এখন ৰাষ্ট্ৰৰ প্ৰগতিৰ বাবে প্ৰতিজন নাগৰিকে প্ৰাথমিক শিক্ষা লাভ কৰি শিক্ষিত হোৱাটো অতিকে গুৰুত্বপূৰ্ণ। বৰ্তমান সময়ত এই প্ৰাথমিক শিক্ষাই যথেষ্ট প্ৰসাৰতা লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ শিক্ষিতৰ হাৰ বৃদ্ধিয়ে দেশৰ অৰ্থনৈতিক উন্নয়নতো প্ৰভাৱ পেলায়।
ভাৰতৰ সংবিধানে ৬ বছৰৰ পৰা ১৪ বছৰ বয়সৰ সকলো শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ আইন প্ৰ্ৱৰ্তন কৰিছে। ৬ বছৰৰ পৰা ১৪ বছৰৰ সকলো শিশুৱে শিক্ষা গ্ৰহণৰ সুবিধা পোৱাটো তেওঁলোকৰ মৌলিক অধিকাৰ। এই বয়সৰ শিশুসকলে জাতি, বৰ্ণ, ভাষা নিৰ্বিশেষে য'তেই ইচ্ছা কৰে তাতেই শিক্ষা গ্ৰহণ কৰিব পাৰে। এই শিক্ষা গ্ৰহণৰ পৰা যাতে কোনেও বঞ্চিত হ’ব লগা নহয় সকলোৱে যাতে সমান সা-সুবিধা লাভ কৰি বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিব পাৰে সেই উদ্দেশ্যে চৰকাৰে সৰ্ব শিক্ষা অভিযানৰ দৰে অভিলাষী আঁচনি ৰূপায়ন কৰি দেশৰ মুঠ শিশুৰ ১০০ শতাংশই শিক্ষা লাভ কৰিব পৰাকৈ ব্যৱস্থা হাতত লয়। এই ক্ষেত্ৰত তথ্য, যোগাযোগ প্ৰযুক্তিয়েও গ্ৰাম্য ভাৰতক বিকাশৰ দিশলৈ ধাৱমান কৰি শিক্ষা ব্যৱস্থাটোক উন্নীতকৰণ কৰি তুলিবলৈ এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।
আমাৰ এই পৰ্টেলটোত প্ৰাথমিক শিক্ষাক এক মৌলিক অধিকাৰ হিচাপে সাব্যস্ত কৰাৰ লগতে শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি গ্ৰাম্য ভাৰতক প্ৰগতিৰ পথত আগুৱাই নিবলৈ চেষ্টা কৰা হৈছে।
শিক্ষা হৈছে প্ৰতিজন নাগৰিকৰে মৌলিক অধিকাৰ। প্ৰত্যেকে নিজৰ ইচ্ছাৰে এই শিক্ষা লাভ কৰিব পাৰে। এখন দেশৰ বা এজন ব্যক্তিৰ বিকাশ সম্ভৱ মাত্ৰ শিক্ষাৰ যোগেদি। এই শিতানত শিশুৰ শিক্ষাৰ অধিকাৰৰ বিষয়ে আলোচনা কৰা হৈছে।
৬ ৰ পৰা ১৪ বছৰৰ প্ৰতিজন শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা গ্ৰহণৰ অধিকাৰ প্ৰদান কৰা হৈছে। সংবিধানৰ ৮৬ সংখ্যক সংশোধনী আইন অনুসৰি এই অধিকাৰ ২১ নং অনুচ্ছেদত সন্নিৱিষ্ট কৰা হৈছে।
এই শিতানত বিভিন্ন খেল-ধেমালী আৰু শিশুৰ বাবে মনোৰঞ্জনমূলক বিষয়সমূহ সন্নিৱিষ্ট কৰা হৈছে। ই শিশুৰ বৌদ্ধিক বিকাশৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ।
শিশু বিজ্ঞান ধাৰাটোৱে এটি শিশুক অতি সহজ তথা ব্যৱহাৰিক দৃষ্টিভংগীৰ বিজ্ঞান শিক্ষা গ্ৰহণ কৰিবলৈ শিকায়। ই বিজ্ঞানসন্মত পৰিৱেশ সন্দৰ্ভত শিশুৰ মাজত সজাগতা সৃষ্টিৰ লগতে স্বৃজনাত্মক চিন্তাৰ বাবে উদগণি যোগায় আৰু শিকন পদ্ধতিত অংশগ্ৰহণ কৰিবলৈ শিশুক প্ৰেৰণা যোগায়।
শিক্ষণ আৰু শিকন প্ৰক্ৰিয়াটো হৈছে শিক্ষাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াটোৰ যোগেদি শিক্ষাৰ আদান প্ৰ্দান হয়। শিক্ষণৰ যোগেৰে শিশুসকলে কোনো বিষয়ৰ জ্ঞান, আচাৰ-ব্যৱহাৰ ইত্যাদি আহৰণ কৰে। শিক্ষকসকলে এই ক্ষেত্ৰত প্ৰধান ভূমিকা গ্ৰহণ কৰে। শিশুৰ শিক্ষাৰ ক্ষেত্ৰত শিক্ষকসকলৰ কেনে ধৰণৰ পদক্ষেপ লোৱাটো উচিত বা কেনে ভূমিকা গ্ৰহণ কৰে এই সকলোবোৰ কথা এই শিতানত আলোচনা কৰা হৈছে।
যিকোনো এটা বিষয় সন্দৰ্ভত বিভিন্ন বয়সৰ ছাত্ৰ গোটৰ জ্ঞান আৰু এই জ্ঞানৰ প্ৰসাৰৰ বাবে নিৰ্দ্ধাৰণ প্ৰক্ৰিয়া অতিকৈ জৰুৰী।
হাৱাৰ্ড গাৰডিনাৰ মনোবৈজ্ঞানিক দৃষ্টিভংগী অনুসৰি এজন মানুহৰ সাত প্ৰকাৰৰ বুদ্ধিমত্তা থাকিব পাৰে। একোজন লোকৰ দুটা বা ততোধিক মূখ্য বুদ্ধিমত্তা গুণ থাকিব পাৰে আৰু এই বুদ্ধিসমূহ যুক্তিসন্মত, দৃশ্যমান আৰু বিভিন্ন ধৰণৰ হ’ব পাৰে।
ভৱিষ্যতে এটা সুন্দৰ পথত গতি কৰিবলৈ পেশাগত পথ-প্ৰদৰ্শকৰ সহায় লোৱাটো অতিকে আৱশ্যক। ডিগ্ৰী লাভ কৰাৰ পাছত বা হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰাৰ পিছত কেনে ধৰণৰ শিক্ষা গ্ৰহণ কৰিলে বা কেনেধৰণৰ প্ৰশিক্ষণ গ্ৰহণ কৰি নিয়োগৰ সুযোগ লাভ কৰি ভৱিষ্যতে এটা সুন্দৰ জীৱন-যাপন লাভ কৰিব পাৰিব এই বিষয়ে এই শিতানত আলোচনা কৰা হৈছে।
এই পৰ্টেলত তথ্য প্ৰযুক্তিৰ ধাৰাটোৱে বিভিন্ন ধৰণৰ প্ৰযুক্তি, বৰ্ণ প্ৰযুক্তি আৰু কম্পিউটাৰৰ কিছুমান মৌলিক তথা তথ্য সংগ্ৰহৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ইয়াৰোপৰি কৰেল ড্ৰ আৰু কিছুমান নিৰ্বাচিত আঞ্চলিক ভাষাত তথ্য সংগ্ৰহৰ ক্ষেত্ৰত সহায় কৰে।
হাইস্কুল শিক্ষান্ত পৰীক্ষা বা ডিগ্ৰীৰ দেওনা অতিক্ৰম কৰাৰ পাছত কেনেধৰণৰ শিক্ষা লাভ কৰিলে নিয়োগৰ সুযোগ লাভ কৰিব পাৰি ইত্যাদি কিছুমান পেশাগত পথ-প্ৰদৰ্শক এই শিতানত অন্তৰ্ভূক্ত কৰা হৈছে।
শেহতীয়া উন্নীতকৰণ: : 12/4/2020
অভিভাৱকৰ শাসন আৰু শিক্ষা-ব্যৱস্থাৰ মেৰপাকত আমাৰ ...
অম্বুবাচী আৰু ইয়াৰ সৈতে জড়িত লোকাচাৰসমূ লিখা হৈছে
অতীতত ভাৰতীয় দাৰ্শনিক কণাদ আৰু গ্ৰীক দাৰ্শনিক ডেম’...
অসমৰ ভিন প্ৰান্তত অৱস্থিত আই টি আই প্ৰতিষ্ঠানসমূহত...