অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মনত ৰখাৰ কৌশল :

মনত ৰখাৰ কৌশল :

 

দূৰদৰ্শনৰ পৰ্দাত সঘনাই দেখা পোৱা বিজ্ঞাপনবোৰৰ ভিতৰত অন্যতম হ’ল ‘ব্ৰেনোলিয়া টনিক’ দৈনিক ব্ৰেনোলিয়া খাওক আৰু স্মৃতিশক্তি প্ৰখৰ কৰক। সৰুতে আমিও ভাবিছিলোঁ এই ধৰণৰ টনিক, ব্ৰাহ্মী শাকজাতীয় বস্তুবোৰে মানুহৰ স্মৃতিশক্তি বৃদ্ধি কৰে। কিন্তু সঁচাকৈয়ে ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনা নকৰি কেৱল এই টনিকসমূহৰ জৰিয়তে নিজৰ স্মৃতিশক্তি বৃদ্ধি কৰিব পাৰিবনে? সাধাৰণ ৰাইজৰ মাজত থকা এই ভ্ৰান্ত ধাৰণাবোৰ সলনি কৰাৰ হয়তো প্ৰয়োজন আহি পৰিছে।

স্মৃতিশক্তি(Memory) হ’ল কোনো এক তথ্য ধৰি ৰখা(Retain) আৰু প্ৰয়োজনৰ সময়ত তাক পুনঃস্মৰণ(Recall) কৰাৰ ক্ষমতা। মানুহৰ স্মৃতিশক্তিক প্ৰধানকৈ তিনি ভাগত ভগাব পাৰি- Sensory memory, Short term memory আৰু Long term memory। ইয়াৰে Sensory memory মাত্ৰ ১ ছেকেণ্ডৰ বাবে আৰু Short term memory ৩০ ছেকেণ্ডৰ বাবেহে থাকে। আনহাতে, Long term memory সমগ্ৰ জীৱনব্যাপী আমাৰ লগত থাকে। কোনো কথা মনত ৰাখিবৰ বাবে আমি প্ৰথমে মনোযোগ দি সেই উদ্দীপকবিধক সংকেতন ৰূপে নিজৰ মগজুত সংগ্ৰহ কৰোঁ আৰু প্ৰয়োজনৰ সময়ত তাক ব্যৱহাৰ কৰোঁ।

কৰ্মসূত্ৰে বহু লোকে আমাৰ ওচৰলৈ স্মৃতিশক্তিৰ লগত জড়িত অসুবিধাসমূহ লৈ আহে। ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি প্ৰাপ্তবয়স্কলৈকে সকলোৰে সমস্যা ভিন্ন যদিও ছাত্ৰ কালছোৱাত কিছু সাধাৰণ অসুবিধা দেখা যায়। যেনে- ‘পঢ়া-শুনাত মনোযোগ কমি গৈছে’, ‘পঢ়া মনত নাথাকে’, ‘আগেয়ে পঢ়াখিনি পৰীক্ষাৰ আগত পাহৰি যোৱা’ ইত্যাদি। পঢ়া বস্তু এটা মনত নথকাৰ বহুতো কাৰণ থাকিব পাৰে। কথা পাহৰি যোৱাৰ মূল কাৰণ হৈছে প্ৰয়োজনীয় তথ্যসমূহ ভালদৰে মগজুত পঞ্জীয়নবদ্ধ(Register) নকৰা। ই দুই ধৰণে সম্ভৱ হ’ব পাৰে। প্ৰথম, যদিহে ছাত্ৰ-ছাত্ৰীসকলে মূল বিষয়বস্তুটো নুবুজি কেৱল মুখস্থৰ ওপৰত গুৰুত্ব দিয়ে আৰু দ্বিতীয়তে, যদি তেওঁলোকে পঢ়া বস্তুখিনি সময়ে সময়ে পুন: অনুশীলন নকৰে। ইয়াৰ উপৰি মানসিক চাপ, ভয়, উদ্বিগ্নতাৰ ফলতো প্ৰয়োজনৰ সময়ত বহু ছাত্ৰ-ছাত্ৰীয়ে জনা বস্তুখিনিও পাহৰি যায়। বহু ক্ষেত্ৰত এনেকুৱা হয় যে তেওঁলোকে কোনো প্ৰশ্নৰ উত্তৰ মনত থাকিলেও কেৱল শংকা, উদ্বিগ্নতাৰ ফলতেই কথাবোৰ মনত পেলাব নোৱাৰে।

ছাত্ৰ-ছাত্ৰীসকলৰ স্মৃতিশক্তি আৰু অধিক উন্নত কৰাৰ বাবে তলৰ কিটিপসমূহ আগবঢ়োৱা হ’ল -

*কোনো এটা প্ৰশ্নৰ উত্তৰ পঢ়ি তাক আখৰে আখৰে মুখস্থ কৰাৰ পৰিৱৰ্তে উত্তৰটোৰ সাৰমৰ্মখিনি নিজৰ ভাষাত বুজিবলৈ চেষ্টা কৰিব লাগে।

*লিখি লিখি পঢ়াৰ অভ্যাসে পঢ়া বস্তুখিনিক দীঘলীয়া সময়ৰ বাবে ধৰি ৰখাত সহায় কৰে।

*পঢ়াখিনিক বুজিবৰ বাবে মনৰ মাজত এক ছবিৰ(Mental image) লগত তুলনা কৰিব লাগে।

*একোটা অধ্যায় সমাপ্ত হোৱাৰ পিছত সেইখিনি সদায় আলোচনা আৰু প্ৰশ্ন উত্তৰৰ মাজেৰে অনুশীলন কৰিলে লাভৱান হ’ব পাৰি।

*অংক, বিজ্ঞানৰ সূত্ৰসমূহ সদায় দেখি থকাকৈ নিজৰ পঢ়া টেবুলৰ সন্মুখত আঠা লগাই ৰাখিব পাৰি।

*পঢ়াৰ তথ্যসমূহক কোনো এটা বেলেগ বস্তুৰ লগত ছন্দোবদ্ধ কৰিও সুফল পাব পাৰি।

*গুৰুত্বপূৰ্ণ তথ্যসমূহৰ প্ৰতিটো শব্দৰ প্ৰথম বৰ্ণটো লৈ এটা নতুন শব্দৰ আৱিষ্কাৰ কৰা বা চমুকৈ এক্ৰ’নিমৰ(Acronyms) সহায়তো ছাত্ৰ-ছাত্ৰীসকলে পঢ়া ক্মনত ৰাখিব পাৰে। যেনে- Proton, Electron, Neutron পৰমাণুৰ অংশবোৰৰ নাম- সহজতে PEN বুলি মনত ৰাখিব পাৰে।

*পঢ়াখিনিক সৰু সৰু ভাগত বিভক্ত কৰিও(ইংৰাজীত chunking) সহজ কৰি তুলিব পাৰে।

ওপৰত উল্লেখ কৰা এই কিটিপসমূহ কিন্তু তেতিয়াহে কামত আহিব, যদিহে ছাত্ৰ-ছাত্ৰীসকলে মনোযোগেৰে পঢ়া-শুনা কৰে, মানসিকভাৱে পঢ়াৰ বাবে নিজকে প্ৰস্তুত কৰি তোলে, পঢ়াৰ সময়ত বাহিৰা চিন্তাৰ পৰা নিজকে আঁতৰাই ৰাখে, পঢ়াৰ বাবে এক নিৰ্দিষ্ট ৰুটিন মানি চলে, প্ৰত্যেকটো বিষয় যাতে অলপ সময়ৰ বাবে হ’লেও দৈনিক অধ্যয়ন কৰে, সময়ে সময়ে আগেয়ে পঢ়াখিনিৰ অনুশীলন কৰে, পঢ়াখিনিক ভালদৰে সংগঠিত কৰিবলৈ শিকে আৰু অতিমাত্ৰা মানসিক চাপৰ পৰা নিজকে আঁতৰাই ৰাখে।

লেখিকা: গায়ত্ৰী বৰা(নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 12/31/2021



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate