অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰকল্প পদ্ধতিঃ

প্ৰকল্প পদ্ধতিৰ বিষয়ে লিখা হৈছে

 

ধাৰণাৰ উৎপত্তিঃ

 

শিক্ষাৰ নতুন নতুন চিন্তা আৰু ইয়াৰ কাৰ্যকৰী পদ্ধতি সম্বন্ধে আমেৰিকাত কুৰি শতিকাৰ প্ৰথমাৰ্ধতেই যথেষ্ট অগ্ৰগতি লাভ কৰা হয়। ডল্টন আঁচনি আৰু প্ৰকল্প পদ্ধতি ইয়াৰেই বাস্তৱ পৰিণতি স্বৰূপ বুলিব পাৰি। তেওঁলোকৰ শিক্ষা সম্বন্ধীয় চিন্তা-চৰ্চা এহাতে আছিল দৰ্শনভিত্তিক আৰু আনহাতে আছিল বিজ্ঞানমুখী। সেয়েহে সমগ্ৰ বিশ্বতে তেওঁলোকে উদ্ভাৱন কৰা শিক্ষাৰ নতুন চিন্তা-চৰ্চাই প্ৰভাৱিত কৰি তুলিব পাৰিছিল। আমেৰিকাৰ শিক্ষা জগতত দাৰ্শনিক জন্ ডিউইয়ে তেওঁৰ প্ৰয়োগবাদ দৰ্শনৰ এক শক্তিশালী প্ৰভাৱ পেলায়। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে প্ৰচলিত গতানুগতিক শিক্ষা ব্যৱস্থা আছিল ছাত্ৰৰ বাবে আমনি লগা আৰু তিক্ততাদায়ক, য’ত তেওঁলোকে শিক্ষকৰ মৌখিক শিক্ষা নিৰৱে আৰু নিষ্ক্ৰিয়ভাৱে শুনি থাকিব লগা হৈছিল। এনে শিক্ষা আছিল ব্যক্তিগতভাৱে আগ্ৰহ-অভিৰুচিহীন আৰু সামাজিকভাৱে উদ্দেশ্যবিহীন। এনে এক হতাশজনক শিক্ষা পৰিস্থিতিত ডিউইয়ে প্ৰয়োগবাদৰ নতুন চিন্তা দৰ্শনৰ প্ৰাণ সঞ্চাৰ কৰে।

তেওঁ এই দৰ্শনৰ ওপৰত ভিত্তি কৰি সমস্যা সমাধান পদ্ধতিৰ উদ্ভাৱন কৰে। ইযাৰ যোগেদি ছাত্ৰই একোটা বাস্তৱ সমস্যাৰ ওপৰত নিজ চিন্তা-চৰ্চা আৰু যুক্তি, বিচাৰ-বিবেচনাৰ প্ৰয়োগ কৰি সমাধানৰ উপায় উদ্ভাৱন কৰিবলৈ দিয়া হয়। এনে ব্যৱস্থাৰে ছাত্ৰক নিষ্ক্ৰিয় শিক্ষাৰ পৰিৱৰ্তে সমস্যা সমাধানত নিজে সক্ৰিয় চিন্তা-চৰ্চা আৰু যুক্তি প্ৰয়োগৰ প্ৰতি উৎসাহিত কৰিবলৈ বিচৰা হয়। কিন্তু এইক্ষেত্ৰত দেখা যায় যে সমস্যা সমাধান পদ্ধতিয়ে ছাত্ৰৰ বৌদ্ধিক আৰু মননাত্মক চিন্তা কাৰ্যতহে অধিক প্ৰাধান্য দিয়ে, যি সাধাৰণ ছাত্ৰৰ বাবে দুৰ্বোধ্য আৰু জটিল হৈ ৰয়। শিক্ষাবিদ চাৰ জন্ আদামচে মত প্ৰকাশ কৰি কয় যে এই সমস্যা সমাধান পদ্ধতিত তত্ত্ব বিষয়ৰ শক্তিশালী উপাদান নিহিত থাকে। ইয়াত ছাত্ৰৰ আগ্ৰহ-অভিৰুচি আদি অধিকভাৱে পাণ্ডিত্যপূৰ্ণ হৈ ৰয়। ফলত স্কুলৰ জগতত আৰু বাহিৰৰ জগতখনৰ লগত কোনো কাৰ্যকৰী বিধৰ যোগাযোগ স্থাপন হৈ উঠিব নোৱাৰে।

সেইবাবে সমস্যা সমাধান পদ্ধতিৰ এনে বৌদ্ধিকতা আৰু চিন্তামূলক ক্ৰিয়াৰ প্ৰভাৱ গুচাই সমাজৰ ব্যৱহাৰিক জীৱনৰ ক্ৰিয়াৰ ওচৰ চপাই নিবৰ বাবে প্ৰকল্প শব্দৰ প্ৰয়োগ কৰা হয়। এইক্ষেত্ৰত জন্ ডিউইৰ শিষ্য আৰু কলম্বিয়াৰ শিক্ষক প্ৰশিক্ষণ কলেজৰ অধ্যাপক ডব্লিউ. এইচ. কিলপেত্ৰিকে প্ৰকল্প পদ্ধতি স্বৰূপে নামকৰণ কৰি এক নতুন শিক্ষা পদ্ধতি গঢ় দি তোলে। এই প্ৰসংগত ডঃ ষ্টিভেনচনে প্ৰকল্পৰ অৰ্থ ব্যাখ্যা কৰি আৰু বাস্তৱ তথা ব্যৱহাৰিক দিশটোৰ প্ৰতি আঙুলিয়াই দি কয় যে এটা প্ৰকল্প হৈছে সমস্যা জড়িত ক্ৰিয়া যাক প্ৰাকৃতিক পৰিৱেশত সম্পাদন কৰি তোলা হয়।

প্ৰকল্প পদ্ধতি কাক বোলে ?

 

প্ৰকল্প পদ্ধতি প্ৰয়োজনা পদ্ধতি নামেৰেও জনা যায়। এই পদ্ধতিৰ সৃষ্টিকৰ্তা কিলপেত্ৰিকৰ নিজৰ ভাষাতেই ক’বলৈ হ’লে এটা প্ৰকল্প হৈছে আন্তৰিকতাপূৰ্ণ আৰু উদ্দেশ্যধৰ্মী ক্ৰিয়া যি এক সামাজিক পৰিৱেশত অগ্ৰগতি লাভ কৰে। ইয়াৰ মূল উদ্দেশ্য হৈছে শিক্ষাক ছাত্ৰৰ বাবে অৰ্থপূৰ্ণ আৰু উদ্দেশ্যধৰ্মী কৰি তোলা। তেওঁলোকে স্কুলত কেতবোৰ শৈক্ষিক ক্ৰিয়া কিয় কৰে আৰু কেনেকৈ কৰে এই সম্বন্ধে মনত স্পষ্ট ধাৰণা থকা উচিত। শিক্ষাৰ উদ্দেশ্য শিক্ষকতকৈও ছাত্ৰৰ মনতহে অধিক স্পষ্ট আৰু মুকলি হোৱা উচিত। ছাত্ৰ-ছাত্ৰীক নিজ অধ্যয়নৰ বিষয়বস্তু নিজেই চিন্তা কৰিবলৈ আৰু তাৰ যোগেদি নিৰ্বাচন কৰি ল’বলৈ দিব লাগে। এনে এক স্বতঃপ্ৰণোদিত পৰিস্থিতিতহে ছাত্ৰসকলে আগ্ৰহেৰে শিক্ষা লাভ কৰিব পাৰে আৰু তেওঁলোকৰ শিক্ষা উদ্দেশ্যধৰ্মী আৰু প্ৰায়োগিক বিধৰ হৈ উঠিব পাৰে।

সেয়েহে স্কুলৰ কাৰ্যসূচী ছাত্ৰ-ছাত্ৰীসকলৰ দৈনন্দিন জীৱনৰ প্ৰয়োজন আৰু তাৰ কাৰ্যসূচীৰ ওচৰ চপাই নিব লাগে। তেওঁলোকে এইটো অনুভৱ কৰিব পাৰিব লাগে যে এটা নিৰ্দিষ্ট উদ্দেশ্য আগত ৰাখি শিক্ষালাভ কৰিছে আৰু ইয়াৰ অন্তত তেওঁলোকৰ বাঞ্চিত লক্ষ্য-উদ্দেশ্য সাধন কৰিব পাৰিছে। সেই হেতুকে শিশুৱে তাৰ বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰয়োজনৰ প্ৰতি সচেতন নোহোৱাকৈ গতানুগতিক শ্ৰেণীকক্ষৰ শিক্ষাৰ মাজত আৱদ্ধ ৰাখিব নালাগে। এখন স্কুলে ছাত্ৰক তাৰ বৰ্তমানৰ লগত সম্বন্ধ ৰাখি আৰু তাৰ লক্ষ্য-উদ্দেশ্যৰ প্ৰতি সচেতন হৈ উঠাকৈ প্ৰস্তুত কৰি তুলিব লাগে। এনে এক শিক্ষা পদ্ধতিয়েহে প্ৰকৃতপক্ষে ক’বলৈ গ’লে আমাৰ বাস্তৱতাৰ লগত জীয়াই থকাত সহায় কৰে। ডিউইয়ে মত প্ৰকাশ কৰে যে শিক্ষা আমাৰ জীৱনৰ বাবে প্ৰস্তুতি নহয়, বৰং ইয়ে হৈছে জীৱন। এই কথাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰকল্প পদ্ধতিত স্কুলৰ পাঠ্যক্ৰম, শিক্ষাদান পদ্ধতি আৰু অনুশাসন ব্যৱস্থা ছাত্ৰৰ প্ৰয়োজনৰ দৃষ্টিকোণৰ বিবেচনা কৰা হয়। শিক্ষাবিদসকলে এই কথা ক্ৰমে গভীৰভাৱে অনুভৱ কৰি উঠিছে যে অতি উৎকৃষ্ট শিক্ষালাভ কৰিব পাৰি যদিহে পৰীক্ষাৰ্থীৰ আন্তৰিকতাপূৰ্ণ আৰু উদ্দেশ্যপ্ৰণোদিত ক্ৰিয়াৰ সহযোগিতা লাভ কৰিব পৰা যায়। এই কথাই হৈছে প্ৰকল্প বা প্ৰয়োজনা পদ্ধতিৰ সাৰমৰ্ম স্বৰূপ। ছাত্ৰৰ এনে ক্ৰিয়া জড়িত কৰণেহে যিকোনো সমস্যাকেই তাৰ স্বাভাৱিক ৰূপত কোনো জটিলতাৰ সন্মুখীন নোহোৱাকৈ সমাধান কৰিব পাৰে।

ইয়াৰ দাৰ্শনিক ভিত্তিঃ

 

প্ৰকল্প পদ্ধতিৰ ধাৰণাৰ গভীৰতা অনুভৱ কৰি উঠিবৰ বাবে ইয়াৰ দাৰ্শনিক ভিত্তি বিশ্লেষণ কৰি চোৱাটো প্ৰয়োজন। ই হৈছে জন ডিউইৰ প্ৰয়োগবাদ দৰ্শনৰ কাৰ্যকৰী ৰূপ। এই দৰ্শনে বিশ্বাস কৰে যে আমাৰ সকলো জ্ঞান-ধাৰণা ক্ৰিয়াৰ ওপৰত ভিত্তি কৰা হ’ব লাগে। মানুহৰ মনৰ জ্ঞান-ধাৰণা আৰু মূল্যবোধ আদি কেতিয়াও চিৰন্তন আৰু চিৰস্থায়ী বিধৰ হ’ব নোৱাৰে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে নতুন প্ৰয়োজন আৰু পৰিস্থিতিয়ে দেখা দিয়ে। ফলত আমাৰ পুৰণি জ্ঞান-ধাৰণা আৰু মূল্যবোধ আদি প্ৰয়োজন আৰু প্ৰায়োগিকতাৰ ভিত্তিত পুনৰ মূল্যায়ন হৈ উঠে। ক্ৰিয়াৰ যোগেদিহে আমি নতুন সত্য আৰু নতুন মূল্যবোধ স্থিৰ কৰি উঠিব পাৰো। ইয়াত আৰু বিশ্বাস কৰা হয় যে আমাৰ বাবে সেইটোহে সত্য যি নিজ অভিজ্ঞতাৰ দ্বাৰা সত্য বুলি প্ৰমাণিত হয়। ক্ৰিয়াবাদ আৰু প্ৰয়োগবাদ হৈছে সেয়েহে আমাৰ সকলো জ্ঞান-ধাৰণা আৰু মূল্যবোধৰ ভিত্তি স্বৰূপ।

এই দাৰ্শনিক দৃষ্টিকোণৰ পৰা সেয়েহে কোৱা হয় যে শিক্ষা শিশুৰ উপযোগী আৰু নিজ ক্ৰিয়াৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰা বিধৰ হ’ব লাগে। তাৰ ইচ্ছা, আগ্ৰহ, প্ৰয়োজন আৰু অভিজ্ঞতাৰ বিপৰীতে ইয়াক তাৰ ওপৰত গতানুগতিকতাৰ দোহাই দি জাপি দিব নালাগে। শিশুক কোনো পূৰ্ব নিৰ্ধাৰিত জ্ঞান বা সত্য প্ৰদান কৰিব নালাগে। সি নিজ ক্ৰিয়াৰ যোগেদি নতুন জ্ঞান-অভিজ্ঞতা আৰু সত্য নিজে উপলব্ধি কৰিবলৈ দিব লাগে। নিজ ক্ৰিয়াৰ যোগেদি লাভ কৰা বাস্তৱ সত্যইহে তাৰ সমস্যা সমাধানৰ বাবে সহায়ক হৈ উঠিব পাৰে। Experience through experiment বা পৰীক্ষাৰ যোগেদি অভিজ্ঞতা অৰ্জন হৈছে জ্ঞানৰ নিশ্চিত পথ। সেয়েহে সমাজৰ বাস্তৱ সমস্যা শিশুৱে নিজ ক্ৰিয়াৰ যোগে অধ্যয়ন আৰু তাৰ অভিজ্ঞতা অৰ্জনত প্ৰয়োগবাদী দাৰ্শনিকসকলে গুৰুত্ব দিয়ে। স্কুলৰ পাঠ্যসূচী আৰু বিষয়সূচীও এই উদ্দেশ্যৰে প্ৰস্তুত কৰি তুলিব লাগে।

প্ৰকল্প পদ্ধতিৰ শৈক্ষিক নীতিসমূহঃ

 

আমেৰিকাৰ শিক্ষা দৰ্শনত বিশেষ প্ৰভাৱ পেলোৱা এই প্ৰকল্প পদ্ধতি আধুনিক শিক্ষাৰ কেতবোৰ সুস্থ আৰু গ্ৰহণযোগ্য নীতি বা আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত। পদ্ধতিটোৰ স্বৰূপ অনুভৱ কৰি উঠিবৰ বাবে আৰু আমাৰ বাবে ইয়াৰ গ্ৰহণযোগ্যতা বিচাৰ কৰি চাবৰ বাবে এই শিক্ষানীতিসমূহৰ বিশ্লেষণ কৰি চোৱাটো প্ৰয়োজন। এই প্ৰসংগত ইয়াৰ নিম্নলিখিত দিশসমূহ আমাৰ বিবেচনাযোগ্য।

(১) স্বতঃস্ফূৰ্ততাঃ প্ৰকল্প পদ্ধতিয়ে ছাত্ৰক নিজ ক্ৰিয়াত স্বতঃস্ফূৰ্তভাৱে জড়িত কৰি তোলে। এই পদ্ধতিয়ে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত গতানুগতিক বাধ্য-বাধকতা, শিক্ষকৰ একনায়কত্ববাদী মনোভাৱ আৰু কঠোৰ অনুশাসনৰ ব্যৱস্থা গুচাব পাৰে। ইয়াৰ পৰিৱৰ্তে তেওঁলোকৰ মনত শিক্ষা-অভিজ্ঞতা আহৰণৰ বাবে সহযোগিতা, স্বতঃস্ফূৰ্ততা আৰু নিজ ক্ৰিয়াৰ দায়িত্ববোধ ভাব আনি দিব পাৰে।

(২) উদ্দেশ্যপ্ৰণোদিতঃ শিক্ষাৰ যিকোনো আঁচনি বা প্ৰকল্প শিক্ষাৰ্থীৰ প্ৰয়োজন আৰু উদ্দেশ্যৰ ওপৰত প্ৰতিষ্ঠিত হ’ব লাগে। শিক্ষাৰ্থীৰ মনত থকা এক স্পষ্ট আৰু শক্তিশালী উদ্দেশ্যইহে তেওঁক নিজ ক্ৰিয়াৰ প্ৰতি উৎসাহিত কৰি তুলিব পাৰে। ই এজন লোকৰ লক্ষ্য সাধন সহজ আৰু স্বাভাৱিক কৰি তুলিব পাৰে আৰু নিজ ক্ৰিয়াৰ সন্তুষ্টি দিব পাৰে। প্ৰকল্প পদ্ধতিত শিক্ষাৰ্থীৰ এনে মানসিক অৱস্থাৰ প্ৰতি বিশেষ দৃষ্টি ৰখা হৈছে।

(৩) ক্ৰিয়াভিত্তিকতাঃ প্ৰয়োগবাদ দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত প্ৰকল্প পদ্ধতিৰ যোগে শিক্ষাৰ মৌলিক ধাৰণাই হৈছে ক্ৰিয়াভিত্তিকতা। ছাত্ৰৰ বাবে প্ৰস্তুত কৰি তোলা প্ৰকল্প সেয়েহে তেওঁলোকৰ নিজ ক্ৰিয়াৰ ওপৰত নিৰ্ভৰশীল। অভিজ্ঞতা ক্ৰিয়াৰ ওপৰত প্ৰতিষ্ঠিত হ’লেহে প্ৰকৃত শিক্ষালাভ কৰাটো সম্ভৱপৰ। ই শিক্ষাক ছাত্ৰৰ বাবে উপভোগ্য আৰু অৰ্থপূৰ্ণ কৰি তুলিব পাৰে। প্ৰচলিত শিক্ষাৰ ক্ৰিয়া-বিমুখতা আৰু কাল্পনিকতা গুচাবৰ বাবেই এই পদ্ধতি প্ৰস্তুত কৰি তোলা হৈছে।

(৪) স্বাধীনতাঃ এই পদ্ধতিত থকা শিক্ষাৰ্থীৰ ক্ৰিয়া-কলাপ সম্পাদন কৰিবৰ বাবে সম্পূৰ্ণ স্বাধীনতা দিয়া হয়। তেওঁলোকে নিজ প্ৰকল্প আলোচনা-বিলোচনাৰ যোগে মুক্তভাৱে নিৰ্বাচন কৰি ল’ব পাৰে। শিক্ষকে ইয়াৰ ওপৰত কোনো ধৰণৰ নিয়ন্ত্ৰণ আৰোপ নকৰে। ছাত্ৰই ইয়াত নিজ চিন্তা আৰু ক্ৰিয়াৰ পূৰ্ণ স্বাধীনতা পাব পাৰে। স্বাধীনতা হৈছে স্বতঃস্ফূৰ্ত ক্ৰিয়াৰ প্ৰয়োজনীয় চৰ্ত।

(৫) বাস্তৱতাঃ ছাত্ৰই শিক্ষা প্ৰকৃত বাস্তৱ পৰিস্থিতিৰ পৰা লাভ কৰাটো ইয়াত কামনা কৰা হয়। ইয়াৰ বাবে প্ৰকল্পৰ বিষয়বস্তু, সমাজৰ বাস্তৱ সমস্যা আৰু পৰিস্থিতিৰ পৰা নিৰ্বাচন কৰি লোৱা হয়। ছাত্ৰই আহৰণ কৰিব লগা জ্ঞান-অভিজ্ঞতা অবাস্তৱ আৰু কাল্পনিক বিধৰ কৰি তোলা নহয়। পৰিস্থিতিৰ বাস্তৱতাইহে ছাত্ৰক শিক্ষা আহৰণৰ বাবে আকৰ্ষিত কৰি তুলিব পাৰে।

(৬) উপযোগিতাঃ প্ৰয়োগবাদ দৰ্শনৰ দ্বাৰা অনুপ্ৰাণিত হোৱা বাবে এই শিক্ষা পদ্ধতিয়ে শিক্ষাৰ উপযোগিতা নীতিৰ ওপৰত বিশ্বাস কৰে। যি শিক্ষা আহৰণ কৰা হয় সি আমাৰ জীৱনৰ বাবে উপযোগী হৈ উঠিব লাগে। ছাত্ৰসকলে এই কথা অনুভৱ কৰি উঠিব লাগে যে তেওঁলোকৰ অৰ্জিত জ্ঞান জীৱনৰ সমস্যা সমাধানৰ বাবে সহায়কাৰী, ই জীৱন বিচ্ছিন্ন বিধৰ নহয়। আমাৰ বাস্তৱ আৰু ব্যৱহাৰিক জীৱনৰ উপযোগী বিষয়সমূহহে ছাত্ৰৰ শৈক্ষিক কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰিব লাগে।

প্ৰকল্পৰ বিভিন্ন প্ৰকাৰঃ

 

প্ৰকল্পসমূহৰ বিষয়বস্তু, তাৰ উদ্দেশ্য আৰু তাৰ ক্ৰিয়া-কলাপৰ ধৰণ অনুসৰি বিভিন্ন শ্ৰেণীত বিভক্ত কৰিব পাৰি। বিশেষজ্ঞসকলে এইক্ষেত্ৰত কৰা বিভাজনৰ ভিত্তিত নিম্নলিখিত শ্ৰেণী বিভাগৰ উল্লেখ কৰিব পাৰি।

(১) গঠনাত্মক প্ৰকল্পঃ এইবিধ প্ৰকল্পত ছাত্ৰৰ সংগঠনমূলক ক্ৰিয়াৰ আঁচনি অন্তৰ্ভুক্ত কৰা হয়। উদাহৰণস্বৰূপে স্কুলত শিক্ষক দিৱস, শিশু দিৱস, বিশ্ব স্বাস্থ্য দিৱস আদি বিভিন্ন বাৰ্ষিক দিৱস উদযাপনৰ ক্ৰিয়া-কলাপৰ ওপৰত ছাত্ৰসকলে প্ৰকল্প প্ৰস্তুত কৰিব পাৰে। এনেবিধ প্ৰকল্পই ছাত্ৰসকলৰ মনত সংগঠনমূলক ক্ৰিয়াৰ কাৰ্যকৰী অভিজ্ঞতা দিব পাৰে আৰু এই দিৱস বা উৎসৱসমূহ পালনৰ তাৎপৰ্য অনুভৱ কৰি উঠাত সহায় কৰিব পাৰে।

(২) গ্ৰহণাত্মক প্ৰকল্পঃ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ক্ৰিয়া-কলাপৰ পৰা উৎসাহ, আনন্দ, প্ৰেৰণা আৰু অভিজ্ঞতা আদি নিজে গ্ৰহণ বা আয়ত্তকৰণৰ প্ৰতি দৃষ্টি ৰাখি গ্ৰহণাত্মক প্ৰকল্প স্বৰূপে নামকৰণ কৰিব পাৰি। এনেবিধ প্ৰকল্পৰ ক্ৰিয়া সৌন্দৰ্য অনুভূতি দানকাৰী, শিক্ষা-অভিজ্ঞতা দানকাৰী অথবা মনৰ প্ৰেৰণা আৰু উৎসাহ-উদ্দীপনা আদি দানকাৰী হৈ উঠিব পাৰে। খেলা-ধূলা, নৃত্য-গীত, নাট্যাভিনয় আদিৰ প্ৰকল্প গ্ৰহণ কৰা, শিক্ষামূলক ভ্ৰমণ, প্ৰকৃতি অধ্যয়ন আদিৰ আঁচনি গ্ৰহণ কৰা কাৰ্য এইবিধ প্ৰকল্পৰ অন্তৰ্ভুক্ত কৰিব পৰা যায়।

(৩) সমস্যা সমাধানমূলক প্ৰকল্পঃ সামাজিক জীৱনৰ কোনো এক বাস্তৱ সমস্যাৰ অধ্যয়ন আৰু তাৰ সমাধানৰ বাবে প্ৰস্তুত কৰা প্ৰকল্পক ইয়াৰ অন্তৰ্ভুক্ত কৰিব পাৰি। এইবিধ প্ৰকল্পই সমাজৰ বিশেষ সমস্যাবোৰৰ প্ৰতি ছাত্ৰসকলৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে আৰু তাৰ সমাধানৰ বাবে সচেষ্ট কৰি তুলিব পাৰে। উদাহৰণস্বৰূপে সমাজৰ বিভিন্ন শৈক্ষিক, সাংস্কৃতিক, অৰ্থনৈতিক সমস্যা যেনে- জনসংখ্যা বৃদ্ধি, সাংস্কৃতিক সমন্বয় সাধন, প্ৰাপ্তবয়স্ক লোকৰ শিক্ষা আদি বিষয় ইয়াৰ অন্তৰ্ভুক্ত কৰিব পাৰি। সামাজিক জীৱনৰ লগত জড়িত বিজ্ঞানৰ বিভিন্ন সমস্যাও ইয়াৰ অন্তৰ্ভুক্ত কৰিব পাৰি, যেনে- পৰিৱেশৰ বায়ু, পানী দূষিতকৰণ, কৃষি বিষয়ক সমস্যা আদি উল্লেখযোগ্য।

(৪) বিশিষ্ট শিক্ষণমূলক প্ৰকল্পঃ এইবিধ প্ৰকল্পৰ যোগে ছাত্ৰসকলক কোনো বিশেষ বিশেষ বিষয়ৰ বিশ্লেষণাত্মক অধ্যয়ন আৰু অভিজ্ঞতা প্ৰদানৰ চেষ্টা কৰা হয়। এনেবিধ প্ৰকল্পই ছাত্ৰসকলক পৰৱৰ্তী পৰ্যায়ৰ উচ্চ শিক্ষা আৰু গৱেষণা কাৰ্যৰ বাবেও প্ৰয়োজনীয় অভিজ্ঞতাৰে উৎসাহিত কৰি তোলে। এইবিধ প্ৰকল্পৰ বিষয়স্বৰূপে ঐতিহাসিক অধ্যয়ন, ভাষা অধ্যয়ন, বিজ্ঞান আৰু কাৰিকৰী বিষয়ৰ অধ্যয়ন আদি বিশিষ্ট অধ্যয়ন অন্তৰ্ভুক্ত কৰিব পৰা যায়।

প্ৰকল্প পদ্ধতিৰ বিভিন্ন ক্ৰিয়া পৰ্যায়ঃ

 

প্ৰকল্প পদ্ধতি হৈছে এক সুপৰিকল্পিত আৰু সুপৰিচালিত শিক্ষা আঁচনি যাৰ যোগেদি ছাত্ৰই নিজ ক্ৰিয়া পৰিচালনা আৰু সম্পাদন কৰি তোলে। ইয়াত তেওঁলোকে উদ্দেশ্যপ্ৰণোদিতভাৱে আৰু পৰ্যায়ক্ৰমভাৱে ক্ৰিয়া সম্পাদন কৰে। ইয়াৰ ফলত শিক্ষণীয় গোটেই বিষয়টোৰ সামগ্ৰিক ক্ৰিয়া-অভিজ্ঞতাৰ ছবি তেওঁলোকৰ মনত স্পষ্ট হৈ উঠিব পাৰে। তেওঁলোকে কি কৰিছে, কিয় কৰিছে, কেনেকৈ কৰিছে আৰু তাৰ কি ফলাফল পাইছে এই সকলো কথা নিজ ক্ৰিয়া-অভিজ্ঞতাৰে মনত স্পষ্ট কৰি তুলিব পাৰে। প্ৰকল্প পদ্ধতিত জড়িত ইয়াৰ বিশিষ্ট ক্ৰিয়া পৰ্যায়কেইটা নিম্নলিখিতভাৱে বৰ্ণনা কৰিব পাৰি।

(১) উদ্দেশ্য প্ৰস্তুতকৰণঃ প্ৰকল্প পদ্ধতিত ছাত্ৰসকলে নিজ অধ্যয়নৰ বিষয়বস্তু নিজেই নিৰ্বাচন কৰি লোৱাত উৎসাহ যোগোৱা হয়। বিষয়বস্তু নিৰ্বাচনৰ বাবে ইয়াত তেওঁলোকে প্ৰথমেই প্ৰস্তাৱ গ্ৰহণ কৰে আৰু এই প্ৰস্তাৱৰ গ্ৰহণযোগ্যতা সম্বন্ধে খৰচি মাৰি সকলোবোৰ দিশ আলোচনা কৰে। প্ৰতিটো দিশৰ সূক্ষ্ম আলোচনাৰ যোগে কৰা বিচাৰ-বিবেচনাৰ অন্ততহে প্ৰকল্পৰ বিষয়বস্তু স্থিৰ কৰে। শিক্ষকে এইক্ষেত্ৰত দৃষ্টি ৰাখিব লাগে যে প্ৰকল্পটো প্ৰকৃতপক্ষে কাৰ্যকৰী কৰি তোলাটো সম্ভৱপৰ আৰু ই ছাত্ৰসকলৰ অধ্যয়নৰ বাবে গ্ৰহণযোগ্য ছাত্ৰসকলেও প্ৰকল্পটো গ্ৰহণযোগ্য হোৱা অথবা যুক্তিসংগত হৈ উঠাৰ কাৰণসমূহ লিপিবদ্ধ কৰি ৰাখিব লাগে। এই কথা বিশ্বাস কৰা হয় যে প্ৰকল্প নিৰ্বাচন কৰাৰ ক্ষেত্ৰত ছাত্ৰক জড়িতকৰণেহে তেওঁলোকৰ অংশগ্ৰহণ আৰু কাৰ্যকৰীকৰণত উৎসাহ যোগাব পাৰে।

(২) পৰিকল্পনাঃ কোনো এটা প্ৰকল্প নিৰ্বাচন কৰাৰ লগে লগে ইয়াৰ পৰৱৰ্তী প্ৰয়োজনীয় ক্ৰিয়া পৰ্যায় হৈছে তাৰ আঁচনি প্ৰস্তুত কৰা। নিৰ্বাচিত প্ৰকল্পৰ পৰিকল্পনা বা আঁচনি প্ৰস্তুত কৰাৰ প্ৰাথমিক প্ৰক্ৰিয়া হৈছে ছাত্ৰসকলৰ মাজত মৌখিকভাৱে সেই সম্বন্ধে আলোচনা-বিলোচনা কৰা। প্ৰকল্পটোৰ লগত সম্বন্ধ থকা সকলোবোৰ ক্ৰিয়া-কলাপৰ দায়িত্ব শ্ৰেণীৰ বিভিন্ন ছাত্ৰৰ মাজত দলগতভাৱে বিতৰণ কৰা হয়। এই দায়িত্বসমূহক পুনৰ উপ-বিভাগ কৰি প্ৰতিজন ছাত্ৰকে একো একোটা ক্ৰিয়াৰ বিশেষ বিশেষ দায়িত্ব দিয়া হয়, যি তেওঁলোকৰ বাবে উপযুক্ত, আগ্ৰহৰ আৰু সুবিধাজনক হৈ উঠিব পাৰে। এনে ক্ৰিয়া বণ্টনৰ ক্ষেত্ৰত শিক্ষকেও প্ৰয়োজন মতে সহায় কৰে আৰু সম্ভাৱ্য কঠিনতা আৰু সমস্যা আদিৰ প্ৰতি ছাত্ৰসকলৰ দৃষ্টি আকৰ্ষণ কৰে।

(৩) পৰিচালনাঃ এই পৰ্যায় আপেক্ষিকভাৱে দীঘল, জটিল আৰু ক্ৰিয়া বিশিষ্ট বুলিব পৰা যায়। এটা প্ৰকল্প সম্পূৰ্ণ কৰি তুলিবৰ বাবে ছাত্ৰসকলে বিবিধ সংশ্লিষ্ট দিশৰ পৰা জ্ঞান আহৰণ কৰিব লাগে। ইয়াৰ বাবে এই পৰ্যায়ত তেওঁলোকে পুথি অধ্যয়ন কৰিব লাগে, চিঠিপত্ৰ আৰু বৰ্ণনা আদি লিখিব লাগে, বিভিন্ন ঠাইলৈ গৈ বিষয়বস্তু নিজ চকুৰে চাব লাগে, টোকা সংগ্ৰহ কৰিব লাগে, ভৌগোলিক পৰিস্থিতি আৰু মেপ অধ্যয়ন কৰিব লাগে, পুথিভঁৰাল আৰু সংগ্ৰহালয়লৈ গৈ বুৰঞ্জীমূলক তথ্য সংগ্ৰহ কৰিব লাগে, বিজ্ঞান বিষয়ৰ নমুনা সংগ্ৰহ কৰিবৰ বাবে চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান আদিলৈ যাব লাগে আৰু বস্তুৰ মূল্য আৰু কিনা-বেচা আদিৰ তথ্য সংগ্ৰহ কৰিবলৈ বজাৰলৈ যাব লাগে। এই বিভিন্ন দিশৰ তথ্য সংগ্ৰহৰ বাবে ছাত্ৰসকলক তেওঁলোকৰ ব্যক্তিগত যোগ্যতা, আগ্ৰহ আৰু সুবিধা মতে দায়িত্ব ভাগ কৰি দিয়া হয়। সেইবাবে প্ৰতিজন ছাত্ৰই তেওঁলোকৰ প্ৰকল্প আঁচনি নিজ নিজ ভাবে কাৰ্যকৰীকৰণৰ সুবিধা পাব পাৰে। শিক্ষকসকলেও ইয়াৰ লগত ওচৰ সম্বন্ধ স্থাপন কৰি ছাত্ৰসকলৰ ক্ৰিয়া-অগ্ৰগতি সম্বন্ধে দৃষ্টি ৰাখিব পাৰে।

(৪) বিচাৰকৰণঃ ছাত্ৰসকলে প্ৰকল্পটো কাৰ্যকৰীকৰণত লাভ কৰা অগ্ৰগতি তেওঁলোকে নিজেই মূল্যায়ণ কৰাৰ ই এক পৰ্যায়। যিকোনো ক্ৰিয়া আঁচনিৰে এক অপৰিহাৰ্য ক্ৰিয়া পৰ্যায় হৈছে তাৰ বস্তুনিষ্ঠভাৱে মূল্যায়ন বা বিচাৰকৰণ কৰা। ইয়াত ছাত্ৰসকলে তেওঁলোকে কৰা কামৰ যুক্তিযুক্ততা সম্বন্ধে সমীক্ষা কৰে। ক্ৰিয়াৰ যিকোনো পৰ্যায়ত হোৱা ভুল-ভ্ৰান্তি আৰু ত্ৰুটি-বিচ্যুতি আদি নিজেই অনুসন্ধান কৰে। সেয়েহে এই পৰ্যায়ত ছাত্ৰসকলে নিজ ক্ৰিয়াৰ আত্ম-মূল্যায়ন কৰি উঠিব পাৰে আৰু এনে কাৰ্য তেওঁলোকৰ প্ৰকল্পটোৰ অপৰিহাৰ্য অংশ স্বৰূপে বিবেচনা কৰা হয়। শিক্ষকসকলেও ছাত্ৰক তেওঁলোকৰ মূল্যায়ন কাৰ্যত সহায় কৰিবৰ বাবে মূল্যায়নৰ আদৰ্শ মানদণ্ড সম্বন্ধে প্ৰয়োজনীয় নিৰ্দেশনা দিব লাগে।

(৫) লিপিবদ্ধকৰণঃ ছাত্ৰসকলে তেওঁলোকৰ সমগ্ৰ প্ৰকল্পটোৰ ক্ৰিয়া অগ্ৰগতিৰ সম্পূৰ্ণ বিৱৰণ লিপিবদ্ধ কৰি ৰাখিব লাগে। এই লিপিবদ্ধকৰণৰ বিষয়সমূহ হৈছে মূল আঁচনিখন ক্ৰিয়া পৰিকল্পনা, তাৰ আলোচনা-বিলোচনাৰ পৰা লাভ কৰা মূল্যবান দৃষ্টিকোণ আদি, কাৰ্যকৰীকৰণত লাভ কৰা তথ্য-পাতি, বা-বাতৰি আৰু অভিজ্ঞতা আদি আৰু ইয়াৰ ওপৰত কৰা তেওঁলোকৰ মূল্যায়ন বা সমীক্ষাৰ সাৰাংশ আদি। এনে লিপিবদ্ধকৰণ কাৰ্যই তেওঁলোকৰ ক্ৰিয়াৰ গতি-পদ্ধতি আৰু সম্ভাৱ্য পৰিণতি নিৰীক্ষণ কৰাটো সহায় কৰিব পাৰে। পৰৱৰ্তী প্ৰকল্প গ্ৰহণৰ বাবেও ই দিগ-দৰ্শক স্বৰূপ হৈ উঠিব পাৰে।

এটা ভাল প্ৰকল্পৰ প্ৰয়োজনীয় গুণসমূহঃ

 

প্ৰকল্প পদ্ধতিৰে দিয়া শিক্ষাৰ সাৰ্থকতা বহু পৰিমাণে নিৰ্ভৰ কৰে প্ৰকল্পটো উপযুক্তভাৱে নিৰ্বাচন কৰি লব পৰাৰ ওপৰত। বিভিন্ন দিশৰ বিবেচনাৰ ওপৰত প্ৰকল্পটো নিৰ্বাচনৰ শুদ্ধতা আৰু উপযুক্ততা নিৰ্ভৰ কৰে। সেইবাবে ইয়াক নিৰ্বাচন কৰাৰ বেলিকা ছাত্ৰ আৰু শিক্ষকসকলে এই দিশসমূহৰ সাৱধানে বিচাৰ কৰি চোৱাটো প্ৰয়োজন। এই প্ৰসংগত নিম্নলিখিত দিশসমূহৰ প্ৰতি আমাৰ বিশেষ দৃষ্টি নিক্ষেপ কৰা উচিত।

(১) অৰ্থপূৰ্ণতাঃ যিসকলৰ বাবে প্ৰকল্পৰ বিষয় নিৰ্বাচন কৰা হয় সেইসকল লোকৰ বাবে ই অৰ্থপূৰ্ণ অথবা তাৎপৰ্যপূৰ্ণ হৈ উঠিব লাগে। আমাৰ ব্যৱহাৰিক জীৱনৰ লগত বিশেষ সম্বন্ধ নথকা বিষয় একোটা কেৱল প্ৰকল্প নিৰ্বাচনৰ প্ৰয়োজনৰ বাবেই মাথোন ব্যৱহাৰ কৰিব নালাগে। ই প্ৰকল্প গ্ৰহণকাৰীসকলৰ বাবে ব্যৱহাৰিক মূল্য থকা বিধৰ হ’ব লাগে।

(২) অভিজ্ঞতাৰ ব্যাপকতাঃ প্ৰকল্পৰ নিৰ্বাচিত বিষয় এনে হ’ব লাগে যাতে ই স্কুলৰ পাঠ্য বিষয়সমূহ ব্যাপকভাৱে সামৰি ল’ব পাৰে। ইয়াৰ অধ্যয়ন আৰু অভিজ্ঞতা আহৰণৰ ক্ৰিয়া পৰিসৰ সংকীৰ্ণ অথবা অত্যন্ত সীমাবদ্ধ হ’ব নালাগে। প্ৰকল্পৰ অভিজ্ঞতাই ব্যাপক পৰিসৰৰ জ্ঞান-অভিজ্ঞতা সামৰি ল’ব পাৰিলেহে সি ছাত্ৰৰ ভিন্নমুখী আগ্ৰহ, অভিৰুচি আৰু প্ৰয়োজন আদি পূৰণ কৰিব পাৰে।

(৩) সময়সাপেক্ষঃ সময়ৰ উপযোগী কৰি তোলাটো এটা ভাল প্ৰকল্পৰ প্ৰয়োজনীয় চৰ্ত বুলিব পাৰি। প্ৰকল্পটোৰ লগত সমসাময়িক পৰিস্থিতি আৰু ঘটনা প্ৰবাহ তথা প্ৰাকৃতিক জলবায়ু আৰু ঋতুৰ সম্বন্ধ থকা বিধৰ হ’ব লাগে। ইয়াৰ উপৰি ছাত্ৰ-ছাত্ৰীৰ বয়স আৰু তেওঁলোকৰ মানসিক ক্ষমতাৰ প্ৰতিও দৃষ্টি ৰাখিব লাগে। সময়-সাপেক্ষতাই ছাত্ৰৰ মনত স্বাভাৱিকতেই প্ৰকল্পটো কাৰ্যকৰীকৰণৰ বাবে উৎসাহ-আগ্ৰহ জগাই তুলিব পাৰে।

(৪) প্ৰত্যাহ্বানমূলকঃ প্ৰকল্পৰ বিষয় গতানুগতিক আৰু যন্ত্ৰচালিত বিধৰ হোৱাৰ পৰিৱৰ্তে ই ছাত্ৰ-শিক্ষকৰ বাবে সন্মানসূচক আৰু প্ৰশংসনীয় ক্ৰিয়া স্বৰূপে বিবেচিত হ’ব লাগে। প্ৰকল্পটো সম্পাদনৰ এক গুৰুত্ব থাকিলে ই তেওঁলোকৰ মনোবল আৰু সংকল্প সুদৃঢ় কৰি তুলিব পাৰে আৰু ছাত্ৰসকলে ইয়াক এক প্ৰত্যাহ্বানমূলক ক্ৰিয়া স্বৰূপে গ্ৰহণ কৰিব লাগে।

(৫) কাৰ্যকৰিতাঃ এটা প্ৰকল্প নিৰ্বাচন কৰাৰ পূৰ্বে সি বাস্তৱত ৰূপদান কৰাটো সম্ভৱপৰ হয় নে নহয় তাক সাৱধানে বিচাৰ কৰি চাব লাগে। বাস্তৱত কাৰ্যকৰী কৰি তোলাটো অসম্ভৱ হৈ উঠিব পৰা আৰু ক্ৰিয়া সম্পাদনত বিশেষ জটিলতাই ছাত্ৰসকলৰ প্ৰচেষ্টা ব্যৰ্থ কৰি তুলিব পৰা বিষয় প্ৰকল্প স্বৰূপে নিৰ্বাচিত কৰিব নালাগে। নিৰ্বাচিত বিষয় কাৰ্যকৰী ৰূপ দিয়াটো সম্ভৱপৰ হৈ উঠা যেন বিবেচিত হ’লেহে তাক গ্ৰহণ কৰিব লাগে। এইক্ষেত্ৰত শিক্ষকে ছাত্ৰসকলক বিশেষ সহায় কৰিব পাৰে।

প্ৰকল্প পদ্ধতিত শিক্ষকৰ ভূমিকাঃ

 

প্ৰকল্প পদ্ধতিয়ে এনে এক শিক্ষা পৰিস্থিতিৰ সৃষ্টি কৰে য’ত ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ক্ৰিয়া আঁচনিত মুক্ত আৰু স্বতঃস্ফূৰ্ত অংশগ্ৰহণ কৰিব পাৰে। ইয়াত তেওঁলোকে স্বাধীন আৰু স্বতঃপ্ৰণোদিতভাৱে কাম কৰিবলৈ এক মুক্ত গণতান্ত্ৰিক পৰিৱেশ সৃষ্টি কৰা হয়। অৱশ্যে এনে এক পৰিৱেশত শিক্ষকৰ প্ৰয়োজন, তেওঁৰ দায়িত্ব আৰু কৰ্তব্য সম্বন্ধে স্বাভাৱিকতেই প্ৰশ্ন উঠিব পাৰে। এই প্ৰসংগত ক’ব পাৰি যে প্ৰকল্প পদ্ধতিত শিক্ষকৰ ভূমিকা আৰু তেওঁৰ দায়িত্ব অধিক স্পষ্ট। ইয়াত কোনো সন্দেহৰ অৱকাশ থাকিব নালাগে। এইবিধ শিক্ষাত তেওঁ এজন অপ্ৰত্যাশিত ব্যক্তি নহয়, বৰং তেওঁৰ ইয়াত উপস্থিতি আৰু ভূমিকা গ্ৰহণ ছাত্ৰসকলে প্ৰকল্পটোৰ প্ৰতিটো পৰ্যায়তে অনুভৱ কৰে। ছাত্ৰসকলৰ লগত শিক্ষকৰ সম্বন্ধ আৰু ঘনিষ্ঠতা সাধাৰণ শ্ৰেণীকক্ষৰ শিক্ষাতকৈ অধিক নিকটৱৰ্তী বুলিব পাৰি। ছাত্ৰসকলে কৰা দলবদ্ধ ক্ৰিয়াৰ তেওঁ হৈছে এজন অপৰিহাৰ্য ব্যক্তি, যি তেওঁলোকৰ বাবে বন্ধু, দাৰ্শনিক আৰু পথ প্ৰদৰ্শক স্বৰূপ।

শিক্ষকে ইয়াত ছাত্ৰসকলৰ সমগ্ৰ আঁচনিখনৰ অগ্ৰগতিত গুৰি ধৰিব লাগে। তেওঁ এজন সৰ্বজ্ঞ ব্যক্তিস্বৰূপে নিজকে জাহিৰ কৰিব নোখোজে। কিন্তু তথাপিও তেওঁৰ বয়স আৰু অভিজ্ঞতাই ছাত্ৰসকলৰ ক্ৰিয়াত সহায় কৰাত যোগ্য ব্যক্তি স্বৰূপে দাবী কৰিব পাৰে। তেওঁ ছাত্ৰসকলক নিজ ক্ৰিয়াৰ লক্ষ্য উদ্দেশ্য শুদ্ধভাৱে স্থিৰ কৰাত সহায় কৰে আৰু যাতে শুদ্ধ পথেৰে তেওঁলোকে অগ্ৰগতি লাভ কৰিব পাৰে তাৰ প্ৰতি বিশেষ চকু ৰাখে। তেওঁ নতুন তথ্য আৰু বা-বাতৰিৰে সহায় কৰে, যাৰ ফলত ছাত্ৰসকলে তেওঁলোকৰ প্ৰকল্প নিৰ্বাচন, প্ৰস্তুতকৰণ, কাৰ্যকৰীকৰণ আৰু মূল্যায়ন কাৰ্য সুকলমে সমাধা কৰিব পাৰে। শিক্ষকে প্ৰকল্পটোৰ কোনো কাম নিজে সম্পাদন নকৰে, কিন্তু ইয়াক কৰিবৰ বাবে কোনটো উপযুক্ত পন্থা গ্ৰহণ কৰা উচিত অথবা কেনে উপায় অৱলম্বন কৰিলে ভাল ফল পোৱা যাব পাৰে তাৰ প্ৰয়োজনীয় নিৰ্দেশনা দিয়ে। প্ৰতিজন ছাত্ৰই যাতে শিক্ষাত সক্ৰিয় অংশগ্ৰহণ কৰে আৰু কোনো লাজকুৰীয়া অথবা অসামাজিক বিধৰ ছাত্ৰইও যাতে আগবাঢ়ি আহি আনৰ লগত ক্ৰিয়াৰ সহযোগিতা কৰিব পাৰে তাৰ প্ৰতি তেওঁ চকু ৰাখিব লাগে। ছাত্ৰসকলৰ নিজ নিজ যোগ্যতাৰ ক্ষেত্ৰত থকা ব্যক্তি-পাৰ্থক্য সম্বন্ধে তেওঁৰ স্পষ্ট ধাৰণা থাকিব লাগে আৰু সেই অনুক্ৰমে তেওঁলোকৰ কাৰ্য নিৰ্ধাৰণ কৰি দিব লাগে। প্ৰকল্পটোৰ সকলোবোৰ দিশৰ প্ৰতি তেওঁ সজাগ আৰু সক্ৰিয় হ’ব লাগে আৰু ছাত্ৰসকলে যাতে তাক শুদ্ধ পথে আগুৱাই নিব পাৰে তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগে।

এই সকলোবোৰ কথাৰ বিবেচনাৰে প্ৰকৃত অৰ্থত ক’বলৈ গ’লে তেঁৱেই হৈছে আঁৰ কাপোৰত লুকাই থকা বিশেষ ব্যক্তি। যিদৰে এই ব্যক্তিজনৰ অভাৱত মঞ্চৰ নাট্যাভিনয়ত বেমেজালিৰ সৃষ্টি হ’ব পাৰে, সেইদৰে শিক্ষকৰ অভাৱতো প্ৰকল্পৰ অগ্ৰগতি বাধাপ্ৰাপ্ত হৈ পৰিব পাৰে। সেইবাবে এই শিক্ষা পদ্ধতিত শিক্ষকৰ দায়িত্ব হৈছে পৰোক্ষ কিন্তু অধিক গুৰুত্বপূৰ্ণ। তেওঁ পাঠদানকাৰী স্বৰূপে নহয়, পথ প্ৰদৰ্শনকাৰী স্বৰূপেহে নিজৰ ভূমিকা গ্ৰহণ কৰিব লাগে।

ডল্টন আঁচনি আৰু প্ৰকল্প পদ্ধতিৰ তুলনাঃ

 

আধুনিক শিক্ষাৰ দুটা স্বতন্ত্ৰ শিক্ষা পদ্ধতি স্বৰূপে ডল্টন আঁচনিৰ লগত থকা প্ৰকল্প পদ্ধতিৰ সাদৃশ্য বৈসাদৃশ্যসমূহ ফঁহিয়াই চোৱাটো প্ৰয়োজন। ইয়াৰ যোগেদিহে দুয়োটাৰে স্বৰূপ আৰু ইয়াৰ গ্ৰহণযোগ্যতা সম্বন্ধে আমাৰ মনত স্পষ্ট ধাৰণা হৈ উঠিব পাৰে। এইক্ষেত্ৰত বিস্তৃত আলোচনালৈ নগৈ ইয়াৰ সাদৃশ্য আৰু বৈসাদৃশ্যসমূহ নিম্নলিখিতভাৱে উপস্থাপন কৰিব পাৰি।

সাদৃশ্যঃ

(১) দুয়োখন শিক্ষা আঁচনিয়েই আমেৰিকা যুক্তৰাষ্ট্ৰই কৰা শিক্ষাৰ নতুন চিন্তাধাৰাৰ বাস্তৱ পৰিণতি স্বৰূপ।

(২) দুয়োখন আঁচনিতে গতানুগতিক শিক্ষাৰ বিপৰীতে ছাত্ৰক অধিক স্বাধীনতা আৰু নিজ কৰ্তব্যবোধ ভাব মনত জগাই তুলিবলৈ বিচৰা হৈছে।

(৩) শ্ৰেণীৰ মৌখিক শিক্ষাৰ পৰিৱৰ্তে দুয়োখন আঁচনিতে ছাত্ৰৰ নিজ ক্ৰিয়াৰ যোগেদি শিক্ষানীতি কাৰ্যকৰী কৰি তুলিবলৈ চেষ্টা কৰা হৈছে।

(৪) শিক্ষকৰ দায়িত্ব আৰু ভূমিকাও দুয়োখন আঁচনিতে বন্ধু, দাৰ্শনিক আৰু পথ প্ৰদৰ্শক স্বৰূপে পৰোক্ষ বিধৰ কৰি তোলা হৈছে।

(৫) গতানুগতিক শিক্ষা ব্যৱস্থাৰ তুলনাত দুয়োখন আঁচনিয়েই ইয়াৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত কষ্টসাধ্য আৰু ব্যয়বহুল।

(৬) দুয়োখন আঁচনিয়েই স্কুলৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগী কৰি তোলা হৈছে।

বৈসাদৃশ্যঃ

ডল্টন আঁচনি

প্ৰকল্প পদ্ধতি

(১) ডাঃ মেৰিয়া মণ্টেচৰীৰ শিক্ষা আদৰ্শ আৰু পদ্ধতিৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত।

(১) দাৰ্শনিক জন্ ডিউইৰ শিক্ষা দৰ্শন আৰু নীতিৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত।

(২) শিক্ষা ব্যৱস্থা অধিকভাৱে ব্যক্তিকেন্দ্ৰিক কৰি তোলা হৈছে।

(২) শিক্ষা ব্যৱস্থা অধিকভাৱে সমাজৰ ওচৰ চপাই নিবলৈ চেষ্টা কৰে।

(৩) প্ৰতিজন ছাত্ৰই নিজ কৰ্ম-চুক্তি নিজস্বভাৱে সম্পূৰ্ণ কৰি তুলিব লাগে।

(৩) ছাত্ৰই দলীয়ভাৱে প্ৰকল্পটোৰ আঁচনি সম্পাদন কৰিব লাগে।

(৪) একেজন ছাত্ৰই ক্ৰিয়াৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিব লাগে।

(৪) এজন ছাত্ৰই প্ৰকল্পটোৰ এক আংশিক ভূমিকাহে গ্ৰহণ কৰিব লাগে।

(৫) শিক্ষা প্ৰয়োগশালাৰ কক্ষত আৱদ্ধ কৰি ৰখা হৈছে।

(৫) শিক্ষা সমাজৰ বহল পৰিসৰলৈ সম্প্ৰসাৰিত কৰা হৈছে।

(৬) ছাত্ৰৰ মনত সমাজৰ সমস্যা সমাধানৰ মনোভাৱ গঢ়ি উঠিব নোৱাৰে।

(৬) ছাত্ৰসকলে সমাজৰ সমস্যা সমাধানৰ প্ৰতি আগ্ৰহী হৈ উঠে।

(৭) শিক্ষকসকল অধিক সময় স্কুলত আৱদ্ধ হৈ থাকিব লাগে।

(৭) শিক্ষকসকলে প্ৰয়োজনমতেহে স্কুলত উপস্থিত থকাৰ স্বাধীনতা থাকে।

(৮) প্ৰতিজন ছাত্ৰৰে শিক্ষা অগ্ৰগতি স্পষ্টভাৱে নিৰীক্ষণ কৰিব পাৰে।

(৮) প্ৰতিজন ছাত্ৰৰে শিক্ষা অগ্ৰগতি নিৰীক্ষণৰ তেনে কোনো ব্যৱস্থা নাই।

(৯) শিক্ষাৰ সামাজিক উপযোগিতা ছাত্ৰই ভালদৰে অনুভৱ কৰি উঠিব নোৱাৰে।

(৯) শিক্ষা সমাজৰ প্ৰয়োজনভিত্তিক স্বৰূপে ছাত্ৰই ভালদৰে অনুভৱ কৰি উঠিব পাৰে।

(১০) এই শিক্ষা আঁচনি উন্নত দেশবোৰৰ বাবেহে গ্ৰহণযোগ্য।

(১০) উন্নত নোহোৱা দেশবোৰেও এই শিক্ষা ব্যৱস্থা কাৰ্যকৰী কৰি তুলিব পাৰে।

প্ৰকল্প পদ্ধতিৰ সবলতা আৰু দুৰ্বলতাঃ

প্ৰকল্প পদ্ধতি হৈছে গতানুগতিক শিক্ষা ব্যৱস্থাৰ এক ব্যতিক্ৰম স্বৰূপ। ই শিক্ষাক ক্ৰিয়াভিত্তিক, সমাজৰ প্ৰয়োজনভিত্তিক আৰু ছাত্ৰৰ বাবে স্বতঃপ্ৰণোদিত কৰি তুলিবলৈ বিচৰা হৈছে। এনেবোৰ আদৰণীয় শিক্ষাৰ নীতি থকা স্বত্তেও ই শিক্ষাবিদসকলৰ সম্পূৰ্ণৰূপে সমালোচনামুক্ত হৈ উঠা বুলি ভাবিব নোৱাৰি। এই প্ৰসংগত ইয়াৰ সবলতা আৰু দুৰ্বলতাৰ দুয়োটা দিশ নিম্নলিখিতভাৱে বিবেচনা কৰিব পাৰি।

সবলতাঃ

(১) প্ৰকল্প পদ্ধতি আধুনিক শিক্ষাৰ গণতান্ত্ৰিক ভাবধাৰাৰ দ্বাৰা প্ৰভাৱিত। ছাত্ৰসকলে ইয়াত স্বাধীনতা, সমতা আৰু স্বতঃপ্ৰণোদিত ক্ৰিয়াৰ সুবিধা লাভ কৰিব পাৰে। তেওঁলোকে ইয়াত নিজ জ্ঞানৰ চিন্তা আৰু ক্ৰিয়া কৰিবলৈ শিকে। পুথিগত বিষয়ৰ প্ৰস্তুত জ্ঞানতকৈ নিজ ক্ৰিয়াযোগে লাভ কৰা জ্ঞান-অভিজ্ঞতা অধিক মূল্যৱান বুলি অনুভৱ কৰিবলৈ শিকে।

(২) এই পদ্ধতি শিক্ষাৰ উন্নত মনোবৈজ্ঞানিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত। ছাত্ৰসকলে নিজেই তেওঁলোকৰ প্ৰকল্পৰ বিষয় নিৰ্বাচন, আঁচনি প্ৰস্তুতকৰণ আৰু তাৰ কাৰ্যকৰীকৰণ কৰে। এনে কাৰ্যই তেওঁলোকৰ মনত ক্ৰিয়া সম্পাদন আৰু লক্ষ্য সাধনৰ সম্বন্ধে উৎসাহিত কৰি তোলে। ছাত্ৰৰ মনত শিক্ষণৰ বাবে অত্যাৱশ্যকীয় বুলি বিবেচিত হোৱা অভিৰোচন বা প্ৰণোদন কাৰ্য ই সহজে সৃষ্টি কৰিব পাৰে।

(৩) প্ৰকল্প পদ্ধতি ক্ৰিয়াৰ যোগেদি শিক্ষানীতিৰ ওপৰত প্ৰতিষ্ঠিত। ছাত্ৰসকলে ইয়াত নিজ নিজ ভাবে ক্ৰিয়াজড়িত হৈ পৰে, যাৰ ফলত কৰ্ম-অভিজ্ঞতা লাভ কৰিব কৰে আৰু সমগ্ৰ বিষয়বস্তু সম্বন্ধে এক অন্তৰ্দৰ্শন ক্ষমতা লাভ কৰি উঠিব পাৰে। প্ৰচলিত মৌখিক বিধৰ শিক্ষাৰ দৰে ইয়াত ছাত্ৰই বিষয়বস্তুৰ এক অবাস্তৱ আৰু অস্পষ্ট কল্পনা বা অনুমান কৰি লব লগা নহয়।

(৪) এই পদ্ধতিয়ে ছাত্ৰৰ নিজ ক্ৰিয়া আঁচনি নিৰ্বাচন, গ্ৰহণ আৰু তাৰ কাৰ্যকৰীকৰণে সমস্যা সমাধান ক্ষমতা বিকাশ কৰি তুলিব পাৰে। ই গতানুগতিক শিক্ষা ব্যৱস্থাত ছাত্ৰই গ্ৰহণ কৰা মুখস্থ বিদ্যাৰ সুযোগ নিদিয়ে। ইয়াৰ বিপৰীতে জীৱনত দেখা দিয়া বাস্তৱ সমস্যাৰ সন্মুখত তাৰ সমাধানৰ বাবে সাহস আৰু ক্ৰিয়া প্ৰচেষ্টা উদ্ভাৱনত অভ্যস্ত কৰি তুলিব পাৰে।

(৫) এই প্ৰকল্প পদ্ধতিয়ে শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক আৰু সামাজিক দিশৰ সমন্বয় সাধন কৰিবৰ বাবে ইয়াত ছাত্ৰই নিজৰ ব্যক্তিগতভাৱে আগবঢ়াব পৰা বৰঙণি যোগাব পাৰে। সামাজিক ক্ৰিয়াত নিজৰ অস্তিত্ব আৰু প্ৰয়োজন প্ৰতিজন ছাত্ৰই ইয়াত অনুভৱ কৰি উঠিব পাৰে।

(৬) এই পদ্ধতিৰ শিক্ষা জীৱনৰ লগত সম্বন্ধ ৰক্ষাকাৰী আৰু বাস্তৱমুখী হৈ উঠিব পাৰে। ছাত্ৰই নিজ শিক্ষাৰ অৰ্থ আৰু তাৰ লক্ষ্য-উদ্দেশ্য সম্বন্ধে স্পষ্ট ধাৰণা কৰি উঠিব পাৰে। ইয়াৰ ফলত তেওঁলোকৰ শিক্ষাত কৃত্ৰিমতাৰ প্ৰভাৱ গুচাই শিক্ষা অভিজ্ঞতা উদ্দেশ্যধৰ্মী আৰু প্ৰায়োগিক কৰি তুলিব পাৰে।

(৭) ছাত্ৰসকলৰ উচ্চ পৰ্যায়ৰ অধ্যয়ন আৰু গৱেষণা কাৰ্যৰ বাবেও এই পদ্ধতিৰ শিক্ষা বিশেষ সহায়কাৰী। শিক্ষাৰ উচ্চ পৰ্যায়ত সমাজক কোনো এক বাস্তৱ সমস্যা নিজেই বাচি ল’ব পাৰে আৰু তাৰ ওপৰত প্ৰয়োজনীয় অধ্যয়ন আৰু গৱেষণা কাৰ্য নিজস্বভাৱে কৰিব পাৰে। সমাজৰ জটিল সমস্যাবোৰ সমাধানৰ প্ৰতি ইয়াৰ যোগেদি ছাত্ৰসকলক আগ্ৰহী কৰি তুলিব পাৰি।

(৮) দৈহিকভাৱে ক্ৰিয়া জড়িতকৰণে ছাত্ৰ-ছাত্ৰীসকলক এই পদ্ধতিয়ে শ্ৰমৰ মৰ্যাদা অনুভৱ কৰাত সহায় কৰিব পাৰে। তাত্ত্বিক আৰু পুথিগত শিক্ষাৰ শ্ৰম বিমুখতা ই গুচাব পাৰে আৰু সমাজৰ শ্ৰমজীৱি আৰু বুদ্ধিজীৱি শ্ৰেণী লোকৰ মনৰ মাজত থকা ব্যৱধান হ্ৰাস কৰিব পাৰে। কাৰ্যকৰী অভিজ্ঞতাৰ অবিহনে যে শিক্ষা সম্পূৰ্ণ হৈ উঠিব নোৱাৰে এই কথা বহুলভাৱে সকলোৱে অনুভৱ কৰি উঠিব পাৰে।

(৯) এই শিক্ষা পদ্ধতিয়ে ছাত্ৰসকলক জ্ঞানৰ সহ-সম্বন্ধতাৰ প্ৰতিও দৃষ্টি আকৰ্ষণ কৰে। প্ৰচলিত শিক্ষাত থকা অধ্যয়নৰ বিষয়সমূহৰ সম্বন্ধহীনতা আৰু সংকীৰ্ণতাৰ মনোভাৱ ই গুচাব পাৰে। জ্ঞান-অভিজ্ঞতাক অৰ্থপূৰ্ণ কৰি তুলিবৰ বাবে বিভিন্ন বিষয়ৰ মাজত থকা অন্তৰ্নিহিত সম্বন্ধ ইয়াত ছাত্ৰই নিৰীক্ষণ কৰিব পাৰে। জ্ঞান হৈছে অভিন্ন আৰু অবিভাজ্য, এই ধাৰণা তেওঁলোকে লাভ কৰি উঠিব পাৰে।

(১০) প্ৰকল্প পদ্ধতিয়ে গতানুগতিক শিক্ষাত থকা শিক্ষকৰ একনায়কত্ববাদী মনোভাৱ আৰু এই সম্বন্ধীয় অনুশাসন ব্যৱস্থাৰো অন্ত পেলাব পাৰে। শিক্ষকসকল প্ৰকৃতপক্ষে ছাত্ৰসকলৰ বন্ধু, দাৰ্শনিক আৰু পথ প্ৰদৰ্শক, এনে এক উচ্চ আদৰ্শ আৰু স্থান ই শিক্ষকসকলক দিব পাৰে। শিক্ষকৰ নেতৃত্ব, ছাত্ৰ-শিক্ষকৰ সহযোগিতা আদি এই পদ্ধতিয়ে অধিক শক্তিশালী কৰি তুলিব পাৰে।

দুৰ্বলতাঃ

(১) প্ৰকল্প পদ্ধতিৰ এক প্ৰধান দুৰ্বলতা এয়ে যে ইয়াত ছাত্ৰ-ছাত্ৰীসকলে সমগ্ৰ প্ৰকল্পটোৰ সকলো দিশৰ জ্ঞান-অভিজ্ঞতা খৰচি মাৰি লাভ কৰিব নোৱাৰে। ই তেওঁলোকক প্ৰাসংগিকভাৱে ইটো-সিটো বিষয়ৰ জ্ঞান দিব পাৰিলেও সমগ্ৰ প্ৰকল্পটোৰ ক্ৰিয়া অভিজ্ঞতাৰ ধাৰণা দিব নোৱাৰে। ফলত তেওঁলোকৰ জ্ঞান অসম্পূৰ্ণ হৈ ৰয়।

(২) এই পদ্ধতিৰে লাভ কৰা জ্ঞান-অভিজ্ঞতাক স্থায়িত্ব কৰি তুলিবৰ বাবে ছাত্ৰসকলে ইয়াত প্ৰয়োজনীয় অনুশীলন বা পুনৰাবৃত্তি কৰাটো সম্ভৱ হৈ নুঠে। প্ৰকল্পৰ জ্ঞান-অভিজ্ঞতা তেওঁলোকে মাত্ৰ এবাৰহে পাব পাৰে। ফলত প্ৰাপ্ত অভিজ্ঞতাৰ প্ৰভাৱ ক্ষণস্থায়ী বিধৰ হৈ উঠে।

(৩) এক নিৰ্দিষ্ট পাঠ্যক্ৰম আৰু পাঠ্যপুথিৰ অভাৱত এই শিক্ষা পদ্ধতি এক অকাৰ্যকৰী ব্যৱস্থা স্বৰূপেও সমালোচনা কৰা হয়। ই ছাত্ৰ-শিক্ষকক তেওঁলোকৰ অধ্যয়ন আৰু অভিজ্ঞতা অৰ্জনৰ কোনো স্পষ্ট নিৰ্দেশ নিদিয়ে। অধ্যয়নৰ বিষয়বস্তু কেৱল ছাত্ৰৰ ওপৰতেই সম্পূৰ্ণৰূপে এৰি দিয়াটো সমৰ্থনযোগ্য নহয়। কৰ্তব্যবোধ ভাব আৰু আন্তৰিকতাৰ অভাৱ হোৱা ছাত্ৰ-শিক্ষকৰ বাবে এই পদ্ধতি সেয়েহে কাৰ্যকৰী নহয়।

(৪) প্ৰকল্প পদ্ধতিৰ শিক্ষাই স্কুলীয়া জীৱনৰ অনুশাসন ব্যৱস্থাৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলাব পাৰে। ইয়াত ছাত্ৰসকলৰ ক্ৰিয়া সম্পাদনৰ কোনো নিৰ্ধাৰিত সময়সূচী নাথাকে। ইয়াৰ ফলত তেওঁলোকে শ্ৰেণীকক্ষ ত্যাগ কৰি স্কুলৰ বাহিৰত অত তত ঘূৰি ফুৰাৰ সুযোগ দিয়ে। দায়িত্বহীনতা আৰু অনুশাসনহীনতাৰ এক অসুস্থ প্ৰৱণতা সেয়েহে ই কোনো কোনো ছাত্ৰৰ মনত জগাই তুলিব পাৰে।

(৫) শিক্ষকসকলেও অভিযোগ কৰে যে এই পদ্ধতিৰে দিয়া শিক্ষা হয় খেলি-মেলি আৰু অসংলগ্ন বিধৰ। ইয়াৰ দ্বাৰা পাঠ্য বিষয়ক ভালদৰে সামৰি ল’ব নোৱাৰি। ছাত্ৰসকলে লাভ কৰা জ্ঞান-অভিজ্ঞতাৰ পৰীক্ষা কৰা বা বুজ লোৱাটোও ইয়াৰ দ্বাৰা সম্ভৱ হৈ উঠিব নোৱাৰে। শিক্ষাত মূল্যায়ন ব্যৱস্থা নাথাকিলে তেনে শিক্ষাৰ প্ৰতি স্বাভাৱিকতেই গুৰুত্ব দিয়া নহয়।

(৬) মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰাও প্ৰকল্প পদ্ধতিৰ সমালোচনা কৰা হয়। কোৱা হয় যে এই পদ্ধতিয়ে ছাত্ৰ-ছাত্ৰীৰ বাবে এনে কেতবোৰ সমস্যা আগবঢ়ায় যি তেওঁলোকৰ মানসিক প্ৰৱণতা আৰু প্ৰয়োজন অনুসৰি উপযুক্ত নহয়। প্ৰকল্পৰ বিষয়বস্তু প্ৰাপ্তবয়স্ক লোকৰ বাবে আগ্ৰহৰ আৰু প্ৰয়োজনীয় হৈ উঠিলেও ই কম বয়সীয়া কিশোৰ-কিশোৰীসকলৰ মনঃপুত হৈ উঠিব নোৱাৰে।

(৭) প্ৰকল্প পদ্ধতিৰ যোগে দিয়া শিক্ষা অতি দীঘলীয়া আৰু অধিক সময়-সাপেক্ষ হৈ উঠে। ছাত্ৰসকলে ইয়াত নিজ ক্ৰিয়া জড়িত হৈ শিক্ষা লাভ কৰিব লগা হোৱা বাবে অধিক সময় আৰু দৈহিক প্ৰচেষ্টাৰ প্ৰয়োজন হয়। ফলত একোটা শৈক্ষিক বছৰত তেওঁলোকে অতি সীমিত জ্ঞান-অভিজ্ঞতাহে লাভ কৰিব পাৰে। কিন্তু প্ৰচলিত শ্ৰেণী শিক্ষাত ছাত্ৰসকলৰ অৰ্জিত জ্ঞানৰ এক বহল পৰিসৰ সামৰি ল’ব পাৰি।

(৮) প্ৰত্যক্ষভাৱে সমাজৰ বাস্তৱ সমস্যাৰ লগত সম্বন্ধ থকা বিষয়ৰ ওপৰত ভিত্তি কৰি প্ৰকল্প নিৰ্বাচন কৰাটো বাস্তৱিকতেই এক কঠিন কাম। সমাজৰ অনভিজ্ঞ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে ই তাতোকৈ অধিক কঠিন কাম। সেইবাবে তেওঁলোকে প্ৰকল্প নিজেই নিৰ্বাচন কৰা, তাৰ পৰিকল্পনা আৰু পৰিচালনা কৰা আৰু নিজ ক্ৰিয়াৰ মূল্যায়ন কৰা আদি কাৰ্য ছাত্ৰসকলৰ পৰা প্ৰয়োজনতকৈ অধিক বেছি আশা কৰাটোকেই বুজায়।

(৯) এই পদ্ধতিত কাৰ্যকৰীকৰণৰ বেলিকাও শিক্ষানুষ্ঠানে কেতবোৰ বিশেষ অসুবিধাৰ সন্মুখীন হ’ব পাৰে। ই প্ৰচলিত শিক্ষাৰ সাংগঠনিক ব্যৱস্থাৰ এক আমূল পৰিৱৰ্তন আনিবলৈ বিচাৰিছে। স্কুলৰ সময় অনুসৰি ৰচিত নিৰ্ধাৰিত কাৰ্যক্ৰম বাতিল কৰা, বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত যোগাযোগ স্থাপন কৰা, বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ নিয়োগ কৰা, প্ৰকল্পৰ ক্ৰিয়া-ব্যৱস্থাৰ ওপৰত ছাত্ৰ-শিক্ষকৰ বাবে হাতপুথি আৰু পুস্তিকা আদি প্ৰস্তুত কৰা কাৰ্যই স্বাভাৱিকতে শিক্ষাদান কাৰ্য জটিল কৰি তুলিব পাৰে।

(১০) প্ৰকল্প পদ্ধতিয়ে ছাত্ৰ-ছাত্ৰীৰ চিন্তা-কল্পনা আদি মননাত্মক দিশৰ আৰু নৈতিক তথা আনুভূতিক দিশৰ গুণসমূহৰ বিকাশ সাধনৰ সুবিধা দিব নোৱাৰে। উল্লেখযোগ্য যে মাধ্যমিক পৰ্যায়ত কিশোৰ-কিশোৰীসকল এনেবোৰ গুণৰ স্বাভাৱিক বিকাশেহে তেওঁলোকৰ ব্যক্তিত্ব সুস্থ, সুন্দৰ আৰু শক্তিশালী কৰি তুলিব পাৰে।

প্ৰকল্প পদ্ধতি আৰু শিল্পকেন্দ্ৰিক শিক্ষা পদ্ধতিৰ তুলনাঃ

গান্ধীজীৰ বুনিয়াদী শিক্ষা বা শিল্পকেন্দ্ৰিক শিক্ষাৰ বিষয়ে ইতিপূৰ্বে আলোচনা কৰি অহা হৈছে। এই শিক্ষাৰ লগত প্ৰকল্প পদ্ধতিৰ শিক্ষাৰ অন্তৰ্নিহিত সম্বন্ধ আমাৰ বাবে এক আকৰ্ষণীয় আলোচ্য বিষয় স্বৰূপে গণ্য কৰিব পাৰি। এই প্ৰসংগত ইয়াৰ বিস্তৃত আলোচনালৈ নগৈ দুয়োবিধ শিক্ষাৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্যৰ প্ৰধান দিশসমূহ তলত সংক্ষেপে উল্লেখ কৰা হৈছে।

সাদৃশ্যঃ

(১) দুয়োবিধ শিক্ষা পদ্ধতিয়েই জন্ ডিউইৰ প্ৰয়োগবাদ দৰ্শনৰ চিন্তাধাৰাৰ দ্বাৰা ব্যাপকভাৱে প্ৰভাৱিত হৈছে।

(২) দুয়োবিধ পদ্ধতিতেই ক্ৰিয়াৰ দ্বাৰা শিক্ষা নীতিৰ বাস্তৱ ৰূপ দান কৰি তোলা হৈছে।

(৩) ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিগত আৰু সামাজিক জীৱনৰ বাবে উপযোগী আৰু অৰ্থপূৰ্ণ হৈ উঠাকৈ দুয়োবিধ শিক্ষাই প্ৰস্তুত কৰি তোলা হৈছে।

(৪) শিক্ষাৰ্থীসকলৰ দৈহিক, সামাজিক আৰু অৰ্থনৈতিক পৰিৱেশ আৰু তাৰ প্ৰয়োগ অনুসৰি শিক্ষাৰ কাৰ্যসূচী দুয়োবিধতেই গঢ় দি তোলা হৈছে।

(৫) দুয়োবিধতেই ক্ৰিয়াভিত্তিক শিক্ষাত বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ সমানে প্ৰয়োজন হয়।

(৬) শিক্ষাদানৰ সহসম্বন্ধ নীতি প্ৰয়োগ কৰি দুয়োবিধতেই ছাত্ৰসকলক জ্ঞানৰ বহল পৰিসৰৰ প্ৰতি আকৰ্ষিত কৰি তোলা হৈছে।

(৭) গতানুগতিক শিক্ষাত থকা শিক্ষকৰ একনায়কত্ববাদী প্ৰভাৱ গুচাই দুয়োবিধ শিক্ষাতেই ছাত্ৰৰ নিজস্ব ক্ৰিয়াত অধিক গুৰুত্ব দিয়া হৈছে।

(৮) দুয়োবিধ শিক্ষাতেই শিক্ষকে গতানুগতিক পাঠদানৰ পৰিৱৰ্তে ছাত্ৰসকলৰ বন্ধু, দাৰ্শনিক আৰু পথ প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰে।

বৈসাদৃশ্যঃ

শিল্পকেন্দ্ৰিক পদ্ধতি

প্ৰকল্প পদ্ধতি

(১) হস্তশিল্পই ছাত্ৰৰ ভৱিষ্যতৰ অৰ্থনৈতিক জীৱন গঢ় দি তোলে।

(১) প্ৰকল্পই ছাত্ৰৰ অৰ্থনৈতিক ভৱিষ্যতত তেনে কোনো প্ৰভাৱ নেপেলায়।

(২) হস্তশিল্পৰ উৎপাদনেৰে শিক্ষাৰ যাৱতীয় খৰচ বহনৰ আঁচনি ইয়াত লোৱা হৈছে।

(২) শিক্ষাৰ যাৱতীয় খৰচ বহনৰ বাবে ইয়াত ছাত্ৰসকলক প্ৰয়োগ কৰা হোৱা নাই।

(৩) স্কুলৰ প্ৰতিটো বিষয় শিক্ষাৰ মাধ্যম বা কেন্দ্ৰস্থ বিষয় স্বৰূপে ইয়াত হস্তশিল্প প্ৰয়োগ কৰা হৈছে।

(৩) শিক্ষাত সহ-সম্বন্ধৰ নীতি ব্যাপকভাৱে গ্ৰহণ কৰা হৈছে যদিও হস্তশিল্প তাৰ মাধ্যমস্বৰূপ নহয়।

(৪) নিৰ্বাচিত হস্তশিল্পই শিক্ষাৰ সকলো শ্ৰেণী আৰু পৰ্যায়তে সমানে প্ৰভাৱ বিস্তাৰ কৰে।

(৪) নিৰ্বাচিত প্ৰকল্প সমাজৰ সমস্যা আৰু প্ৰয়োজন অনুসৰি সলনি হৈ থাকে।

(৫) হস্তশিল্পৰ বিষয় শিক্ষক আৰু শিক্ষা কৰ্তৃপক্ষই নিৰ্বাচন আৰু নিৰ্ধাৰণ কৰে।

(৫) প্ৰকল্পৰ বিষয় ছাত্ৰসকলে আলোচনা-বিলোচনাৰ যোগে নিজস্বভাৱে নিৰ্বাচন কৰে।

(৬) শিক্ষাৰ নিম্ন পৰ্যায়ৰ বাবেহে ই অধিক উপযোগী, উচ্চ পৰ্যায়ৰ বাবে নহয়।

(৬) শিক্ষাৰ উচ্চ পৰ্যায়ৰ বাবেহে ই অধিক উপযোগী, নিম্ন পৰ্যায়ৰ বাবে নহয়।

(৭) হস্তশিল্পত ছাত্ৰই ব্যক্তিগতভাৱে ক্ৰিয়া সম্পাদন কৰে।

(৭) প্ৰকল্পত ছাত্ৰই দলগতভাৱে ক্ৰিয়া সম্পাদন কৰে।

(৮) ছাত্ৰৰ শিক্ষা স্কুল প্ৰাংগণৰ মাজতেই সম্পাদন কৰা হয়।

(৮) ছাত্ৰৰ শিক্ষা সমাজৰ বহল পৰিসৰলৈ সম্প্ৰসাৰিত কৰা হয়।

(৯) শিক্ষা গ্ৰহণ কালত উৎপাদন নীতিয়ে প্ৰাধান্য লাভ কৰে।

(৯) শিক্ষা গ্ৰহণ কালত ছাত্ৰৰ উৎপাদন নীতি ইয়াত মুখ্য বিবেচ্য বিষয় নহয়।

(১০) ভাৰতীয় আৰ্থ-সামাজিক পৰিস্থিতিৰ উপযোগী কৰি তোলা হৈছে।

(১০) আমেৰিকাৰ আৰ্থ-সামাজিক পৰিস্থিতিৰ উপযোগী কৰি তোলা হৈছে।

ভাৰতীয় শিক্ষাত প্ৰকল্প পদ্ধতিৰ প্ৰায়োগিকতাঃ

প্ৰকল্প পদ্ধতিৰ বিভিন্ন দিশৰ আলোচনাৰ অন্তত স্বাভাৱিকতেই আমাৰ মনত প্ৰশ্ন হয়- আমেৰিকাৰ এই শিক্ষা পদ্ধতি ভাৰতত কি পৰিমাণে প্ৰযোজ্য অথবা গ্ৰহণযোগ্য। উল্লেখযোগ্য যে বৰ্তমান ভাৰতত শিক্ষা সংস্কাৰৰ দিশত পশ্চিমীয়া দেশৰ বিভিন্ন শিক্ষা-আদৰ্শ আৰু পদ্ধতিয়ে প্ৰত্যক্ষ বা পৰোক্ষ প্ৰভাৱ পেলাই আহিছে। এই প্ৰকল্প পদ্ধতিৰ প্ৰভাৱ আমাৰ বাবে সমূলি উপেক্ষণীয় বুলি ক’ব নোৱাৰি।

আমাৰ দেশৰ স্কুলৰ বৰ্তমান প্ৰচলিত শিক্ষা পদ্ধতি পৰিহাৰ কৰি প্ৰকল্প পদ্ধতিৰ আৰ্হিত শিক্ষা পুনৰগঠন আৰু পৰিচালনা কৰাৰ মত আমাৰ বাবে সমৰ্থনযোগ্য নহয়। কাৰণ তেনে কৰিবলৈ গ’লে শিক্ষা ব্যৱস্থা উন্নত হোৱাৰ পৰিৱৰ্তে অধিক বিশৃংখলতাই দেখা দিয়াৰহে আশংকা অধিক। এই ক্ষেত্ৰত ইতিপূৰ্বে উল্লেখ কৰা প্ৰকল্প পদ্ধতিৰ অন্তৰ্নিহিত দুৰ্বলতাবোৰৰ প্ৰতি আমি সচেতন হোৱাটো প্ৰয়োজন। যি কোনো এটা নতুন পদ্ধতিকেই প্ৰয়োগ কৰাৰ পূৰ্বে আমাৰ শিক্ষা আৰু সমাজ ব্যৱস্থাৰ উপযোগীকৈ তাৰ সাংগঠনিক ভিত্তি গঢ় দি তোলাটো প্ৰয়োজন। আমাৰ বৰ্তমান প্ৰচলিত শিক্ষাৰ সাংগঠনিক ভিত্তিৰ ওপৰত প্ৰকল্প পদ্ধতিৰ দৰে এটা শিক্ষাৰ পদ্ধতি হঠাৎ জাপি দিয়াটো সেয়েহে কেৱল অযুক্তিকৰেই নহয়, ই অনিষ্টকাৰীও হৈ উঠিব পাৰে।

অৱশ্যে এই প্ৰসংগত মন কৰিবলগীয়া যে প্ৰকল্প পদ্ধতিৰ শৈক্ষিক নীতি আৰু আদৰ্শ আমাৰ বাবে আদৰণীয় আৰু অনুকৰণীয়। আমাৰ স্কুলীয়া শিক্ষা ব্যৱস্থা অধিক উদ্দেশ্যধৰ্মী, প্ৰায়োগিক আৰু সমাজৰ প্ৰয়োজনমুখী কৰি তুলিবৰ বাবে আমাৰ দেশৰ শিক্ষাবিদসকলেও সময়ে সময়ে পৰামৰ্শ দি আহিছে। কোঠাৰি আয়োগে দিয়া কৰ্ম-অভিজ্ঞতাৰ ধাৰণা আৰু ঈশ্বৰভাই পেটেল কমিটিয়ে দিয়া সামাজিকভাৱে উপযোগী উৎপাদনমূলক ক্ৰিয়াৰ ধাৰণাৰ লগত প্ৰকল্প পদ্ধতিৰ মৌলিক সাদৃশ্য থকাটো আমি লক্ষ্য কৰিব পাৰো। সামাজিকভাৱে উপযোগী উৎপাদনমূলক ক্ৰিয়াৰ একো একোটা প্ৰকল্প ছাত্ৰসকলে তেওঁলোকৰ স্কুলত শিক্ষাগ্ৰহণৰ কালছোৱাত গ্ৰহণ কৰা আৰু তাক সম্পাদন কৰাৰ আঁচনি আমি নিশ্চয় গ্ৰহণ কৰিব পাৰো। স্কুলীয়া শিক্ষাক সমাজৰ ওচৰ চপাই নিবৰ বাবে সমাজৰ নিৰক্ষৰ আৰু দুৰ্বল শ্ৰেণী লোকৰ সমস্যাসমূহৰ ওপৰত প্ৰকল্প প্ৰস্তুত কৰিব পাৰো। SUPW-ৰ কাৰ্যসূচীৰে প্ৰকল্প পদ্ধতি কাৰ্যকৰীকৰণৰ ব্যৱস্থা সেয়েহে বিশেষ তাৎপৰ্যপূৰ্ণ।

(উৎসঃ আধুনিক শিক্ষাত নতুন চিন্তাধাৰা, যতীন বৰুৱা)।

2.86486486486
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top