অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুৰ সুস্থ ব্যক্তিত্ব গঠনৰ কেতবোৰ লক্ষণঃ

শিশুৰ সুস্থ ব্যক্তিত্ব গঠনৰ কেতবোৰ লক্ষণঃ

 

 

শিশুৱে প্ৰদৰ্শন কৰা আচৰণৰ ওপৰত ভিত্তি কৰিয়েই ব্যক্তিত্ব নিৰূপণ বা মূল্যায়ণ আৰু তাৰ বৰ্ণনা কৰা হয়। আচৰণৰ এনেবোৰ বৰ্ণনা স্বাভাৱিক, যুক্তিসংগত আৰু আমাৰ মনঃপুত হৈ উঠা ব্যক্তিকেই সুস্থ বা স্বাভাৱিক ব্যক্তিত্বৰ লোক বুলি আমি ক’ব খোজো। ই ব্যক্তিত্বৰ বিবেচনা অথবা বিচাৰকৰণৰ এক আনুমানিক মানদণ্ডহে মাথোন, যাক স্পষ্ট আৰু বস্তুনিষ্ঠভাৱে বৰ্ণনা কৰা কঠিন। কোনজনৰ ব্যক্তিত্ব স্বাভাৱিক আৰু কোনজনৰ অস্বাভাৱিক এই কথাৰ নিৰ্ধাৰণ কৰিব পৰা এক স্পষ্ট সীমাৰেখা টনাটো সহজ নহয়। সেইবাবে কাৰ ব্যক্তিত্ব সুস্থ আৰু কাৰ অসুস্থ তাক সহজে কৈ দিব পৰা নাযায়। যি শিশুৰ আচৰণ বাস্তৱমুখী আৰু সমাজৰ লোকৰ গ্ৰহণযোগ্য, যি নিজৰ দেহ-মানসিক প্ৰয়োজনবোৰ উপযুক্তভাৱে পূৰণ কৰিব পাৰে আৰু নিজ পৰিৱেশৰ প্ৰতি যথোচিত প্ৰতিক্ৰিয়া কৰিব পাৰে তেনে শিশুকেই সাধাৰণতে সুস্থ ব্যক্তিত্ব থকা বুলি আমি ক’ব পাৰো। শিশুৰ ব্যক্তিত্ব বিকাশৰ বেলিকা এনেবোৰ সুস্থ আৰু গ্ৰহণযোগ্য আচৰণৰ প্ৰতি আমি লক্ষ্য ৰখাটো প্ৰয়োজন। এই প্ৰসংগত শিশুৰ সুস্থ ব্যক্তিত্বৰ কেতবোৰ সাধাৰণ লক্ষণ তলত সংক্ষেপে দাঙি ধৰা হৈছে।

(১) সুস্থ ব্যক্তিত্বৰ শিশু সমাজৰ প্ৰতি আগ্ৰহী আৰু আনৰ লগত ভাব-অনুভূতি আৰু ক্ৰিয়াৰ সহযোগিতা বিচাৰে। নিজ অনুভূতিৰ প্ৰতি সি যিদৰে মূল্য দিয়ে আনৰ ভাব-অনুভূতিকো সেইদৰে সহানুভূতিৰে বিবেচনা কৰে।

(২) পৰনিৰ্ভৰশীলতাৰ স্বভাৱ কমি আহি স্বাধীনতা আৰু আত্ম-নিৰ্ভৰশীলতাৰ প্ৰৱণতা এনে শিশুৰ ক্ৰিয়া-আচৰণত ক্ৰমে পৰিলক্ষিত হয়। অৱস্থা বিশেষে আৰু প্ৰয়োজন সাপেক্ষে সি ব্যক্তিগত মত প্ৰকাশ আৰু ভূমিকা গ্ৰহণ কৰিব পাৰে।

(৩) ক্ৰিয়াৰ প্ৰতি স্বাভাৱিক আগ্ৰহ প্ৰৱণতা, কৰ্তব্য সচেতনতা আৰু কৰ্মমুখৰতা শিশুৰ সুস্থ ব্যক্তিত্বৰ লক্ষণ বুলিব পাৰি। ইয়াৰ বিপৰীতে নিষ্ক্ৰিয়তা, অলসতা আৰু উদ্যমহীনতা শিশুৰ অসুস্থ ব্যক্তিত্বৰ পৰিচায়ক।

(৪) শিশুৱে আৱেগিক নিৰাপত্তাৰ ভাব অনুভৱ কৰাটো সুস্থ ব্যক্তিত্বৰ এক প্ৰয়োজনীয় চৰ্ত। আনৰ প্ৰতি ভয় আৰু সংকোচৰ ভাব পৰিহাৰ কৰা, অনুভূতিৰ মুক্ত আদান-প্ৰদান কৰা আৰু সহজে তেওঁলোকক বিশ্বাসত ল’ব পৰাটো ব্যক্তিত্বৰ এক ডাঙৰ গুণ।

(৫) সুস্থ ব্যক্তিত্বৰ আচৰণ প্ৰদৰ্শনৰ বাবে প্ৰয়োজন অনুসৰি নিজৰ আৱেগ-অনুভূতিবোৰৰ ওপৰত নিয়ন্ত্ৰণ আৰু সুস্থ পৰিচালন ক্ষমতাও থাকিব লাগে। বিভিন্ন পৰিস্থিতিত আৱেগ প্ৰদৰ্শনৰ বেলিকা তাৰ এক অনুপাতবোধ ভাব (A sense of proportion) থাকিব লাগে।

(৬) নিজ অস্তিত্ব, কৰ্ম-ক্ষমতা আৰু তাৰ সীমাবদ্ধতা সম্বন্ধেও এক সচেতনতাৰ মনোভাৱ সুস্থ ব্যক্তিত্বৰ বাবে প্ৰয়োজন। এনে শিশুৱে নিজৰ ক্ষমতাসমূহৰ সীমাবদ্ধতাৰ প্ৰতি সচেতন হৈহে সকলো ক্ষেত্ৰতে আগবাঢ়ে আৰু দল বা সমাজত নিজৰ স্থান আৰু ভূমিকা নিৰ্ণয় কৰে।

(৭) সামাজিক, সাংস্কৃতিক, ধৰ্মীয় আৰু অনুশাসনমূলক নীতি-নিয়ম আৰু আইন-কানুন সমূহৰ প্ৰতি সাধাৰণভাৱে থকা এক আনুগত্য আৰু গ্ৰহণীয়তাৰ মনোভাৱ সুস্থ ব্যক্তিত্বৰ পৰিচায়ক। উল্লেখযোগ্য যে এইসমূহৰ উলংঘণ প্ৰবৃত্তিয়ে শিশুৰ অপৰাধপ্ৰৱণতা আৰু অসুস্থ ব্যক্তিত্বৰ পৰিচয় দিয়ে।

(৮) সুস্থ ব্যক্তিত্বসম্পন্ন শিশুৰ আগ্ৰহ-অভিৰুচি, আজৰি সময় কটোৱাৰ ধৰণ আৰু ‘হ’বি’ আদিও সুস্থ আৰু গঠনমূলক বিধৰ হয়। ইয়াৰ বাবে শিশুৱে নিজৰ সংগী আৰু সংশ্লিষ্ট পৰিৱেশ নিৰ্বাচন কৰিব আৰু প্ৰয়োজন হ’লে ৰচনা কৰিও ল’ব পাৰে।

মুঠতে ক’ব পাৰি যে আমাৰ সকলোবোৰ আদৰণীয় গুণ বা বৈশিষ্ট্যসমূহ সুস্থ ব্যক্তিত্বত থাকিব লাগে। এইসমূহৰ বিস্তৃত তালিকা এখন দাঙি ধৰাটো নিচেই সহজ নহয়। তথাপিও সাধাৰণভাৱে ক’ব পাৰি যে শিশুৰ দৈহিক, মানসিক, আৱেগিক, সামাজিক আৰু নৈতিক দিশত সমাজৰ গ্ৰহণযোগ্য ক্ৰিয়া-আচৰণ সমূহেই সুস্থ ব্যক্তিত্ব গঢ় দি তোলে। শিশুৰ এই দিশসমূহৰ ক্ৰিয়া-আচৰণবোৰৰ চৰম অৱস্থা পৰিহাৰ কৰি তাৰ এক স্বাভাৱিক অৱস্থাৰ মানদণ্ডলৈ অনাটোৱেই হৈছে ব্যক্তিত্ব গঠনৰ প্ৰধান বিবেচ্য বিষয়।

শিশু ব্যক্তিত্বৰ পৰিমাপণঃ

 

ব্যক্তিত্বৰ মূল্যায়ণ আৰু পৰিমাপণ মনোবিজ্ঞানৰ এক বহল পৰিসৰৰ অধ্যয়নৰ বিষয়। এনে অধ্যয়নৰ গভীৰতালৈ নগৈ ইয়াত শিশুৰ ব্যক্তিত্ব অধ্যয়নৰ দিশত আমাক সহায় কৰিব পৰা বিষয়ৰ মাজতেই আমাৰ আলোচনা বিশেষভাৱে সীমাবদ্ধ কৰি ৰাখিবলৈ বিচৰা হৈছে। শিশু-ব্যক্তিত্ব পৰিমাপণৰ ব্যৱহাৰিক দিশটো সহজভাৱে দাঙি ধৰাটোৱেই হৈছে আমাৰ মুখ্য উদ্দেশ্য। এইক্ষেত্ৰত প্ৰথমেই উল্লেখযোগ্য যে ব্যক্তিৰ সকলোবোৰ ক্ৰিয়া-আচৰণকেই অন্তৰ্ভুক্ত কৰা বাবে ব্যক্তিত্ব হৈছে এক বহল আৰু ব্যাপক পৰিসৰৰ ধাৰণা। ব্যক্তিৰ প্ৰতিটো ক্ৰিয়া-আচৰণতেই কম-বেছি পৰিমাণে ব্যক্তিত্ব অধ্যয়নৰ উপাদন নিহিত থাকে। ইয়াৰ প্ৰণালীবদ্ধভাৱে অধ্যয়ন আৰু নিৰ্ভৰযোগ্যভাৱে মূল্যায়ণ কৰিব পাৰিলে মানৱ ব্যক্তিত্বৰ বহুতো মূল্যৱান তথ্য পাব পৰা যায়। ইয়াৰ বাবে বিশেষজ্ঞসকলে কৰা প্ৰচেষ্টাও কম বৈচিত্ৰ্যপূৰ্ণ নহয়। তেওঁলোকে ব্যক্তিক প্ৰত্যক্ষভাৱে প্ৰশ্ন কৰি অথবা পৰোক্ষভাৱে আনৰ মতামত আৰু বক্তব্য সংগ্ৰহ কৰি ব্যক্তিত্বৰ স্বৰূপ উদ্ঘাটনৰ চেষ্টা কৰিছে। ইয়াৰ উপৰি বৰ্তমান বিবিধ পৰোক্ষ আৰু জটিল উপায়ো উদ্ভাৱন কৰা হৈছে। ছবি চাই গল্প সজা, ছবি আঁকি গল্প কোৱা, ছবিৰ অংশ জোৰা লগোৱা, ছবি সজোৱা আৰু নিজৰ মনোভাৱ ব্যক্ত কৰা, চিয়াঁহী দাগৰ বৰ্ণনা দিয়া, শব্দৰ প্ৰতিক্ৰিয়া শব্দ কোৱা, বাক্য সম্পূৰ্ণকৰণ কৰা, শিশুক মুক্তভাৱে খেলিবলৈ দি তাৰ স্বাভাৱিক প্ৰতিক্ৰিয়া নিৰীক্ষণ কৰা আদি বিবিধ উপায় অৱলম্বন কৰা হয়। এইবোৰৰ মুখ্য উদ্দেশ্য হৈছে ব্যক্তিয়ে নিজৰ অজ্ঞাতে প্ৰকাশ কৰা ভাব-অনুভূতি আৰু ক্ৰিয়াসমূহৰ যোগে তেওঁৰ মানসিক গাঠনি আৰু তাৰ উপাদানবোৰৰ স্বৰূপ বুজিবলৈ চেষ্টা কৰা। ইয়াৰ যোগে ব্যক্তিৰ বিশেষ একোটা সংলক্ষণ অধ্যয়নৰ পৰিৱৰ্তে ব্যক্তিক সামগ্ৰিক ৰূপত চোৱাৰহে চেষ্টা কৰা হয়।

এইখিনিতে মন কৰিবলগীয়া যে প্ৰাপ্তবয়স্কসকলৰ আচৰণৰ এনে পৰোক্ষভাৱে কৰা অধ্যয়নত কিছু জটিলতা থকাটো স্বাভাৱিক। কাৰণ তেওঁলোকৰ অভিজ্ঞতাই নিজ ক্ৰিয়া-আচৰণ স্বাভাৱিকতেই জটিলতৰ কৰি তোলে। কিন্তু শিশুৰ বেলিকা তাৰ সৰলতা আৰু অনভিজ্ঞতাৰ সুযোগ লৈ এনে জটিলতা বহু পৰিমাণে এৰাই চলিব পাৰি। সেইবাবে এনেবোৰ পদ্ধতিৰে কৰা অধ্যয়নৰ নিৰ্ভৰযোগ্যতা বয়সস্থ সকলতকৈ শিশু-ব্যক্তিত্ব অধ্যয়নৰ ক্ষেত্ৰত অধিক বুলিব পাৰি। তলত শিশুৰ ব্যক্তিত্ব অধ্যয়নৰ কেইটামান বিশেষ পদ্ধতি সংক্ষেপে বৰ্ণনা কৰা হৈছে।

মাপ নিৰূপক কাঠিঃ

 

শিশুৰ কোনো বিশেষ বিশেষ সংলক্ষণ বা বৈশিষ্ট্যৰ বিষয়ে জানিবৰ বাবে এই পদ্ধতিৰ প্ৰয়োগ কৰা হয়। শিশু-ব্যক্তিত্ব সম্বন্ধে আনৰ অভিজ্ঞ বা নিৰ্ভৰযোগ্য মতামত বা মনোভাৱ সংগ্ৰহ কৰাটোৱেই হৈছে ইয়াৰ মুখ্য উদ্দেশ্য। কোনো এক সংলক্ষণৰ প্ৰতিক্ৰিয়া তাৰ গুণানুসৰি বিভিন্ন মানদণ্ডত সজোৱা হয়। শিশুৰ লগত ঘনিষ্ঠভাৱে জড়িত অথবা সেই সংলক্ষণ সম্বন্ধে ভালদৰে পৰিচিত লোকক ব্যক্তিগতভাৱে তাৰ মান নিৰূপণ কৰিবলৈ দিয়া হয়। এইদৰে সংশ্লিষ্ট বিভিন্ন জনৰ পৰা শিশু সম্বন্ধে মতামত সংগ্ৰহ কৰা হয় আৰু তাৰ বস্তুনিষ্ঠভাৱে বিশ্লেষণৰ বাবে ৰেখাচিত্ৰও অংকণ কৰা হয়। শিশু-ব্যক্তিত্বৰ সংলক্ষণৰ মান নিৰূপণ কৰা পৰ্যায় ১-ৰ পৰা ৫, ৭ অথবা ততোধিক পৰ্যায়ো হ’ব পাৰে। অৱশ্যে ইয়াৰ এটা প্ৰধান দুৰ্বলতা এয়ে যে ইয়াত মতদানকাৰীৰ ব্যক্তিনিষ্ঠ প্ৰভাৱ এৰাই চলিব নোৱাৰি। মানদণ্ডৰ পৰ্যায়সমূহ বহু সময়ত অস্পষ্ট হোৱা বাবে অথবা মান নিৰূপক ব্যক্তিৰ কোনো ব্যক্তিগত কাৰণৰ হেতুকেও মূল্যায়ণৰ নিৰ্ভৰযোগ্যতা হ্ৰাস পোৱাটো স্বাভাৱিক। সেয়েহে শিশু-ব্যক্তিত্বৰ মান নিৰূপণৰ বাবে নিৰূপণকাৰী ব্যক্তি বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত হোৱাটো প্ৰয়োজন।

ব্যক্তিত্ব আৱিষ্কাৰক প্ৰশ্নাৱলীঃ

 

শিশু-ব্যক্তিত্বৰ বিভিন্ন দিশত জানিবলৈ বিচৰা সংলক্ষণবোৰৰ ওপৰত পৰিকল্পিতভাৱে এখন প্ৰশ্নাৱলী যুগুত কৰা হয়। ইয়াৰ উত্তৰসমূহ পোনপটীয়াভাৱে হয় বা নহয় স্বৰূপে শিশুৱে নিজ বিবেচনাৰে প্ৰশ্নাৱলীখনত নিজেই লিখি দিব লাগে। ইয়াত প্ৰশ্নবোৰৰ যোগে শিশুৱে নিজ ব্যক্তিত্বৰ বিষয়ে নিজেই মূল্যায়ণ কৰে। ইয়াৰ যোগেদি শিশুমনৰ ভাব-অনুভূতি আৰু অভিজ্ঞতাবোৰ প্ৰশ্নোত্তৰৰ মাধ্যমেৰে পোনপটীয়াকৈ জানিব পৰা যায়। শিশুৱে যাতে নিৰ্ভয়ে আৰু নিৰ্ভৰযোগ্যভাৱে উত্তৰ দান কৰে তাৰো ব্যৱস্থা কৰা হয়। শিশু-ব্যক্তিত্বৰ ব্যাপক দিশত এই প্ৰশ্নাৱলী পদ্ধতিৰে তথ্য সংগ্ৰহ কৰিব পাৰি যদিও নিচেই চালুকীয়া আৰু নিৰক্ষৰ শিশুৰ বাবে ই প্ৰযোজ্য নহয়। সাক্ষৰতা লাভ কৰি আত্ম-সচেতন হোৱা শিশুৱেও বহু সময়ত প্ৰশ্নাৱলীৰ যথাযথ উত্তৰ নিৰ্ভৰযোগ্যভাৱে দিয়াৰ পৰিৱৰ্তে আদৰ্শ অথবা প্ৰশংসনীয় উত্তৰ দানৰ প্ৰতিহে অধিক আকৃষ্ট হয়। সেইবাবে শিশুৰ ক্ষেত্ৰত প্ৰশ্নাৱলী পদ্ধতিৰ প্ৰায়োগিকতাৰ দিশত বিশেষ সীমাবদ্ধতা আছে।

প্ৰক্ষিপ্ত পৰীক্ষা পদ্ধতিসমূহঃ

 

ব্যক্তিত্ব পৰীক্ষাৰ দিশত বৰ্তমান এইবিধ পৰীক্ষাই এক নতুন দৃষ্টি দান কৰিছে। প্ৰক্ষিপ্ত পৰীক্ষাৰ মূল ধাৰণা বা বিবেচনাৰ ভিত্তি এয়ে যে ব্যক্তিয়ে তেওঁৰ মনৰ প্ৰয়োজন, আশা-আকাংক্ষা আদি বহু সময়ত সমাজৰ অগ্ৰহণীয়, অযুক্তিকৰ আৰু সেয়ে অপ্ৰকাশ্য বুলি বিবেচনা কৰে। ফলস্বৰূপে প্ৰত্যক্ষ আৰু সচেতনভাৱে কৰা কোনো প্ৰশ্নৰ সঠিক উত্তৰ সকলো সময়তে পাব পৰা নাযায়। সেইবাবে পৰোক্ষভাৱে এনে এটা পৰিস্থিতিৰ ইয়াত সৃষ্টি কৰা হয় য’ত ব্যক্তিয়ে নিজৰ অজ্ঞাতে মনৰ প্ৰয়োজন, আশা-আকাংক্ষাবোৰৰ ইংগিত তেওঁৰ কথা আৰু ক্ৰিয়াৰ যোগেদি যথাযথভাৱে দিব পাৰে। প্ৰক্ষিপ্ত পৰীক্ষাবোৰৰ প্ৰধান কেতবোৰ সুবিধা হৈছে- (১) ইয়াৰ দ্বাৰা ব্যক্তিক পৰোক্ষভাৱে আৰু নিজৰ অজ্ঞাতে পৰীক্ষা কৰিব পাৰি।

(২) ব্যক্তিয়ে ইচ্ছাকৃত আৰু সম্পূৰ্ণ মুক্তভাৱে প্ৰতিক্ৰিয়া কৰিব পাৰে।

(৩) উত্তৰ বা প্ৰতিক্ৰিয়াসমূহত শুদ্ধ-অশুদ্ধৰ প্ৰশ্ন নাথাকে।

(৪) ই ব্যক্তিৰ সামগ্ৰিক দিশ অন্তৰ্ভুক্ত কৰে।

(৫) ব্যক্তিৰ গোপনীয়তা ৰক্ষা কৰা হয়।

(৬) ব্যক্তিৰ মানসিক ৰোগসমূহৰো কাৰণ বিচাৰি পাব পাৰি।

এনেবোৰ কাৰণতে এই প্ৰক্ষিপ্ত পৰীক্ষাসমূহ বৰ্তমান শিশু আৰু বয়স্কলোকৰ মানসিক ৰোগৰ চিকিৎসাৰ বাবেও প্ৰয়োগ কৰা হয়। তলত কেইটামান প্ৰক্ষিপ্ত পৰীক্ষাৰ বৰ্ণনা কৰা হৈছে।

(ক) কাহিনী সংবোধন পৰীক্ষাঃ

এই পৰীক্ষাৰ যোগে শিশুক দহ খন অংকিত চিত্ৰ এখন এখনকৈ চাবলৈ দিয়া হয়। এই চিত্ৰসমূহ যথেষ্ট সংবেদনাত্মক আৰু ভাবব্যঢ্জকভাৱে প্ৰস্তুত কৰা হয়। শিশুৰ বয়সৰ ভিত্তিত চিত্ৰসমূহৰ প্ৰায়োগিক মানদণ্ড নিৰ্ণয় কৰা হয়। প্ৰতিখন চিত্ৰ চোৱাৰ পিছত তাৰ মনলৈ অহা একোটা কাল্পনিক গল্প লিখি দিবলৈ কোৱা হয়। গল্পসমূহৰ বিশ্লেষণে শিশু-ব্যক্তিত্বৰ অন্তৰালত লুকাই থকা মনৰ প্ৰভাৱশালী ভাব-অনুভূতি, মানসিক জটিলতা আৰু সংঘাত আদিৰ স্বৰূপ দাঙি ধৰিব পাৰে।

(খ) চিয়াঁহীৰ দাগ পৰীক্ষাঃ

কাহিনী সংবোধনৰ লগত মিল আছে যদিও এইবিধ পৰীক্ষা অধিক জটিলতৰ। ইয়াত পৰীক্ষাৰ্থীক দহখন চিয়াঁহী দাগৰ চিত্ৰ এখন এখনকৈ দেখুওৱা হয়। প্ৰতিখন চিত্ৰৰ দাগবোৰত কি কি বস্তু দেখা যেন লাগে অথবা তাৰ পৰা কি কি অনুমান কৰিব পৰা হয় তাক একাদিক্ৰমে মৌখিকভাৱে কবলৈ কোৱা হয়। চিয়াঁহী দাগৰ বিষযে কৰা এই মৌখিক বৰ্ণনাবোৰ, তাৰ নিজ নিজ প্ৰতিক্ৰিয়া কাল বা সময় পৰিমাণসহ তালিকাত লিপিবদ্ধ কৰা হয়। এই লিপিবদ্ধ তথ্যসমূহ বিশ্লেষণ কৰি ব্যক্তিত্বৰ সাংগঠনিক ৰূপ আৰু তাৰ উপাদানসমূহৰ স্বৰূপ বুজিবলৈ চেষ্টা কৰা হয়।

(গ) ক্ৰীড়া পদ্ধতিঃ

শিশুৰ উপযোগীকৈ প্ৰস্তুত কৰা ব্যক্তিত্ব পৰীক্ষাৰ এক বহল প্ৰচাৰিত পদ্ধতি হৈছে ক্ৰীড়া পদ্ধতি। খেলা-ধূলাৰ সকলো আহিলা-পাতি আৰু বিভিন্ন পুতলা আদৰে সুসজ্জিত এটা কোঠাত শিশুক মুকলিভাৱে খেলাৰ সুবিধা দিয়া হয়। শিশুৰ এই খেলা পৰিৱেশত তাৰ যি মন যায় খেলাৰ আহিলা-পাতি লৈ যেনেদৰে ইচ্ছা যায় তেনেদৰে খেলাৰ সুবিধা দিয়া হয়। শিশুৰ লগত এজন বিশেষজ্ঞ নিৰীক্ষকো সহায়ক স্বৰূপে থাকে। এনে মুক্ত পৰিৱেশত শিশুৱে প্ৰদৰ্শন কৰা বৈচিত্ৰ্যপূৰ্ণ ক্ৰিয়া-আচৰণসমূহৰ স্বৰূপ বিশেষজ্ঞ নিৰীক্ষকজনে শিশুৰ অজ্ঞাতেই অধ্যয়ন কৰে। আশা কৰা হয় যে এনে এটা মুক্ত পৰিৱেশত শিশুমনৰ অন্তৰ্নিহিত ভাব-অনুভূতি আৰু পৰিয়ালৰ লোকসকলৰ প্ৰতি থকা মনোভাৱ আদি তাৰ আচৰণত প্ৰকাশ পায়।

(ঘ) চিত্ৰাংকণ পদ্ধতিঃ

চিত্ৰাংকণৰ যোগেদিও শিশুমনৰ ভাব-অনুভূতি আৰু ব্যক্তিত্বৰ উপাদানসমূহে নিজস্ব ৰূপত আত্মপ্ৰকাশ কৰে। পূৰ্ব-প্ৰাথমিক আৰু প্ৰাথমিক পৰ্যায়ত শিশুৱে স্বাভাৱিকতেই ছবি আঁকিবলৈ ভাল পায়। সেইবাবে শিশুক তাৰ আপোন মনে ৰঙৰ প্ৰয়োগ কৰি ছবি অংকণ কৰিবলৈ দিলে শিশুমনৰ বহুতো মূল্যৱান গোপন তথ্যৰ স্বাভাৱিক প্ৰকাশ লাভ হব পাৰে।

(ঙ) শিশুৰ সংপ্ৰত্যক্ষ পৰীক্ষাঃ

মানুহৰ চিত্ৰ আৰু মানৱীয় পৰিস্থিতিতকৈ জীৱ-জন্তুৰ চিত্ৰ আৰু এই সম্বন্ধীয় পৰিস্থিতিৰ মাজেদি শিশুৱে সহজে আত্ম-প্ৰকাশ কৰিব পাৰে। সেইবাবে বিশেষজ্ঞসকলে জীৱ-জন্তুৰ কেতবোৰ ব্যংগ চিত্ৰত মানৱীয় একো একোটা পৰিস্থিতিৰ উপস্থাপন কৰি আৰু সেইবোৰ শিশুক প্ৰদান কৰি তাৰ প্ৰতিক্ৰিয়া অধ্যয়নৰ চেষ্টা কৰা হয়।

প্ৰক্ষিপ্ত পৰীক্ষাবোৰৰ পৰিসৰ অথবা তাৰ প্ৰায়োগিক সম্ভাৱনীয়তা বৰ্তমান যথেষ্ট বহল হৈ পৰিছে। এইসমূহ মনোবিদ ফ্ৰয়েদৰ মনোবিশ্লেষণৰ ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত হোৱা বাবে ইয়াৰ জনপ্ৰিয়তা অধিক বৃদ্ধি পাইছে। শিশুৰ অতীত জীৱনৰ অসুস্থ অভিজ্ঞতাসমূহ জানি উঠি তাৰ মানসিক ৰোগৰ চিকিৎসা কৰিবৰ বাবে ই বিশেষ সহায়কাৰী। মনৌবৈজ্ঞানিক নিদানবোৰত চিকিৎসকসকলে এই প্ৰক্ষিপ্ত পৰীক্ষাসমূহ সেয়েহে বিশেষ আহিলা স্বৰূপে প্ৰয়োগ কৰে। অৱশ্যে এইসমূহৰ নিৰ্ভৰযোগ্যতা ৰক্ষা কৰি জনপ্ৰিয়ভাৱে প্ৰয়োগ কৰিবৰ বাবে পৰীক্ষাসমূহৰ যথোচিত সংশোধন আৰু মান নিৰ্ণয়কৰণৰ প্ৰয়োজন আছে।

ব্যক্তিত্ব-সমাযোজনঃ

 

এটা সুস্থ আৰু স্বাভাৱিক ব্যক্তিত্বৰ শিশু গঢ় দি তোলাটো আমাৰ সকলোৰে কাম্য যদিও বাস্তৱ ক্ষেত্ৰত এই লক্ষ্য সাধন কৰাটো সহজ কথা নহয়। আনকি সুস্থ আৰু স্বাভাৱিক ব্যক্তিনো কোন আৰু ইয়াৰ প্ৰকৃত লক্ষণনো কেনে এই কথাৰ সন্তোষজনক আৰু সৰ্বসন্মত ব্যাখ্যা এটা পোৱাটো কঠিন। কোনো এক বিশেষ সামাজিক আৰু সাংস্কৃতিক জনগোষ্ঠীৰ লোকে এক বিশেষ ৰীতিৰ ক্ৰিয়াৰ আচৰণ যদি স্বাভাৱিক আৰু গ্ৰহণযোগ্য বুলি বিবেচনা কৰে আন এক জনগোষ্ঠীৰ লোকৰ বাবে সি স্বাভাৱিক আৰু সুস্থ বিবেচিত হৈ নুঠিবও পাৰে। নৃতত্ব বিজ্ঞানত এনে বহুতো উদাহৰণ পোৱা যায় যাৰ দ্বাৰা এই কথা স্পষ্টভাৱে কব পাৰি যে মানুহৰ তথাকথিত ‘স্বাভাৱিক’ আৰু ‘গ্ৰহণযোগ্য’ বুলি বিবেচিত আচৰণৰ মাজত বিশেষ পাৰ্থক্য আছে। ইয়াৰ গুৰিতেই হৈছে আমাৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ ৰীতি-নীতি আৰু নৈতিক বিচাৰ-বিবেচনাবোৰৰ মাজত থকা ভিন্নতা।

প্ৰতিটো শিশুৱেই জন্মৰ পিছত সমাজৰ এই বিশেষ সাংস্কৃতিক জীৱনৰ পৰিৱেশটোৰ মাজত সোমাই পৰে আৰু তাৰ লগত একাত্মবোধ ভাব গঢ়ি তোলাৰ চেষ্টা কৰে। তাৰ খোৱা-বোৱা, পিন্ধা-উৰা, আচাৰ-আচৰণৰ পৰা আৰম্ভ কৰি মনৰ ভাব-অনুভূতি, অভিপ্ৰায়, প্ৰয়োজন আৰু মানসিক চিন্তাধাৰালৈকে ই সামৰি লয়। সমাজৰ নীতি-নিয়ম আৰু বাধা-নিষেধসমূহৰ অনুৱৰ্তী কৰি তাৰ প্ৰতিক্ৰিয়া আৰু আচৰণ নিয়ন্ত্ৰিত কৰে। দেহ-মনৰ জৈৱিক প্ৰয়োজন, আশা-আকাংক্ষা, কামনা-বাসনা আৰু অভিপ্ৰায়বোৰ নিজ পৰিৱেশত যথাসম্ভৱ পূৰণৰ চেষ্টা কৰে। সেইবাবে শিশুৰ মনো-দৈহিক প্ৰয়োজনবোৰ আৰু সামাজিক পৰিস্থিতি আৰু বিধি-বিধানবোৰৰ মাজত সমতা স্থাপন কৰি এক সন্তোষজনক অৱস্থা লাভ কৰাই হৈছে ব্যক্তিত্ব সমাযোজন। আমাৰ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষা ব্যৱস্থাৰো মূল উদ্দেশ্য হৈছে শিশুৱে তাৰ সামাজিক আৰু সাংস্কৃতিক জীৱনধাৰাৰ লগত ভালদৰে পৰিচিত হোৱা, তাৰ লগত নিজকে খাপ খুৱাই লোৱা আৰু তাৰ অনুগামী হৈ চলা। এনে কৰিব পৰা অৱস্থা এটাকে ব্যক্তি সমাযোজন বুলিব পাৰি আৰু ইয়ে হৈছে সৰ্বসাধাৰণৰ বিবেচনাত এক স্বাভাৱিক অৱস্থা। মন কৰিবলগীয়া যে এনে সমাযোজন কৰিবৰ বাবেই শিক্ষা-ব্যৱস্থা সমাজৰ দ্বাৰা সুপৰিকল্পিতভাৱে ৰচনা কৰা হয়, উদ্দেশ্যপ্ৰণোদিতভাৱে নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰা হয়। ইয়াৰ অনুগামী হৈ নচলা অথবা ইয়াৰ পৰা ব্যতিক্ৰম আৰু বিচ্যুত হৈ পৰা ব্যক্তিৰ অৱস্থা এটাকে অস্বাভাৱিক আচৰণ বোলা হয়। এনে লোকৰ ব্যক্তিত্ব অপসমাযোজিত বুলি বৰ্ণনা কৰা হয়।

সুস্থ সমাযোজন স্থাপন কৰি আমাৰ প্ৰতিক্ৰিয়া আৰু আচৰণ স্বাভাৱিক কৰি তোলাটো সকলোৰে বাবে বাস্তৱ ক্ষেত্ৰত সম্ভৱ হৈ নুঠে। ইয়াৰ বাবে ব্যক্তিত্বৰ কেতবোৰ নিজস্ব গুণ বা ক্ষমতাৰ প্ৰয়োজন। এইবোৰ হৈছে-

(১) ব্যক্তিৰ দৈহিক স্বাস্থ্য আৰু ৰোগমুক্ততা।

(২) মানসিক শান্তি আৰু অসুস্থ আৱেগৰ প্ৰভাৱমুক্ততা।

(৩) ব্যক্তিৰ সাধাৰণ কৰ্মক্ষমতা, অভিজ্ঞতা আৰু কৰ্মপটুতা।

(৪) ব্যক্তিৰ প্ৰতিক্ৰিয়া আৰু আচৰণৰ সামাজিক গ্ৰহণযোগ্যতা।

ব্যক্তিগতভাৱে এনেবোৰ গুণসম্পন্ন ব্যক্তিত্বইহে নিজৰ চাৰিওফালৰ যিকোনো সামাজিক পৰিৱেশত সহজে সুস্থ সমাযোজন লাভ কৰিব পাৰে।

ব্যৰ্থতা, সংঘাত আৰু তাৰ পৰিণতিঃ

 

এটি শিশু মূলতেই হৈছে এক প্ৰতিক্ৰিয়াশীল জীৱ। পৰিৱেশ অনুযায়ী তাৰ দেহ-মনত কেতবোৰ প্ৰয়োজন, ইচ্ছা, আগ্ৰহ, অভিপ্ৰায় আদি সি স্বাভাৱিকতেই অনুভৱ কৰে। এইসমূহ পূৰণ আৰু তাৰ তৃপ্তি সাধনৰ বাবেই সি পৰিৱেশত বিভিন্ন প্ৰতিক্ৰিয়া আৰু আচৰণ প্ৰদৰ্শন কৰে। আনহাতে পৰিৱেশো এনে বৈচিত্ৰ্যপূৰ্ণ যে তাৰ সেই ইচ্ছা-অভিপ্ৰায়সমূহ যথাযথভাৱে আৰু অবাধে পূৰণ কৰাটো কেতিয়াও সম্ভৱ নহয়। নানাবিধ দৈহিক, সামাজিক, সাংস্কৃতিক আৰু নৈতিক বাধা-নিষেধ পালন কৰি সি চলিব লাগে। ফলত তাৰ জীৱবৰ্ত্যাহং (ইড্) ভাবৰ দ্বাৰা পৰিচালিত আশা-আকাংক্ষা আৰু ইচ্ছা-অভিপ্ৰায়বোৰ তাৰ আপোন ৰূপত পূৰণ কৰাত ব্যৰ্থ হয়। এনে ব্যৰ্থতা আমাৰ সকলোৰে জীৱনৰ বাবে এক অব্যৰ্থ আৰু সাৰ্বজনীন অভিজ্ঞতা বুলিব পাৰি। ব্যৰ্থতাৰ এনে অভিজ্ঞতা আৰু পৰিস্থিতিয়ে আমাৰ সকলোৰে ব্যক্তিত্ব গঠন আৰু সমাযোজনত যি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে সি বিশেষভাৱে মন কৰিবলগীয়া।

শিশু আৰু বয়সস্থ সকলোৰে বাবে পৰিস্থিতি প্ৰতিকূল স্বৰূপ হৈ উঠা বিভিন্ন কাৰণত মনলৈ ব্যৰ্থতা আহিব পাৰে। এই কাৰণবোৰৰ ভিতৰত তিনিটা কথা সাধাৰণভাৱে উল্লেখ কৰিব পাৰি। যেনে- (১) পুনৰুদ্দীপন বন্ধকৰণ (২)বাধাদান আৰু (৩)সংঘাত। এই তিনিওটা অৱস্থাই ব্যক্তিৰ মনত অস্বস্তিকৰ অৱস্থাৰ সৃষ্টি কৰে। দৈনন্দিন ব্যৱহাৰ্য কেতবোৰ ক্ৰিয়া-আচৰণৰ নিয়মিত পুনৰাবৃত্তি বন্ধ কৰা হ’লে মনলৈ ব্যৰ্থতাৰ ভাব আহে। উদাহণস্বৰূপে, খোৱা-বোৱা, শোৱা, আমোদ-প্ৰমোদ আদি নিয়মিতভাৱে কৰিবলৈ নোপোৱা বা নিদিয়া অৱস্থা এটা ব্যৰ্থতাৰ কাৰণ হ’ব পাৰে। দ্বিতীয়তে প্ৰয়োজন, ইচ্ছা, অভিপ্ৰায় আদিৰ দ্বাৰা প্ৰভাৱিত ক্ৰিয়া-আচৰণবোৰ পূৰণত প্ৰত্যক্ষ বাধাদান কৰা কাৰ্য। যেনে- যাব নোৱাৰাকৈ দুৱাৰ বন্ধ কৰি ৰখা, প্ৰাকৃতিক দুৰ্যোগে সা-সম্পত্তি হানি কৰা, মানসিক বুদ্ধিহীনতা বা দৈহিক বিকলাংগতাৰ বাবে প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত হোৱা, অৰ্থনৈতিক দুৰৱস্থা অথবা সামাজিক অস্পৃশ্যতাৰ বাবে সমাজত স্থান আৰু মানৰ পৰা বঞ্চিত হোৱা ইত্যাদি। তৃতীয়তে ব্যৰ্থতাৰ আন এটা কাৰণ হৈছে মনত সংঘাতৰ পৰিস্থিতি সৃষ্টি হোৱাটো। যেতিয়া কোনো দুটা সমপৰ্যায়ৰ আৰু সমানে আকৰ্ষণীয় বিষয়ৰ পৰা এটাক বাদ দি আনটো নিৰ্বাচন কৰি লব লগা হয় তেতিয়া তাক স্থিৰ কৰিব নোৱাৰা অৱস্থাই দেখা দিলে মনত সংঘাতৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে শিশুক মাক-দেউতাকে খেলিবলৈ অথবা ফুৰিবলৈ যাবলৈ ক’লে ইয়াৰ কোনো এটাৰ প্ৰতি আকৰ্ষণ এৰিব নোৱাৰি তাৰ মনত সংঘাতৰ সৃষ্টি হয়। এই সংঘাতৰ ফলত ত্যাগ কৰিব লগা বিষয়ৰ প্ৰতি মনলৈ ব্যৰ্থতাৰ ভাব আহে।

ওপৰত উল্লেখ কৰা দেহ-মানসিক পৰিস্থিতিবোৰে ব্যক্তিৰ উদ্দেশ্য সাধন বিফল কৰি মনলৈ ব্যৰ্থতাৰ ভাব আনি দিয়ে। এনে লোকে ব্যৰ্থতামূলক পৰিস্থিতিৰ প্ৰতি বিভিন্ন ধৰণে সুস্থ-অসুস্থভাৱে প্ৰতিক্ৰিয়া কৰে। এনেবোৰ প্ৰতিক্ৰিয়া কোনো সময়ত মৃদু প্ৰতিবাদ কৰা বিধৰ হ’লেও কোনো কোনো সময়ত অতি উগ্ৰ আৰু দৈহিক আক্ৰমণমূলক হৈ উঠিব পাৰে। ইয়াৰ যোগেদি তেওঁ ব্যৰ্থতাৰ ক্ষতিপূৰণ বিচাৰি মানসিক উত্তজনা উপশম কৰে আৰু নিজ পৰিৱেশত সমাযোজনৰ চেষ্টা কৰে। স্বাভাৱিক আৰু সুস্থ পথে মনৰ উদ্দেশ্য, প্ৰয়োজন আৰু অভিপ্ৰায়বোৰ পূৰণ কৰিব নোৱাৰি এইক্ষেত্ৰত ব্যক্তিয়ে অসুস্থ, অসামাজিক, ধ্বংসাত্মক আৰু প্ৰতিশোধমূলক আচৰণো গ্ৰহণ কৰে। ব্যৰ্থতাৰ ফলত সৃষ্টি হোৱা মানসিক উত্তেজনাৰ উপশম বিচাৰি নিজকে পৰিস্থিতিৰ পৰা প্ৰত্যাহাৰ কৰে অথবা অলিক কল্পনা কৰে অথবা আন পক্ষক তাৰবাবে দোষাৰোপ কৰে। ব্যক্তি আৰু পৰিস্থিতি সাপেক্ষে নিজ মনৰ অসন্তুষ্টি মৌখিকভাৱে অথবা দৈহিক প্ৰহাৰৰ যোগেও ব্যক্ত কৰে। এইসমূহক ব্যক্তিত্বৰ সমাযোজন কৌশল বুলি জনা যায়। এই কৌশলসমূহ পৰিস্থিতিত পুনৰাবৃত্তিৰ যোগেদি অভ্যস্ত ক্ৰিয়াত পৰিণত হয় আৰু তাৰ ফলত ব্যক্তিত্ব আচৰণৰ এক স্থায়ী ৰূপ ধাৰণ কৰে। সকলো লোকেই নিজ নিজ ব্যৰ্থতামূলক পৰিস্থিতিৰ উপশম কৰিবলৈ, মনক তাৰ পৰা প্ৰতিৰক্ষা কৰিবলৈ আৰু তাৰ যোগে পৰিস্থিতিত নিজকে সমাযোজন কৰি ল’বলৈ এনেবোৰ কৌশল কম-বেছি পৰিমাণে অৱলম্বন কৰিব লগা হয়।

শিশুৰ প্ৰতিৰক্ষা আৰু সমাযোজন কৌশলসমূহঃ

 

শিশুৰ ব্যক্তিত্ব বিকাশৰ বেলিকা এই প্ৰতিৰক্ষা আৰু সমাযোজন কৌশলবোৰৰ ভূমিকা বিশেষ তাৎপৰ্যপূৰ্ণ। শিশু কালছোৱাত তাৰ দেহ-মানসিক আৰু আৱেগিক প্ৰয়োজন আৰু অভিপ্ৰায়বোৰৰ প্ৰভাৱ স্বাভাৱিকতেই অধিক। এইবোৰৰ প্ৰয়োজন তাৰ পৰিৱেশে উপযুক্তভাৱে পূৰণ কৰিব নোৱাৰা হেতুকে সি প্ৰতিৰক্ষাৰ বিভিন্ন কৌশল অৱলম্বন কৰে। শিশু ব্যক্তিত্ব আৰু আচৰণ ভালদৰে জানিবলৈ হলে এইবোৰৰ সম্ভাৱ্য কৌশলৰ বিষয়ে আমি জনা উচিত। এই সমাযোজন কৌশলবোৰৰ কেতবোৰ বিশেষ অনিষ্টকাৰী নহয়, বৰং শিশুৰ ব্যৰ্থতাৰ দুখ উপশম কৰাত সি সহায়কাৰী হৈ উঠিবহে পাৰে। কিন্তু আন কেতবোৰ তাৰ ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত বিশেষ অনিষ্টকাৰী হৈ দেখা দিয়ে আৰু সি তাৰ ৰুগ্ন মনৰো পৰিচয় দিয়ে। শিশুৰ এই পৰীক্ষামূলক কৌশলবোৰৰ স্বৰূপ তলত সংক্ষেপে দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে।

(১) পশ্চাদপসৰণঃ

ব্যৰ্থতা আৰু দুখদায়ক পৰিস্থিতিৰ সন্মুখীন হ’বলৈ নিবিচাৰে আৰু তাৰ পৰা আঁতৰি থাকিবলৈ শিশুৱে এই ব্যৱস্থা গ্ৰহণ কৰে। এনে অপসৰণ কাৰ্য দৈহিক আৰু মানসিক দুয়োবিধৰেই হ’ব পাৰে। যেনে- শিশুৱে ঘৰত পঢ়া-শুনা কৰিবলৈ টান পোৱা বাবে এই পৰিস্থিতিৰ পৰা দৈহিকভাৱে নিজক আঁতৰাই ৰাখিবলৈ টোপনিৰ আশ্ৰয় ল’ব পাৰে, ঘনে ঘনে পানী খোৱা বা ইটো-সিটো কৰিবলৈ যোৱাৰ অজুহাতত পঢ়া ঠাইৰ পৰা উঠি যাব পাৰে। শিশুৰ এনেবোৰ পৰিচিত আচৰণ তাৰ দৈহিকভাৱে কৰা পশ্চাদপসৰণৰ পৰিণতি স্বৰূপ। প্ৰাক-কৈশোৰ আৰু কৈশোৰ কালত ল’ৰা-ছোৱালীয়ে শ্ৰেণীৰ পাঠ গ্ৰহণত কঠিনতা অনুভৱ কৰা বাবে অথবা শিক্ষকৰ প্ৰতি থকা ভয় আৰু ঘৃণাৰ বাবে স্কুলৰ পৰা পলায়ন কৰে। কিশোৰ-কিশোৰীয়ে ঘৰৰ পৰা পলায়ন কৰাৰ কাৰণো হৈছে ব্যৰ্থতাৰ পৰিস্থিতিৰ পৰা মানসিকভাৱে কৰা এই পশ্চাদপসৰণ কাৰ্য।

(২) আক্ৰমণঃ

ব্যৰ্থতাৰ পৰিস্থিতিৰ পৰা আঁতৰি থকা অথবা পলায়ন কৰাৰ পৰিৱৰ্তে সংশ্লিষ্ট ব্যক্তি বা বিষয়ক দৈহিকভাৱে আৰু মৌখিকভাৱে আক্ৰমণ কৰা আচৰণ সচৰাচৰ শিশুৰ বেলিকা দেখা পোৱা যায়। অসহিষ্ণুতা, বিবেচনাহীনতা আৰু নিৰ্বুদ্ধিতাৰ হেতুকে ব্যৰ্থতাৰ পৰিস্থিতিত শিশুৱে নিজৰ ক্ৰোধভাব আক্ৰমণাত্মকভাৱে প্ৰদৰ্শন কৰে। সি বিচৰা বস্তুটো নাপালে বা নিদিলে খঙত আন বস্তু দলিওৱা আৰু ভঙা, আনক প্ৰহাৰ কৰা, চিঞৰি কন্দা আৰু মুখেৰে অবাচ্য মাত মতা আদি আচৰণ সচৰাচৰ পৰিলক্ষিত হয়। শিশুৰ কৃত্ৰিমতাহীন আচৰণ আৰু আত্ম-নিয়ন্ত্ৰণহীনতাৰ বাবেও এনে হ’ব পাৰে। মন কৰিবলগীয়া যে কোনো কোনো শিশুৱে এনে আক্ৰমণ এক আত্মপীড়ণৰ মনোভাৱেৰে নিজৰ প্ৰতিও কৰিব পাৰে। এই অৱস্থাত মাটিত বাগৰি দিয়া, বেৰত কপাল খুন্দিওৱা আদি আচৰণ সচৰাচৰ দেখা পোৱা যায়।

(৩) অৱদমনঃ

ব্যৰ্থতাৰ পৰিস্থিতিত আক্ৰমণ কৰাৰ পৰিৱৰ্তে শিশুৱে তাৰ বিপৰীত আচৰণ প্ৰদৰ্শন কৰিব পাৰে। অৱদমনৰ অৰ্থ হৈছে মনৰ অপূৰণ হৈ ৰোৱা আৰু ব্যৰ্থকাম হোৱা আশা-আকাংক্ষাবোৰৰ স্মৃতি পাহৰণিৰ যোগে সচেতন মনৰ পৰা আঁতৰাই অচেতন মনত লুকুৱাই ৰখা কাৰ্য। ইয়াৰ ফলত ব্যৰ্থতাৰ বেদনাদায়ক অভিজ্ঞতাৰ স্মৃতিৰ পৰা মনক ৰক্ষা কৰিব পাৰি। অৱশ্যে পৰিস্থিতিৰ প্ৰতিকূল অৱস্থাৰ হেতুকে শিশুৱে সঘনে এই অৱদমনৰ আশ্ৰয় লোৱা কাৰ্য তাৰ বাবে মানসিকভাৱে ক্ষতিকাৰক। ইয়াৰ ফলত শিশুৰ ক্ৰিয়া-আচৰণ সংকুচিত হয়, মুক্ত আত্ম-প্ৰকাশৰ শিশু-সুলভ প্ৰবৃত্তি নোহোৱা হয় আৰু শিশু-ব্যক্তিত্ব বন্ধমনা আৰু ৰোগগ্ৰস্ত অন্তৰ্মুখিতাত পৰিণত হয়।

(৪) প্ৰক্ষেপণঃ

নিজৰ ভুল আৰু ব্যৰ্থতা মানি নলৈ তাক অচেতনভাৱে ঢাকি ৰখাৰ উদ্দেশ্যেৰে আন ব্যক্তি বা বিষয়লৈ সেই ভুল নিক্ষেপ কৰা কৌশলক প্ৰক্ষেপণ বোলা হয়। ইয়াৰ যোগেদি নিজৰ ভুল-ত্ৰুটিৰ বাবে আনক জগৰীয়া কৰি প্ৰতিৰক্ষাৰ এক ভুৱা আত্ম-প্ৰত্যয় লাভ কৰা হয়। ল’ৰা-ছোৱালীয়ে খেলা-ধূলাত পৰাজিত হৈ বহু সময়ত সেই পৰাজয় মানি নলয় আৰু প্ৰতিপক্ষৰ লগত মৌখিক বিবাদ আৰু অৰিয়া-অৰিত অৱতীৰ্ণ হয়। খেলা-ধূলাৰ বেলিকা ল’ৰা-ছোৱালীৰ মাজত হোৱা হাই-কাজিয়াৰো প্ৰধান কাৰণ হৈছে প্ৰক্ষেপণ কৌশল। সেইদৰে স্কুলত পঢ়া নোৱাৰিলে ‘শিক্ষকে ভালদৰে নুবুজায়’ আৰু পৰীক্ষা বেয়া হ’লে ‘প্ৰশ্নকাকত টানকৈ কাটিছিল’ আদি দোষাৰোপ কৰা সচৰাচৰ দেখা পোৱা যায়।

(৫) অস্বীকাৰকৰণঃ

সমাযোজনৰ এক সহজ-সৰল প্ৰক্ৰিয়া হৈছে দুখদায়ক আৰু ব্যৰ্থতামূলক পৰিস্থিতিক সাধাৰণভাৱে অস্বীকাৰ কৰা। ইয়াৰ যোগেদি ব্যক্তিয়ে নিজকে ব্যৰ্থতা আৰু দোষণীয়তাৰ পৰা গা এৰাই চলিবলৈ চেষ্টা কৰে। ইয়াৰ ফলত উদ্ভৱ হব পৰা উৎকণ্ঠাৰ পৰা চেতন মনক ৰক্ষা কৰিব পাৰে। ই প্ৰক্ষেপণ কাৰ্যতকৈ কম দোষণীয়। শিশুক অভিযুক্তকৰণৰ সুৰত কোনো দোষণীয় ক্ৰিয়া-আচৰণ কোনে কৰিলে তাক সুধিলে- মই নাজানো, মই কৰা নাই- আদি পৰিচিত উত্তৰ সচৰাচৰ পোৱা যায়। ই শিশুৰ বাবে ফাঁকি দিয়া আৰু মিছা কথা কোৱা বদ অভ্যাস একোটা গঢ় দি তোলে।

(৬) যুক্তিযুক্তকৰণঃ

নিজ ব্যৰ্থতাৰ বেদনা ঢাকি ৰাখি মনত এক ভুৱা সান্তনা লাভৰ বাবে ইয়াৰ যোগেদি চেষ্টা কৰা হয়। ব্যৰ্থতাৰ পৰিস্থিতি স্বাভাৱিক কৰি তুলিবৰ বাবে ইয়াত ব্যক্তিয়ে সান্তনা লাভৰ দৃষ্টিৰে যুক্তি দাঙি ধৰে আৰু নিজৰ মনক প্ৰত্যয় নিয়াবলৈ বিচাৰে। শিশু আচৰণত এনে কৌশল প্ৰয়োগৰ দৃষ্টান্ত বহুতো দেখা যায়। কোনো শিশুক সমনীয়াই আক্ৰমণ বা প্ৰহাৰ কৰিলে সি অসহায়ভাৱে মন্তব্য কৰে যে দেউতাকক বা কৰ্তৃপক্ষক সি কৈ দিব আৰু তেতিয়া তাৰ প্ৰতিশোধ তেওঁলোকে লব। পঢ়া-শুনা আৰু পৰীক্ষাৰ ফলাফলত অকৃতকাৰ্য হলে অথবা কোনো কাম সি কৰিব নোৱাৰিলে আন কোনো অকৃতকাৰ্য শিশুৰ লগত তাৰ তুলনা কৰি নিজৰ ব্যৰ্থতাক যুক্তিযুক্ত কৰিবলৈ বিচাৰে। আঙুৰ খাবলৈ নোপোৱা বাবে আঙুৰ টেঙা, মিঠাই খাবলৈ নোপোৱা বাবে মিঠাইবোৰ বেয়া আদি মন্তব্য দি বয়সস্থসকলেও শিশুৰ ব্যৰ্থতামূলক পৰিস্থিতি বহু সময়ত যুক্তিযুক্তকৰণ কৰি তুলিবলৈ চেষ্টা কৰে।

(৭) প্ৰতিগমনঃ

ই হৈছে এবিধ অচেতন মনৰ প্ৰচেষ্টা যাৰ যোগেদি ব্যক্তিয়ে বৰ্তমানৰ দুখদায়ক পৰিস্থিতিৰ উপযুক্তভাৱে সন্মুখীন হ’ব নোৱাৰি অতীতৰ স্মৃতি বা ক্ৰিয়া-আচৰণৰ আশ্ৰয় লয়। এই ক্ষেত্ৰত ব্যক্তিয়ে সময়োপযোগী ক্ৰিয়া-আচৰণ গ্ৰহণৰ পৰিৱৰ্তে অসহায় অৱস্থাত অতীতৰ স্মৃতি আৰু ক্ৰিয়াৰ মাজত আত্মগোপনৰহে চেষ্টা কৰে। শিশুৱে এনে পৰিস্থিতিৰ সন্মুখীন হৈ কেঁচুৱাৰ দৰে কন্দা, ঠুনুক ঠানাকভাৱে শব্দ-উচ্চাৰণ কৰা আৰু হাত-ভৰি আদি সঞ্চালন কৰা দেখা যায়। পৰিস্থিতিৰ হাত সাৰিবৰ বাবে এনে অৱস্থাত শিশুৰ আচৰণ তাৰ বয়সৰ অনুপাতে অধিক নিম্ন পৰ্যায়লৈ নামে।

(৮) চিনাক্তকৰণঃ

নিজ ব্যক্তিত্ব দুৰ্বল আৰু অনাকৰ্ষণীয় হোৱা হেতুকে আন শক্তিশালী আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ আশ্ৰয় লোৱা আৰু তেনে লোকৰ ভাব-অনুভূতি আৰু আচৰণ নিজৰ বুলি গ্ৰহণ কৰা কাৰ্য হৈছে চিনাক্তকৰণ। ব্যক্তিৰ অচেতন মনৰ এবিধ প্ৰক্ৰিয়া যাৰ যোগেদি নিজৰ মনঃপুত বা আদৰ্শ-ব্যক্তিৰ চিন্তা আৰু ক্ৰিয়া নিজৰ অজ্ঞাতেই গ্ৰহণ কৰা হয়। দেহ-মানসিকভাৱে অপৈণত শিশুৰ বেলিকা এনে প্ৰতিক্ৰিয়াৰ প্ৰৱণতা অধিক হয়। শিশুৱে ঘৰত দেউতাকৰ আৰু স্কুলত শিক্ষকৰ ক্ৰিয়া-আচৰণৰ নীৰৱ অনুকৰণেৰে নিজ ব্যক্তিত্ব চিনাক্তকৰণ কৰিবলৈ বিচাৰে। কৈশোৰ কালত ল’ৰা-ছোৱালী নিজ ব্যক্তিত্বৰ সবলতা-দুৰ্বলতা আদিৰ প্ৰতি অধিক সচেতন হয়। সেইবাবে এই সময়ত নিজৰ মনঃপুত আদৰ্শ ব্যক্তিৰ বীৰপূজা কৰি নিজ ব্যক্তিত্বৰ ভাব, চিন্তা আৰু ক্ৰিয়া গঢ় দি তুলিবলৈ বিচাৰে। উপন্যাস অধ্যয়ন আৰু কথাছবি চোৱা কাৰ্যই এই চিনাক্তকৰণ প্ৰক্ৰিয়াত তেওঁলোকক সহায় কৰে।

(৯) ক্ষতিপূৰণঃ

কোনো কোনো লোকে নিজ ব্যক্তিত্বৰ ব্যৰ্থতা আৰু পৰাজয়ৰ গ্লানি গুচাবৰ বাবে বিকল্প উপায় বা পথ গ্ৰহণৰ যোগে দুৰ্বাৰ প্ৰচেষ্টা চলায়। নিজৰ দৈহিক অক্ষমতা, বৌদ্ধিক নিম্ন-মানবিশিষ্টতা অথবা আৰ্থিক দৰিদ্ৰতাৰ বাবে এনে লোকে হীনাত্মিকতাত ভোগে। সেইবাবে নিজ ব্যক্তিত্বৰ এই ক্ষতিপূৰণ কৰিবলৈ অচেতন মনত এক প্ৰৱণতাই ঠাই লয় আৰু সেই অনুক্ৰমে ক্ৰিয়া-আচৰণ পৰিচালিত হয়। শ্ৰেণীত বৌদ্ধিক চিন্তা-চৰ্চা আৰু ক্ৰিয়া-কলাপত অক্ষম হোৱা ছাত্ৰই খেল-পথাৰত বিভিন্ন দৈহিক প্ৰতিযোগিতাত নামি ক্ষতিপূৰণৰ চেষ্টা কৰে। দৈহিকভাৱে অনাকৰ্ষণীয় ল’ৰা-ছোৱালীয়ে ভেকচন প্ৰতিযোগিতাত নামি নান অংগী-ভংগীৰে আনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে। মৰম-চেনেহৰ পৰা বঞ্চিত হোৱা শিশুৱে সমাজ-বিৰোধী আৰু অপৰাধপ্ৰৱণ ক্ৰিয়া-কলাপৰ যোগেদি ক্ষতিপূৰণৰ অসুস্থ পথ গ্ৰহণ কৰাটো বিশেষ মন কৰিবলগীয়া।

(১০) উন্নীতকৰণঃ

ব্যক্তিৰ প্ৰয়োজন আৰু আশা-আকাংক্ষাবোৰ তাৰ স্বাভাৱিক পথেদি পূৰণ কৰা সম্ভৱ হৈ নুঠিলে তাক সমাজৰ গ্ৰহণযোগ্যভাৱে পূৰণৰ এক সুস্থ বিকল্প পথ ৰচনা কৰা হয়। বহু সময়ত জীৱবৰ্ত্যাহং ভাবৰ পৰা সৃষ্টি হোৱা ব্যক্তিৰ প্ৰয়োজনবোৰ সমাজৰ বাবে গ্ৰহণযোগ্য হৈ নুঠে। সেইবাবে তাক সুস্থ আৰু সমাজৰ গ্ৰহণযোগ্য পথেৰে পূৰণৰ বাবে আন এক গঠনাত্মক উপায় উদ্ভাৱন কৰা হয়। তাৰ ফলত প্ৰয়োজনবোৰ ব্যৰ্থ আৰু অৱদমিত হোৱাৰ পৰা ৰক্ষা পৰে, ব্যক্তিৰ ক্ৰিয়া-আচৰণৰ এক সু্স্থ আৰু গঠনাত্মক পথ ৰচিত হয়। শিশুৰ যৌন প্ৰয়োজন তাৰ স্বাভাৱিক পথে পূৰণ কৰাটো সমাজে অনুমতি নিদিয়ে। সেইবাবে সংগীত, নৃত্য আৰু নানাবিধ খেলা-ধূলাৰ যোগেদি এই প্ৰয়োজন সমাজৰ গ্ৰহণযোগ্যভাৱে  পূৰণৰ উন্নত আৰু বিকাশশীল পথ ৰচনা কৰা হয়। শিশু শিক্ষা ব্যৱস্থাৰো প্ৰধান উদ্দেশ্য হৈছে তাৰ জৈৱিক প্ৰবৃত্তি আৰু প্ৰয়োজনবোৰ উন্নীতকৰণৰ যোগে সুস্থ পথে নিয়ন্ত্ৰিত আৰু পৰিচালিত কৰা।

ব্যক্তিত্ব সমাযোজনৰ কৌশলসমূহ হৈছে এক বহল পৰিসৰৰ মনোবৈজ্ঞানিক আৰু মনোৰোগ বিজ্ঞান সম্বন্ধীয় অধ্যয়নৰ বিষয়বস্তু। সকলো লোকেই অৱস্থা বিশেষে নিজ নিজ ব্যৰ্থতামূলক পৰিস্থিতিত আত্মসন্মান ৰক্ষা কৰিবলৈ আৰু অকৃতকাৰ্যতাৰ অপমান আৰু দোষণীয়তাৰ গ্লানি এৰাই চলিবলৈ অথবা নিজ মনত তাক লঘু বিবেচনা কৰিবলৈ এই কৌশলসমূহৰ সহায় লয়। ওপৰত ইয়াৰ কেতবোৰ সাধাৰণ আৰু শিশুৱে সচৰাচৰ গ্ৰহণ কৰা প্ৰক্ৰিয়াৰ বিষয়েহে বৰ্ণনা কৰা হৈছে। শিশু-ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত ইয়াৰ কেতবোৰ কম অনিষ্টকাৰী আৰু কেতবোৰ অধিক অনিষ্টকাৰী। সি যি কি নহওক, এনেবোৰ প্ৰক্ৰিয়াৰ যোগেদিয়ে বিভিন্ন সুখ-দুখৰ পৰিস্থিতিত শিশুৱে সমাযোজন স্থাপন কৰে আৰু তাৰ ফলস্বৰূপে ব্যক্তিত্বৰ ক্ৰিয়া-আচৰণে আত্ম-প্ৰকাশ কৰে।

ব্যক্তিত্ব-অপসমাযোজন আৰু মানসিক ৰোগৰ কেতবোৰ লক্ষণঃ

 

সমাযোজন আৰু অপসমাযোজনৰ অৰ্থ ইতিপূৰ্বে ব্যাখ্যা কৰি অহা হৈছে। সমাজৰ প্ৰচলিত আৰু গ্ৰহণযোগ্য নীতি-নিয়মৰ অনুৱৰ্তী কৰি সামাজিক পৰিৱেশত নিজ ক্ৰিয়া-আচৰণ গঢ় দি তোলাই হৈছে সুস্থ সমাযোজন আৰু এনে কৰাত ব্যৰ্থ হৈ অসুস্থ আৰু অনুচিত ক্ৰিয়া-আচৰণ গঢ় দি তোলাকেই ব্যক্তিত্বৰ অপসমাযোজন বোলা হয়। অপসমাযোজনৰ ফলত ব্যক্তিৰ ক্ৰিয়া-আচৰণ অসুস্থ আৰু অস্বাভাৱিক হোৱাই নহয়, ই কেতবোৰ দেহ-মানসিক ৰোগৰো সৃষ্টি কৰে। অপসমাযোজনৰ ফলত সৃষ্টি হোৱা ব্যক্তিৰ এই দেহ-মানসিক ৰোগৰ পৰিমাণ আৰু তাৰ পৰিসৰ বৰ্তমান অধিক বৃদ্ধি পাই আহিছে। আমাৰ আধুনিক সমাজ ব্যৱস্থাই প্ৰচলিত নীতি-নিয়মবোৰ অধিক জটিল কৰি তুলিবলৈ ধৰিছে। সামাজিক বিকাশৰ লগে লগে মানুহৰ প্ৰয়োজন, অভিপ্ৰায় আৰু আশা-আকাংক্ষাবোৰ ক্ৰমে বৃদ্ধি আৰু ভিন্নমুখী কৰি তুলিছে। আনহাতে আমাৰ নিত্য-নতুন আইন-কানুন, সামাজিক, প্ৰশাসনিক তথা অনুশাসন ব্যৱস্থা সমূহে সেইসমূহ পূৰণৰ পথ অধিক সীমিত আৰু সংকীৰ্ণ কৰি পেলাইছে। ফলত প্ৰয়োজন পূৰণৰ বিকল্প পথ বিচাৰি মানুহে অসুস্থ, অসামাজিক আৰু অপৰাধ-প্ৰৱণ জীৱন-যাপন কৰিব লগা হৈছে। এই অৱস্থাটো ক্ৰমে অধিক জটিলতাৰ ফালে লাহে লাহে অগ্ৰসৰ হ’ব ধৰিছে। সেইবাবে উন্নত দেশ আৰু মহানগৰবোৰতেই মানসিক ৰোগীৰ সংখ্যা দৰ্শনীয়ভাৱে বৃদ্ধি হোৱাটো মন কৰিবলগীয়া। অৱশ্যে এই দিশৰ আলোচনা ইয়াত বহলাবলৈ যোৱাটো আমাৰ উদ্দেশ্য নহয়।

এই প্ৰসংগত উল্লেখযোগ্য যে এনে সামাজিক অৱস্থাৰ এক নিশ্চিত প্ৰভাৱ শিশু-ব্যক্তিত্বত পৰে। বৰ্তমান মানসিক ৰোগৰ বিশেষজ্ঞ আৰু চিকিৎসকসকলে কেতবোৰ ৰোগগ্ৰস্ত লোকৰ ৰোগৰ প্ৰকৃত কাৰণ শৈশৱ কালত শিশু-ব্যক্তিত্বৰ বিকাশ প্ৰক্ৰিয়াত নিহিত থকাৰ কথা লক্ষ্য কৰিছে। সেইবাবে শিশু-ব্যক্তিত্বৰ প্ৰসংগত মানসিক ৰোগৰ কেতবোৰ লক্ষণ আৰু তাৰ ধৰণ-কৰণ সম্বন্ধে কিছু অৱগত হোৱাটো আমাৰ প্ৰয়োজন।

এটা শিশু অপসমাযোজিত হোৱা আৰু মানসিকভাৱে ৰোগগ্ৰস্ত হোৱাৰ কেতবোৰ দীৰ্ঘস্থায়ী লক্ষণ দেখিবলৈ পোৱা যায়। এই লক্ষণবোৰক দৈহিক, মানসিক আৰু আচৰণজনিত স্বৰূপে ঘাইকৈ তিনিটা ভাগত বিভক্ত কৰিব পাৰি। এইবোৰ নিম্নলিখিতভাৱে উপস্থাপন কৰিব পাৰি-

দৈহিক লক্ষণঃ

 

(১) দৈহিক ওজনৰ পৰিৱৰ্তন হোৱা।

(২) দেহৰ ছালৰ বেমাৰ হোৱা, যেনে- ছালৰ মসৃণতা নোহোৱা হৈ খহটা হোৱা, বগা দাগ ওলোৱা।

(৩) দেহৰ অভ্যন্তৰ ভাগৰ কেতবোৰ বেমাৰ, যেনে- মূৰ ঘূৰোৱা আৰু মূৰ কামোৰণি, হাঁপানি আৰু কফ হোৱা, বমি হোৱা অথবা তেনে ভাব অনুভৱ কৰা, বদহজম, ডায়েৰীয়া আৰু শৌচ কঠিন হোৱা, অত্যধিক প্ৰস্ৰাৱ কৰা আৰু নিদ্ৰা অৱস্থাত মূত্ৰস্খলন হোৱা।

(৪) অত্যধিক ভোক লগা অথবা ভোক নোহোৱা হোৱা।

(৫) দেহত অস্বাভাৱিক ভাগৰ অনুভৱ কৰা।

(৬) দেহৰ কোনো অংশত কিবা কাৰণত অথবা অকাৰণত বিষ অনুভৱ কৰা।

(৭) দেহ-সঞ্চালনাত্মক ক্ৰিয়া বাধাগ্ৰস্ত হোৱা, যেনে- লিখন আৰু কথন অক্ষমতা, সঞ্চালন ক্ৰিয়াত সমন্বয়ৰ অভাৱ হোৱা।

(৮) ইন্দ্ৰিয়সমূহৰ সংবেদন অনুভূতি কমি যোৱা, পক্ষাঘাতগ্ৰস্ত হোৱা।

মানসিক লক্ষণসমূহঃ

(১) স্মৃতি সম্বন্ধীয় অস্বাভাৱিকতা, যেনে- সম্পূৰ্ণ স্মৃতি বিলোপ হোৱা, নতুন কথা মনত ৰাখিব নোৱাৰা, পৰিচিত কথা বিকৃত ৰূপত মনলৈ অহা।

(২) শিক্ষণ অক্ষমতা, যেনে- পঠন অক্ষমতা, আখৰ জোটনি আৰু সংখ্যা-জ্ঞানৰ কঠিনতা।

(৩) সংবেদন আৰু সংবোধনৰ অস্বাভাৱিকতা, যেনে- অত্যধিক ভ্ৰান্ত প্ৰত্যক্ষ আৰু অমূল প্ৰত্যক্ষৰ প্ৰভাৱ, শীত-তাপ, স্পৰ্শ আৰু বিষ অনুভূতিৰ প্ৰতি অত্যধিক সংবেদনশীলতা, বিভিন্ন সংবেদন অনুভূতিৰ অভিজ্ঞতা লাভত খেলি-মেলি হোৱা।

(৪) চিন্তাশক্তিৰ অস্বাভাৱিকতা, যেনে- বাস্তৱ-অবাস্তৱৰ পাৰ্থক্য নৰখাকৈ চিন্তা কৰা বা স্বকীয়-চিন্তন, অযুক্তিকৰ কথাৰ চিন্তা কৰা, কোনো অপ্ৰয়োজনীয় কথা বাৰে বাৰে মনলৈ আনি মনোকষ্ট পোৱা।

(৫) বিচাৰশক্তিৰ অস্বাভাৱিকতা, যেনে- প্ৰত্যক্ষ আৰু বাস্তৱ অভিজ্ঞতাৰেও ভুল ভাঙিব নোৱাৰা অলৰ-অচৰ মনোভাৱ, অন্ধবিশ্বাস আৰু যুক্তিহীনতাৰ ওপৰত গুৰুত্ব দিয়া।

(৬) সচেতনতাৰ অভাৱ, যেনে- পৰিৱেশ আৰু পৰিস্থিতিৰ প্ৰতি আওকণীয়া হৈ পৰা, উদ্দীপকৰ প্ৰতি সাধাৰণভাৱে প্ৰতিক্ৰিয়া কৰা ক্ষমতাও নোহোৱা হোৱা।

(৭) নিদ্ৰাৰ অস্বাভাৱিকতা আৰু বাধাগ্ৰস্ততা, যেনে- দিনৰ কৰ্ম-ব্যস্ততাৰ মাজতো অকাৰণত নিদ্ৰালসতা অনুভৱ কৰা, ৰাতি টোপনি নোহোৱা, টোপনিত ভয় পাই সাৰ পোৱা, কথা কোৱা, চিঞৰ-বাখৰ কৰা আৰু খোজকাঢ়ি আন ঠাইলৈ যোৱা।

(৮) আৱেগৰ অস্বাভাৱিকতা, যেনে- অহেতুক কথা বা কাৰণত অতিপাত ভয় কৰা, খং কৰা আৰু ক্ষুণ্ণতাৰ ভাব অনুভৱ কৰা, অযুক্তিকৰভাৱে দোষণীয়তাৰ ভাব আৰু উদ্বেগ অনুভৱ কৰা, উদাসীনতা আৰু হতাশা অনুভৱ কৰা, একেটা পৰিস্থিতিৰ প্ৰতি পৰস্পৰ বিৰোধ আৱেগ অনুভৱ কৰা, নৃত্য-গীত আৰু উত্তেজনামূলক কথা পতাৰ বেলিকা আৱেগৰ নিয়ন্ত্ৰণহীনতা প্ৰকাশ কৰা।

আচৰণজনিত লক্ষণসমূহঃ

 

(১) অসুস্থ আৰু অনুচিত ক্ৰিয়াৰ বাধ্যবাধকতা অনুভৱ কৰা, যেনে- অনাৱশ্যকভাৱে আনৰ বস্তু চুৰ কৰা আৰু বস্তু জ্বলোৱা।

(২) ঐচ্ছিকভাৱে কৰা সঞ্চালন ক্ৰিয়াৰ ক্ষমতা  কমি যোৱা, যেনে- কোনো ক্ৰিয়াৰ বাবে ইচ্ছা-শক্তিৰ অভাৱ হোৱা হেতুকে নিষ্ক্ৰিয় হৈ ৰৈ যোৱা, ক্ৰিয়া প্ৰদৰ্শনত বাধাগ্ৰস্ততা অনুভৱ কৰা, মূক আৰু মৌনতা অৱলম্বন কৰা।

(৩) মনঃসঞ্চালন ক্ৰিয়াৰ মাত্ৰাধিক্য হোৱা, যেনে- অতিমাত্ৰা কথা কোৱা, চিঞৰি চিঞৰি হঁহা-কন্দা কৰা।

(৪) অভ্যস্ত ক্ৰিয়া-আচৰণৰ অসুস্থতা, যেনে- মুদ্ৰাদোষভাৱে চকু পিৰিকিওৱা, অংগ সঞ্চালন কৰা, মূৰ দুপিওৱা, নাক মোহৰা, মুখ মচা, আঙুলি চুপা, নখ কামোৰা আৰু ওঁঠ চেলেকা।

(৫) একেটা কামকে বাৰে বাৰে কৰাৰ প্ৰৱণতা, যেনে- সঘনে হাত-মুখ ধুই থকা, নিজৰ মুখ দাপোণত চাই থকা, চুলি ফণিয়াই থকা।

শিশুৰ ব্যক্তিত্ব বিকাশত মানসিক স্বাস্থ্য-বিজ্ঞানৰ ভূমিকাঃ

 

ওপৰত উল্লেখ কৰা ব্যক্তিত্বৰ অস্বাভাৱিকতা আৰু মানসিক ৰোগৰ ব্যাপকতালৈ চাই এই কথা সহজে অনুভৱ কৰিব পাৰি যে শিশু-ব্যক্তিত্বৰ গঠন প্ৰক্ৰিয়া সুস্থ, স্বাভাৱিক আৰু ৰোগমুক্ত কৰি তোলাটো এক অতি কঠিন অথচ দায়িত্বশীল কাম। ইয়াৰ লগত জড়িত বিভিন্ন দিশৰ প্ৰতি সূক্ষ্ম দৃষ্টি আৰু সচেতনতা নাথাকিলে এই কথাৰ গুৰুত্ব উপলব্ধি কৰিব নোৱাৰি। জন্মতেই কোনো শিশুৱে সুস্থ বা অসুস্থ ব্যক্তিত্ব লগত লৈ নাহে। জন্মৰ যোগেদি সি তাৰ প্ৰতিক্ৰিয়াশীল আৰু বিশ্বাসযোগ্য ক্ষমতাবোৰহে লগত লৈ আহে। শিশু মূলতেই হৈছে এক প্ৰতিক্ৰিয়াশীল জীৱ। তাৰ প্ৰতিক্ৰিয়া আৰু আচৰণ প্ৰদৰ্শনৰ যোগে বিকাশৰ নীতি আৰু গতি নিৰ্ধাৰণ কৰি তোলে তাৰ পৰিৱেশ আৰু পৰিস্থিতিয়ে। এই কথা স্মৰণযোগ্য যে এই পৰিৱেশ আৰু পৰিস্থিতি মানুহৰ বাবে নিয়ন্ত্ৰণৰ বাহিৰত নহয়। শিশুৰ নিকৃষ্ট বংশগতিৰ অসুস্থ প্ৰভাৱ উৎকৃষ্ট পৰিৱেশে বহু পৰিমাণে গুচাব পাৰে। শিশু-ব্যক্তিত্ব সুস্থ বা অসুস্থ ৰূপত গঢ় লৈ উঠাৰ বাবে আমাৰ সামাজিক পৰিৱেশৰ ব্যক্তি আৰু বিষয়সমূহেই মূলতে দায়ী। আমাৰ এই দায়িত্ববদ্ধতাৰ বাবেই এই দিশত আমি বিশেষ সচেতন হোৱাটো প্ৰয়োজন।

আমাৰ সমাজত এতিয়াও নিৰক্ষৰতা, অন্ধবিশ্বাস, কু-সংস্কাৰ আদিৰ দ্বাৰা পৰিচালিত সামাজিক নীতি-নিয়মৰ অন্ত পৰা নাই। এইসমূহে বিশেষকৈ গৃহ পৰিৱেশত শিশু-ব্যক্তিত্বৰ বিকাশত বিস্তৰ ক্ষতিসাধন কৰে। আধুনিক সমাজত ভিন্নমুখী প্ৰয়োজনসমূহৰ ব্যাপকতা ক্ৰমে বৃদ্ধি পাই আহিছে। ইয়াৰ তুলনাত এইসমূহৰ পূৰণত ক্ৰমে অধিক ব্যৰ্থতাই দেখা দিছে। ফলত ই ক্ৰমান্বয়ে মানুহৰ মন ক্ষুণ্ণতা আৰু ৰোগগ্ৰস্ততাৰ পথলৈ ঠেলি দিছে। ইয়াৰ উপৰি ক্ষমতা আৰু প্ৰতিযোগিতাৰ দৌৰ, যুদ্ধৰ বিভীষিকা, মৃত্যু আৰু ধ্বংসৰ ভয়াবহতা, দমন-পীড়ণ আৰু নিষ্পেষণৰ যন্ত্ৰণা আদিয়ে আমাৰ পাৰিবাৰিক আৰু সামাজিক জীৱন ক্ষতিগ্ৰস্ত কৰি মানুহৰ মন পংগু কৰি পেলাইছে। সভ্যতাৰ অগ্ৰগতিয়ে মানুহৰ পশুত্ব আচৰণৰ বৰ্বৰতা প্ৰতিৰোধ কৰিব পৰা নাই। এনেবোৰ অৱস্থা কেৱল শিশুৰ বাবেই নহয় সমগ্ৰ মানৱ সমাজৰ বাবেই উদ্বেগৰ কাৰণস্বৰূপ হৈ উঠিছে। ইয়াৰ বিষময় পৰিণতিৰ প্ৰতিকাৰ কৰিবৰ বাবে বৰ্তমান মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰয়োজনীয়তা অধিকভাৱে অনুভৱ কৰা হৈছে। উন্নত দেশবোৰে জনস্বাস্থ্য আৰু জন-কল্যাণৰ আঁচনিত এইবোৰ বিষয় অন্তৰ্ভুক্ত কৰি ব্যয়-বহুল আঁচনি আৰু কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে।

মানসিক স্বাস্থ্যবিজ্ঞান বুলিলে কি বুজোঃ

 

বৰ্তমান সময়ত ইয়াৰ প্ৰাসংগিকতা আৰু প্ৰয়োজনীয়তালৈ চাই মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিসৰক তিনিটা দিশত বিভক্ত কৰিব পাৰি। যেনে- (১) ব্যক্তিৰ মানসিক স্বাস্থ্য ৰক্ষা কৰা, (২) মানসিক ৰোগ সৃষ্টিত বাধা দিয়া আৰু (৩) ইয়াৰ প্ৰয়োজনীয় চিকিৎসা আৰু গৱেষণা কৰা। চমুকৈ ক’ব পাৰি যে মানসিক ৰোগৰ চিকিৎসা কৰা, ইয়াৰ সৃষ্টিত বাধাদান কৰা কৰা আৰু তাৰ যোগেদি ব্যক্তিৰ মানসিক স্বাস্থ্য ৰক্ষা কৰাই হৈছে এই বিজ্ঞানৰ মূল উদ্দেশ্য। মানুহৰ মনৰ ক্ৰোধ, ভয়, বিৰক্তি, উদ্বেগ আদি অসুস্থ আৱোগবোৰৰ পৰা প্ৰভাৱমুক্ত কৰি সুস্থ জীৱন-যাপনত ই আমাক সহায় কৰে। অৱশ্যে অন্যান্য বিজ্ঞানৰ তুলনাত মানসিক স্বাস্থ্যবিজ্ঞান আপেক্ষিকভাৱে নতুন বিষয়। কুৰি শতিকাৰ আৰম্ভণিতহে এই বিষয়ে বিশেষজ্ঞসকলৰ দৃষ্টিগোচৰ হয়। মানসিক স্বাস্থ্যবিজ্ঞানৰ জনকস্বৰূপে বিবেচিত অধ্যাপক বিয়েৰে এই কথা লক্ষ্য কৰে যে ব্যক্তিয়ে বিভিন্ন দৈহিক ৰোগ ভোগ কৰাৰ কাৰণ হৈছে নিজ পৰিৱেশত সমাযোজন কৰাত ব্যৰ্থ হোৱাটো। বৰ্তমান এই মানসিক স্বাস্থ্য-বিজ্ঞানৰ প্ৰাধান্য আৰু প্ৰয়োজনীয়তা সমাজৰ সকলো শ্ৰেণীৰ লোকেই অনুভৱ কৰে। বহলভাৱে কবলৈ গ’লে ইয়াৰ লক্ষ্য হৈছে প্ৰতিজন লোকেই সুস্থ, সুন্দৰ আৰু সুখী জীৱন-যাপন কৰাত সহায় কৰাটো।

শিশুৰ বেলিকা মানসিক স্বাস্থ্য-বিজ্ঞানৰ এক বিশেষ তাৎপৰ্য আছে। শৈশৱ কালছোৱাই হৈছে শিশুৰ মানসিক জীৱনৰ ৰচনা আৰু প্ৰস্তুতিকাল। এই সময়ত শিশু-মন অসুস্থ আৰু ৰোগগ্ৰস্ত হ’লে পৰৱৰ্তী মানসিক বিকাশত তাৰ অনুৰূপ প্ৰভাৱ স্থায়ীভাৱে পৰে। তাৰ ফলত শিশুৰ মনত ভয়, সন্দেহ, ঘৃণা, হতাশা আদিৰ এক নেতিবাচক দৃষ্টিভংগী আৰু মনোভাৱ সকলো ব্যক্তি, বিষয় আৰু পৰিস্থিতিৰ প্ৰতি গঢ়ি উঠে। শিশুৰ সকলো বাহ্যিক প্ৰতিক্ৰিয়া আৰু আচৰণ তাৰ দ্বাৰা প্ৰভাৱিত আৰু পৰিচালিত হয়। এনে অৱস্থা তাৰ ব্যক্তিত্ব বিকাশৰ বাবে অত্যন্ত ক্ষতিকাৰক। সেয়েহে শিশু-ব্যক্তিত্বৰ এনে বিপৰ্যৰ পৰা ৰক্ষা পাবৰ বাবে মাক-দেউতাক, শিক্ষক-অভিভাৱক আৰু শিশুৰ লগত জড়িত আন সকলো লোকেই মানসিক স্বাস্থ্য-বিজ্ঞানৰ লগত কিছু পৰিচিত হ’ব লাগে। তেওঁলোকে কেনেবোৰ কাৰণত ইয়াৰ সৃষ্টি হ’ব পাৰে, ৰোগৰ লক্ষণসমূহ কেনে ধৰণৰ হ’ব পাৰে, তাৰ প্ৰতিকাৰৰ বাবে কেনেবোৰ প্ৰাথমিক ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাৰ প্ৰতিষেধক স্বৰূপে কেনেবোৰ সাৱধানতা অৱলম্বন কৰিব লাগে, এই সম্বন্ধে সাধাৰণভাৱে ধাৰণা লাভ কৰা উচিত। অৱশ্যে এই সমস্যা বিজ্ঞানসন্মতভাৱে অধ্যয়ন আৰু ৰোগৰ প্ৰয়োজনীয় চিকিৎসা কৰাটো মানসিক ৰোগ বিশেষজ্ঞসকলৰহে কৰ্তব্য।

গৃহ পৰিৱেশত মাক-দেউতাকৰ ভূমিকাঃ

 

শিশুৰ সকলো দিশৰেই প্ৰথম আৰু প্ৰধান দায়িত্ব গ্ৰহণ কৰে মাক-দেউতাকে। তাৰ মানসিক স্বাস্থ্য ৰক্ষাৰ বেলিকাও তেওঁলোকে এক বহল পৰিসৰত দায়িত্ব গ্ৰহণ কৰাটো প্ৰয়োজন। শিশু বিকাশৰ সমগ্ৰ দিশসমূহৰ প্ৰতিয়েই এক সুসামঞ্জস্য ৰূপত অন্তৰ্দৃষ্টিৰ প্ৰয়োগ কৰিব লাগে। শৈশৱ কালৰ অতি গুৰুত্বপূৰ্ণ প্ৰয়োজনবোৰৰ ভিতৰত তাৰ দৈহিক আৰু আৱেগিক প্ৰয়োজনবোৰৰ কথা বিশেষ উল্লেখযোগ্য। এই দুইবিধ প্ৰয়োজন পূৰণত তেওঁলোকৰ ব্যৰ্থতাই হৈছে মানসিক ৰোগগ্ৰস্ততাৰ প্ৰধান কাৰণ। শিশু স্বাভাৱিকতেই পৰনিৰ্ভৰশীল হোৱাৰ প্ৰতি লক্ষ্য ৰাখি তাৰ খোৱা-পিন্ধা আৰু অন্যান্য দৈহিক যতন লোৱাৰ ক্ষেত্ৰত যাতে সি কোনো ধৰণৰ ব্যৰ্থতা অনুভৱ কৰিব লগা নহয় তাৰ প্ৰতি চকু ৰাখিব লাগে। ইয়াৰ উপৰি দৈহিক সঞ্চালনমূলক খেলা-ধূলাবোৰৰ প্ৰয়োজনীয় সা-সুবিধা আৰু পৰিৱেশ সি পাব লাগে। খেলাৰ প্ৰয়োজনীয়তা আগৰ বিভিন্ন প্ৰসংগত আলোচনা কৰি অহা হৈছে। শিশুৰ আৱেগিক জীৱন অতি ঠুনুকা আৰু সংবেদনশীল হোৱা বাবে এই সম্বন্ধীয় প্ৰয়োজনবোৰৰ প্ৰভাৱ দৈহিক প্ৰয়োজনতকৈও অধিক জটিলতাপূৰ্ণ। ইতিপূৰ্বে প্ৰদান কৰা মানসিক ৰোগবোৰৰ তালিকাখনলৈ লক্ষ্য কৰিলেই এই কথা সহজে অনুমান কৰিব পাৰি। শিশুৱে গৃহ পৰিৱেশত বিচৰা মৰম-চেনেহ, স্বাধীনতা, আৱেগিক নিৰাপত্তা আৰু সামাজিক মৰ্যাদা আদি যথোচিতভাৱে পূৰণ কৰিব পৰাৰ ওপৰতেই তাৰ মানসিক স্বাস্থ্যৰক্ষাৰ কৃতকাৰ্যতা মূলতে নিৰ্ভৰ কৰে। ঘৰুৱা জীৱনত ৰক্ষা কৰা নৈতিক, আধ্যাত্মিক আৰু অনুশাসনৰ মানদণ্ডই শিশুৰ ক্ৰিয়া-আচৰণত সুস্থতা আৰু সামাজিক গ্ৰহণযোগ্যতা প্ৰতিপন্ন কৰে। সেইবাবে এই দিশত মাক-দেউতাকৰ ভূমিকা অতি জটিল আৰু দায়িত্বপূৰ্ণ। পৰিয়ালত মানি চলা সামাজিক আৰু সাংস্কৃতিক নীতি-নিয়মবোৰৰ পৰম্পৰাই যাতে শিশুৰ পৰিৱৰ্তিত পৰিস্থিতিত সুস্থ সমাযোজন স্থাপনত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতিও সতৰ্ক দৃষ্টি ৰাখিব লাগে। প্ৰয়োজন মতে পুৰণি হৈ পৰা আৰু বৰ্তমানৰ বাবে অপ্ৰচলিত হৈ পৰা সাংস্কৃতিক পৰম্পৰা সমূহৰ সংস্কাৰ সাধন কৰি তুলিব লাগে। ইয়াৰ বাবে অন্ধ আৰু ৰক্ষণশীল মনোভাৱ ত্যাগ কৰি প্ৰগতিশীল আৰু সময়সাপেক্ষে দৃষ্টিভংগী গ্ৰহণ কৰিব পাৰিব লাগে। ইয়াৰ উপৰি পৰিয়ালৰ ভাই-ভনী, আত্মীয়-স্বজন আৰু বিশেষকৈ মাক-দেউতাকৰ মাজত থকা পাৰস্পৰিক বুজাপৰা, আন্তৰিকতা আৰু সহযোগিতাৰ মনোভাৱে শিশুৰ মনত আত্মবিশ্বাসৰ ভাব আৰু ইতিবাচক মনোভাৱ আৰু দৃষ্টিভংগী গঢ় দি তুলিব পাৰে। ঘৰুৱা পৰিৱেশৰ এই মৰম-চেনেহ আৰু আন্তৰিকতাৰ বান্ধোন  শিশুৰ মানসিক স্বাস্থ্যৰক্ষাৰ দিশত অতি প্ৰয়োজনীয়। শিশুৰ মানসিক স্বাস্থ্যৰক্ষাৰ বেলিকা অধিক বাস্তৱ আৰু কাৰ্যকৰীভাৱে মাক-দেউতাকে পালন কৰিবলগীয়া কেতবোৰ বিশেষ দায়িত্বশীল ভূমিকা তলত সংক্ষেপে উল্লেখ কৰা হৈছে।

(১) শিশুক যথোচিত মৰম-চেনেহ দিব লাগে।

(২) ঘৰৰ উপযুক্ত পৰিৱেশ প্ৰদান কৰিব লাগে।

(৩) শিশুক সমালোচনা কৰিব নালাগে।

(৪) শিশুক আন শিশুৰ লগত তুলনা কৰিব নালাগে।

(৫) শিশুক পৰিত্যক্ত অথবা অতিমাত্ৰা আবদাৰ কৰিব নালাগে।

(৬) শিশুৰ উপস্থিতিত কাজিয়া কৰিব নালাগে।

(৭) শিশুৰ ভৱিষ্যৎ সম্বন্ধে অধিক উদ্বিগ্ন হ’ব নালাগে।

(৮) শিশুৰ প্ৰতি ব্যৱহাৰ গণতান্ত্ৰিক হ’ব লাগে।

(৯) শিশুৰ যুক্তিসংগত প্ৰয়োজনবোৰ পূৰণ কৰিব লাগে।

(১০) আৱশ্যক অনুসৰি নিৰ্দেশনা দিব লাগে।

(১১) শিশুৰ মনত আত্মবিশ্বাসৰ ভাব গঢ়ি তুলিব লাগে।

স্কুলত শিক্ষকৰ ভূমিকাঃ

 

স্কুলৰ শিক্ষা পৰিৱেশ পৰিয়ালতকৈ অধিক নিয়ন্ত্ৰিত আৰু সুপৰিকল্পিত। বিকাশৰ সকলো সুস্থ প্ৰভাৱৰ সমাৱেশ ঘটাই শিশুৰ সুস্থ ব্যক্তিত্ব গঢ় দি তোলাই হৈছে স্কুলৰ প্ৰধান উদ্দেশ্য আৰু শিক্ষকৰ প্ৰধান কৰ্তব্য। সমাজৰ সকলো শ্ৰেণীৰ লোকেই শিশুৰ মানসিক স্বাস্থ্যৰক্ষাৰ প্ৰকৃত ধাৰণা কৰিব পৰাটো আশা কৰিব নোৱাৰি। বহুতো অভিভাৱকে শিশুক নিয়ন্ত্ৰণ কৰিব নাজানি অথবা ঘৰৰ অসুস্থ আৰু প্ৰতিকূল পৰিৱেশৰ পৰা শিশুক আঁতৰাই ৰাখিবৰ বাবেও স্কুলত নামভৰ্তি কৰে। বৰ্তমান আমাৰ দেশত শিশুক সৰুতেই ভাল স্কুলত দিয়াৰ প্ৰয়োজনীয়তা প্ৰতিজন সচেতন আৰু সক্ষম অভিভাৱকেই অনুভৱ কৰে। প্ৰাথমিক আৰু পূৰ্ব-প্ৰাথমিক পৰ্যায়ৰ শিশু শিক্ষা-ব্যৱস্থাৰ প্ৰতি সমাজৰ লোক আগতকৈ অধিক সচেতন হোৱাটোৱে শিশুক মানসিক স্বাস্থ্যৰক্ষাৰ দিশত শিশুসকলক স্বাভাৱিকতেই এক বিশেষ দায়িত্ব দান কৰিছে।

শিশুৰ মানসিক স্বাস্থ্যৰক্ষাৰ দিশত শিক্ষকসকলৰ প্ৰয়োজনীয় ভূমিকা সম্বান্ধে তলত সংক্ষেপে উল্লেখ কৰা হৈছে।

(১) শিশুৰ সাধাৰণ দৈহিক আৰু মানসিক প্ৰয়োজনবোৰ শিক্ষকে বুজিবলৈ চেষ্টা কৰিব লাগে আৰু সেইবোৰ যথোচিতভাৱে স্কুলে পূৰণ কৰালৈ লক্ষ্য ৰাখিব লাগে।

(২) স্কুলত যাতে ল’ৰা-ছোৱালীয়ে নিজকে আচহুৱা আৰু অসহায় অনুভৱ কৰিব নোৱাৰে তাৰ বাবে গৃহ আৰু শিক্ষা পৰিৱেশৰ মাজত ব্যৱধান হ্ৰাস কৰিব লাগে।

(৩) স্কুলৰ পৰিৱেশত পাৰস্পৰিক সদ্ভাৱ, মৰম-চেনেহ, সহযোগিতা, স্বাধীনতা, স্ব-অধিকাৰৰ মনোভাৱ আৰু খেলাৰ মনোবৃত্তি আদি বজাই ৰাখি ছাত্ৰ-শিক্ষকৰ মাজত সুস্থ আৱেগিকতা গঢ়ি তুলিব লাগে।

(৪) স্কুলৰ পাঠ্যসূচী আৰু কাৰ্যসূচী গতানুগতিক ক্ৰিয়া তৎপৰতাৰে সম্পাদন কৰিবলৈ নগৈ শিশুৰ মানসিক প্ৰস্তুতি আৰু প্ৰণোদনৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষকে খেলাৰ মনোভাৱেৰেহে সম্পাদন কৰিব লাগে।

(৫) স্কুলৰ অনুশাসন ব্যৱস্থা গণতান্ত্ৰিক হ’ব লাগে যাতে সকলো শিশুৱে আত্ম-প্ৰকাশৰ অধিকাৰ লাভ কৰিব পাৰে আৰু তাৰ সুযোগ গ্ৰহণ কৰিব পাৰে।

(৬) প্ৰত্যেক শিশুৱেই নিজৰ অভাৱ-অভিযোগ আৰু অসুবিধাবোৰ শিক্ষকক ক’ব পৰাকৈ শিশুৰ মনত সাহস, আত্মবিশ্বাস আৰু আত্ম-প্ৰত্যয়ৰ ভাব গঢ়ি তুলিব লাগে।

(৭) অৱস্থা আৰু প্ৰয়োজনবিশেষে শিক্ষকে প্ৰশংসা, স্বীকৃতি আৰু পুৰষ্কাৰ প্ৰদানৰ কৌশল গ্ৰহণ কৰিব লাগে।

(৮) পৰীক্ষাৰ অসুস্থ প্ৰতিযোগিতা আৰু নম্বৰৰ ভিত্তিত ছাত্ৰৰ কৃতিত্ব পৰ্যায়কৰণৰ ব্যৱস্থাৰে শিশুৰ মনত অনুচিত ভয়, উদ্বেগ আৰু অসুস্থ মনোভাৱৰ সৃষ্টি কৰিব নালাগে।

(৯) স্কুলৰ পাঠ্যসূচী শিশুৰ গ্ৰহণযোগ্য হোৱালৈ লক্ষ্য ৰাখিব লাগে আৰু সকলো বৌদ্ধিক মানদণ্ডৰ শিশুৱে তাত অংশগ্ৰহণ কৰিব পাৰিব লাগে।

(১০) স্কুলৰ কাৰ্যসূচীত নৃত্য-গীত আদি কলাত্মক বিষয়, নীতি-শিক্ষা আৰু যৌন শিক্ষা, হস্ত-শিল্প আৰু আজৰি সময় সাৰ্থকভাৱে কটোৱাৰ শিক্ষা-ব্যৱস্থা থাকিব লাগে।

(১১) শিক্ষকে প্ৰতিটো শিশুৰে ব্যক্তিগতভাৱে যত্ন লব পৰাকৈ শ্ৰেণীৰ ছাত্ৰসংখ্যা সীমিত কৰিব লাগে।

(১২) শিশুৰ মানসিক স্বাস্থ্যৰক্ষাৰ বিভিন্ন দিশৰ প্ৰতি চকু দিবলৈ শিক্ষকৰ ব্যক্তিগত মানসিক স্বাস্থ্যও অটুট থাকিব লাগে।

শিশু-ব্যক্তিত্বৰ সুস্থ বিকাশত কলাত্মক আৰু বিজ্ঞান-বিষয়ক দৃষ্টিভংগী জড়িত। মানৱ সভ্যতা-সংস্কৃতি আৰু শিক্ষা অভিজ্ঞতাৰ অগ্ৰগতিৰ লগে লগে এই কথাৰ প্ৰতি মানুহ অধিক সচেতন আৰু সক্ৰিয় হৈ উঠাটো পৰিলক্ষিত হৈছে। ইয়াৰ ব্যৱহাৰিক দিশত গৃহ আৰু স্কুলৰ শিক্ষা পৰিৱেশত মাক-দেউতাক আৰু শিক্ষকৰ দায়িত্ব অধিক বৃদ্ধি কৰি তুলিছে। এই দায়িত্ব পালন নিচেই সহজ কথা নহয়। চাইল্ড ক্ৰাফ্ট বা শিশু-শিল্প অথবা শিশু প্ৰতিপালন ব্যৱস্থাৰ প্ৰয়োজনীয়তা ক্ৰমবৰ্ধিতভাৱে অুভৱ কৰি উঠা হৈছে যদিও এই বিষয়ৰ জটিলতা সময়ৰ লগে লগে অধিক বৃদ্ধি পাই আহিছে। মানুহৰ শিক্ষা-অভিজ্ঞতা আৰু উন্নত জীৱন-যাপন ব্যৱস্থাই নতুন নতুন প্ৰয়োজন আৰু সমস্যাৰ সৃষ্টি কৰিছে। ফলত মানুহৰ মন আৰু আচৰণ অধিক জটিলতাপূৰ্ণ আৰু সমস্যা জৰ্জৰিত হৈ পৰিছে। সেয়েহে ভৱিষ্যৎ সমাজৰ আশা-আকাংক্ষা আৰু জীৱনৰ প্ৰয়োজন পূৰণ কৰা আৰু বিকাশৰ গতিধাৰা নিৰ্ণয় কৰাৰ সকলো পৰিকল্পনা ইয়াত নিহিত থাকে। শিশু হৈছে মানৱতাৰ ভৱিষ্যতৰ আশা-আকাংক্ষা আৰু স্বপ্নৰ প্ৰতীক। শিশুৰ বাবে কৰা চেষ্টা আৰু যত্ন সেয়েহে ভৱিষ্যতৰ বাবে অতি তাৎপৰ্যপূৰ্ণ এক সাৰ্থক বিনিয়োগ ব্যৱস্থা। এনে ব্যৱস্থাত ব্যক্তি, সমাজ, চৰকাৰ আৰু ইয়াৰ লগত জড়িত সকলো দিশৰেই আন্তৰিক সহযোগিতাৰ প্ৰয়োজন।

 

(উৎসঃ শিশু বিকাশৰ ৰূপৰেখা, যতীন বৰুৱা)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate