অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পক্ষীসংৰক্ষণৰ প্রয়োজনীতানো কি আৰু কেনেকৈ

পক্ষীসংৰক্ষণৰ প্রয়োজনীতানো কি আৰু কেনেকৈ

চৰাই হৈছে প্রকৃতিজগতৰ এনে এক প্রাণী যিয়ে চিৰদিন আমাক লৈ যায় এক ৰহস্যময় জগতলৈ। শিহৰিত ক'ৰে মন মস্তিষ্কক পলে পলে । প্রাকৃতিক বনাঞ্চলেৰে ,জলাশয়েৰে পৰিপূৰ্ণ অসমভূমিত, আমি দেখা পাওঁ বিবিধ প্রজাতিৰ চৰাই । কেতবোৰ আমাৰ ঘৰচীয়া , কেতবোৰ আলহী । কেতবোৰ চকুৰ চিনাকী কেতবোৰ আকৌ কাচিৎহে দৃষ্টিগোচৰ হয়। কিন্তু , আজি কেৱল অসমতে নহয় সমগ্র পৃথিৱীতে দ্রুতগতিত কমি আহিছে চৰাই । সংকটাপন্ন আজি ,প্রকৃতিৰ বিনন্দীয়া পক্ষীকুলৰ জীৱন। কিছুমান চৰাই বিলুপ্ত হৈছে আৰু কিছুমান অৱলুপ্তিৰ পথত । সেয়ে পক্ষীবিদসকলে পক্ষী সংৰক্ষণৰ কথালৈ গভীৰভাবে চিন্তান্বিত হৈছে। এই সম্পৰ্কে জনসচেতনতা বৃদ্ধিৰ বাবে বিভিন্ন প্রচেষ্টা হাতত লোৱা হৈছে । তথাপিও বিশেষ লাভান্বিত হোৱা নাই ।

আহকচোন, পক্ষীসংৰক্ষণৰ প্রয়োজনীতানো কি আৰু কেনেকৈ সেইসম্পৰ্কে আমি বিশেষজ্ঞসকল অভিমত সম্পৰ্কে জ্ঞাত হওঁ ----

নীতিগতঃ--- কেৱল আনন্দ বা উদৰৰ চাহিদা পুৰণৰ হেতু , একেখন পৃথিৱীৰ অন্য বাসিন্দাক শোষণ ক'ৰা আৰু হত্যা ক'ৰাৰ নৈতিক অধিকাৰ আমাৰ নাই । যি হাৰত আমি কণী , মাংস আৰু শিল্প উদ্যোগত ৰংচঙীয়া গৃহসজ্জাৰ সামগ্রী নিৰ্মাণৰ বাবে আমি চৰাইৰ ৰঙীন পাখি বা ছাল ব্যৱহাৰ কৰো, সেয়া অমাৰ্জনীয় । বন্ধ হোৱা উচিত ।

নান্দনিকতাঃ--- পৃথিৱীৰ প্রতিটো জীৱৰে প্রজাতি কেৱল এবিধ সৌন্দৰ্যবৰ্ধনৰ বাবেই নহয়, ই ক্রমবিকাশ প্রক্রিয়াৰ এনে এক অপৰিহাৰ্য সম্পদ, যাৰ অবিহনে বিশৃংখল হৈ যাব পৃথিৱীৰ জীৱজগত । প্রতিটো জীৱৰ প্রজাতিয়ে অনন্য যাৰ ঠাই আন কোনেও পূৰাব নোৱাৰে।

বাস্তবিকতাঃ--- পৃথিৱীৰ যিকোনো এটা জীৱৰ প্রজাতিৰ বিলুপ্তি ঘটাৰ মূলতে হ'ল ,পৃথিৱীৰ পৰিবেশৰ অৱনতি । কিয়নো প্রতিটো জীৱ-প্রজাতিকে বৰ্তি থাকিবৰ বাবে উপযুক্ত পাৰিপাৰ্শ্বিকতাৰ প্রয়োজন হয়। প্রানীকূলৰ বিলুপ্তি , প্রাকৃতিক পৰিবেশৰ অৱনতিৰ অশণি-সংকেত।

অৰ্থনৈতিক কাৰণঃ---- কোনো এবিধ প্রজাতি সংৰক্ষণ কৰাৰ পূৰ্বে আমি জনা প্রয়োজন যে কিয় এই প্রজাতি বিলুপ্ত হৈছে ? পৰিলক্ষিত হৈছে যে কোনো এবিধ প্রাণীৰ মৃত্যুৰহাৰ যেতিয়া প্রজনন হাৰতকৈ কমি যায় তেতিয়া সেইবিধ প্রাণীৰ সংখ্যা কমি যায়।সেয়ে ইয়াৰ অকাল মৃত্যুৰ সুনিৰ্দিষ্ট কাৰণ জৰীপ কৰি তাৰ প্রতিকাৰৰ ব্যৱস্থা কৰিব লাগে । আইনৰ দ্বাৰা চিকাৰ, কণী সংগ্রহ আৰু পক্ষী সংগ্রহ বন্ধ কৰি মৃত্যুৰ হাৰ কমাব পাৰি কিন্তু প্রজননৰ হাৰ বঢ়াবৰ বাবে ,যথেষ্ট জৈৱিক জ্ঞান আৰু কুশলতাৰ প্রয়োজন । যদি সুপৰিকল্পিতভাবে চিৰিয়াখানা , বিনোদনৰ পাৰ্ক আদিৰ ব্যৱস্থা ক'ৰা হয় , যথেষ্ট লাভান্বিত হ'ব পাৰি ।

বিজ্ঞানসন্মতঃ--- জীৱবিদসকলৰ বাবে, এটা প্রজাতিৰ বিলুপ্তিৰ অৰ্থ হ'ল-- সম্ভাৱনাপূৰ্ণ গৱেষণাৰ এক সমলৰ মৃত্যু হোৱা । হয়তো সি এক নতুন বৈজ্ঞানিক আবিষ্কাৰৰ উৎস আছিল।

বহুবোৰ কাৰকে পক্ষীকূলৰ বিলুপ্তিৰ ক্ষেত্রত পোনপটীয়া প্রভাৱ পেলাইছে । তাৰ ভিতৰত অন্যতম কাৰক হৈছে ডি.ডি.টি.ৰ ভয়াবহ প্রতিক্রিয়া। ডি.ডি.টি. আৰু ডিলড্রিনৰ বাবে ,বহুবিধ ঈগল আৰু শেন চৰাই মৃত্যুমুখত পৰিছে । পৃথিৱীৰ বহুঠাইত মানুহে প্রাকৃতিক অৰণ্যৰ বহুলাংশে ধ্বংস কৰাৰ ফলত বহুবিধ চৰাই আজি বিলুপ্ত হৈ গৈছে ।

পক্ষী সংৰক্ষণৰ বাবে ল'ব লগা ৩টা প্রয়োজনীয় পদক্ষেপঃ--- 
১। আছুতীয়া বন্যভূমিৰ প্রসাৰ আৰু সংৰক্ষণ। য'ত মানুহৰ প্রভাৱ নুন্যতম হ'ব। যাতে পক্ষীকূলে পাই সাছন্দ্যৰে প্রাকৃতিক পৰিবেশত বাস আৰু বংশবিস্তাৰৰ সুযোগ । 
২। বিপন্ন চৰাইক বধ কৰা , ধৰা আৰু কণী সংগ্রহ কৰা কাৰ্য কঠোৰ আইন প্রণয়নৰ দ্বাৰা বন্ধ ক'ৰা উচিত। 
৩। বন্দী অৱস্থাত ৰাখি বিপন্ন চৰাইৰ পোৱালী জগোৱা, আৰু পাছত প্রাকৃতিক আবাসলৈ এৰি দি প্রাকৃতিক পৰিবেশত , স্বাভাবিকভাবে সিহঁতৰ বংশবিস্তাৰৰ ব্যৱস্থা ক'ৰা ।

আজি মানুহে নিজৰ প্রয়োজনত, দ্রুতগতিত ধ্বংস কৰি আহিছে অৰণ্য। সেয়েহে হেৰাই গৈছে পৃথিৱীৰ পৰা বহুতো চৰাই । 
এখন পূৰ্ণ পৰ্যায়ৰ অৰণ্যৰ বাবে প্রয়োজন হয় শ' শ' বছৰ । হেৰাই যোৱা চৰাইবোৰ পুনৰ ঘূৰাই পামনে ?
এজন পক্ষীবিদৰ মতে জীৱজগতৰ অস্তিত্ব নিৰ্ভৰ কৰিছে,--- মানুহ আৰু প্রকৃতিৰ মাজত এটা নতুন ভাৰসাম্যযুক্ত পাৰস্পৰিক সম্পৰ্কৰ সুদৃঢ় সেতুবন্ধনত ।

লেখিকা: অনিতা গগৈ ।

শেহতীয়া উন্নীতকৰণ: : 5/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate