অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মনোবিশ্লেষণঃ

মনোবিশ্লেষণঃ

 

পৰিচিতি-

 

কুৰি শতিকাৰ প্ৰথম ভাগতেই মনোবিজ্ঞানৰ চিন্তাজগতত বাস্তৱ অভিজ্ঞতাৰ ভিত্তিত আৰু এক নতুন চিন্তাধাৰাৰ জন্ম হয়, যাক মনোবিশ্লেষণ অথবা অচেতন মনৰ বিজ্ঞান (Psychology of the Unconscious) বুলি জনা যায়। ইয়াৰ গুৰি ধৰোঁতা হৈছে অষ্ট্ৰিয়াৰ বিখ্যাত মানৱতাবাদী চিন্তাধাৰাৰ মনোবিজ্ঞানী চিগমাণ্ড ফ্ৰয়েদ। তেওঁৰ ১৮৬৮ চনত এটি ইহুদী পৰিয়ালত জন্ম হয় আৰু ১৮৮১ চনত ভিয়েনা বিশ্ববিদ্যালয় পৰা চিকিৎসা বিজ্ঞানৰ উপাধি লাভ কৰে। ইয়াতেই তেওঁ স্নায়ৱিক ৰোগৰ চিকিৎসক স্বৰূপে দীৰ্ঘদিন ধৰি মানসিক ৰোগীসকলৰ লগত জড়িত হৈ থাকে। অৱশ্যে মৃত্যুৰ আগেয়ে তেওঁ সেই সময়ৰ নাজী চৰকাৰৰ উৎপীড়ণৰ পৰা ৰক্ষা পাবৰ বাবে ইংলণ্ডলৈ যায় আৰু তাতেই ১৯৩৯ চনত তেওঁৰ মৃত্যু হয়।

মনোবিশ্লেষণ সম্বন্ধে মনোবিজ্ঞানৰ এই নতুন চিন্তাধাৰা চিকিৎসা বিজ্ঞানৰ পৰাই উৎপত্তি হয়, য’ত ফ্ৰয়েদে প্ৰথমে তেওঁৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। অভিজ্ঞতাৰ ক্ৰমবিকাশে তেওঁক ক্ৰমে চিকিৎসা বিজ্ঞানৰ পৰা মনোবিজ্ঞানলৈ ঢাল খুৱায়। পৰৱৰ্তী কালত জীৱনৰ শেষৰ ফালে তেওঁৰ মন, চিন্তা, সাহিত্য-সংস্কৃতি আৰু সমাজৰ প্ৰতিও নিক্ষেপিত হয়। ফ্ৰয়েদে নিজেই স্বীকাৰ কৰিছিল যে মনোবিজ্ঞানীয়েই আছিল তেওঁৰ প্ৰকৃত লক্ষ্য, যি তেওঁক হাত বাউল দি মাতিছিল। জীৱনত বিস্তৃতভাৱে প্ৰাকৃতিক বিজ্ঞান, চিকিৎসা বিজ্ঞান আৰু থেৰাপী বিজ্ঞান অধ্যয়নৰ অন্তত তেওঁ মানুহৰ অচেতন মনৰ অদৃশ্য ক্ৰিয়া-আচৰণৰ প্ৰতি অধিক আকৰ্ষিত হৈ উঠে। তেওঁৰ দুজন শিষ্য আলফ্ৰেড এডলাৰ আৰু কাৰ্ল য়ুঙেও প্ৰথমে তেওঁৰ এই অচেতন মনৰ চিন্তাধাৰাৰ বিকাশ কৰি তোলাত সহযোগ কৰে। অৱশ্যে পিছলৈ তেওঁলোক ফ্ৰয়েদৰ লগত মতবিৰোধ হৈ নিজ নিজ চিন্তাধাৰা গঢ় দি তোলে।

মানৱ বিজ্ঞানৰ এই মহান চিন্তানায়ক গৰাকীৰ অসাধাৰণ ব্যক্তিত্বৰ ব্যাপক অভিজ্ঞতাসমূহ তেওঁৰ কেইবাখনো বিখ্যাত গ্ৰন্থৰ যোগেদি প্ৰকাশ লাভ কৰে। ইয়াৰ ভিতৰত A General Introduction to Psycho-analysis, The Psycho-pathology of Everyday Life, The Interpretations of Dreams, Beyond the Pleasure Principle আৰু Civilization and its Discontent আদি উল্লেখযোগ্য। মানৱতা সম্বন্ধে তেওঁৰ গভীৰ উপলব্ধি আৰু নিজ গতিশীল আৰু সৃষ্টিশীল মনৰ পৰিচয় ইয়াৰ যোগেদি ভালদৰে পাব পৰা যায়।

মনোবিশ্লেষণৰ মৌলিক ধাৰণাৰ উৎপত্তিঃ

 

ফ্ৰয়েদৰ মনোবিশ্লেষণৰ ধাৰণা আমাৰ মনত স্পষ্ট কৰি তুলিবৰ বাবে তেওঁৰ এই সম্বন্ধীয় কাৰ্যকৰী অভিজ্ঞতা আৰু এই ক্ষেত্ৰত তেওঁ গ্ৰহণ কৰা পদ্ধতিসমূহৰ লগত পৰিচয় থকাটো প্ৰয়োজন। ফ্ৰয়েদৰ পূৰ্বে চাৰ্কট নামৰ পেৰিচৰ এজন মনোৰোগ বিশেষজ্ঞই সন্মোহন পদ্ধতি প্ৰয়োগ কৰি হিষ্টেৰিয়া বা মূৰ্ছা ৰোগৰ চিকিৎসা কৰিছিল। সন্মোহন হৈছে এনে এক মনোবৈজ্ঞানিক প্ৰক্ৰিয়া যাৰ যোগেদি এজন ব্যক্তিৰ সচেতন মনৰ চিন্তা, বিচাৰ-বিবেচনা আদি সম্পূৰ্ণৰূপে বিলোপ সাধন কৰি অৱচেতন মনৰ দ্বাৰা তাক পৰিচালনা কৰা হয়। তাৰ যোগেদি ব্যক্তিৰ মানসিক অসুস্থতাৰ কাৰণস্বৰূপ হৈ উঠা পূৰ্বৰ অসুস্থ অভিজ্ঞতাৰ স্মৃতি উদ্ধাৰ কৰা হয়। ১৮৮৫ চনত ফ্ৰয়েদে চাৰ্কটৰ লগত এবছৰ কাল এই সম্বন্ধে অধ্যয়ন কৰে। ইয়াৰ পিছৰ বছৰতেই তেওঁ ভিয়েনাত স্নায়ুৰোগ বিশেষজ্ঞ স্বৰূপে নিজস্বভাৱে নিদান (ক্লিনিক) স্থাপন কৰে। তেওঁ ইয়াত সন্মোহন পদ্ধতি প্ৰয়োগ কৰি হিষ্টেৰিয়া ৰোগৰ চিকিৎসা কৰে আৰু বিশেষ খ্যাতি অৰ্জন কৰে। অৱশ্যে এই পদ্ধতি প্ৰয়োগত পিছলৈ কিছু অসুবিধা থকাটোও লক্ষ্য কৰা হয়। কাৰণ ইয়াৰ যোগেদি কৰা চিকিৎসাৰ ফল অস্থায়ী বিধৰ হয় আৰু সকলোবোৰ ৰোগীকে সন্মোহন কৰিব পৰা নাযায়।

ফ্ৰয়েদে ইয়াৰ পিছত যোচেফ ব্ৰিউৱাৰ নামৰ এজন শৰীৰবিদৰ সংস্পৰ্শলৈ আহে। ব্ৰিউৱাৰে হিষ্টেৰিয়া ৰোগৰ এগৰাকী যুৱতীক সন্মোহন পদ্ধতিৰে চিকিৎসা কৰি বিশেষ খ্যাতি লাভ কৰে। এই ৰোগী গৰাকীৰ স্নায়ৱিক দুৰ্বলতা, স্মৃতি বিলোপ আৰু মানসিক খেলি-মেলি আদি কেতবোৰ লক্ষণ দেখা গৈছিল। সন্মোহন পদ্ধতি প্ৰয়োগ কৰি দেখা গৈছিল যে ইয়াৰ ফলত ৰোগী গৰাকীয়ে তেওঁৰ মানসিক অসুস্থতাৰ কাৰণস্বৰূপ হৈ উঠা পূৰ্বৰ আৱেগিক উত্তেজনাৰ স্মৃতি ব্যক্ত কৰি মনত সকাহ লাভ কৰি উঠিছে আৰু নিজকে মুক্ত অনুভৱ কৰি উঠিব পাৰিছে। ব্ৰিউৱাৰে এই কথা লক্ষ্য কৰি উঠে যে ৰোগীয়ে মৌখিকভাৱে ব্যক্ত কৰা এই কথন ব্যৱস্থাই তেওঁৰ মনৰ ৰুদ্ধ আৱেগ-অনুভূতিৰ উপশম কৰি উঠিব পাৰে। ফ্ৰয়েদে ব্ৰিউৱাৰৰ এনে কৃতকাৰ্যতা অধিক আগ্ৰহ আৰু মনোযোগেৰে লক্ষ্য কৰে।

এই সন্মোহন পদ্ধতিৰ অভিজ্ঞতাৰে ফ্ৰয়েদে এক অধিক সুবিধাজনক পদ্ধতিৰ উদ্ভাৱন কৰিবলৈ সক্ষম হয়। তেওঁ ৰোগীক এক মুক্ত পৰিৱেশত মানসিকভাৱে সম্পূৰ্ণৰূপে বিশ্ৰাম ল’বলৈ দিয়ে। ইয়াৰ যোগেদি ৰোগীক অতীত স্মৃতি উদ্ধাৰৰ চেষ্টা কৰিবলৈ কোৱাৰ পৰিৱৰ্তে তাক আপোনা-আপুনি মনলৈ স্বাভাৱিক আৰু স্বতঃস্ফূৰ্তভাৱে অহালৈ অপেক্ষা কৰা হয়। ইয়াকেই মুক্ত অনুষংগ পদ্ধতি বুলি জনা যায়।

উল্লেখযোগ্য যে এনে পদ্ধতিৰ প্ৰয়োগ কৰি ৰোগীৰ অসুস্থ মনৰ স্মৃতি উপাদানৰ অধ্যয়ন কালত ফ্ৰয়েদে দেখা পায় যে ব্যক্তিয়ে সপোনৰ অভিজ্ঞতাও ব্যক্ত কৰিব পাৰিছে। তেওঁ অনুভৱ কৰি উঠে যে সপোনৰ অভিজ্ঞতা ব্যক্তকৰণে এইক্ষেত্ৰত অধিক তাৎপৰ্যপূৰ্ণভাৱে সফলতা দান কৰিব পাৰে। ব্যক্তিৰ সুদূৰ বাল্যকালৰো মনৰ বিস্মৃত অসুস্থ অভিজ্ঞতাৰ স্মৃতি এই সপোনৰ যোগেদি ব্যক্ত কৰিব পৰাটো তেওঁ লক্ষ্য কৰে। তেওঁ এই কথাও লক্ষ্য কৰে যে এই মুক্ত অনুষংগ পদ্ধতিৰে পুনৰুদ্ধাৰ কৰা অতীতৰ উত্তেজনামূলক ঘটনাৰ স্মৃতিৰ অধিক ভাগেই ব্যক্তিৰ যৌন-জীৱনৰ লজ্জাজনক আৰু দুখদায়ক ঘটনা মাথোন।

এনেবোৰ অভিজ্ঞতাৰ পৰা ফ্ৰয়েদে অনুভৱ কৰি উঠে যে মানসিক ৰোগীৰ অতীত জীৱনৰ তাৎপৰ্যপূৰ্ণ ঘটনা জানি উঠিব পাৰিলে তেওঁৰ মানসিক সংঘাতৰ কাৰণ জানি উঠিব পাৰি আৰু তাৰ সহায়েৰে ৰোগৰ উপশম কৰিব পাৰি। অতীত জীৱনৰ উত্তেজনামূলক ঘটনাৰ বিলুপ্ত স্মৃতি অচেতন মনৰ কবলৰ পৰা উদ্ধাৰ কৰি সচেতন মনৰ পৰ্যায়লৈ অনা আৰু তাক উপযুক্তভাৱে ব্যাখ্যা আৰু বিশ্লেষণ কৰা মনোবৈজ্ঞানিক ক্ৰিয়াৰ অভিজ্ঞতাই ফ্ৰয়েদৰ মনত মনোবিশ্লেষণৰ এই নতুন চিন্তাধাৰাৰ জন্ম দিয়ে।

মনোবিশ্লেষণ কাক বোলে ?

 

মনোবিশ্লেষণৰ বৈজ্ঞানিক বিশ্লেষণ প্ৰক্ৰিয়া আৰু এই সম্বন্ধীয় ধাৰণা যথেষ্ট জটিলতাপূৰ্ণ। তথাপি সাধাৰণভাৱে বহল অৰ্থত ক’বলৈ গ’লে মনোবিশ্লেষণে ফ্ৰয়েদৰ চিন্তা আৰু ক্ৰিয়াৰ দুটা বহল দিশক সামৰি লয়। এইকেইটা হৈছে- (ক) অচেতন মন সম্বন্ধে ফ্ৰয়েদৰ বিভিন্ন তাত্ত্বিক বিশ্লেষণ আৰু (খ) মানসিক ৰোগৰ চিকিৎসা সম্বন্ধে তেওঁ গ্ৰহণ কৰা বিভিন্ন পদ্ধতিসমূহৰ ক্ৰিয়া-কলাপ। চমুকৈ ক’বলৈ হ’লে অচেতন মনৰ অধ্যয়ন আৰু বিশ্লেষণ সম্বন্ধে তেওঁৰ তাত্ত্বিক আৰু ব্যৱহাৰিক দিশৰ বিজ্ঞানভিত্তিক অধ্যয়নেই হৈছে মনোবিশ্লেষণ।

ফ্ৰয়েদে সুদীৰ্ঘ কাল মানসিক ৰোগৰ চিকিৎসক স্বৰূপে কাৰ্যকৰী অভিজ্ঞতা লাভ কৰে। এনে অভিজ্ঞতাৰে তেওঁ অনুভৱ কৰে যে ব্যক্তিয়ে সচেতন মনৰ সুখ-দুখৰ অভিজ্ঞতাসমূহে ইয়াৰ পৰৱৰ্তী কালত স্মৃতি-প্ৰতিৰূপ আকাৰে অচেতন মনত ঠাই লয়। এনে অভিজ্ঞতাৰ বাস্তৱ পৰিস্থিতি আমাৰ আগৰ পৰা আঁতৰি যোৱাৰ লগে লগে তাৰ স্মৃতি মনৰ পৰাও সম্পূৰ্ণৰূপে হেৰাই যোৱা বুলি ক’ব নোৱাৰি। বিশেষকৈ এনেবোৰ অভিজ্ঞতাৰ দুখদায়ক আৰু অস্বষ্টিকৰ স্মৃতিসমূহে অচেতন মনত ঠাই লয় আৰু সি পৰৱৰ্তী কালত অৱস্থা বিশেষে ব্যক্তিৰ দৈহিক আৰু স্নায়ৱিক ৰোগ আকাৰে দেখা দিয়ে। অচেতন মনক সেয়েহে সম্পূৰ্ণৰূপে চেতনাহীন আৰু ক্ৰিয়াহীন জড় অৱস্থা বুলি গণ্য কৰিব নোৱাৰি। মনৰ এই সৰ্ববৃহৎ অংশটোৰ নিজস্ব বৈশিষ্ট্য আৰু ইয়াৰ ক্ৰিয়া পদ্ধতি আছে, যাক মনোবিজ্ঞানত অধ্যয়ন কৰাটো প্ৰয়োজন। বিশেষকৈ শিক্ষা-ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ অচেতন মনৰ দ্বাৰা প্ৰভাৱিত অসুস্থ আৰু অস্বাভাৱিক ক্ৰিয়া আচৰণসমূহৰ অধ্যয়ন আৰু বিশ্লেষণৰ এক বিশেষ প্ৰয়োজনীয়তা আছে। কেৱল ব্যক্তিগত জীৱনতেই নহয়, আমাৰ সামাজিক জীৱনৰ ভাবধাৰা, চিন্তাধাৰা, সাহিত্য-সংস্কৃতি আদিতো এক সামূহিক অচেতনতাৰ বৈচিত্ৰপূৰ্ণ প্ৰভাৱ পৰে।

অচেতন মনৰ এনে গভীৰতালৈ প্ৰৱেশ কৰা বাবে ফ্ৰয়েদৰ এই চিন্তাধাৰাক ‘Depth Psychology’ বা গভীৰতাৰ মনোবিজ্ঞান স্বৰূপেও জনা যায়। উল্লেখযোগ্য যে ফ্ৰয়েদৰ পূৰ্বে মনোবিজ্ঞানীসকলৰ চিন্তা জগতত মনৰ সচেতনতা আৰু এই সম্বন্ধীয় ক্ৰিয়া আচৰণৰ অধ্যয়নে বিশেষ প্ৰাধান্য লাভ কৰি আছিল। অচেতন মনৰ এনে গভীৰতালৈ প্ৰৱেশ কৰি ফ্ৰয়েদে দিয়া নতুন নতুন তথ্যসমূহে ১৯ শতিকাৰ এই বুদ্ধিজীৱিসকললৈ এক নতুন প্ৰত্যাহ্বান প্ৰদান কৰে। মনোবিশ্লেষণ মনোবিজ্ঞানৰ এক বিদ্ৰোহী চিন্তাধাৰা স্বৰূপেও পৰিগণিত হয়।

মনোবিশ্লেষণৰ বিভিন্ন দৃষ্টিকোণসমূহঃ

 

ফ্ৰয়েদৰ চিন্তাৰ বিভিন্ন দৃষ্টিকোণসমূহে সৰ্বসাধাৰণৰ মাজত বিশেষ জনপ্ৰিয়তা লাভ কৰি উঠিছে। ই কুৰি শতিকাৰ মনোবিজ্ঞানত এক নতুন বৈজ্ঞানিক দৃষ্টিদান কৰিছে। মনোবিশ্লেষণৰ স্বৰূপ জানি উঠিবৰ বাবে ইয়াৰ বিভিন্ন তাত্ত্বিক বিশ্লেষণ আৰু দৃষ্টিকোণসমূহৰ অধ্যয়ন কৰাটো প্ৰয়োজন। এনে অধ্যয়নে আধুনিক শিক্ষাত পেলোৱা ইয়াৰ নতুন দৃষ্টিভংগীসমূহৰ প্ৰভাৱ সম্বন্ধেও জানি উঠাত সহায়ক হৈ উঠিব পাৰে। এই প্ৰসংগত ইয়াৰ নিম্ন প্ৰদত্ত দিশসমূহৰ সংক্ষিপ্ত আলোচনা আগবঢ়োৱা হৈছে।

(১) মনৰ তিনিটা অংশঃ

মনোবিশ্লেষণে মনক তিনিটা অংশত পৰ্যায়ক্ৰমভাৱে বিভক্ত কৰে আৰু এইকেইটা হৈছে সচেতন, অৱচেতন আৰু অচেতন মন। মনৰ সচেতনতা হৈছে সেই অংশ যাৰ যোগেদি বাস্তৱ জগতৰ জ্ঞান-ধাৰণা, ভাব-চিন্তা, প্ৰয়োজন আৰু অভিপ্ৰায় আদিৰ সম্বন্ধে মন অৱগত আৰু সক্ৰিয় অৱস্থাপ্ৰাপ্ত। মনৰ এই অংশই বাস্তৱ অভিজ্ঞতাৰ লগত কাম কৰে। মনৰ সচেতনতাৰ তলৰ পৰ্যায়ত অৱচেতন মন অৱস্থিত। ই এনে এক অৱস্থা যাৰ অভিজ্ঞতা ব্যক্তিৰ বাবে সচেতন অৱস্থাত নাথাকে, কিন্তু স্মৃতি প্ৰয়োগৰ যোগেদি তাক প্ৰয়োজন মতে সচেতনতাৰ পৰ্যায়লৈ গতি কৰে। এই অৱচেতন পৰ্যায়ৰ তলত মনৰ এক ব্যাপক আৰু গভীৰ মানসিক পৰ্যায় অৱস্থিত। ই হৈছে মনৰ সৰ্ববৃহৎ অংশ আৰু ব্যক্তিৰ অতীত অভিজ্ঞতাৰ স্মৃতি উপাদানৰ দ্বাৰা ই গঠিত। ইয়াৰ গভীৰতাত নিহিত থকা উপাদানসমূহ আমাৰ সচেতন মনৰ পৰ্যায়লৈ অনাটো সম্ভৱপৰ হৈ নুঠে। ইয়াৰ উপাদানসমূহৰ বিষয়ে সেয়েহে আমি সমূলি অৱগত নহয়। ব্যক্তিগত জীৱনৰ সকলো স্মৰণীয় ঘটনা আৰু অভিজ্ঞতাৰ অৱশেষ ইয়াত সঞ্চিত হয় আৰু এক সুসংগঠিত ৰূপ ধাৰণ কৰি সক্ৰিয় মানসিক শক্তিত পৰিণত হয়।

(২) অচেতন মনৰ প্ৰাধান্যঃ

ফ্ৰয়েদৰ পূৰ্বৱৰ্তী কালছোৱাত মনোবিজ্ঞানীসকলে কেৱল মাত্ৰ সচেতন মনৰ অধ্যয়ন আৰু বিশ্লেষণ কাৰ্যতেই আৱদ্ধ আছিল। কিন্তু তেওঁৰ মনোবিশ্লেষণ ব্যৱস্থাই অচেতন মনৰ অন্তৰ্নিহিত গোপন তথ্য উদ্ঘাটনত বিশেষ গুৰুত্ব দিয়ে। তেওঁৰ মতে মনৰ সচেতন অংশ হৈছে সমগ্ৰ মনৰ এক পাতল সৰু অংশহে মাথোন, যাক শীতকালত সাগৰত ওপঙি থকা বৃহৎ আকাৰৰ বৰফৰ টুকুৰা বা ‘আইচ-বাৰ্গ’ৰ লগত তুলনা কৰা হৈছে। আইচ-বাৰ্গত যিদৰে বৰফৰ টুকুৰাৰ বৃহৎ অংশ পানীৰ তলত অদৃশ্য হৈ থাকে, সেইদৰে মনৰ বৃহৎ অংশ সচেতনতাৰ পৰ্যায়ৰ তলত অচেতন অৱস্থাত অদৃশ্যভাৱে লুকাই থাকে। কিন্তু মনৰ এই বৃহৎ অংশৰ অদৃশ্য ক্ৰিয়া-কলাপ মনোবিজ্ঞানে অৱহেলা কৰিব নোৱাৰে। অচেতনতাক সেয়েহে মনৰ ক্ৰিয়া-অনুভূতিহীন এক জড় অৱস্থা বুলি বৰ্ণনা কৰিব নোৱাৰি। সচেতনতাৰ পৰ্যায়ত নহলেও ইয়াৰো নিজস্ব কেতবোৰ ক্ৰিয়া-কলাপ আছে আৰু মানৱ আচৰণত প্ৰভাৱ পেলাব পৰা প্ৰতিক্ৰিয়াশীল ক্ষমতা আছে। মনৰ এই অঞ্চলৰ বিষয়ে আমাৰ অজ্ঞানতাৰ বাবেই ইয়াৰ স্বৰূপ আমি অনুভৱ কৰিব নোৱাৰো।

অচেতন মনৰ অৱদমিত স্মৃতি উপাদানসমূহে সকলো সময়তে মনৰ সচেতনতাৰ পৰ্যায়লৈ অহাৰ প্ৰৱণতা থাকে। কিন্তু মনৰ সচেতনতাই সেই উপাদানবোৰৰ মুক্ত অনুপ্ৰৱেশৰ অনুমতি নিদিয়ে। এই ক্ষেত্ৰত সচেতন মনৰ এক প্ৰতিৰক্ষা ব্যৱস্থা থকাটো মন কৰিবলগীয়া। এনে ব্যৱস্থাৰ ফলত মনৰ স্মৃতি উপাদানবোৰৰ সচেতন মনলৈ প্ৰৱেশ কৰাৰ ক্ষেত্ৰত এক মানসিক পৰীক্ষণ প্ৰক্ৰিয়া সংঘটিত হয়। ইয়াৰ ফলত অচেতন মনৰ উপাদানসমূহ আমি মুক্তভাৱে সচেতন মনত অনুভৱ কৰিব নোৱাৰো।

অৱশ্যে অচেতন মন যে এক সক্ৰিয় আৰু গতিশীল অৱস্থা আৰু ইয়াৰ সঞ্চিত স্মৃতি উপাদানবোৰৰ যে এক নিজস্ব সুসংগঠিত মানসিক ক্ৰিয়া-কলাপ আছে তাৰ যথেষ্ট প্ৰমাণ আমি পাব পাৰো। মনোবিশ্লেষণৰ নিম্নলিখিত যুক্তিসমূহ এই প্ৰসংগত উল্লেখযোগ্য।

(ক) ব্যক্তিক সন্মোহন কাৰ্যৰ পৰৱৰ্তী কালত তেওঁ যি ক্ৰিয়া-আচৰণ প্ৰদৰ্শন কৰে সি অচেতন মনৰ প্ৰভাৱৰ পৰিচায়ক।

(খ) সপোনৰ অভিজ্ঞতা লিপিবদ্ধকৰণ আৰু তাৰ মনোবৈজ্ঞানিক ব্যাখ্যা প্ৰদানে অচেতন মনৰ ক্ৰিয়া-কলাপৰ আভাস দিয়ে।

(গ) টোপনিত চিঞৰি উঠা আৰু নিদ্ৰা অৱস্থাত ভ্ৰমণ কৰা কাৰ্যই ব্যক্তিৰ অচেতন মনৰ ক্ৰিয়া-আচৰণৰ প্ৰমাণ দিয়ে।

(ঘ) মনৰ অলসতাৰ অৱস্থাত হঠাতেই কোনো কথা বা ধাৰণা মনলৈ অহা, অতীতৰ অভিজ্ঞতাৰ স্মৃতি পুনৰুদ্ধাৰ কৰা আৰু বাস্তৱত সমাধান কৰিব নোৱাৰা কথা সপোনৰ যোগে সমাধান কৰিব পৰা কাৰ্যই অচেতন মনৰ ইংগিত দিয়ে।

(ঙ) আমাৰ দৈনন্দিন জীৱনত সচৰাচৰ কৰি অহা লিখনিৰ ভুল-ভ্ৰান্তি, ভুলকৈ নক’ব লগা কথা মুখত ওলাই পৰা, নিজৰ লগতে থকা বস্তু হাবাথুৰি খাই বিচাৰি ফুৰা আদি অভিজ্ঞতাসমূহে অচেতন মনৰ প্ৰভাৱ স্পষ্ট কৰি তোলে।

(চ) ফ্ৰয়েদৰ দ্বাৰা মনোবিশ্লেষণ পদ্ধতিৰে কৰা মানসিক ৰোগৰ চিকিৎসাই সফলতাৰে আৰোগ্য লাভ কৰি উঠিব পাৰিছে। এই কথাই প্ৰমাণ কৰে যে তেওঁ অচেতন মন সম্বন্ধে কৰা ধাৰণা বাস্তৱভিত্তিক।

(৩) অৱদমন তত্ত্বঃ

মনোবিশ্লেষণ চিন্তাধাৰাৰ এক মৌলিক অৱদান হৈছে অৱদমন তত্ত্ব। ইয়াৰ ওপৰত ভিত্তি কৰি মনোবিশ্লেষণৰ তাত্ত্বিক আৰু ব্যৱহাৰিক দিশ গঢ় উঠিছে। ফ্ৰয়েদৰ নিজৰ ভাষাত ক’বলৈ গ’লে, অৱদমন তত্ত্বই হৈছে লাইখুটা যাৰ ওপৰত মনোবিশ্লেষণৰ অট্টালিকা গঢ়ি উঠিছে। আমাৰ যৌন শক্তি আৰু যৌন কামনাক জীৱনী-শক্তি স্বৰূপে গণ্য কৰা হৈছে। এই জীৱনী-শক্তি স্বৰূপ যৌন কামনাক আমি জীৱনৰ বাস্তৱতাত তাৰ মৌলিক ৰূপত পূৰণ কৰিব অথবা চৰিতাৰ্থ কৰিব নোৱাৰো। কাৰণ আমাৰ সামাজিক জীৱনত সভ্যতাৰ খাতিৰত কেতবোৰ সাংস্কৃতিক, ধৰ্মীয় তথা অনুশাসনমূলক বাধা-নিষেধ মানি চলিব লাগে। সেইবাবে আমি মনৰ সচেতন অৱস্থাত এই যৌন কামনা তাৰ পাশৱিক ৰূপত পূৰণ কৰিব নোৱাৰো, আৰু তাৰ বাবে আমি লজ্জা অনুভৱ কৰো। মনৰ এই যৌন কামনাৰ অশুভ (সামাজিক বিবেচনাৰে) ইচ্ছা সেয়েহে অচেতন মনলৈ ঠেলি দিয়া হয় আৰু তাৰ যোগেদি সচেতন মনক সমস্যামুক্ত কৰি ৰখা হয়। মনৰ এনে ঐচ্ছিক আৰু উদ্দেশ্যপ্ৰণোদিত গোপন কাৰ্যকেই অৱদমন বোলা হয়। এই অৱদমনৰ যোগেদি আমাৰ জীৱনৰ সকলোবোৰ অশুভ, দুখদায়ক, ব্যৰ্থতামূলক আৰু সমাজৰ অনুমোদন নথকা ইচ্ছা-আগ্ৰহ আৰু অভিজ্ঞতা আদি অচেতন মনৰ গোপন কক্ষত সঞ্চিত কৰা হয়। ফ্ৰয়েদৰ মতে আমাৰ মনৰ অৱদমিত উপাদানসমূহ লিবিডো বা যৌন কামনাৰ পৰাই মূলতে উদ্ভৱ হয়। এই অৱদমন প্ৰক্ৰিয়াই সচেতন মনৰ প্ৰতিৰক্ষা ব্যৱস্থা স্বৰূপে কাম কৰে। কাৰণ ই আমাৰ সচেতন মনক এই অবৈধ আৰু অনুচিত উপাদানবোৰৰ অনুপ্ৰৱেশৰ পৰা ৰক্ষা কৰে।

(৪) লিবিডো আৰু বিভিন্ন মানসিক জটিলতাঃ

ফ্ৰয়েদে মনোবিশ্লেষণৰ সমগ্ৰ বিষয়টো মানুহৰ কাম-শক্তি বা যৌন-শক্তিৰ অৱদমিত প্ৰভাৱ স্বৰূপে বিবেচনা কৰে। তেওঁৰ মতে মানুহৰ সকলো ক্ৰিয়া-আচৰণ এক যৌন-প্ৰেৰণাৰদ্বাৰা ব্যাপকভাৱে প্ৰভাৱিত হয়। লিবিডো বা এই কাম-শক্তি হৈছে এক ব্যাপক পৰিসৰৰ ধাৰণা যাৰদ্বাৰা বিপৰীত লিংগৰ প্ৰতি আমাৰ আসক্তি ভাবকে ধৰি সকলো ধৰণৰ ভালপোৱা বা প্ৰেমভাৱ ইয়াৰ অন্তৰ্ভুক্ত কৰিব পাৰি। এই কাম-শক্তিয়েই হৈছে আমাৰ প্ৰাণ-শক্তি স্বৰূপ। আমাৰ দৈহিক বিকাশৰ লগে লগে পৰিৱেশৰ প্ৰভাৱত এই কাম-শক্তিয়ে বিভিন্ন জটিলতাৰ ৰূপ ধাৰণ কৰিব পাৰে। আমাৰ সামাজিক আৰু সাংস্কৃতিক পৰিৱেশত পোৱা বাধাগ্ৰস্ততাৰ বাবে এই কাম-শক্তিয়ে কেতবোৰ অসুস্থ মনোগ্ৰন্থিৰ সৃষ্টি কৰে। সমাজৰ পাৰিবাৰিক জীৱনত সাধাৰণতে পিতৃ-মাতৃ-পুত্ৰৰ যৌন পৰিস্থিতিয়ে মনত পিতৃ-কাম (Oedipus complex) আৰু মাতৃ-কাম (Electra complex) ভাবৰ সৃষ্টি কৰে। এনে ভাব লিবিডোৰ পৰাই সৃষ্টি হোৱা মানসিক জটিলতা মাথোন। ইয়াৰ ফলত এটা ল’ৰাৰ বাবে মাতৃৰ প্ৰতি মনোভাৱ ভালপোৱাত পৰিণত হয় আৰু পিতৃৰ প্ৰতি মনোভাৱ ঘৃণাত পৰিণত হয়। সেইদৰে এজনী ছোৱালীৰো পিতৃৰ প্ৰতি আসক্তিৰ ভাব আৰু মাতৃৰ প্ৰতি বিৰক্তিৰ ভাবত পৰিণত হয়। শৈশৱ কালত দেখা দিয়া শিশুৰ আত্ম-কাম ভাবও (Narcissism) লিবিডোৰ পৰিণতি স্বৰূপ বুলি কোৱা হয়। লিবিডোৰ পৰা সৃষ্টি হোৱা আন দুটা অসুস্থ ভাবৰ মনোগ্ৰন্থি হৈছে ধৰ্ষ-কাম বা পৰ-পীড়ন ৰতি (Sadism) আৰু মৰ্ষ-কাম বা আত্ম-পীড়ন ৰতি (Massocism)।

(৫) শৈশৱৰ যৌনতাঃ

শিশুৰ নিচেই চালুকীয়া অৱস্থাৰ পৰা যৌন জীৱন তাৰ নিজস্ব ৰূপত উপভোগ কৰাৰ কথা ফ্ৰয়েদে প্ৰকাশ কৰে। কেৱল যৌৱনপ্ৰাপ্ত হ’লেহে ব্যক্তিয়ে যৌন-উত্তেজনা অনুভৱ কৰা বুলি থকা পুৰণি ধাৰণা অগ্ৰাহ্য কৰা হয়। ফ্ৰয়েদৰ মতে শিশুৰ যৌন প্ৰবৃত্তি আৰু এই সম্বন্ধীয় অভিজ্ঞতা প্ৰথমৰপৰাই থাকে। কেতবোৰ প্ৰধান পৰিৱৰ্তনৰ পৰ্যায় অতিক্ৰম কৰাৰ পাছতহে প্ৰাপ্তবয়স্ক কালত ব্যক্তিৰ পৰিচিত স্বাভাৱিক যৌন-জীৱন পাবগৈ পৰা যায়। শিশুৱে লাভ কৰা যৌন-তৃপ্তিৰ ধৰণো বয়সস্থসকলতকৈ পৃথক। দেহৰ তিনিটা যৌন অঞ্চলত শিশুৱে যৌন-সম্ভোগ লাভ কৰাৰ কথা ফ্ৰয়েদে আঙুলিয়াই দিয়ে। এইকেইটা হৈছে- মৌখিক অঞ্চল, গুহ্যদ্বাৰ অঞ্চল আৰু যৌনাংগ অঞ্চল। মুখৰপৰা পোৱা যৌন-তৃপ্তিৰ ভিতৰত কোনো বস্তুৰ স্পৰ্শ অনুভূতি মুখৰ ভিতৰত লাভ কৰা আৰু তাক কামোৰা কাৰ্য উল্লেখযোগ্য। এইক্ষেত্ৰত মাতৃৰ স্তনপান কাৰ্যই শিশুক যৌন-তৃপ্তি দিয়ে। গুহ্যদ্বাৰৰ যোগেদিও দেহৰ অপ্ৰয়োজনীয় পদাৰ্থ পায়খানা আকাৰে নিৰ্গত কৰিবৰ বেলিকা যি বল প্ৰয়োগ কৰা হয় তাৰ ফলত গুহ্যদ্বাৰ অঞ্চলত যৌন উত্তেজনা অনুভূত হয়। যৌনাংগৰ যোগেদিও মূত্ৰ ত্যাগ কৰা আৰু যৌনাংগ স্পৰ্শ কৰা কাৰ্যই যৌন-তৃপ্তি প্ৰদান কৰে। নিজ দেহৰ এই যৌন অঞ্চলবোৰৰ স্পৰ্শ অনুভূতি আৰু উত্তেজনাই শিশুক যৌন সম্ভোগ প্ৰদান কৰাৰ বাবে তাৰ যৌন-জীৱনক আত্ম-কাম বুলি কোৱা হয়। এনে অৱস্থাৰ পৰ্যায় শিশুৰ পাঁচ বছৰ বয়সলৈকে থাকে। ছবছৰৰপৰা বাৰ বছৰলৈকে শিশুৰ যৌন জীৱনক সুপ্ত পৰ্যায় বুলিব পাৰি। এই সময়ছোৱাত শিশুৱে নিজ সম-লিংগৰ ব্যক্তিৰ প্ৰতি আগ্ৰহ আৰু আকৃষ্ট ভাব প্ৰদৰ্শন কৰে। সেইবাবে ফ্ৰয়েদে ইয়াক সমকামিতাৰ পৰ্যায় স্বৰূপে বৰ্ণনা কৰে।

(৬) অচেতন মনৰ অভিপ্ৰায়ঃ

ফ্ৰয়েদে অনুভৱ কৰি উঠে যে বিস্মৃতি আকাৰে অচেতন মনত অৱদমিত কৰি ৰখা স্মৃতি উপাদানবোৰৰ একো একোটা অন্তৰ্নিহিত অভিপ্ৰায় থাকে যি ব্যক্তিৰ বাস্তৱ ক্ষেত্ৰত পূৰণ হৈ নুঠে। সচেতন মনৰ পৰা বিস্মৃত কৰি ৰখা ব্যৰ্থ কাম এই অভিজ্ঞতাবোৰৰ ইচ্ছা, আগ্ৰহ আৰু প্ৰয়োজনবোৰৰ প্ৰভাৱ অচেতন মনতো সক্ৰিয় অৱস্থাত থাকে। সেইবাবে সময় আৰু সুযোগ পালে এই অচেতন মনৰ ইচ্ছা আৰু অভিপ্ৰায়বোৰে আমাৰ সচেতন মনৰ ক্ৰিয়া-আচৰণৰ মাজেদি আত্ম-প্ৰকাশ কৰে। উদাহৰণস্বৰূপে আনক দিবলগীয়া ধাৰৰ টকা আমি দিবলৈ পাহৰো, আনৰপৰা পঢ়িবলৈ অনা ভাল কিতাপ ফিৰাই দিবলৈ পাহৰো। এনে পাহৰণিৰ অন্তৰালত অচেতন মনৰ ইচ্ছা, আগ্ৰহ আৰু অভিপ্ৰায়ৰ প্ৰভাৱ স্পষ্ট। আমাৰ দৈনন্দিন জীৱনত কৰা নানা ধৰণৰ অপ্ৰত্যাশিত ভুল-ভ্ৰান্তি আৰু অনুচিত ক্ৰিয়া আদি এই অচেতন মনৰ অভিপ্ৰায়ৰ দ্বাৰা মূলতে প্ৰভাৱিত হয়। ফ্ৰয়েদে ‘Psycho-pathology of Everyday Life’ (১৯০৪) নামৰ গ্ৰন্থত এনে বহুতো বাস্তৱ উদাহৰণ আৰু তেওঁৰ নিজ জীৱনত ঘটা অভিজ্ঞতাৰো নিৰ্ভৰযোগ্য দৃষ্টান্ত দাঙি ধৰে। জিভাৰ পিচল খোৱা বা নক’ব লগা কথা অকস্মাত মুখত ওলাই পৰা, বস্তু হেৰুওৱা আৰু ভঙা আদি অস্বাভাৱিক কাৰ্যক অচেতন অভিপ্ৰায় বুলি ক’ব পাৰি যদিও এনে অভিপ্ৰায় ব্যক্তিৰ বাবে জ্ঞাত অৱস্থাত নাথাকে। অচেতন মনৰ অভিপ্ৰায় সম্বন্ধে প্ৰদান কৰা ফ্ৰয়েদৰ এই দৃষ্টিভংগীয়ে তেওঁৰ চিন্তাৰ মৌলিকতাৰ পৰিচয় দিয়ে।

(৭) ব্যক্তিত্ব সংগঠনত ইড্, অহম্ আৰু পৰমহম্ঃ

মনোবিশ্লেষণত ফ্ৰয়েদে আগবঢ়োৱা বিভিন্ন চিন্তাধাৰাৰ ভিতৰত ব্যক্তিত্ব সংগঠনকাৰী স্বৰূপ ইড্, অহম্ আৰু পৰমহম্ এই তিনিবিধ মানসিক শক্তিৰ প্ৰভাৱ বিশেষ মন কৰিবলগীয়া। ব্যক্তিৰ মানসিক জগতৰ সংগঠন, ক্ৰিয়া-কলাপ আৰু আচৰণ এই তিনি তৰপীয়া মানসিক প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰশীল বুলি কোৱা হয়। মনোবিশ্লেষণত এই ধাৰণাৰ নতুনত্বৰ প্ৰতি লক্ষ্য ৰাখি ফ্ৰয়েদীয় মনোবিজ্ঞানৰ ই ‘New Testament’ স্বৰূপে অভিহিত কৰা হয়।

ইড্ হৈছে ব্যক্তিৰ এক প্ৰবৃত্তিমূলক প্ৰেৰণা বা প্ৰৱণতা যি সুখানুসন্ধান নীতি বা সুখ-সিদ্ধান্তৰ ওপৰত প্ৰতিষ্ঠিত। ইয়াৰ মূল লক্ষ্য-উদ্দেশ্য হৈছে দৈহিক প্ৰবৃত্তিমূলক সুখ লাভ কৰা আৰু দুখ পৰিহাৰ কৰা। দৈহিক সুখ-সম্ভোগমুখী ইডৰ মানসিক উপাদানবোৰ হয় স্বাভাৱিকতেই অনিয়ন্ত্ৰিত, বিশৃংখল আৰু বাস্তৱ বিবৰ্জিত বিধৰ। ই যুক্তি-অযুক্তিকতা আৰু উচিত-অনুচিতৰ বিচাৰ-বিবেচনা কৰিব নোৱাৰে। ইয়াত মানুহৰ দেহ-মনৰ মৌলিক প্ৰয়োজন, ইচ্ছা, কামনা-বাসনা আদি অন্তৰ্নিহিত হৈ থাকে। এনেবোৰ বৈশিষ্ট্যৰ বাবে ইড্ সদায় অচেতন মনৰ পৰ্যায়ত থাকে আৰু ব্যক্তিৰ সকলো প্ৰবৃত্তিমূলক প্ৰেৰণা আৰু শক্তিৰ ইন্ধন যোগায়।

অহম্ হৈছে ব্যক্তিমনৰ এক জটিল মনোবৈজ্ঞানিক সংগঠন প্ৰক্ৰিয়া। ইডৰ সুখানুভূতি আৰু বাস্তৱ জগতৰ পৰিস্থিতিৰ মাজত ই এক মধ্যস্থতাকাৰী শক্তি স্বৰূপে কাম কৰে। ব্যক্তিমনৰ প্ৰবৃত্তিমূলক আৰু সুখ-সন্ধানী সকলোবোৰ ইচ্ছা আৰু প্ৰয়োজন বাস্তৱ পৰিস্থিতিৰ প্ৰতিকূল অৱস্থাৰ বাবে পূৰণ কৰাটো সম্ভৱ নহয়। সেইবাবে ইডৰ প্ৰয়োজনবোৰ পৰিস্থিতি সাপেক্ষে যি পৰিমাণে বাস্তৱত পূৰণ কৰাটো সম্ভৱপৰ হয় তাক গ্ৰহণ কৰাত আৰু যিবোৰ পূৰণ কৰাটো সম্ভৱপৰ নহয় তাক পৰিহাৰ কৰাত ই সহায় কৰে। ব্যক্তিমনৰ অহম্ সেইবাবে বাস্তৱতা নীতিৰ ওপৰত প্ৰতিষ্ঠিত। এই বাস্তৱতাৰ অৰ্থ হৈছে যি পাব পৰা যায় অথবা বাস্তৱত যিটো সম্ভৱ হৈ উঠিব পাৰে তাকহে গ্ৰহণ কৰা।

ব্যক্তিমনৰ তৃতীয় মানসিক দিশ হৈছে পৰমহম্। যি আমাৰ নৈতিক আৰু ন্যায়িক আদৰ্শৰ দ্বাৰা প্ৰভাৱিত। ই আমাৰ মনৰ আত্মিক দিশৰ প্ৰতিনিধিত্ব কৰে। সেইবাবে সুখ-সন্ধান অথবা বাস্তৱতা নীতিৰ পৰিৱৰ্তে এই পৰমহম্ নৈতিকতা নীতিৰ দ্বাৰাহে পৰিচালিত হয়। ব্যক্তিমনৰ পাপ-পুণ্য, ন্যায়-অন্যায়, উচিত-অনুচিত আদিৰ এই নৈতিক চেতনাই তেওঁৰ আচৰণ অধিক পূৰ্ণতাৰ ফালে ঢাল খুৱাব পাৰে। শৈশৱ কালত শিশুৱে পৰনিৰ্ভৰশীল অৱস্থাত থকা কালত মাক-দেউতাকক সি এক নৈতিক কৰ্তৃপক্ষ স্বৰূপে মানি চলে। এনে অৱস্থাত তাৰ মন আৰু আচৰণ এই পৰমহম ভাবৰ দ্বাৰা পৰিচালিত হয়। এজন আইন অমান্যকাৰী আৰু অপৰাধ-প্ৰৱণ মনৰ লোকক এই পৰমহমভাৱে সমাজৰ আইন-শৃংখলাৰ অনুৱৰ্তী কৰি তুলিব পাৰে।

এই প্ৰসংগত উল্লেখযোগ্য যে ইড্, অহম্ আৰু পৰমহমৰ মাজত পৃথকভাৱে তেনে কোনো স্পষ্ট আৰু নিৰ্দিষ্ট সীমাৰেখা টানিব পৰা নাযায়। ব্যক্তিৰ জটিল মানসিক সংগঠন প্ৰক্ৰিয়াক এই তিনিটা অস্তিত্ব আৰু তাৰ নামকৰণেৰে বৰ্ণনা কৰিবলৈ চেষ্টা কৰা হৈছে। এজন লোকৰ সুস্থ আৰু সুন্দৰ ব্যক্তিত্ব গঢ় লৈ উঠিবৰ বাবে এই তিনিবিধ মানসিক প্ৰক্ৰিয়াৰ মাজত সুস্থ-সম্বন্ধ, সমন্বয় আৰু সহযোগিতাৰ প্ৰয়োজন। ইয়াৰ মাজত পৰস্পৰ বিৰোধিতা আৰু অসহযোগিতাৰ ভাব সৃষ্টি হলে ব্যক্তিত্বৰ অপ-সমাযোজন আৰু বিসংগতিয়ে দেখা দিয়ে।

মনোবিশ্লেষণৰ সমালোচনাঃ

 

ফ্ৰয়েদক কুৰি শতিকাৰ নিঃসন্দেহে এজন মৌলিক চিন্তাশীল ব্যক্তি স্বৰূপে গণ্য কৰিব পাৰি। মানৱতাৰ গভীৰ উপলব্ধিৰে তেওঁ আছিল প্ৰকৃত অৰ্থত সমাজ বিজ্ঞানৰ এজন মহান দাৰ্শনিক। এই কথাৰ সত্যতা অনুভৱ কৰিব পাৰি যেতিয়া মনোবিজ্ঞানৰ পৰা তেওঁৰ চিন্তাধাৰা ক্ৰমান্বয়ে পৰৱৰ্তী কালত সাহিত্য-সংস্কৃতি আৰু মানৱ সভ্যতাৰ প্ৰতি ঢাল খায়। প্ৰকৃতপক্ষে মনৰ অভিৰুচি, অভিক্ষমতা আৰু বৌদ্ধিক প্ৰৱণতাৰ ফালৰ পৰা তেওঁ এজন কেৱল মানসিক ৰোগৰ চিকিৎসকেই মাথোন নাছিল। তেওঁৰ পৰিস্থিতিয়েহে তেনে কৰিবলৈ তেওঁক বাধ্য কৰাইছিল। ফ্ৰয়েদে নিজেই স্বীকাৰ কৰি গৈছে যে তেওঁ জীৱনৰ মূল উদ্দেশ্যৰ পৰা বিচ্যুত হৈ বাধ্য-বাধ্যকতাত পৰিহে এজন চিকিৎসক হ’ব লগা হৈছিল।

মনোবিশ্লেষণৰ প্ৰতি ফ্ৰয়েদৰ সকলোতকৈ মূল্যৱান অৱদান হৈছে তেওঁ আগবঢ়োৱা মানৱ মনৰ গতিশীলতাৰ দৃষ্টিভংগী। এই গতিশীলতাৰ ধাৰণাই মনোবিজ্ঞানৰ সচেতন মন সম্বন্ধে পূৰ্বৰ গতানুগতিক চিন্তাধাৰাৰ ওপৰত এক আঘাত হানে। কাৰণ তেতিয়ালৈকে মনোবৈজ্ঞানিকসকলৰ বাবে সচেতন মনৰ চিন্তাধাৰাই প্ৰাধান্য লাভ কৰি আহিছিল। অৱশ্যে ইয়াৰ বাবে তেওঁ যথেষ্ট সমালোচনাৰো সন্মুখীন হ’ব লগা হৈছিল।

তেওঁৰ মনোবিশ্লেষণ সম্বন্ধীয় সকলো তত্ত্ব আৰু তাৰ কাৰ্যকৰী পদ্ধতিসমূহকে মানৱ মনৰ সম্বন্ধে নতুন জ্ঞান অনুসন্ধানৰ এক ব্যাপক পৰিসৰৰ আঁচনি বুলি অভিহিত কৰিব পাৰি। তেওঁৰ নিজ চিন্তা আৰু ক্ৰিয়া পদ্ধতিৰ ওপৰত গভীৰ আস্থা আছিল আৰু সেই হেতুকে ক্ৰিয়াৰ জটিলতা আৰু বিলম্বতাই তেওঁক বিচলিত কৰিব পৰা নাছিল। তেওঁ প্ৰয়োজন হলে নিজ চিন্তা আৰু ক্ৰিয়া পদ্ধতি সংশোধন বা পৰিৱৰ্তন কৰিবলৈকো কুণ্ঠাবোধ কৰা নাছিল।

ফ্ৰয়েদে শিশুৰ শৈশৱ কালৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছিল এইবাবেই যে ব্যক্তিমনৰ অৱদমন আৰু মানসিক জটিলতাৰ এই সময়ছোৱাতে সূত্ৰপাত হয়। মানসিক ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত ব্যক্তিৰ বৰ্তমানৰ অৱস্থাতকৈও তেওঁৰ অতীত অভিজ্ঞতাৰ তাৎপৰ্যপূৰ্ণ ঘটনাৰ স্মৃতি প্ৰতিৰূপ অধ্যয়ন কৰাৰ ওপৰতহে তেওঁ অধিক গুৰুত্ব আৰোপ কৰিছিল। তথাকথিত অজ্ঞ আৰু সবল শিশু ফ্ৰয়েদৰ মতে সকলোবোৰ মানসিক জটিলতাৰেই অধিকাৰী। শৈশৱৰ যৌনতা সম্বন্ধীয় ধাৰণা আৰু তাৰ ফলত সৃষ্টি হোৱা মানসিক জটিলতাৰ দৃষ্টিভংগীয়ে সেই সময়ৰ গতানুগতিক চিন্তাধাৰাৰ ওপৰত কুঠাৰাঘাত কৰে। ইয়াৰ ফলত বৰ্তমান যৌন-সম্বন্ধীয় এক নতুন দৃষ্টিভংগীৰ সৃষ্টি হয়।

ফ্ৰয়েদৰ মনোবিশ্লেষণৰ তাত্ত্বিক আৰু ব্যৱহাৰিক দিশৰ উল্লেখযোগ্য বিশেষতা এয়ে যে তেওঁ মানুহৰ যৌনতাৰ দিশত অত্যধিক গুৰুত্ব আৰোপ কৰিছিল। ইয়াক মাধ্যম স্বৰূপে লৈ অচেতন মনৰ সমগ্ৰ প্ৰক্ৰিয়াৰ ব্যাখ্যা দাঙি ধৰিছিল। যৌনতা আৰু যৌন সম্বন্ধীয় বিষয়ৰ ক্ষেত্ৰত মতামত প্ৰকাশ কৰাৰ বেলিকা তেওঁ এক ৰোমাণ্টিক স্বাধীনতা গ্ৰহণ কৰিছিল। তেওঁ সাহসেৰে মত প্ৰকাশ কৰিছিল- “সৰ্বসাধাৰণ লোক যৌন সম্বন্ধীয় বিষয়ৰ ক্ষেত্ৰত মুকলি মনৰ নহয়। তেওঁলোকে নিজ যৌনতা মুকলিভাৱে প্ৰকাশ নকৰি আত্মগোপন কৰে। কিন্তু তাকেই কৰিবলৈ যাওঁতে মিছা কথাৰে ৰচিত বা নিৰ্মিত এটা গধুৰ ‘অ’ভাৰ কোট’ পৰিধান কৰে, যেন তাৰ দ্বাৰা যৌন জীৱনৰ অসুস্থ পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে”। (‘People are not candid over sex matters. They do not show their sexuality freely, but to conceal it, they wear heavy overcoat woven of a tissue of lies, as though the weather was bad in the world of sexuality’- Freud)।

যৌন সম্বন্ধে ফ্ৰয়েদৰ এনে প্ৰত্যাহ্বানমূলক মনোভাৱৰ বাবে ফ্ৰয়েদৰ সমালোচকসকলো তেওঁৰ প্ৰতি সিমানেই বিদ্ৰোপাত্মক আৰু কঠোৰ মনোভাৱৰ হোৱা দেখা যায়। এই সমালোচকসকলে মন্তব্য দিয়ে যে তেওঁ মানসিক ৰোগীৰ লগত দীৰ্ঘদিন চিকিৎসা কৰি ব্যক্তিগতভাৱে লাভ কৰা কেতবোৰ অভিজ্ঞতাৰ পৰা নিজস্বভাৱে অনুমান আৰু অন্তঃপ্ৰেক্ষণ কৰি কেতবোৰ মতামত প্ৰদান কৰিছিল। সেইবাবে এইসমূহ সৰ্বসাধাৰণ আৰু স্বাভাৱিক মানুহৰ বাবে সেইদৰে প্ৰযোজ্য হৈ উঠিব নোৱাৰে। ফ্ৰয়েদে মনোবিজ্ঞানত আত্ম-অনুমানৰ প্ৰয়োগ কৰি সেয়েহে ভুল কৰিছিল। ইয়াৰ ওপৰত ভিত্তি কৰি তেওঁ কেতবোৰ ধাৰণা গঢ় দি তুলিছিল যাৰ বিজ্ঞানসন্মত অথবা তেনে কোনো বাস্তৱ ভিত্তি নাছিল। মনোবিজ্ঞানৰ ধাৰণা সেয়েহে বাস্তৱ ক্ষেত্ৰত ভিত্তিহীন। ফ্ৰয়েদৰ ৪০ বছৰীয়া দীৰ্ঘদিনীয়া মানসিক চিকিৎসকৰ জীৱনত পোৱা অস্বাভাৱিক মনৰ লোকৰ অসুস্থ আচৰণৰ পৰা ইয়াক গঢ় দি তোলা হৈছে।

অৱশ্যে এনে কঠোৰ সমালোচনা স্বত্ত্বেও মনোবিশ্লেষণৰ ধাৰণাই এক নতুন আৰু সম্ভাৱনাপূৰ্ণ চিন্তাধাৰা স্বৰূপে স্বীকৃত আৰু পৰিগণিত হৈ উঠিছে। তেওঁৰ এই চিন্তাধাৰাই বৰ্তমান সমাজ-বিজ্ঞান আৰু শিক্ষা-মনোবিজ্ঞানত দৰ্শনীয় প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে।

আধুনিক শিক্ষাত মনোবিশ্লেষণৰ প্ৰভাৱঃ

আধুনিক শিক্ষাৰ নীতি আৰু পদ্ধতিত মনোবিশ্লেষণৰ চিন্তাধাৰাই এক ব্যাপক প্ৰভাৱ পেলাইছে। ছাত্ৰ-ছাত্ৰীসকলৰ অচেতন মনৰ অৱদমিত উপাদানসমূহে তেওঁলোকৰ সচেতন মনৰ শিক্ষা গ্ৰহণ ক্ৰিয়া আৰু এই সম্বন্ধীয় আচৰণ প্ৰভাৱিত আৰু পৰিচালিত কৰে। ইয়াৰ স্বৰূপ জানি উঠাটো শিক্ষকৰ বাবে অতি প্ৰয়োজন। ছাত্ৰৰ মন অধ্যয়নকাৰী শিক্ষকে তেওঁলোকৰ মন প্ৰয়োজন মতে বিশ্লেষণকাৰীৰ ভূমিকাও গ্ৰহণ কৰিব পাৰিব লাগে। এই প্ৰসংগত মনোবিশ্লেষণৰ নতুন চিন্তাধাৰাই প্ৰভাৱিত কৰি তোলা শিক্ষাৰ বিভিন্ন দিশৰ এটি চমু আলোচনা তলত দাঙি ধৰা হৈছে।

(১) স্বাধীনতাৰ নীতিঃ

আধুনিক শিক্ষাত এই কথা বহুলভাৱে অনুভৱ কৰি উঠা হৈছে যে শিশুক তাৰ সুস্থ বিকাশৰ বাবে দমন, পীড়ণ আৰু দৈহিক শাস্তি প্ৰদানৰ পথ পৰিহাৰ কৰি মুক্ত আত্ম-প্ৰকাশ আৰু আত্ম-উপলব্ধিৰ পথ গ্ৰহণ কৰিব লাগে। ইয়াৰ বাবে শিক্ষাত স্বাধীনতা আৰু শিশুৰ আত্ম-অনুশাসনৰ কাৰ্যকৰী ব্যৱস্থা সাধাৰণভাৱে গ্ৰহণ কৰি উঠা হৈছে। বৰ্তমানৰ সকলোবোৰ নতুন নতুন শিশু-শিক্ষা আঁচনিতে শিশু-স্বাধীনতা শিক্ষাদানৰ কাৰ্যকৰী ব্যৱস্থা স্বৰূপে তাৰ ব্যৱহাৰিক ৰূপদান কৰা হৈছে। পূৰ্বৰ শিক্ষাত থকা শিক্ষকৰ একনায়কত্ববাদী প্ৰভাৱ, প্ৰভুত্ব আৰু ব্যক্তিত্ব গুচাই তেওঁক এজন বন্ধু, দাৰ্শনিক আৰু ছাত্ৰসকলৰ পথ-প্ৰদৰ্শক স্বৰূপে গঢ় দি তোলা হৈছে। আধুনিক শিক্ষাত ছাত্ৰ, শিক্ষক আৰু শিক্ষা ব্যৱস্থাৰ প্ৰতি দৃষ্টিভংগীৰ এই গ্ৰহণযোগ্য পৰিৱৰ্তন ফ্ৰয়েদৰ মনোবিশ্লেষণৰ চিন্তাধাৰাৰ পৰিণতি বুলিব পাৰি।

(২) শৈশৱৰ অৱদমন মুক্ততাঃ

মনোবিশ্লেষণৰ কাৰ্যকৰী ব্যৱস্থাত ফ্ৰয়েদে এই কথা লক্ষ্য কৰি উঠে যে প্ৰাপ্তবয়স্ক লোকৰ মানসিক ৰোগৰ কাৰণ হৈছে শৈশৱৰ অসুস্থ অৱদমনৰ প্ৰভাৱ। সেইবাবে তেওঁ অসুস্থ ব্যক্তিৰ শৈশৱৰ সুদূৰ অতীতৰ স্মৃতি প্ৰতিৰূপ উদ্ধাৰৰ চেষ্টা কৰিছিল। এই অভিজ্ঞতাৰ হেতুকে তেওঁ শৈশৱ কালত শিশুৰ সংবেদনশীল কোমল মন সকলোবোৰ অসুস্থ আৰু দুখদায়ক প্ৰভাৱৰ পৰা মুক্ত কৰি ৰখাৰ ওপৰত বিশেষ গুৰুত্ব দিছিল। এই সময়ত কোনো ধৰণৰ অসুস্থ অভিজ্ঞতাৰ অৱদমনে শিশুৰ পৰৱৰ্তী কালৰ মানসিক জীৱন ক্ষতিগ্ৰস্ত আৰু ৰোগগ্ৰস্ত কৰি তোলে। এই কথাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি বৰ্তমান শৈশৱৰ চালুকীয়া আৰু আলফুলীয়া মন অতি সযত্নে অৱদমনমুক্তভাৱে তাৰ স্বাভাৱিক ৰূপত গঢ় দি তোলাৰ প্ৰতি শিক্ষাবিদসকলে বিশেষ দৃষ্টি প্ৰদান কৰিছে। শিশু মনৰ প্ৰয়োজন তাৰ স্বাভাৱিক ৰূপত যথাসম্ভৱ পূৰণৰ বাবে মুক্ত ক্ৰীড়াময় পৰিৱেশ শিশু-শিক্ষাৰ অনুষ্ঠানত সৃষ্টি কৰি তোলা হৈছে।

(৩) শৈশৱৰ যৌন-জীৱনৰ ধাৰণাঃ

শিশুৰ যৌন-জীৱন সম্বন্ধে মনোবিশ্লেষণৰ নতুন ধাৰণাই শিশু-শিক্ষাৰ দিশত এক নতুন পোহৰ আৰু দৃষ্টি দান কৰে। যৌন-বিষয়ক এক বহল পৰিসৰত বিবেচনা কৰাত ই শিক্ষক আৰু অভিভাৱকসকলক সহায় কৰে। এই সম্বন্ধে পূৰ্বৰ ধাৰণা সলনি কৰি তেওঁলোকে এক বিজ্ঞানসন্মত দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি শিশু-শিক্ষাৰ ব্যৱস্থা পুনৰ সংগঠনৰ প্ৰয়োজনীয়তাও অনুভৱ কৰি উঠা হৈছে। শিশুৰ এই যৌন অনুভূতিয়ে তাৰ মানসিকতাত কেনে প্ৰভাৱ পেলাব পাৰে আৰু ইয়াৰ অৱদমনে কেনে মানসিক জটিলতাৰ সৃষ্টি কৰিব পাৰে সেই সম্বন্ধে শিক্ষক-অভিভাৱকসকলে নিজেই প্ৰয়োজনীয় অনুমান কৰি উঠিব পাৰে। শিশুৰ যৌন জীৱন আৰু যৌন অভিজ্ঞতাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান শিশুৰ বাবে যৌন শিক্ষাৰ প্ৰয়োজনীয়তাও ক্ৰমে অনুভৱ কৰি উঠা হৈছে।

(৪) অচেতন অভিপ্ৰায়ঃ

ছাত্ৰ-ছাত্ৰীৰ মনৰ অচেতন অভিপ্ৰায়বোৰৰ প্ৰভাৱ শিক্ষা প্ৰসংগত বিশেষ বিবেচনাযোগ্য। ছাত্ৰ-ছাত্ৰীৰ মনৰ অৱদমিত অচেতন অভিপ্ৰায়বোৰে নানাবিধ সমাজবিৰোধী ক্ৰিয়া-কলাপৰ যোগেদি প্ৰকাশ লাভ কৰে। ছাত্ৰৰ চুৰ কৰা, ফাকি দিয়া, মিছা কথা কোৱা, অমনোযোগিতা, অবাধ্যতা, উচ্ছৃংখলতা, অপৰাধ-প্ৰৱণতা আদি অশুভ আচৰণবোৰৰ মূল কাৰণ হৈছে অচেতন মনৰ অসুস্থ প্ৰভাৱ। এনেবোৰ আচৰণৰ স্বৰূপ আৰু তাৰ সম্ভাৱ্য কাৰণসমূহৰ বিষয়ে শিক্ষকে জানিবলৈ চেষ্টা কৰা উচিত। উল্লেখযোগ্য যে শিক্ষানুষ্ঠানে ছাত্ৰ-ছাত্ৰীৰ দেহ-মানসিক প্ৰয়োজনবোৰ যথোচিতভাৱে পূৰণ কৰিব নোৱাৰিলে এনে অসুস্থ মনোভাৱৰ সৃষ্টি হ’ব পাৰে। স্কুলৰ অনাকৰ্ষণীয় শিক্ষা পৰিৱেশ, দোষযুক্ত পাঠদান পদ্ধতি, অনিৰ্ভৰযোগ্য পৰীক্ষা ব্যৱস্থা, দমনমূলক অনুশাসন ব্যৱস্থা আৰু ছাত্ৰ-শিক্ষকৰ মাজৰ বুজাপৰাৰ অভাৱ আদি অৱস্থাই ইয়াৰ বাবে জগৰীয়া কৰিব পাৰি। মনোবিশ্লেষণৰ অধ্যয়ন শিক্ষকৰ বাবে এই ক্ষেত্ৰত বিশেষ সহায়ক হৈ উঠিব পাৰে।

(৫) দৈনন্দিন ক্ৰিয়াৰ ভুল-ভ্ৰান্তিঃ

স্কুলীয়া জীৱনৰ বিভিন্ন শৈক্ষিক ক্ৰিয়া-কলাপত ছাত্ৰই প্ৰদৰ্শন কৰা কেতবোৰ সৰু-সুৰা ভুল-ভ্ৰান্তিৰ সম্ভাৱ্য কাৰণ শিক্ষকে জানি উঠাতো মনোবিশ্লেষণৰ অধ্যয়নে সহায় কৰিব পাৰে। এনেবোৰ ভুল-ভ্ৰান্তি দেখাত ব্যক্তিৰ বাবে অনিচ্ছাকৃত আৰু আকস্মিক বিধৰ যেন লাগিলেও ইয়াৰ এক গভীৰ মনোবৈজ্ঞানিক তাৎপৰ্য আছে। এই ভুল-ভ্ৰান্তিবোৰৰ ভিতৰত ভুলকৈ শব্দ উচ্চাৰণ কৰা, ভুলকৈ লিখা, হাতৰ আখৰ বেয়া আৰু বিশৃংখল হোৱা, বাক্-অক্ষমতা, পঠন-অক্ষমতা, সাজ-পোচাক পৰিধানৰ বিশৃংখলতা, ক্ৰিয়া-আচৰণত পৰিপাটিতাৰ অভাৱ, প্ৰয়োজনীয় কথা-কাম-বস্তু পাহৰা, বস্তু হেৰুওৱা আৰু বস্তু ভঙা, হাতত থকা বস্তু হাবাথুৰি খাই বিচাৰি ফুৰা, নখ কামোৰা, সঘনে চকু টিপিওৱা আদি বিভিন্ন ধৰণৰ দৈহিক আচৰণৰ মুদ্ৰাদোষ আদি ক্ৰিয়া আচৰণ উল্লেখ কৰিব পাৰি। ছাত্ৰৰ মনৰ এনেবোৰ অসাৱধান আৰু অসংলগ্ন ক্ৰিয়াৰ মনোবিশ্লেষণমূলক তাৎপৰ্য থাকে আৰু তাক জানি উঠিবলৈ চেষ্টা কৰাটো শিক্ষকৰ বাবে প্ৰয়োজন। ইয়াৰ যোগেদি তেওঁ ছাত্ৰৰ মানসিক ৰোগৰ সম্ভাৱ্য লক্ষণসমূহ জানি উঠি তাৰ প্ৰয়োজন মতে তেওঁলোকক সহায় আৰু শৈক্ষিক নিৰ্দেশনা তেওঁৰ ফালৰপৰা আগবঢ়াব পাৰে।

(৬) ছাত্ৰ-শিক্ষকৰ সম্বন্ধৰ জটিলতাঃ

ছাত্ৰ-শিক্ষকৰ মাজত সুস্থ-সুন্দৰ আৰু বুজাপৰাৰ আন্তৰিকতাপূৰ্ণ সম্বন্ধ গঢ়ি তোলাটো আধুনিক শিক্ষাত শিক্ষকৰ পৰা আশা কৰা হয়। কিন্তু এনে এটা আৱেগ-মধুৰ সম্বন্ধ গঢ় দি তেলাটো তেওঁৰ বাবে নিচেই সহজ কাম নহয়। এই প্ৰসংগত উল্লেখযোগ্য যে ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ ঘৰুৱা পৰিৱেশত যি পিতৃকাম আৰু মাতৃকাম ভাবৰ মানসিক জটিলতা গঢ় দি তোলে সি স্কুলৰ শিক্ষা-পৰিৱেশতো প্ৰযোজ্য হ’ব পাৰে। ছাত্ৰৰ দৃষ্টিত এজন শিক্ষক পিতৃ-মাতৃৰ সমতুল্য। এজন পুৰুষ শিক্ষকে বিশেষকৈ এই কথা মন কৰিব লাগে যে ঘৰুৱা পৰিৱেশত পিতৃৰ প্ৰতি থকা সন্তানৰ ঘৃণা আৰু অসুস্থ মানসিকতা স্কুলত তেওঁৰ প্ৰতিও নিক্ষেপিত হ’ব পাৰে। মনোবিশ্লেষণে আগবঢ়োৱা এনেবোৰ মূল্যৱান দৃষ্টিকোণৰ বিবেচনা নকৰাকৈ শিক্ষকে স্কুলত ছাত্ৰ-শিক্ষকৰ সম্বন্ধ উন্নত কৰি তোলাৰ আশা কৰিব নোৱাৰি।

(৭) খেলাৰ প্ৰাধান্যঃ

আধুনিক শিক্ষাত শিশুৰ খেলা-ধূলাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ প্ৰধান কাৰণ হৈছে খেলা শিশু-মনৰ ইড্ বা প্ৰবৃত্তিমূলক প্ৰৱণতাৰ সুখ-সন্ধান নীতিৰ ওপৰত প্ৰতিষ্ঠিত। খেলাৰ যোগেদি শিশুৱে নিজৰ জৈৱিক প্ৰৱণতা সমাজৰ গ্ৰহণযোগ্য পথেদি পূৰণ কৰিব পাৰে। খেলাই শিশুৰ অচেতন মনত সংঘটিত হোৱা অৱদমনৰ অসুস্থ আৰু অনিষ্টকাৰী প্ৰভাৱৰ পৰা ৰক্ষা কৰিব পাৰে। এই প্ৰসংগত মনোবিশ্লেষণকাৰীসকলে প্ৰদান কৰা কেলাৰ বিৰেচন তত্ত্ব (Cathartic Theory) বিশেষ মন কৰিবলগীয়া। বিৰেচন বা Catharsis হৈছে চিকিৎসা বিজ্ঞানৰ শব্দ আৰু ইয়াৰ অৰ্থ হৈছে Purging বা অবাঞ্ছনীয় বস্তু বাহিৰ কৰি দি পৰিষ্কাৰ বা পৰিশোধন কৰা কাৰ্য। মনোবিজ্ঞানত ইয়াৰ অৰ্থ হৈছে মনৰ আৱৰ্জনা গুচাই মন পৰিষ্কাৰ কৰা। মনোবিশ্লেষণৰ দৃষ্টিকোণৰ পৰা সেয়েহে কোৱা হয় যে খেলাই আমাৰ মনৰ অপূৰণ হৈ ৰোৱা আশা-আকাংক্ষা আৰু প্ৰবৃত্তিবোৰৰ অসুস্থ প্ৰভাৱৰ পৰা মনক ৰক্ষা কৰে। এনে বিজ্ঞানভিত্তিক তাৎপৰ্য আৰু প্ৰাধান্যৰ বাবেই খেলা বৰ্তমানৰ সকলোতকৈ জনপ্ৰিয় শিশ-শিক্ষাৰ মাধ্যম স্বৰূপে পৰিগণিত হৈ উঠিছে।

সৰ্বশেষত এই কথা ক’ব পাৰি যে আধুনিক শিক্ষাৰ নতুন চিন্তাধাৰা অধিক সমৃদ্ধিশালী কৰি তোলাত মনোবিশ্লেষণৰ অৱদান অনস্বীকাৰ্য। শিক্ষকে তেওঁৰ সাৰ্থক শিক্ষাদানৰ বাবে শিক্ষাৰ্থীৰ মন জানিব লাগে আৰু এই মনক ভালদৰে জানি উঠিবৰ বাবে মনোবিশ্লেষণ হৈছে তেওঁৰ বাবে নিশ্চিত পথ।

(উৎসঃ আধুনিক শিক্ষাত নতুন চিন্তাধাৰা, যতীন বৰুৱা)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate