যিকোনো বিষয়ৰ পৰীক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুত হোৱাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। আজিকালি বেছিভাগ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নকাকতেই মাল্টিপল ধৰণৰ প্ৰশ্ন, য’ত ভুল উত্তৰৰ বাবে ‘নিগেটিভ মাৰ্কিং’ থাকে সেয়ে পৰীক্ষাৰ্থীসকলে আগতীয়াকৈ ইয়াৰ বাবে সতৰ্ক হোৱা উচিত। স্কুল বা কলেজৰ পৰীক্ষাত ছাত্ৰ-ছাত্ৰীসকলক পাছ কৰিবলৈ বা ভাল নম্বৰ পাবলৈ প্ৰস্তুত কৰোৱা হয়, কিন্তু প্ৰতিযোগিতামূলক পৰীক্ষা ইয়াৰ পৰা বহু পৃথক। কাৰণ ইয়াত আটাইতকৈ, উৎকৃষ্টজনকহে বাছি উলিওৱা হয়। বিভিন্ন বাছনি পৰীক্ষা যেনে- মেডিকেল, ইঞ্জিনীয়াৰিং, এম বি এ, চি এ, চি এছ, বেংক আদিৰ কাৰণে সময় অনুসৰি পৰিকল্পিতভাৱে প্ৰস্তুত হ’ব লাগে আৰু সেই পৰিকল্পনা অনুযায়ী সময়মতে অধ্যয়ন কৰিব লাগে। প্ৰত্যেক দেশতে বিভিন্ন পাঠ্যক্ৰমৰ বাবে এক মান বজাই ৰাখি বাছনি পৰীক্ষা অনুষ্ঠিত হয়, লক্ষাধিক ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হয়, কিন্তু আটাইতকৈ উৎকৃষ্টকেইজনহে সফল হয়। এই সফলতাৰ কাৰণে পৰিশ্ৰম কৰিব লাগিব আৰু সেই পৰিশ্ৰম হ’ব লাগিব পৰিকল্পিতভাৱে বুদ্ধিমত্তাৰে কৰা পৰিশ্ৰম। প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ছাত্ৰ-ছাত্ৰীসকলৰ যথেষ্ট কৰিবলগীয়া থাকে। তাৰে কেইটামান আগবঢ়োৱা হ’ল।
পৰীক্ষাৰ বাবে অধ্যয়নৰ উপৰি আন কিছুমান চাবলগীয়া দিশ থাকে। পৰীক্ষাৰ বাবে প্ৰস্তুত কৰাৰ পূৰ্বে এই পৰীক্ষাৰ বাবে আৱশ্যকীয় অৰ্হতাৰ বিষয়ে জানিব লাগে। যেনে- আবেদনৰ শেষ তাৰিখ, শিক্ষাগত অৰ্হতা, কিমান আসন আছে, শতকৰা কিমান নম্বৰ পাব লাগিব, পূৰ্বৰ কাট অফ মাৰ্ক, বয়সৰ সীমা।
প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সঠিক নিৰ্দেশনাৰ খুবেই প্ৰয়োজন। এইটো জৰুৰী নহয় যে কোনো এটা ক’চিং চেন্টাৰত নামভৰ্তি কৰিলেই ফলাফল ভাল হ’ব। এনে বহু ছাত্ৰ-ছাত্ৰী আছে, যি ক’চিং চেন্টাৰত নামভৰ্তি কৰিও সফল নহয়। কিন্তু এনে প্ৰতিষ্ঠানৰ জৰিয়তে উপযুক্ত শিক্ষা সঁজুলি, বিশেষজ্ঞৰ গাইডেন্স, সঠিক পৰামৰ্শ আদি পাব পাৰুই। সেয়ে সঠিক শিক্ষা প্ৰতিষ্ঠান অতি জৰুৰী।
প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাথমিক কথাটো হৈছে ইয়াত প্ৰশ্নকাকত এখন যিমান পাৰি সিমান কম সময়ত বা নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত উত্তৰ কৰিব পৰাটো। কম সময়ৰ ভিতৰত উত্তৰ দিবৰ কাৰণে বিষয়সমূহ খৰচি মাৰি পঢ়া আৰু বিশেষকৈ গণিত আদিৰ বিভিন্ন অংশৰ সৰু সৰু কথাবোৰ খুটি-নাটি মাৰি জনাটো দৰকাৰ।
এক নিৰ্দিষ্ট লক্ষ্য পূৰণ কৰিবলৈ তেওঁ নিজৰ যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব। নিজৰ দক্ষতাৰ ভিত্তিত সেই লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব। আগতীয়াকৈ লক্ষ্য নিৰ্ধাৰণ কৰি সময়ৰ সঠিক ইব্যৱহাৰ কৰাটো ছাত্ৰ-ছাত্ৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ। শুদ্ধ আৰু কৌশলগতভাৱে কৰা কামে ছাত্ৰ-ছাত্ৰীক সদায় লক্ষ্যৰ কাষ চপাত সহায় কৰে।
এটা সাধাৰণ প্ৰশ্ন হৈছে যে স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ স্কুলৰ পঢ়া আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে পঢ়াৰ মাজত কেনেদৰে ভাৰসাম্য বজাই ৰাখিব। ইছাত্ৰ-ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষা আৰু স্কুলৰ পাঠ্যক্ৰম একত্ৰিত কৰি সামঞ্জস্যখিনি বিচাৰিবলৈ চেষ্টা কৰাটো দৰকাৰ। পাঠ্যক্ৰমৰ সকলোখিনি সুন্দৰকৈ বুজি উঠাৰ লগতে অংক আদি বিষয়সমূহ বাৰে বাৰে অনুশীলন কৰাটো দৰকাৰ। বিদ্যালয়ত সময়ে সময়ে হোৱা পৰীক্ষাবোৰেও এইক্ষেত্ৰত যথেষ্ট সহায় কৰে। কোনো এটা পৰীক্ষাৰ বাবে সকলোখিনি খৰচি মাৰি অধ্যয়ন কৰা সম্ভৱ নহ’লেও পাঠ্যক্ৰমত থকাখিনি বুজাৰ চেষ্টা কৰিব লাগে। আজৰি সময়খিনি সদ্ব্যৱহাৰ কৰি অধ্যয়ন কৰাৰ লগতে পূৰ্বৰ পৰীক্ষাৰ প্ৰশ্নকাকতসমূহ সমাধান কৰিব লাগে। স্কুলৰ পৰীক্ষাই হওক পূৰ্বৰ পৰীক্ষাৰ প্ৰশ্নকাকত সমাধান কৰি চোৱাটো খুবেই গুৰুত্বপূৰ্ণ।
প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কিমান সময় পঢ়িব লাগিব বুলি ক’লে ক’ব লাগিব যে ই এক আচৰিত ধৰণৰ প্ৰশ্ন। অতিকমেও ৫/৬ ঘন্টা দিনে পঢ়াটো জৰুৰী যদিও ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পাঠ্যক্ৰম অনুযায়ী পঢ়াৰ সময় বেলেগ বেলেগ। এইটো সঁচা যে নিয়মিত অধ্যয়ন কৰিলে সুফল পোৱা যায়, কিন্তু ছাত্ৰ-ছাত্ৰী এজনৰ সামগ্ৰিক বিকাশৰ বাবে খেল, মনোৰঞ্জন আদিৰো প্ৰয়োজন আছে।
পৰীক্ষাৰ এসপ্তাহৰ আগৰ পৰা যোৱা দুবছৰে অধ্যয়ন কৰা সকলোখিনি আওৰাই চাওক। পৰীক্ষা হলত ঠাণ্ডা মগজুৰে সুন্দৰভাৱে ধীৰে-সুস্থিৰে প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰি যাওক। পৰীক্ষালৈ যোৱাৰ আগতে সকলো বস্তু যেনে- এডমিট কাৰ্ড, কাগজ, কলম আদি লগত আছেনে নাই আকৌ এবাৰ চাবলৈ নাপাহৰিব। আপুনি যদি যোৱা দুবছৰে আপোনাৰ সৰ্বোৎকৃষ্টখিনি দিছে তেনেহ’লে চিন্তাৰ কোনো কাৰণ নাই। গতিকে আগবাঢ়ি যাওক আৰু নিজৰ সৰ্বোৎকৃষ্টখিনি উজাৰি দিয়ক।
সময়ৰ সঠিক ব্যৱহাৰেই সফলতাৰ মূল চাবি-কাঠী। যদিও সকলোৰে বাবে সময় ২৪ ঘন্টাই থাকে তথাপি যিজনে শুদ্ধ আৰু পৰিকল্পিতভাৱে এই সময় ব্যৱহাৰ কৰে তেৱেঁই সফল হয়। সকলো বিষয়ত সমানে সময় ব্যৱহাৰ কৰে তেৱেঁই সফল হয়। সকলো বিষয়ত সমানে সময় দিব লাগে যদিও দুৰ্বল বিষয়সমূহত অধিক সময় দিয়াৰ প্ৰয়োজন।
প্ৰস্তুতিকালত অৱতীৰ্ণ হোৱা পৰীক্ষাসমূহে এজন প্ৰাৰ্থীক যথেষ্ট সহায় কৰে প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হোৱাত। এনেধৰণৰ পৰীক্ষাৰ জৰিয়তে পৰীক্ষাৰ্থীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নকাকতৰ এক আভাস দিয়া হয়। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নকাকত এখন কৰি উলিওৱাটো কঠিন নহয় যদিও ইয়াক নিৰ্ধাৰিত সময়ৰ ভিতৰত শুদ্ধকৈ কৰাটো যথেষ্ট টান। সেয়ে প্ৰস্তুতিকালীন পৰীক্ষাবোৰ এনেধৰণৰ প্ৰশ্নকাকত এখন নিৰ্ধাৰিত সময়ত কৰি উলিয়াব পৰা হোৱাত সহায়ক হয়।
উৎস-ৰাইজৰ বাতৰি