ্ঞানীয়ে নবেল বঁটা লাভ কৰে?

উত্তৰ : কাৰ্ললেণ্ড ষ্টেইনাৰ।

১২৩) প্ৰশ্ন : যান্ত্ৰিক শক্তিক বিদ্যুৎ শক্তিলৈ ৰুপান্তৰ কৰা যন্ত্ৰটোৰ নাম কি?

উত্তৰ : জেনাৰেটৰ।

১২৪) প্ৰশ্ন : ACৰ পৰা DC কাৰেণ্ট পাবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়?

উত্তৰ : ৰেকটিফায়াৰ।

১২৫) প্ৰশ্ন : মানুহৰ হাওঁ-ফাওঁত কিমান বায়ুমোনা আছে?

উত্তৰ : প্ৰায় চাৰি লাখ।

১২৬) প্ৰশ্ন : মহাজাগতিক ৰশ্মি কি?

উত্তৰ : অতি ক্ষীণ এক বিদ্যুৎ চুম্বকীয় তৰঙ্গৰ বিকিৰণ।

১২৭) প্ৰশ্ন : সৰীসৃপৰ দৰে কণী পৰা স্তন্যপায়ী প্ৰাণীৰ নাম কি?

উত্তৰ : প্লাটিপাচ।

১২৮) প্ৰশ্ন : অফচেট প্ৰিণ্টিঙৰ আৱিষ্কাৰক কোন?

উত্তৰ : অট্‌মান মাৰজেন থেলাৰ।

১২৯) প্ৰশ্ন : ব্ৰাজিলৰ ৰাষ্ট্ৰভাষা কি?

উত্তৰ : পৰ্তুগীজ।

১৩০) প্ৰশ্ন : পোহৰৰ ওজন কিমান?

উত্তৰ : প্ৰতি বৰ্গমাইলত দুশ পাউণ্ড।

১৩১) প্ৰশ্ন : তাম আৰু টিন মিহলাই কি ধাতু তৈয়াৰ কৰা হয়?

উত্তৰ : কাঁহ।

১৩২) প্ৰশ্ন : ধাতুৰ টুকুৰা জোৰা লগাবলৈ ব্যৱহাৰ কৰা গেছৰ নাম কি?

উত্তৰ : এচিটিলিন।

১৩৩) প্ৰশ্ন : তাম আৰু দস্তা মিহলালে কি হয়?

উত্তৰ : পিতল।

১৩৪) প্ৰশ্ন : দৈ গাখীৰ টেঙা হয় কিয়?
উত্তৰ : গাখীৰত থকা লেক্ট বেলিচি নামৰ বেক্টেৰিয়াই গাখীৰৰ চেনি খিনিক লেক্‌টিক এচিডলৈ ৰুপান্তৰ কৰে বাবে দৈ গাখীৰ টেঙা হয়।

১৩৫) প্ৰশ্ন : চায়োলোজেন কি?

উত্তৰ : এবিধ বৰণহীন বিষাক্ত গেছ।

১৩৬) প্ৰশ্ন : চেকাৰিণ কিহৰ পৰা তৈয়াৰ কৰা হয়?

উত্তৰ : আলকাত্‌ৰাৰ পৰা।

১৩৭) প্ৰশ্ন : চি. জি. এচ. পদ্ধতিত শক্তিৰ একক কি?

উত্তৰ : আৰ্গ।

১৩৯) প্ৰশ্ন : ক্ষাৰধৰ্মী গেছ কি?

উত্তৰ : এম’নিয়া।

১৪০) প্ৰশ্ন : এচিড ধৰ্মী গেছ কি?

উত্তৰ : কাৰ্বন-ডাই-অক্সাইড।

১৪১) প্ৰশ্ন : আটাইতকৈ কোমল ধাতু কি?

উত্তৰ : লিথিয়াম।

১৪২) প্ৰশ্ন : বায়ুৰ মাধ্যমত শব্দ কোন ঋতুত অধিক বেগাই যায়?

উত্তৰ : গ্ৰীষ্ম ঋতুত।

১৪৩) প্ৰশ্ন : বায়ুৰ গতি আৰু বল জোখা যন্ত্ৰটোৰ নাম কি?

উত্তৰ : এনিম’মিটাৰ।

১৪৪) প্ৰশ্ন : টৰপেডোৰ আৱিষ্কাৰক কোন?

উত্তৰ : ৰৰ্বাট হোৱাইট হেড।

১৪৫) প্ৰশ্ন : গছৰ গুটি গজিবলৈ কি কি বস্তু লাগে?
উত্তৰ : পানী, অক্সিজেন (বায়ু) আৰু তাপ।

১৪৬) প্ৰশ্ন : পান্থপাদৰ বৈজ্ঞানিক নাম কি?

উত্তৰ : ৰেভানেলা মাডাগাচ্‌কাৰেনচিচ।

১৪৭) প্ৰশ্ন : বেল গছৰ বৈজ্ঞানিক নাম কি?

উত্তৰ : এগেল্‌ মাৰ্‌মেলচ।

১৪৮) প্ৰশ্ন : কৰ্পূৰ কি গছৰ পৰা পোৱা যায়?

উত্তৰ : চিনামোমাম্‌ কেমফোৰা।

১৪৯) প্ৰশ্ন : ড° আলেকজেণ্ডাৰ ফ্লেমিঙে কি গছৰ পৰা পেনিচিলিন আৱিষ্কাৰ কৰিছিল?

উত্তৰ : পেনিচিলিয়াম্‌ নটেটাম।

১৫০) প্ৰশ্ন : মানুহৰ শৰীৰৰ থকা আটাইতকৈ ডাঙৰ অঙ্গ কি?

উত্তৰ : গাৰ ছাল।

১৫১) প্ৰশ্ন : মানুহৰ শৰীৰৰ সৰ্ববৃহৎ গ্ৰন্থিটোৰ নামি কি?

উত্তৰ : যকৃৎ।

১৫২) প্ৰশ্ন : মাইক্ৰ’ফোন কি?

উত্তৰ : শব্দ তৰঙ্গক বৈদ্যুতিক তৰঙ্গলৈ ৰুপান্তৰ কৰা এবিধ যন্ত্ৰ।

১৫৩) প্ৰশ্ন : দেৱাল ঘড়ী প্ৰতমে কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰে?

উত্তৰ : হলেণ্ডৰ ক্ৰিষ্টিয়ান হিউজেনচে ইং ১৬৫৭ চনত আৱিষ্কাৰ কৰে।

১৫৪) প্ৰশ্ন : অডিঅ’ফোন ব্যৱহাৰ কৰাৰ কাৰণ কি?

উত্তৰ : কাণেৰে কম শুনা মানুহৰ শ্ৰৱণ প্ৰৱণতা বঢ়োৱা।

১৫৫) প্ৰশ্ন : কোন বিজ্ঞানীৰ প্ৰচেষ্টাত আৰু কেতিয়া পৃথিৱীয়ে প্ৰথমে বিজুলী চাকিৰ পোহৰ পাইছিল?

উত্তৰ : আমেৰিকাৰ থমাচ আলভা এডিচনৰ প্ৰচেষ্টাত ১৮৭৯ চনত।

১৫৬) প্ৰশ্ন : ড° পল আৰ. হেল কিহৰ কাৰণে বিখ্যাত?

উত্তৰ : পৃথিৱীৰ ওজন আৱিষ্কাৰ কৰাৰ কাৰণে।

১৫৭) প্ৰশ্ন : মানুহৰ শৰীৰত হৃদযন্ত্ৰ কোনফালে থাকে?

উত্তৰ : বাওঁফালে।

১৫৮) প্ৰশ্ন : মানুহৰ শৰীৰৰ কোনটো হাড় আটাইতকৈ দীঘল?

উত্তৰ : ভৰিৰ ডিমাৰ হাড়।

১৫৯) প্ৰশ্ন : কেটেৰেক ৰোগে মানুহৰ শৰীৰ কোন অংশৰ অপকাৰ কৰে?

উত্তৰ : চকুৰ।

১৬০) প্ৰশ্ন : পায়’ৰিয়া ৰোগ মানুহৰ শৰীৰৰ কোন অংশৰ অপকাৰ কৰে?

উত্তৰ : দাঁতৰ আলুৰ।

১৬১) প্ৰশ্ন : ৱাট (Watt) ৰ সাংকেতিক চিহ্ন কি?

উত্তৰ : W ।

১৬২) প্ৰশ্ন : আধুনিক ৰসায়নৰ জনক কোন?

উত্তৰ : এণ্টানি লেভয়চিয়াৰ।

১৬৩) প্ৰশ্ন : পৰ্যায় সাৰণীৰ প্ৰবক্তা কোন?

উত্তৰ : মেণ্ডেলিফ।

১৬৪) প্ৰশ্ন : চিলিকন কেনে ধৰণৰ মৌল?

উত্তৰ : ধাতুকল্প।

১৬৫) প্ৰশ্ন : চিলভাৰ নাইট্ৰেটৰ আণৱিক সংকেট কি?

উত্তৰ : AgNO3 ।

১৬৬) প্ৰশ্ন : কেচাঁ ফল পকাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়?

উত্তৰ : কাৰ্বাইড (C2H4) ব্যৱহাৰ কৰা হয়।

১৬৭) প্ৰশ্ন : কেন্সাৰ ৰোগৰ চিকিৎসাত কি মৌল ব্যৱহাৰ কৰা হয়?

উত্তৰ : কোৱাল্ট।

১৬৮) প্ৰশ্ন : চিমেণ্টৰ প্ৰধান উপাদান কি?

উত্তৰ : কেলচিয়াম অক্সাইড।

১৬৯) প্ৰশ্ন : শিল কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰ : তিনি প্ৰকাৰৰ। যেনে – গেদীয়, আগ্নেয় আৰু ৰুপান্তৰিত শিল।

১৭০) প্ৰশ্ন : তৃতীয়-চতুৰ্থ শতিকাৰ মহান ভাৰতীয় শল্য চিকিৎসক কোন আছিল?

উত্তৰ : সুশ্ৰুত।

১৭১) প্ৰশ্ন : সৰ্বাধিক ব্যৱহৃত ধাতু কি?

উত্তৰ : লো।

১৭২) প্ৰশ্ন : নদীৰ তুলনাত সাগৰত সাঁতুৰিবলৈ সহজ কিয়?

উত্তৰ : নদীৰ তুলনাত সাগৰৰ পানীৰ ঘনত্ব অধিক হোৱা বাবে।

১৭৩) প্ৰশ্ন : ইং ১৯৯৫ চনত ৰসায়ন শাস্ত্ৰত নবেল বঁটা কোনে কোনে লাভ কৰে?

উত্তৰ : পাল্‌ক্ৰাটজেন (নেদাৰলেণ্ড), মেৰিও মলিনা আৰু এফ. চেৰউড (আমেৰিকা)।

১৭৪) প্ৰশ্ন : ইং ১৯৯৫ চনত পদাৰ্থ বিজ্ঞানত নবেল বঁটা কোনে কোনে লাভ কৰে?

উত্তৰ : ষ্টাণ্ডফোৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক মাৰ্টিন এল. পাৰ্ল আৰু কালফোৰ্ণিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক ফ্ৰেডৰিক ৰেইনচ।

১৭৫) প্ৰশ্ন : জীৱ-বিজ্ঞানত ইং ১৯৯৫ চনত নবেল বঁটা কোনে কোনে লাভ কৰে?

উত্তৰ : এডৱাৰ্ড লেউইচ্‌ আৰু এৰিক এফ. উইজ হাউচ (দুয়োজন আমেৰিকাৰ)।

১৭৬) প্ৰশ্ন : তেজত থকা ধাতুৰ নাম কি?

উত্তৰ : আইৰণ।

১৭৭) প্ৰশ্ন : ইং ১৯৭৪ চনত ভাৰতে প্ৰথমটো আণৱিক বিস্ফোৰণ কাৰ নেতৃত্বত ঘটাইছিল?

উত্তৰ : ড° ৰাজা ৰামন্নাৰ নেতৃত্বত।

১৭৮) প্ৰশ্ন : ভাৰতে কেতিয়া আৰু ক’ত দ্বিতীয় বাৰ আণৱিক বিস্ফোৰণ ঘটাইছিল?

উত্তৰ : ইং ১৯৯৮ চনৰ ১১ মে’ তাৰিখে বুদ্ধ পূৰ্ণিমাৰ দিনা ৰাজস্থানৰ পোখৰাণত প্ৰথমে দুটা বিস্ফোৰণ ঘটায়। তাৰ দুদিন পিছত অৰ্থাৎ ১৩ মে’ তাৰিখে আৰু তিনিটা বিস্ফোৰণ ঘটায়।

১৭৯) প্ৰশ্ন : ভাৰতে কোন বিজ্ঞানীৰ নেতৃত্বত দ্বিতীয় বাৰ আণৱিক বিস্ফোৰণ ঘটায়?
উত্তৰ : ড° এ. পি. জে. অব্দুল কালাম (ভাৰত ৰত্ন)ৰ নেতৃত্বত।

১৮০) প্ৰশ্ন : পাকিস্তানে প্ৰথমে কেতিয়া প্ৰথম আণৱিক বিস্ফোৰণ ঘটায়?

উত্তৰ : ১৯৯৮ চনৰ ৩০ মে’ৰ দিনা।

১৮১) প্ৰশ্ন : প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী কোন?

উত্তৰ : কল্পনা চাওলা। জন্ম হাৰিয়ানাত পিছত আমেৰিকাৰ নাগৰিকত্ব গ্ৰহণ কৰিছিল।

১৮২) প্ৰশ্ন : মহাকাশলৈ যোৱা আমেৰিকাৰ প্ৰথম মহাকাশচাৰী জনৰ নাম কি?

উত্তৰ : এলান চেপাৰ্ড।

১৮৩) প্ৰশ্ন : আটাইতকৈ কম বয়সীয়া মহাকাশচাৰী কোন?

উত্তৰ : ছোভিয়েট দেশৰ কৰ্ণেল ঘেৰমান এচ. টিটোভ। ইং ১৯৬১ চনত ২৫ বছৰ ৩২৬ দিনত ভষ্টক - ২  ৰে মহাকাশলৈ গৈছিল।

১৮৪) প্ৰশ্ন : আমেৰিকাৰ প্ৰথম ‘স্পেচ চটল’টোৰ নাম কি?

উত্তৰ : কলম্বিয়া।

১৮৫) প্ৰশ্ন : লোত মামৰে ধৰে কিয়?

উত্তৰ : লো আৰু অক্সিজেনৰ মাজত হোৱা ৰাসায়নিক বিক্ৰিয়াৰ বাবে।

১৮৬) প্ৰশ্ন : চ’ডা পানীত কি গেছ মিহলি হৈ থাকে?
উত্তৰ : এঙাৰ (কাৰ্বন-ডাই-অক্সাইড) গেছ।

১৮৭) প্ৰশ্ন : ডাৱৰ কেনেকৈ সৃষ্টি হয়?
উত্তৰ : সূৰ্যৰ তাপত পৃথিৱীৰ উপৰি ভাগ পানী বাষ্প হৈ ওপৰলৈ যায়। তাৰ পিছত সেই জলীয় বাষ্প আকাশলৈ উৰি গৈ ঘনীভূত হৈ ডাৱৰৰ সৃষ্টি কৰে।

১৮৮) প্ৰশ্ন : কুঁৱলী কেনেকৈ সৃষ্টি হয়?

উত্তৰ : শীতকালত বতাহত থকা জলীয় বাষ্পবোৰ চেঁচা হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ কণিকাত পৰিণত হৈ কুঁৱলীৰ সৃষ্টি হয়।

১৮৯) প্ৰশ্ন : বজ্ৰপাতৰ সৃষ্টি কেনেকৈ হয়?

উত্তৰ : আকাশ আৰু পৃথিৱীত থকা জলবিদ্যুৎ শক্তিৰ আকৰ্ষণৰ ফল স্বৰুপে বজ্ৰপাতৰ সৃষ্টি হয়।

১৯০) প্ৰশ্ন : বৰষুণ হোৱাৰ আগমুহূৰ্তত লোণ বা নিমখ সেমেকে কিয়?

উত্তৰ : বায়ুত জলীয় বাষ্পৰ পৰিমাণ বেছি হ’লে বৰষুণ হয়। আনহাতে বায়ুত থকা জলীয় বাষ্পক লোণে শোষণ কৰে বাবেই বৰষুণ অহাৰ আগে আগে লোণ বা নিমখ সেমেকে

 

উৎস : নতুন চাইঞ্চ কুইজ।

 

 

 

 

3.10638297872
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top