অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৰ্তমানৰ গভীৰ মহাকাশ অভিযানসমূহ

বৰ্তমানৰ গভীৰ মহাকাশ অভিযানসমূহ

ৰহস্যময় মহাকাশখনত সৃষ্টিকৰ্তাই ক’ত কি যে সৃষ্টি কৰি থৈ গৈছে৷ প্ৰাচীন কালৰ পৰা আজিলৈকে মানুহৰ কৌতূহলক জোকাৰি অহা গ্ৰহ-নক্ষত্ৰক বুজিবলৈ আধুনিক মানুহে বহুতো মহাকাশযান প্ৰেৰণ কৰিছে৷ বিভিন্ন দেশৰ কেইবাটাও মহাকাশ প্ৰতিষ্ঠান বৰ্তমান কেতবোৰ "গভীৰ মহাকাশ" (deep space) অভিযানত ব্ৰতী হৈ আছে৷ "গভীৰ মহাকাশ" বুলিলে আমাৰ পৃথিৱীৰ মধ্যাকৰ্ষণৰ বাহিৰৰ অৰ্থাৎ পৃথিৱী আৰু চন্দ্ৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ বাহিৰৰ মহাকাশখন বুজোৱা হয়৷  কাৰিকৰী দিশৰ পৰা উন্নত আৰু অতি আমোদজনক এই প্ৰকল্পসমূহৰ বিষয়ে ইয়াত দুআষাৰ লিখিবলৈ যত্ন কৰিলোঁ৷

নিউ হৰাইজ’ন্‌চ (New Horizons):

'নিউ হৰাইজ’ন্‌চ' (নতুন দিগন্ত) মানৱসৃষ্ট আটাইতকৈ বেগী যান৷ যোৱা ১৯-জানুৱাৰী-২০০৬ তাৰিখে নিক্ষেপ কৰা এই মহাকাশ যানখন প্ৰতি চেকেণ্ডত ১৬.৩ কি.মি. বেগেৰে বামন গ্ৰহ (draft planet) প্লুট’ৰ দিশত গতি কৰি আছে৷

ইতিমধ্যে বৃহস্পতি আৰু তাৰ উপগ্ৰহসমূহৰ বিভিন্ন জোখ-মাখ আৰু চিত্ৰ গ্ৰহণ কৰি ই বৰ্তমান প্লুট’ৰ ফালে গতি কৰি আছে৷ ১৪-জুলাই-২০১৫ তাৰিখে ই প্লুট’ আৰু তাৰ উপগ্ৰহসমূহ যেনে - চেৰন, স্তিক্স, নিক্স আৰু হাইদ্ৰা (Charon, Styx, Nix & Hydra)  আদিৰ পৰিয়ালটিৰ অতি কাষেৰে মানে প্ৰায় ১০,০০০ কি.মি. দূৰেৰে পাৰ হৈ যাব৷ আশা কৰা হৈছে যে ই বিশেষকৈ প্লুট’ আৰু উপগ্ৰহ চেৰনৰ পৃষ্ঠভাগৰ অতি সূক্ষ্ম চিত্ৰ (50m/px) আৰু আন বহুতো জোখ-মাখ ল’ব পাৰিব আৰু বহুতো নতুন নতুন তথ্য আবিস্কাৰ কৰিব পাৰিব৷ ইয়াৰ দ্বাৰা ৰহস্যময় প্লুট’-পৰিয়ালৰ বহুতো কথা আমি জানিব পাৰিম৷

নিউ হৰাইজ’ন্‌চে প্লুট’পৰিয়ালৰ সবিশেষ জোখ-মাখ লৈ সৌৰজগতৰ সীমান্তৰ 'কুইপাৰ পেটি' (Kuiper Belt)ৰ ফালে গতি কৰিব৷ 'কুইপাৰ পেটি' হৈছে অগণন গ্ৰহাণু, মহাকাশীয় শিলা আদিৰ এক বৃহৎ সমষ্টি৷ আশা কৰা হৈছে, ভয়েজাৰ-১, ভয়েজাৰ-২-ৰ দৰেই এই মহাকাশ যানখনেও বহিঃসৌৰজগতৰ বহুতো ৰোমাঞ্চক তথ্য আমালৈ পঠিয়াব পাৰিব৷

 

জুন’ (Juno)

আমেৰিকান মহাকাশ প্ৰতিষ্ঠান 'নাচা' (NASA)-ৰ গভীৰ মহাকাশলৈ নিক্ষেপ কৰা আন এখন যান হ’ল 'জুন’'(Juno)৷ ই বৃহস্পতি গ্ৰহৰ চাৰিওফালে এক কক্ষপথত নিজকে স্থাপন কৰি সেই গ্ৰহটোৰ সবিশেষ অধ্যয়ন কৰিব৷ বিভিন্ন বাৰংবাৰতাৰ ৰেডিঅ’ সংকেত, চুম্বক তৰংগ, মধ্যাকৰ্ষণৰ তাৰতম্য আদি জুখিব পৰা কেইবাটাও সংবেদকেৰে সমৃদ্ধ এই যানখনে ৫বছৰীয়া এক দীঘলীয়া যাত্ৰাৰ অন্তত ২০১৬ চনৰ জুলাই মাহত নিজৰ কৰ্মস্থল বৃহস্পতি গ্ৰহৰ ওচৰত উপনীত হ’বগৈ৷

সংবেদকসমূহৰ সহায়ত ই গেছীয় গ্ৰহটোৰ গঠন (composition) আৰু সৃষ্টিৰ বিষয়ে নতুন তথ্য পোহৰলৈ আনিব পাৰিব বুলি আশা কৰা হৈছে৷

 

ৰচেট্টা (Rosetta)

ইউৰোপীয় মহাকাশ প্ৰতিষ্ঠান প্ৰেৰণ কৰা 'ৰচেট্টা' (Rosetta) নামৰ এই মহাকাশ যানখনে চাৰয়ুমভ-গেৰাচিমেনক’ (67P/Churyumov–Gerasimenko) নামৰ ৪ কি.মি. ব্যাসৰ ধূমকেতু এটা বিশদভাৱে অধ্যয়ন কৰিব৷ ২০০৪ চনতেই নিক্ষেপ কৰা এই যানখন ১০ বছৰৰ যাত্ৰাৰ অন্তত ২০১৪ চনৰ মাজভাগত ধূমকেতুটোৰ ওচৰ পাইছেহি৷ মূল যানখনে ধূমকেতুটোক পৰিভ্ৰমণ কৰি সূৰ্যৰ ওচৰ চপাৰ লগে লগে হোৱা পৰিবৰ্তনসমূহ নিৰিক্ষণ কৰিব৷ আনহাতে ই কঢ়িয়াই লৈ যোৱা 'ফিলাই' (Philae) নামৰ যান্ত্ৰিক যান এখন ধূমকেতুটোৰ শিলাময় পৃষ্ঠত অবতৰণ কৰি তিনিখন স্ক্ৰু-যুক্ত ভৰিৰ সহায়ত থিতাপি ল’ব৷ তাৰ পিছত ই ধূপকেতুটোৰ ৰাসায়নিক গঠন, চুম্বক শক্তি, কম্পন আদি বিভিন্ন ধৰণৰ জোখ-মাখ ল’ব৷

ধূমকেতুত অৱৰতণ কৰা ই হ’ব সৰ্ব প্ৰথম মানৱ-নিৰ্মিত যান৷ ধূমকেতুবোৰে সৌৰজগতৰ অতি প্ৰাচীন বাসিন্দা, সেয়ে এই অভিযানে আমাৰ সৌৰজগতখনৰ উৎপত্তিৰ বিষয়ে বহু কথা জানিবলৈ দিব বুলি আশা কৰা হৈছে৷

ভেনাচ্‌ এক্সপ্ৰেচ্‌ (Venus Express)

২০০৫ চনৰ নবেম্বৰ মাহতে আৰম্ভ হোৱা এই অভিযান এতিয়াও চলি আছে৷ ইউৰোপীয় মহাকাশ প্ৰতিষ্ঠানৰ এই যানখনে ২০০৬ চনৰ এপ্ৰিল মাহত শুক্ৰ গ্ৰহত উপনিত হয়গৈ আৰু তেতিয়াৰ পৰা গ্ৰহটোক পৰিভ্ৰমণ কৰি বিভিন্ন তথ্য আমালৈ পঠিয়াইছে৷ ইয়াৰ দ্বাৰা শুক্ৰ গ্ৰহৰ বায়ুমণ্ডলৰ তথ্য আহৰণ কৰি, জলবায়ু নিৰীক্ষণ কৰি পৃথিৱীৰ জলবায়ু-পৰিবৰ্তনৰ বিষয়ে বিজ্ঞানীসকলে অধিক বুজিব পাৰিছে৷

যোৱা জুন মাহৰ শেষৰ ভাগত পৰীক্ষামূলকভাৱে যানখন শুক্ৰ গ্ৰহৰ পৃষ্ঠভাগৰ বহু ওচৰলৈ নি ইয়াৰ অতি ঘন বায়ুমণ্ডলত প্ৰবেশ কৰোৱাই বায়ব্য গতিৰোধ (aerobraking) কৰায়৷

দ’ন (Dawn)

'নাচা'ৰ আন এখন গভীৰ মহাকাশ অন্বেষণকাৰী যান হ’ল "দ’ন" (Dawn, মানে পুৱতিনিশা)৷ ২০০৭ চনৰ চেপ্তেম্বৰ মাহত এই যানখনক মঙ্গল আৰু বৃহস্পতি গ্ৰহৰ কক্ষপথৰ মাজৰ গ্ৰহাণু বলয়ত (asteroid belt) থকা ভেস্তা (Vesta) আৰু চেৰেচ (Ceres) নামৰ দুটা গ্ৰহাণু অধ্যয়ন কৰিবলৈ পঠিওৱা হয়৷ ই ভেস্তাক ২০১১ চনৰ জুলাই মাহৰ পৰা ২০১২ চনত ডিচেম্বৰ মাহলৈকে অধ্যয়ন কৰি এতিয়া চেৰেচৰ ফালে গতি কৰি আছে৷ ২০১৫ চনত মাৰ্চ-এপ্ৰিল মাহত ই চেৰেচৰ ওচৰ পাবগৈ৷

চেংএ-২ (Chang`e-2)

২০১০ চনৰ অক্টোবৰ মাহত নিক্ষেপ কৰা  চীনদেশৰ এই যানখনে প্ৰথমে চন্দ্ৰক প্ৰদক্ষিণ কৰে৷ তাৰ পিছত ই পৃথিৱীৰ পৰা ১৫লাখ কি.মি. নিলগত থকা L2 নামৰ বিন্দুটো পাই গৈ আৰু তাৰ পৰা বিভিন্ন তথ্য প্ৰেৰণ কৰে৷ ২০১২ চনৰ এপ্ৰিল মাহত ই এই বিন্দুটোৰ পৰা বিদায় লয় আৰু টাওটাটিচ্ (4179 Toutatis) নামৰ গ্ৰহাণুৰ ফালে ৰাওনা হয়৷  সেই বছৰৰ ডিচেম্বৰ মাহত ই টাওটাটিচৰ মাত্ৰ ৩.২ কি.মি. কাষেৰে পাৰ হৈ বিভিন্নধৰণৰ তথ্য সংগ্ৰহ কৰে৷ কোনো গ্ৰহাণুৰ ইমান ওচৰেদি পাৰ হৈ যোৱা ই প্ৰথম মহাকাশযান৷  এতিয়া গভীৰ মহাকাশৰ গভীৰতৰ স্থানলৈ গতি কৰি আছে৷ চীন দেশৰ গভীৰ মহাকাশৰ দূৰ-সংযোগ আৰু দূৰ-নিয়ন্ত্ৰণ যন্ত্ৰ-পাতিসমূহ পৰীক্ষা  কৰাত সহায় কৰিব৷

মংগলযান:

আমাৰ ভাৰতবৰ্ষও এই ক্ষেত্ৰত পিছ পৰি থকা নাই৷ ভাৰতীয় মহাকাশ প্ৰতিষ্ঠান ISRO-ৰ গভীৰ মহাকাশলৈ পঠিওৱা প্ৰথম আৰু একমাত্ৰ যান হৈছে - 'মংগলযান'৷ ৫-নবেম্বৰ-২০১৩ চনত নিক্ষেপ কৰা এই যানখনে  ৩০০ দিনৰো অধিক যাত্ৰা কৰি ২০১৪ চনৰ চেপ্তেম্বৰ মাহত মংগল গ্ৰহৰ কাষ পাবগৈ আৰু গ্ৰহটোৰ চাৰিওফালে পৰিভ্ৰমণ কৰিবলৈ আৰম্ভ কৰিব৷  এই অভিযানে ভাৰতৰ গভীৰ মাহাকাশ অভিযান কৰিব পৰা কাৰিকৰী অৰ্হতা প্ৰদৰ্শন কৰাৰ লগতে মংগল গ্ৰহৰ পৃষ্ঠভাগৰ মানচিত্ৰ, বায়ুমণ্ডলৰ গঠন আদি অধ্যয়ন কৰিব৷

ফটো: commons.wikimedia.org

বিক্ৰম মজিন্দাৰ বৰুৱা

শেহতীয়া উন্নীতকৰণ: : 3/8/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate