অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

টাইম মেনেজমেন্ট :

টাইম মেনেজমেন্টৰ বিষয়ে লিখা হৈছে ।

 

জীৱনৰ যাত্ৰাপথত সময় বা ‘টাইম’ৰ এটা বিশেষ গুৰুত্ব আছে। কোৱা হয়, ‘সময় অমূল্য ধন’। সময়ক সঠিকভাৱে ব্যৱহাৰ কৰিব জানিলে সময়ত আপুনি অধিক পৰিমাণে লাভান্বিত হ’ব।

সময়ক সঠিকভাৱে ব্যৱহাৰ কৰি নিজৰ দায়িত্ব সমাপন কৰিব পৰা প্ৰক্ৰিয়াই হ’ল টাইম মেনেজমেন্ট।

কিদৰে বাৰু টাইম মেনেজমেন্ট কৰিব পাৰি-

*সময়ানুৱৰ্তিতা বৰ্তাই ৰাখিবলৈ হ’লে নিজৰ কাৰ্যচক্ৰৰ এখনি ৰুটিন থকা উচিত আৰু সেই ৰুটিন থকা উচিত আৰু সেই ৰুটিন মতে প্ৰতিটো কাৰ্য কৰা উচিত।

*সময়ৰ কাম সদায় সময়ত কৰাৰ অভ্যাস গঢ়ি তোলা উচিত।

*এলাহ সময়ানুৱৰ্তিতাৰ শত্ৰু। সেয়ে জীৱনৰ কোনো ক্ষেত্ৰতে কেতিয়াও এলাহক প্ৰশ্ৰয় দিব নালাগে।

*প্ৰতিটো কাৰ্য কৰাৰ বাবে সময় বান্ধি ল’ব লাগে আৰু সময়ৰ ভিতৰত সেয়া সমাপ্ত কৰাৰ চেষ্টা কৰিব লাগে।

*সময়ানুৱৰ্তিতা বজাই ৰাখিবলৈ হ’লে কোনো কামৰ ক্ষেত্ৰতে গাফিলতি নকৰি দায়িত্বসহকাৰে প্ৰতিটো কাৰ্য কৰা উচিত। তেতিয়াহে সময়ৰ অদ্ব্যৱহাৰ হ’ব।

*সময় আছে বুলি সময়ৰ অপব্যয় কৰিব নালাগে, বৰং সময়ক সঠিকভাৱে পৰিচালনা কৰিব লাগে।

*সময়ক বান্ধি ৰাখিব পাৰি কৰ্মেৰেহে। সেয়ে কৰ্মেৰে নিজৰ জীৱনটো ভৰাই তুলিব লাগে।

*সময়ৰ সঠিক ব্যৱহাৰ কৰিবৰ বাবে ইতিবাচক চিন্তা অতি দৰকাৰ। এনে চিন্তাই সময়ক সঠিকভাৱে ব্যৱহাৰ কৰাত সহায় কৰে।

*সময়ে কি দিলে, কি নিদিলে তাৰ বিচাৰ নকৰি নিজৰ কামখিনি নিজে সুন্দৰভাৱে কৰি যোৱাৰ চেষ্টা কৰিব লাগে।

*কোৱা হয়- ‘কৰ্মতহে আমাৰ অধিকাৰ, ফলাফলত নহয়’। কামখিনি সুন্দৰভাৱে কৰিলে সময়ে আমাক তাৰ মূল্য দিবই।

লেখক: দিগন্ত বৈশ্য(অসম বাণী)

3.07692307692
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top