অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পৃথিৱীৰ আশ্চৰ্যসমূহ

প্ৰাচীন যুগৰ

গিজাৰ বৃহৎ পিৰামিড, বেবিলনৰ শূন্যোদ্যান, আৰ্টিমিছৰ মন্দিৰ, অলিম্পিয়াৰ জিউচৰ মূৰ্তি, মাছুলাচৰ মাছুলিয়াম, ৰোড্‌ছৰ কলোছাছ, আলেকজেন্দ্ৰিয়াৰ আলোকস্তম্ভ।

মধ্য যুগৰ

ৰোমৰ কলোছিয়াম, আলেকজেন্দ্ৰিয়াৰ কেটাকম্ব, চীনৰ প্ৰাচীৰ, ইংলেণ্ডৰ ষ্টোন হেঞ্জ, চীনৰ নানকিনৰ চীনা মাটিৰ স্তম্ভ, কনষ্টাণ্টিনোপোলৰ ছেণ্ট ছোফিয়াৰ মূৰ্তি, পিছাৰ হেলনীয়া স্তম্ভ।

নতুন সপ্তাশ্চৰ্য

মানুহে নিৰ্মাণ কৰা পৃথিৱীৰ সাতটা আচৰিত বস্তু নকৈ বিচাৰি উলিয়াবলৈ ২০০১ চনত গঠন কৰা হয় New Open World Corporation (NOWC) অথবা N7W (New 7 Wonders) নামৰ এটি সংস্থা। এই সংস্থাই বিশ্বৰ বিভিন্ন স্থানৰ ২০০ টা আশ্চৰ্য জনক ঐতিহ্য বা স্মৃতিসৌধৰ নাম প্ৰস্তাৱ কৰি বিশ্ব জুৰি আয়োজন কৰা গণ ভোটৰ জৰিয়তে ২০০৬ চনৰ ১ জানুৱাৰীত ইয়াৰে ২১ টাকৈ চুড়ান্ত পৰ্যায়ৰ বাবে বাছনি কৰে। অৱশেষত ২০০৭ চনৰ ৭ জুলাইৰ দিনা (০৭.০৭.০৭) প্ৰথম বাৰৰ বাবে বিশ্ববাসীৰ ভোটৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয় আধুনিক বিশ্বৰ সাতটা আচৰিত বস্তু। সেই কেইটা হ’ল :

(১) চীনৰ প্ৰাচীৰ

(২) জৰ্ডানৰ পেট্ৰা,

(৩) ব্ৰাজিলৰ ষ্টেচু অব্‌ দা খ্ৰাইষ্ট দা ৰিডীমাৰ

(৪) পেৰুৰ মাচু পিচ্ছু

(৫) মেক্সিকোৰ চিচেন ইট্‌জা

(৬) ৰোমৰ কলোছিয়াম আৰু

(৭) আগ্ৰাৰ তাজমহল।

পৃথিৱীৰ বিভিন্ন বঁটা আৰু সন্মান

নোবেল বঁটা

বিজ্ঞানী আলফ্ৰেড নোবেলৰ সন্মানাৰ্থে প্ৰতি বছৰে বিভিন্ন দিশত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক নোবেল বঁটা প্ৰদান কৰা হয়। ছুইডেনৰ বিজ্ঞানী আলফ্ৰেড নোবেলৰ মৃত্যু হয় ১৮৯৬ চনত। মৃত্যুৰ আগেয়ে নোবেলে তেওঁৰ সম্পত্তি আৰু সঞ্চিত ধন এখন উইল কৰি বিশ্বক দান কৰি থৈ যায়। এই সম্পত্তিৰ পৰাই প্ৰতি বছৰে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, চিকিৎসা বিজ্ঞান, সাহিত্য আৰু বিশ্ব শান্তিৰ বাবে বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক আলফ্ৰেড নোবেলৰ নাম অনুসৰি নোবেল বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হয়। এই বঁটা সমূহ ১৯০১ চনৰ পৰা প্ৰদান কৰি অহা হৈছে।

১৯৬৮ চনত ছুইডেনৰ ‘বেংক অব্‌ ছুইডেনে’ বেংকটোৰ ৩০০ বছৰ পূৰ্ণ হোৱা উপলক্ষে আলফ্ৰেড নোবেলৰ স্মৰণত ১৯৬৯ চনৰ পৰা কাৰ্যকৰী হোৱাকৈ ‘বেংক অব্‌ ছুইডেন বঁটা’ (Bank of Sweden) বা ‘অৰ্থনীতিত আলফ্ৰেড নোবেল স্মৃতি বঁটা’ (Alfred Nobel Memorial Prize in Economic Sciences) শীৰ্ষক এটা বঁটা প্ৰদান কৰি আহিছে। অৰ্থনীতিৰ বাবে প্ৰদান কৰা এই বঁটা নোবেল বঁটা প্ৰদানৰ দিনাই (১০ ডিচেম্বৰ) প্ৰদান কৰা হয় আৰু ইয়াৰ অৰ্থ মূল্যও মূল নোবেল বঁটাৰ সমান। আজিকালি এই বঁটাকো অৰ্থনীতিৰ নোবেল বঁটা বুলিয়েই কোৱা হয়।

নোবেল বঁটাক পৃথিৱীৰ সকলো বঁটাৰ ভিতৰতে শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। নোবেল বঁটা সাধাৰণতে জীৱিত জনকহে দিয়া হয়। তদুপৰি কোনো বিষয়তে তিনি জনতকৈ বেছি লোকক এই বঁটা দিয়া নহয়।

এই বঁটাৰ প্ৰতিটো বিভাগৰ বিজয়ী জনক ১.২ নিযুত মাৰ্কিন ডলাৰ (প্ৰায় ৪.৮ কোটি টকা), এখন প্ৰশস্তি পত্ৰ আৰু এটা সোণৰ পদক দিয়া হয়। প্ৰতি বছৰে ১০ ডিচেম্বৰৰ দিনা (আলফ্ৰেড নোবেলৰ মৃত্যু দিন) ছুইডেনৰ ৰাজধানী ষ্টকহ’মত এই বঁটা প্ৰদান কৰা হয়।

মেগছেছে বঁটা

গিলিপাইনৰ ৰাষ্ট্ৰপতি ৰমন মেগছেছেৰ সোঁৱৰণত প্ৰতি বছৰে

(১) আন্তৰ্জাতিক বুজা-পৰা,

(২) সাংবাদিকতা, সাহিত্য আৰু সৃষ্টিশীল কৰ্মৰাজি,

(৩) সমাজ সেৱা,

(৪) উজ্জীৱিত নেতৃত্ব,

(৫) চৰকাৰী সেৱা আৰু

(৬) ৰাজহুৱা নেতৃত্বৰ বিষয়ত বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক এই বঁটা প্ৰদান কৰা হয়।

এই বঁটা ১৯৫৮ চনৰ পৰা প্ৰদান কৰি অহা হৈছে। এই বঁতাক এছিয়াৰ নোবেল বঁটা হিচাপেও অভিহিত কৰা হয়। এছিয়া মহাদেশৰ দেশ সমূহৰ ব্যক্তি বা সংস্থাকহে এই বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এই বঁটাত আছে এটি সোণৰ পদক, এখন প্ৰশস্তি পত্ৰ আৰু ৫০ হাজাৰ আমেৰিকান ডলাৰ।

ইউনেস্কো (UNESCO) পুৰস্কাৰ

বিশ্বশান্তি আৰু আন্তৰ্জাতিক বুজা-পৰাৰ ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট সেৱাৰ বাবে প্ৰতি বছৰে ইউনেস্কো পুৰস্কাৰ প্ৰদান কৰা হয়।

কলিংগ বঁটা

বিজ্ঞানক জনপ্ৰিয় কৰাত অনবদ্য বৰঙণি আগবঢ়োৱা ব্যক্তিক ইউনেস্কোৰ পৰা কলিংগ বঁটা প্ৰদান কৰা হয়। ১৯৫১ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে।

মানৱ অধিকাৰ বঁটা

মানৱ অধিকাৰ সুৰক্ষাৰ দিশত বিশিষ্ট বৰঙণি আগবঢ়োৱা ব্যক্তিক মানৱ অধিকাৰ বঁটা প্ৰদান কৰা হয়।

গ্ৰেণ্ড এছিয়ান বঁটা

‘ফুকুৰা এছিয়ান কালছাৰেল’ সমিতিয়ে প্ৰতি বছৰে এছিয়াৰ কলা, সংস্কৃতি আদিৰ বিকাশ আৰু জনপ্ৰিয় কৰাৰ দিশত বিশিষ্ট বৰঙণি যোগোৱা ব্যক্তিক এই বঁটা প্ৰদান কৰে। এই বঁটাত আছে ৫০ লাখ য়েন (৮.৫ লাখ টন)।

ৰাষ্ট্ৰসংঘৰ জনসংখ্যা বঁটা

জনসংখ্যা বিস্ফোৰণ আৰু ইয়াৰ ফলত হোৱা সমস্যাৰ বিষয়ে জনগণক অৱগত কৰি জনসংখ্যা প্ৰতিৰোধৰ বাবে বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তি ৱা সংস্থাক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে ১০,০০০ ডলাৰ, এটা সোণৰ পদক আৰু এখন ডিপ্ল’মা।

নিশান-ই-পাকিস্তান

পাকিস্তানৰ সৰ্বোচ্চ সন্মান। ১৯৯১ চনত ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী মোৰাৰজী দেশাইক এই বঁটা প্ৰদান কৰা হৈছিল। সেইবাবেই পাকিস্তানৰ বাহিৰৰ ব্যক্তিক এই সন্মান প্ৰথম বাৰৰ বাবে প্ৰদান কৰা হৈছিল।

গ্লোবেল ৫০০ বঁটা

পৰিবেশ সুৰক্ষা আৰু সংৰক্ষণৰ দিশত বিশিষ্ট বৰঙণি আগবঢ়োৱা ব্যক্তিক ‘গ্লোবেল ৫০০’ বঁটা প্ৰদান কৰা হয়।

পুলিৎজাৰ বঁটা

সাংবাদিকতা আৰু ইয়াৰ বিভিন্ন ক্ষেত্ৰ (যেনে : জনসেৱা, অনুসন্ধানমূলক প্ৰতিবেদন, ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰতিবেদন, নিবন্ধ লিখন, সমালোচনা, সম্পাদকীয় লিখন, ফটোগ্ৰাফী আদি), সংগীত, সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়োৱা বিশেষ বৰঙবিৰ বাবে বছৰি এই বঁটা প্ৰদান কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘নিউয়ৰ্ক ৱৰ্ল্ড’ কাকতৰ প্ৰকাশক তথা স্বত্বাধিকাৰী যোছেফ পুলিৎজাৰ (Joseph Puliltzer, ১৮৪৮-১৯১১) মৃত্যুৰ আগতে তেওঁৰ সমস্ত সম্পত্তি আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ ‘স্কুল অব্‌ জাৰ্নেলিজিম’ক দান কৰি যায়। তেওঁৰ ইচ্ছা অনুসৰি প্ৰতিবছৰে পুলিৎজাৰৰ সম্পত্তিৰ ধনৰ অংশৰে বিভিন্ন ক্ষেত্ৰত এই বঁটা প্ৰদান কৰি অহা হৈছে। আমেৰিকাৰ শ্ৰেষ্ঠ বঁটা ৰুপে অভিহিত পুলিৎজাৰ বঁটাৰ প্ৰতিটো শাখাৰ বৰ্তমান (২০০২) অৰ্থমূল্য ৫,০০০ মাৰ্কিন ডলাৰ। অৱশ্যে জনসেৱাৰ (সাংবাদিকতা) ক্ষেত্ৰত নগদ ধনৰ পৰিৱৰ্তে এটা পদকহে প্ৰদান কৰা হয়। ১৯১৭ চনৰ পৰা প্ৰদান কৰি এই বঁটা ২০০০ চনত ভাৰতৰ ঝুম্পা লাহিড়ীয়ে তেওঁৰ ‘ইণ্টাৰপ্ৰেটাৰ অব্‌ মেলাডিছ’ গ্ৰন্থৰ বাবে লাভ কৰে।

অস্কাৰ বঁটা

বিশ্ব চলচ্চিত্ৰৰ সৰ্বোচ্চ বঁটা। আমেৰিকাৰ ‘একাডেমী অব্‌ ম’চন পিকচাৰ আৰ্টছ এণ্ড ছায়েন্সছ’ –এ প্ৰতি বছৰে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰ, তথ্যচিত্ৰ, পৰিচালক, অভিনেতা, অভিনেত্ৰী, কাহিনী, চিনেমাট’গ্ৰাফী, কলা-নিৰ্দেশনা, সম্পাদনা, সংগীত, স্পেচিয়েল এফেক্টছ, ৰুপসজ্জা, সাজসজ্জা, প্ৰযুক্তিগত অৰিহণা আদি বহুকেইটা শিতানত অস্কাৰ বঁটা প্ৰদান কৰে। এই বঁটা একাডেমী বঁটা বা একাডেমী এৱাৰ্ড নামেৰেও জনাজাত। ১৯২৯ চনৰ ১৬ মে’ত প্ৰথম বাৰৰ বাবে অস্কাৰ বঁটা প্ৰদান সমাৰোহ অনুষ্ঠিত হৈছিল। অস্কাৰ বঁটাটো প্ৰায় ৩.৬ কিলোগ্ৰাম ওজনৰ আৰু ৩৪.৩ চেণ্টিমিটাৰ উচ্চতাৰ এটা অৰ্দ্ধনগ্ন পুৰুষৰ মূৰ্তি। ২৪ কেৰেট সোণৰ প্ৰলেপ দিয়া ব্ৰ্ঞ্জেৰে নিৰ্মিত এই মূৰ্তিটো থিয় হৈ আছে চলচ্চিত্ৰৰ ৰীলৰ আকৃতিৰ এক বেদীৰ ওপৰত। ভাৰতৰ ভানু আথাইয়া (‘গান্ধী’ ছবিৰ সাজসজ্জাৰ বাবে ১৯৮২ চনত) আৰু সত্যজিৎ ৰয়ে (চলচ্চিত্ৰ জগতলৈ জীৱন জোৰা সাধনাৰ বাবে বিশেষ অস্কাৰ বঁটা, ১৯৯২ চনত) অস্কাৰ বঁটা লাভ কৰিছে।

ৰাইট লাইভলিহুড বঁটা

প্ৰতি বছৰে পৰিবেশ, শান্তি, সমাজ সেৱা আদি দিশত বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তি বা সংস্থাক ‘ৰাইট লাইভলিহুড বঁটা’ প্ৰদান কৰা হয়। এই বঁটাত আছে ২,৫০,০০০ ডলাৰ।

১৯৮০ চনত জাৰ্মান-ছুইডেনৰ সহযোগত এই বঁটা প্ৰতিষ্ঠা কৰা হয়। এক মূল্যৱান টিকট বিক্ৰীৰ জৰিয়তে এই বঁটাৰ পুঁজি সংগ্ৰহ কৰা হয়।

শেহতীয়া উন্নীতকৰণ: : 4/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate