অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সু-অভ্যাসে আত্মীয়তা বঢ়ায় :

 

সম্বন্ধ সুমধুৰ হ’লে যিদৰে ব্যক্তিৰ ব্যক্তিত্ব- উজলি উঠে, ঠিক একেদৰে সম্বন্ধৰ মাজলৈ তিক্ততা আহিলে জীৱনৰ সন্তুলন হেৰাই যায় । ইয়াৰ ফলত ব্যক্তি শাৰীৰিকভাৱে আহত হোৱাৰ উপৰি বহু সময়ত মানসিকভাৱেও ভাৰসাম্যহীন হৈ পৰে । এনে স্থিতি আহি পৰিলে গভীৰ হতাশাই ছানি ধৰে । বহু সময়ত বদ অভ্যাসো ইয়াৰ বাবে জগৰীয়া হয় । গতিকে সম্বন্ধৰ সুস্থিৰতা অটুট ৰাখিবলৈ সু-অভ্যাসক আদৰণি জনোৱাৰ প্ৰয়োজন ।

পৰস্পৰে পৰস্পৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰক -

১) আপুনি যদি প্ৰকৃততে সুখ-আত্মীয়তা কামনা কৰিছে, তেন্তে এজন আনজনক এনে অনুভৱ কৰাওক যে তেওঁ আপোনাৰ সমানেই মহত্ত্বপূৰ্ণ । এনেস্থলত যিকোনো জৰুৰী সিদ্ধান্ত লোৱাৰ সময়ত তেওঁৰো মতামত অৱশ্যেই ল’ব ।

২) যদি আপুনি নিকট সান্নিধ্য থকাজনৰ সৈতে এনে ব্যৱহাৰ কৰে যে তেওঁৰ পৰামৰ্শৰ একো মূল্যই নাই অথবা সদায় শেষ সিদ্ধান্ত আপোনাৰে হোৱাটো বিচাৰে, তেন্তে নিশ্চিতভাৱে তেওঁ আপোনাৰ সান্নিধ্য ভাল নাপাব । সেয়ে অহংভাৱ ত্যাগ কৰক ।

৩) এজনে আনজনৰ বিচাৰ-বিবেচনাক গম্ভীৰভাৱে গ্ৰহণ কৰক ।

৪) পৰস্পৰে পৰস্পৰৰ কথা শুনাৰ বাবে কিছু সময় উলিয়াওক ।এনে কৰিলে তেওঁৰ ভাৱ হ’ব যে আপুনি তেওঁক গুৰুত্ব দিয়ে ।

৫) সন্মুখৰজনে আপোনাক উদ্দেশ্যি যিখিনি কয়, সেইখিনিৰ প্ৰতি সন্মান জনাব ।

৬) কথা-বতৰা হৈ থকাৰ সময়ত আপুনি অন্য চিন্তাত বিভোৰ হৈ নাথাকিব আৰু ম’বাইল ফোনটোও দূৰৈত ৰাখিব ।

৭) কেতিয়াবা একোটা উত্তেজনাপূৰ্ণ দিন পাৰ কৰাৰ পিছত আপোনাৰ বন্ধু বা আত্মীয়জনে মনৰ কথা পাতিবলৈ এগৰাকী ব্যক্তিৰ প্ৰয়োজনবোধ কৰে । এই কথা আপুনি মনত ৰাখিব ।

৮) যদি কথোপকথনৰ সময়ত এজনে হয় বুলিলে আপুনিও হয় বুলিয়ে কৈ থাকে আৰু কোনো মতামত প্ৰকাশ নকৰে, তেনেহ’লে জানিব-এয়া সু-অভ্যাস নহয় ।

৯) প্ৰত্যেকটো কথাতে দুয়োজনৰে নিৰ্ণয় একেটাই হোৱা উচিত । পিছে এজনেই হুকুম চলাই থাকিলে সম্বন্ধটোৰ দূৰত্ব বাঢ়িহে যায় ।

১০) সকলো কথাতে তৰ্ক-বিতৰ্ক কৰাটোও ঠিক নহয় ।কেৱল আপোনাৰ কথাকে শুনি ৰওক, সন্মুখৰজনৰ বক্তব্যক অকণো মূল্যই দিয়া নহওক এনে অভ্যাসো এৰাই চলক । প্ৰশ্ংসা কৰক । ই এনে এক কলা, যিয়ে সম্বন্ধ একোটাৰ মাজত প্ৰেম-আত্মীয়তাৰ ভাৱ বঢ়াই তোলে ।

১১)নিৰসতাক সমূলি বিসৰ্জন দিয়ক । এই ধৰণৰ সু-অভ্যাসে সময়বোৰ উপভোগ্য কৰি তোলে আৰু যিকোনো সম্বন্ধই সুগভীৰ হয় ।

লেখিকা :- ৰীণা দেৱী

উৎস :- নন্দিনী

 

 

শেহতীয়া উন্নীতকৰণ: : 3/24/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate