অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অভিভাৱকৰ দায়িত্ববোধ :

অভিভাৱকৰ দায়িত্ববোধৰ বিষয়ে লিখা হৈছে।

 

যৌৱন এক অপ্ৰতিৰোধ্য শক্তি। এই শক্তি যদি সঠিক ৰূপত প্ৰকাশ কৰা যায়, তেন্তে আমাৰ সমাজ ব্যৱস্থাটো সূচাৰুৰূপে চলাই নিয়াত কোনো বাহিৰা শক্তিয়ে বাধা দিব নোৱাৰে। বৰ্তমান সময়ত যুৱ সমাজৰ যি অমানৱীয়তা দেখিবলৈ বা শুনিবলৈ পোৱা যায় তাৰ বাবে আমাৰ যুৱ-সমাজক দোষ দিলেই নহ’ব। ইয়াৰ বাবে সমানে দায়ী আমাৰ অভিভাৱকসকলে।

বহুতো অভিভাৱকে নিজৰ বৈষয়িক সা-সুবিধাৰ বিষয়ে ভাবি থাকিতে ল’ৰা-ছোৱালী কোনফালে ধাৱমান হৈছে, সেইবোৰ লক্ষ্য কৰিবলৈ আহৰি নোহোৱা হয়। ফলত তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে নিজকে পাহৰি পঢ়াশুনাৰ প্ৰতি অমনোযোগী হৈ ‘লাইফটো এনজয়’(তেওঁলোকৰ ভাষাত) কৰাতহে গুৰুত্ব দিয়ে তেওঁলোকে মাক-দেউতাকৰ অবাধ্য হৈ নিজৰ মতে চলিবলৈ লয় আৰু তাৰ পৰিস্থিতি শেষত ভয়ানক হোৱা দেখা যায়। এনে ভয়ানক হোৱা দেখা যায়। এনে ভয়ানক পৰিস্থিতি যাতে কেতিয়াও নাহে, তাৰ বাবে অভিভাৱকসকল সতৰ্ক হোৱাৰ প্ৰয়োজন আৰু প্ৰতি মুহূৰ্ততে নিজৰ ল’ৰা-ছোৱালী ক’লৈ গৈছে, কাৰ লগত গৈছে, কিয় গৈছে, ম’বাইলত কাৰ লগত ব্যস্ত আছে আদি প্ৰশ্নবোৰৰ উত্তৰ তেওঁলোকৰ পৰা বিচৰাৰ প্ৰয়োজনীয়তা আছে।

বৰ্তমান সময়ত মানৱীয় মূল্যবোধৰ এনেদৰে অৱক্ষয় হ’ব ধৰিছে, যাৰ ফলত সমাজখন বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা দেখা গৈছে। আজিৰ নৱ প্ৰজন্মক গঢ় দিয়াৰ ক্ষেত্ৰত ঘৰ তথা নিজৰ গাঁওখনেই প্ৰথম কঠিয়াতলি। ঘৰখনৰ পৰিৱেশৰ ওপৰতে সকলো নিৰ্ভৰ কৰে। ঘৰখনৰ মাক-দেউতাক, ককাই-ভাই, বাই-ভনী আদিৰ মাজত যি সম্প্ৰীতিৰ ভাব ফুটি উঠিব, সেই ভাববোৰ ভৱিষৎ জীৱনত প্ৰতি পলে পলে অনুধাৱন কৰিব লগা হয়। পঢ়াশুনা, গান-বাজনা, ছবি অঁকা, সাহিত্য-চৰ্চা ইত্যাদিৰ প্ৰতি এটি শিশুৱে প্ৰথম অৱস্থাত ঘৰখনৰ পৰাই কচৰৎ আৰম্ভ কৰিব লগা হয়। নিজৰ অগ্ৰজসকলক দেখি-শুনি শিশুটিয়ে সেইবোৰ শিকি লয় আৰু তেনেদৰে ভৱিষ্যৎ জীৱন অধ্যৱসায়ৰ বীজ অংকুৰিত হয়। মাক-দেউতাকৰ কোনো বিষয়ত ৰাপ নাথাকিলেও নিজৰ সন্তানৰ স্বাৰ্থত বিশেষ বিষয়ত মনোযোগ দিব লগা হয়। তাকে নকৰিলে সন্তানৰ বাহিৰা বিষয়ৰ প্ৰতি ৰাপ নোহোৱা আৰু কেৱল অপ্ৰয়োজনীয় কামতে সময় অতিবাহিত কৰি নিজৰ পঢ়াশুনাৰ ক্ষেত্ৰখনতো পিছ পৰি থকা দেখা যায়। ফলত এটি সম্ভাৱনাময় প্ৰতিভাৰ অপচয় হয় আৰু ইয়াৰ ভুক্তভোগী ল’ৰা-ছোৱালীৰ লগতে মাক-দেউতাকো হ’ব লগা হয়। সম্ভাৱনাময় প্ৰতিভাৰ অপচয় হ’বলৈ নিদি তেওঁলোকৰ সুপ্ত প্ৰতিভাক জাগ্ৰত কৰিবলৈ অভিভাৱকসকলে কিছু ত্যাগ কৰিব লগা হয়। নিজৰ সন্তানক পাঠ্যপুথিৰ উপৰি আলোচনী, বাতৰিকাকত আদিৰ প্ৰতি কেনেদৰে আগ্ৰহ জন্মাব বা বঢ়াব সেই বিষয়ে অভিভাৱকসকলে চিন্তা-চৰ্চা কৰা উচিত। কাকত-আলোচনীৰ বাবে এটা পৰিৱেশ প্ৰথমে গঢ় দি দুই-এখন কাকত-আলোচনী নিজৰ সন্তানক যোগান ধৰিব লাগে। তেনে পৰিৱেশতহে কেতিয়াবা ‘পঠনৰ’ পৰা ‘লিখনৰ’ অভ্যাস গঢ় লৈ উঠে আৰু কেতিয়াবা অভিভাৱকৰ অজানিতে সন্তানৰ কাপোৰ নিৰ্গত হোৱা দুই-এটা বিশেষ লেখাৰ যোগেদিয়েই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী হ’ব পাৰে।

শেষত ক’বলৈ গ’লে যি ধৰণৰ প্ৰত্যাহ্বানেই নহওক কিয় সন্তানৰ গভীৰ অধ্যাৱসায় আৰু অভিভাৱকৰ ত্যাগ স্বীকাৰে সমাজৰ নৱ প্ৰজন্মক, নৱৰূপত প্ৰতিষ্ঠিত কৰাত অনুঘটক হিচাপে ক্ৰিয়া কৰিব লাগিব।

লেখক: ৰূপক চন্দ্ৰ শইকীয়া(অসম বাণী)

2.94444444444
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top