অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জহান্স কেপলাৰ

জহান্স কেপলাৰ

১৫৭১ চনৰ ২৭ ডিচেম্বৰত জাৰ্মানীৰ ৱেইল দাৰ ষ্টেট নামৰ এখন ঠা‍ইত কেপলাৰৰ জন্ম হয় | তেওঁৰ দেউতাকৰ নাম আছিল হেন্ৰিক কেপলাৰ | সৰুতে তেওঁ বসন্ত ৰোগত আক্ৰান্ত হোৱাৰ কাৰণে তেওঁৰ গোটেই গাতে অসংখ্য দাগ থাকি যায় আৰু এটা চকুৰো দৃষ্টিশক্তি হেৰুৱায় | ১৫৭৬ চনত তেওঁলোকৰ পৰিয়ালটো লিয়ঁবাৰ্গ নামৰ ঠাইলৈ স্থানান্তৰিত হয় আৰু তাতেই তেওঁৰ বিদ্যাশিক্ষা আৰম্ভ হয় | ১৫৮৩ চনত তেওঁ ষ্টুটগাৰ্টৰ পৰা স্কুলীয়া শিক্ষা সাং কৰে আৰু ১৫৮৯ চনত এটা জলপানী লাভ কৰি টুয়েবিন্‌জেন বিশ্ববিদ্যালয়ত ধৰ্মতত্ব বিষয়ত অধ্যয়ন আৰম্ভ কৰে|

সেইসময়তে তেওঁ উক্ত বিশ্ববিদ্যালয়ৰ গণিত আৰু জ্যোতিৰ্বিদ্যাৰ অধ্যাপক মাইকেল মেষ্টলিনৰ সংস্পৰ্শলৈ আহে আৰু তেওঁৰ জৰিয়তে কপাৰ্নিকাচৰ "পৃথিৱী নহয়, সূৰ্যহে সৌৰজগতৰ কেন্দ্ৰত অৱস্থিত" এই তত্ত্বৰ বিষয়ে জানিব পাৰে আৰু বিশ্বাস কৰিবলৈ ধৰে |  লগতে তেওঁ গণিত আৰু জ্যোতিৰ্বিদ্যাৰ প্ৰতি আকৃষ্ট হয় | ১৫৯১ চনত তেওঁ সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু ধৰ্মতত্বৰ অধ্যয়ন অব্যাহত ৰাখে| ১৫৯৪ চনত তেওঁ গ্ৰেজ নামৰ ঠাইলৈ যায় আৰু তাত এজন গণিত শিক্ষক হিচাবে কৰ্মজীৱন আৰম্ভ কৰে|

গ্ৰেজত তেওঁ পঞ্জিকা তৈয়াৰ কৰা আৰু কোষ্ঠী লিখা কামৰ বাবে বিখ্যাত হৈ পৰে | ১৫৯৬ চনত তেওঁ ‘মিষ্টেৰিয়াম কস্ম’গ্ৰাফিকাম’ নামৰ এখন জ্যোতিৰ্বিদ্যা বিষয়ৰ পুথি প্ৰকাশ কৰে |  ১৫৯৭ চনৰ এপ্ৰিল মাহত কেপলাৰে বাৰ্বাৰা মুৱেলাৰক বিয়া কৰে | ১৫৯৮ চনত সকলো প্ৰটেষ্টান্টকে দেশৰ পৰা বাহিৰ কৰি দিয়াত তেওঁ দেশ এৰি যাবলৈ বাধ্য হয় | অৱশেষত ১৬০০ খৃষ্টাব্দত তেওঁ টাইকো ব্ৰাহে (১৫৪৬-১৬০১) নামৰ গণিতজ্ঞ তথা জ্যোতিৰ্বিজ্ঞানীজনৰ ওচৰ পাইগৈ | ব্ৰাহেই সেই সময়ত সম্ৰাট ৰুডল্ফ ২-ৰ  কাৰণে কাম কৰি আছিল আৰু সেইসময়ৰ আটাইতকৈ শুদ্ধ বস্তুৰ পৰিমাণ জোখা সঁজুলিৰ গৰাকী আছিল | কেপলাৰে তেওঁৰ সহকাৰী হিচাবে কামত  ভৰ্ত্তি হয় | কিন্তু ব্ৰাহেই কেপলাৰৰ দৰে কপাৰ্নিকাচৰ তত্ত্বত বিশ্বাস নকৰিছিল আৰু সেইবাবে দুয়ো একলগে কাম কৰাত বহুতো অসুবিধাৰ সন্মুখীন হৈছিল|

১৬০১ খৃষ্টাব্দত ব্ৰাহেৰ মৃত্যুৰ পাচত কেপলাৰ সম্ৰাটৰ মুখ্য গণিতজ্ঞ নিযুক্ত হয় আৰু ইমানদিনে ব্ৰাহেৰ হাতত থকা তথ্য আৰু সঁজুলিসমূহ ব্যৱহাৰ কৰাৰ সুযোগ লাভ কৰে | ১৬০৪ খৃষ্টাব্দত তেওঁ নিজে দেখা ‘চুপাৰ নোভা’ৰ বিষয়ে এটি টোকা লিখে আৰু মঙ্গল গ্ৰহৰ কক্ষপথৰ বিষয়ে কৰা তেওঁৰ আৱিষ্কাৰৰ বিষয়ে প্ৰকাশ কৰে| ১৬০৯ খৃষ্টাব্দত প্ৰকাশিত এই লিখাত কেপলাৰৰ গ্ৰহৰ গতি সম্পৰ্কে প্ৰথম দুটা তত্ত্ব প্ৰকাশ পায়|

গেলিলিওৰ পাচত তেৱেঁই টেলিস্ক’পৰ জৰিয়তে চন্দ্ৰ আৰু বৃহস্পতিৰ উপগ্ৰহ কেইটাৰ পৃষ্ঠভাগ চাবলৈ সক্ষম হয় আৰু তেওঁ আলোকবিদ্যাৰ অধ্যয়নতো মন দিয়ে| তেওঁ জ্যোতিৰ্বিদ্যাত ব্যৱহাৰ্য এটা টেলিস্ক’প আৱিষ্কাৰ কৰে আৰু ১৬১১ খৃষ্টাব্দত ডায়প্‌ট্ৰিচ নামৰ এখন আলোকবিদ্যা বিষয়ৰ পুথি ৰচনা কৰে | সেই‍বছৰৰে জুলাই মাহত তেওঁৰ পত্নী বাৰ্বাৰাৰ মৃত্যু হয়|

১৬১২ চনত সম্ৰাট ৰুডল্ফ ২-ৰ মৃত্যুৰ পাচত তেওঁৰ ভায়েক মেথিয়াছ ৰজা হয় | ১৬১৩ চনৰ অক্তোবৰ মাহত তেওঁ দ্বিতীয়বাৰৰ বাবে চুচান ৰেউটিঞ্জাৰ নামৰ মহিলা এগৰাকীক বিয়া কৰায়  আৰু লিঞ্জ নামৰ ঠাইত থাকিবলৈ লয় | তাতে তেওঁ সঙ্গীতৰ তাত্ত্বিক দিশৰ ওপৰত অধ্যয়ন কৰে আৰু ১৬১৯ চনৰ জুলাই মাহত পৃথিৱী ব্যাপি থকা লয়ৰ (হাৰ্মনি) সংক্ৰান্তত ‘হাৰ্মনিচেছ মুন্দি’ নামৰ এখন পাঁচটা খণ্ডৰ বৃহদাকাৰ পুথি ৰচনা কৰে| ইয়াৰে পঞ্চম খণ্ডটোত কেপলাৰৰ তৃতীয় তত্ত্বটো অন্তৰ্ভুক্ত হয়| লিঞ্জত থাকোতেই তেওঁ ‘এপিট’ম এষ্ট্ৰনমি কোপাৰ্নিকেনি’ আৰু ‘টেবুলি ৰুডল্ফিনি’ নামৰ আৰু দুখন পুথিৰ কাম শেষ কৰে|

১৬১৫ খৃষ্টাব্দত কেপলাৰৰ মাতৃ যাদুকৰী সংক্ৰান্তীয় এক গোচৰত অভিযুক্ত হয় আৰু কেপলাৰে ছয়বছৰ ধৰি এই গোছৰত মাকৰ হৈ ওকালতি কৰে| ১৬১৮ খৃষ্টাব্দত বিখ্যাত ৩০ বছৰীয়া যুদ্ধ আৰম্ভ হয়| ১৬২৬ খৃষ্টাব্দত কেপলাৰে লিঞ্জ ত্যাগ কৰে আৰু উল্ম নামৰ ঠাইলৈ যায়| তাতে তেওঁ ‘ৰুডল্ফিয়ান তালিকা’ৰ কাম শেষ কৰে আৰু ১৬২৭ খৃষ্টাব্দত ই প্ৰকাশিত হয়|

১৬২৮ খৃষ্টাব্দত তেওঁ চিলেচিৰ চাগান নামৰ চহৰলৈ যায় আৰু তাত এজন গণিতজ্ঞ হিচাবে নিযুক্ত হয়| ১৬৩০ খৃষ্টাব্দত ১৫ নৱেম্বৰত ৰেগেন্সবাৰ্গ নামৰ ঠাইত কেপলাৰৰ মৃত্যু হয়| গেলিলিও গেলিলি আৰু আইজাক নিউটনৰ পাচত কেপলাৰ আছিল অন্যতম প্ৰখ্যাত প্ৰকৃতিবিদ|  পৰিতাপৰ কথা যে তেওঁৰ কবৰটো তেওঁৰ মৃত্যুৰ কেইবছৰমান পাচত জাৰ্মানীত ৩০ বছৰীয়া যুদ্ধ চলি থকা সময়চোৱাৰ ভিতৰতে ধ্বংসপ্ৰাপ্ত হয়|

লিখক: প্ৰবোধ বৰা।

শেহতীয়া উন্নীতকৰণ: : 3/8/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate