অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিষ্টাচাৰ

শিষ্টাচাৰ বুলিলে আমি এগৰাকী ব্যক্তিৰ আচাৰ-ব্যৱহাৰ, সজ আচৰণ, নম্ৰতা আদিকে বুজো।

 

শিষ্টাচাৰ বুলিলে আমি এগৰাকী ব্যক্তিৰ আচাৰ-ব্যৱহাৰ, সজ আচৰণ, নম্ৰতা আদিকে বুজো। সজ আচৰণ বা সুব্যৱহাৰ এগৰাকী ব্যক্তিৰ পৰিচায়ক তথা তেওঁৰ ব্যক্তিত্ব ফুটি উঠাত যথেষ্ট সহায় কৰে। মানৱ জীৱনৰ আন গুণসমূহৰ দৰে ব্যৱহাৰ এনে এক মহৎ গুণ যাৰ বহিঃ প্রকাশ সকলো লোকৰে প্ৰতিটো পদতে দেখা পোৱা যায়, ভদ্ৰ ব্যৱহাৰ আৰু সুন্দৰকৈ কথা-বার্তা কোৱা লোক এগৰাকী সদায় সকলোৰে প্রিয়পাত্র হোৱাৰ উপৰি সমাজৰ সকলো ব্যক্তিৰ সৈতে সুসম্পর্ক এটা বজাই ৰাখিবলৈ সক্ষম হয়। সঁচা কথা ক’বলৈ গ’লে আমি সকলোৱে আনৰ লগত সদায় ভাল ব্যৱহাৰ কৰা দৰকাৰ, তেহে আমিও আনৰ পৰা তেনে ব্যৱহাৰেই আশা কৰিব পাৰিম। কিন্তু আজিৰ যান্ত্রিকতাভৰা আধুনিক সমাজ ব্যৱস্থাত মানুহৰ মাজত যিদৰে আন্তৰিকতা কমি গৈছে, ঠিক সেইদৰে কিছুসংখ্যক লোকৰ কথা-বতৰা, আচৰণ আদিটো ইয়াৰ প্ৰভাৱ পৰা যেন অনুভৱ হয়। বয়সস্থ ব্যক্তি, গুৰুজন, পিতৃ-মাতৃক সন্মান জনোৱা, সকলো শ্রেণীৰ লোকক সমব্যৱহাৰ কৰা, শ্ৰদ্ধাৰে ডাঙৰক সম্বোধন কৰা পৰম্পৰাও বহু পৰিৱর্তিত হোৱা দেখিবলৈ পোৱা যায়। বিশেষকৈ আজিৰ নৱপ্ৰজন্মৰ কথা-বার্তা, চাল-চলন, আচৰণ, উচ্ছৃংখলতা আদি চকুত পৰিলে সঁচাকৈ আচৰিত হওঁ। ৰাস্তাই-ঘাটে গাড়ীয়ে-মটৰে বহু অভিজাত শ্ৰেণীৰ শিক্ষিত যুৱকে অশ্লীল শব্দ ব্যৱহাৰ কৰি কথা কোৱা, স্থান-কাল পাত্ৰ সকলো পাহৰি ম’বাইলত বেয়া শব্দ প্রয়োগেৰে চিঞৰি চিঞৰি কথা পতা দেখি দুখিত হোৱাৰ লগতে লাজো পাওঁ। ডাঙৰক সন্মান জনোৱাটো দূৰৈৰ কথা আজিৰ সন্তানে নিজ পিতৃ-মাতৃকে বুঢ়া-বুঢ়ী বুলি সম্বোধন কৰিবলৈ বেয়া নাপায়।

সি যি কি নহওক, আন এটা লক্ষ্যণীয় বিষয় হৈছে কিছুমান শব্দ প্রয়োগ, উদাহৰণস্বৰূপে আজিৰ উঠি অহা চামৰ মাজত সচৰাচৰ প্ৰায়ে শুনা যায় কোনোবা এজনৰ বিষয়ে ক’বলৈ হ’লে "সি এটা মস্ত কামোৰ', 'কামুৰি নাথাকিবি’ আৰু এনে ধৰণৰ নানা অদ্ভুত শব্দ প্রয়োগেৰে অসমীয়া ভাষাক যে এটা বিকৃত ভাষালৈ ৰূপান্তৰিত কৰিছে সেই বিষয়ে জ্ঞান নাই, আনহাতে কিছুসংখ্যক যুৱক-যুৱতীয়ে নিজকে আধুনিকতাৰ পৰিচয় দিবলৈ গৈ নিজৰ মাতৃভাষা ক’বলৈও বেয়া পায়, সম্বোধনৰ ক্ষেত্ৰতো বয়সস্থজনক উদ্দেশ্যি কেনেধৰণৰ কথা বা সন্মান জনাব লাগে পাহৰি গৈছে। কিন্তু চাবলৈ গ’লে এই নতুন প্রজন্মই হৈছে এটা জাতি তথা এখন দেশৰ ভৱিষ্যতৰ ধৰণী। জাতিটোৰ ভাষা-সাহিত্য সংস্কৃতি ধৰি ৰখাত দায়িত্বও ভৱিষ্যতে এওঁলোকৰ ওপৰতে নিৰ্ভৰ কৰে। গতিকে আজিৰ যুৱ প্রজন্মই কৰা আচৰণ, ব্যৱহাৰ, কথা-বতৰাৰ বাবে অকল তেওঁলোকক দুষিলেই নহ’ব, ইয়াৰ বাবে আমিও সচেতন হৈ তেওঁলোকক অসমীয়া ভাষা, শব্দ সম্ভাৰ ক’ত কিদৰে ব্যৱহৃত হয় সেই বিষয়ে শিকোৱাৰ দায়িত্ব আমাৰ অভিভাৱকসকলৰে। সেই বাবে পিতৃ-মাতৃ আৰম অভিভাৱকসকল সজাগ হোৱা উচিত, কিয়নো মানুহৰ আচল পঢ়াশালি হৈছে নিজৰ ঘৰখন, কিন্তু অৱস্থাৰ পৰা অর্থাৎ শিশুটো বুজন হোৱাৰ পাছতে ডাঙৰক মান-সন্মান কৰিবলৈ, সকলো শ্রেণীৰ লোকৰ সৈতে সমব্যৱহাৰ, সম্বোধনৰ ক্ষেত্ৰত সম্যক জ্ঞান, সমনীয়াৰ লগত হোৱা কথা-বার্তা, চালচলন আদি সময়ত শিকোৱা অতি প্রয়োজন। তদুপৰি পৰিয়াল, ওচৰ-চুবুৰীয়া আৰু আলহী-অতিথিক চা-চিনাকি হওতে শ্রদ্ধাসহকাৰে বয়োজ্যেষ্ঠ জনক নমস্কাৰ জনোৱা সংস্কাৰ সৰুৰে পৰা শিকালে শিশুৰ কোমল মনত থাকি যায় আৰু ভৱিষ্যতলৈও এই শিকনি কামত আহে। আচলতে ঘৰখনত পোৱা সুশিক্ষা, সংস্কাৰ সদায় শিশুৰ আচৰণ, ব্যৱহাৰ আদিত প্রতিফলিত হয়।

কিন্তু সাম্প্রতিক সমাজত কিছুসংখ্যক অভিভাৱকে অধিক ব্যস্ততাৰ বাবে নিজৰ সন্তানে কি কৰিছে বা কেনে সংগৰ লগত কি পৰিৱেশত আগ বাঢ়ি গৈছে সেই ফালে উদাসীন মনোভাব দেখুওৱাৰ কাৰণে যুৱ সমাজৰ এই উচ্ছৃংখলতা বহু বৃদ্ধি পাইছে। সেই কাৰণে নিজৰ সন্তানৰ মংগলৰ অর্থে শৈশৱতে শিষ্টাচাৰ আৰু নিজা মাতৃভাষা শুদ্ধকৈ ক’বলৈ শিকোৱাৰ বাদেও ক্রমে শিশুটো ডাঙৰ হৈ অহাৰ লগে লগে চাল-চলন, কথা-বতৰাত চকু দিয়া উচিত, নহ’লে সন্তানৰ ব্যৱহাৰৰ বাবে নিজেই যে এদিন সমাজত লাজত পৰিব লগা হ’ব তাত কোনো সন্দেহ নাই।

লেখিকা: দীপাঞ্জলি ভট্টাচাৰ্য, অসম বাণী।

 

3.08695652174
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top