মূল পৃষ্ঠা / শিক্ষা / শিক্ষাৰ উৎকৃষ্ট অনুশীলন / আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়

আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় , সেই বিষয়ে লিখা হৈছে ।

 

বিশ্ব ব্ৰহ্মাণ্ডত থকা জীৱৰ ভিতৰত মানুহ হৈছে শ্ৰেষ্ঠ জীৱ। মানুহ এই কাৰণে শ্ৰেষ্ঠতম জীৱ যে মানুহৰ বিচাৰ-বুদ্ধি, ভাল-বেয়া আদি গুণ আছে। ধৰ্ম, কৰ্ম, সহিষ্ণুতা, পৰোপকাৰী, নম্ৰতা, সাধুতা আদি গুণাৱলীৰে বিভূষিত হৈছে মানুহ। সেই কাৰণে মানুহে আচাৰ-ব্যৱহাৰ ভালদৰে কৰাটো নিতান্তই প্ৰয়োজন।

মানুহে জীৱন যাত্ৰাত শান্ত-শিষ্ট মনোভাবেৰে মৰম-চেনেহ আদিৰে অনেকক আপোন কৰি ল’ব লাগে। গতিকে প্ৰতিটো পদক্ষেপত সদা সতৰ্ক থাকি মানুহৰ প্ৰকৃত স্বৰূপ জানিবলৈ কৌশলগত, গুণগত পদ্ধতিৰ প্ৰয়োগ কৰিব লাগে।

মানুহৰ জীৱন যাত্ৰাত সকলোতকৈ প্ৰয়োজনীয় গুণ হ’ল সজ ব্যৱহাৰ।

সজ ব্যৱহাৰ সজ নীতি

ইয়াকে বোলে সদাচাৰ বৃত্তি।।

সজ ব্যৱহাৰ, নম্ৰতাই মানুহৰ ভূষণ বুলি কোৱা হয়। জীৱন যাত্ৰাত বিভিন্ন পৰিৱেশত বিভিন্ন প্ৰকাৰে ঠগ-প্ৰৱঞ্চনাৰ বলি হ’ব লগা হয় মানুহ। ইয়াৰ উপৰি বিভিন্ন ঠাইত বিভিন্ন ধৰণে ৰাগ-খং, মান-অভিমানৰ সৃষ্টি হয় মানুহৰ ব্যৱহাৰৰ ওপৰত। সেই কাৰণে আমাৰ উঠি অহা কণ কণ শিশুসকলক সৰুৰে পৰা সু-অভ্যাস, সজ আচৰণ, সজ কথা, সজ ব্যৱহাৰ, নম্ৰতা আদিৰ অভ্যাস শিকোৱা অতীব প্ৰয়োজন।

মানুহৰ ৰোগ হ’লে যিদৰে প্ৰতিষেধক ব্যৱস্থানো কি তাক জনাৰ আৱশ্যক, পুখুৰীত সাঁতুৰিবলৈ যিদৰে সাঁতোৰাৰ অভ্যাস লাগে, নিজক শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ সমৰ কলা জনাৰ অতীৱ আৱশ্যক। পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ পঢ়াৰ অভ্যাস কৰিব লাগিব। সেইদৰে জীৱনটো সুন্দৰ-সমাহিতভাৱে পৰিচালিত কৰিবলৈ সৰুৰে পৰা সজ ব্যৱহাৰ, অভ্যাস গঢ়ি তুলিব লাগিব। অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ। অভ্যাসৰ দ্বাৰা অৰ্জুনে পানীত চাই মাছৰ চকুত শৰ মাৰিবলৈ সমৰ্থ হৈছিল। সেইদৰে কৌশল আৰু পৰিৱেশৰ লগত মিলি নিজৰ ব্যৱহাৰ কৰাৰ বাবে শিশুসকলে চেষ্টা কৰা উচিত। সেইবাবে আমাৰ শিশুসকলক সজ ব্যৱহাৰ আৰু সজ নীতি শিকাবলৈ পিতৃ-মাতৃ, অভিভাৱক আৰু সমাজৰ যিদৰে দায়িত্ব থাকে, সেইদৰে শিশুৰ সংগৰ প্ৰতি নজৰ ৰাখিব লাগিব। কিয়নো সৎ সংগই সৎ পথত চলিবলৈ, সৎ কথা ক’বলৈ, সজ আচৰণ কৰিবলৈ শিকায়। সেই কাৰণে সৰুৰ পৰাই যাতে শিশু অমায়িক, নম্ৰ আৰু পিতৃ-মাতৃৰ কথা মানি চলিবলৈ শিকে, তাৰ প্ৰতি নজৰ দিব লাগে।

ৰামায়ণত এটা কথা পোৱা যায় যে পিতৃ আজ্ঞা পালিয়ে ৰামচন্দ্ৰই চৈধ্য বছৰ বনবাসলৈ গৈছিল। তেতিয়া ৰামচন্দ্ৰই কৈছিল যে পিতৃৰ আদেশ মতে মই ৰাজসিংহাসনৰ মায়া-মোহ এৰি বনবাসলৈ ওলালো। পিতৃ বা মাতৃয়ে যদি আদেশ কৰে, মই জুইত জাঁপ দিবলৈ সাজু অৰ্থাৎ পিতৃ-মাতৃৰ অনুশাসন, আদেশ আদি পালন কৰিলেহে শিশুসকলে ভৱিষ্যতে একোগৰাকী সৎ আৰু ভাল মানুহ হ’ব পাৰে। সেইকাৰণে সজ ব্যৱহাৰৰ দ্বাৰা, সজ আচৰণৰ দ্বাৰা মৰম-চেনেহৰ মাজত শিশুক সু-অনুভৱযুক্ত সুস্থ পৰিৱেশ গঠন কৰি মানসিকভাৱে প্ৰস্তুত কৰি, জীৱনৰ যাত্ৰাপথত আগুৱাই নিব লাগিবন।

মানুহৰ স্বভাৱ-চৰিত্ৰসমূহ বংশগত বা সামাজিক পৰিৱেশৰ ওপৰতে গঢ় লৈ উঠে। সেই কাৰণে সম্প্ৰতি প্ৰতিগৰাকী লোকে নিজৰ ল’ৰা-ছোৱালীবোৰ যাতে সৰুৰ পৰাই উচ্ছৃংখল, অনুশাসনহীন আৰু হিংসুক নহয় তাৰ প্ৰতি পিতৃ-মাতৃসকলে সজাগ প্ৰহৰীৰ দৰে সততে চকু ৰাখিব লাগিব। সেয়েহে শিশুসকলে সৰুৰ পৰা সজ ব্যৱহাৰৰ বাবে তলৰ কথাবোৰৰ প্ৰতি বিশেষ মনোযোগ দিব লাগিব।

*মানুহৰ প্ৰতি যাতে সদ্ভাৱ-সম্প্ৰীতি সৰুৰ পৰাই গঢ় লৈ উঠে।

*মানুহৰ লগত কথা কওঁতে নম্ৰভাৱে কথা-বতৰা হোৱাৰ অভ্যাস কৰিব।

*মানুহক লগ পালে নমস্কাৰ কৰি আপোনাৰ ভালনে বুলি নম্ৰতাৰে সুধিব লাগে।

*শিক্ষাগুৰুৰ প্ৰতি অতি নম্ৰ আৰু শ্ৰদ্ধাপূৰ্বক ব্যৱহাৰ কৰিবলৈ অভ্যাস গঢ়ি তোলা উচিত।

*মানুহৰ লগত কথা কওঁতে উচ্চস্বৰে কথা ক’ব নালাগে।

*কথা-বতৰা মাৰ্জিত হোৱা নিতান্তই প্ৰয়োজন।

*যেনে কাম তেনে ফল পায়। ভাল কামৰ ভাল ফল পোৱা যায়। সেই কাৰণে শিশুসকলে সৰুৰ পৰা ভাল কাম কৰাৰ প্ৰতি অভ্যাস কৰিব লাগে। অভ্যাসে মানুহৰ কাম উজু কৰি তোলে।

*শিশু সৰুৰ পৰা চাফ-চিকুণ আৰু সামাজিকভাৱে সুস্থিৰ হোৱা অতীৱ প্ৰয়োজন।

*শিশুসকল টিভি ছিৰিয়েলবোৰ চোৱাৰ ক্ষেত্ৰত বিশেষ সতৰ্ক হোৱা উচিত।

*সৰুৰে পৰা বাতৰি কাকত, শিশু আলোচনী, কুইজ, সাঁথৰ আদি পঢ়াৰ অভ্যাস কৰোৱা উচিত।

*অতিশয় সজ আৰু সাধু ব্যক্তিৰ সান্নিধ্যলৈ আহি তেওঁৰ পৰা সজ আচৰণবোৰ শিকাব আৰু অনুশীলন কৰাব লাগিব।

*শিশুসকলক সৰুৰে পৰাই জীৱ-জন্তু অৰ্থাৎ বন্যপ্ৰাণীক ভাল পাবলৈ শিকাব লাগে।

*মানুহৰ ভাল-বেয়া জনাৰ মূল উপায় হ’ল কথা কোৱাৰ কৌশল।

*কোনোৱে কিবা উপকাৰ সাধন কৰিলে তেওঁক কামৰ বাবে ধন্যবাদ জনোৱাটো নিতান্ত প্ৰয়োজন।

লেখক: ধনেশ্বৰ হুজুৰী(অসম বাণী)

2.9375
Dildar Hussain Oct 04, 2018 06:16 PM

মই বহুত খিনি কথা শিকিব পৰিলোঁ।তাৰ বাবে অশেষ doinnobad

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top