অৱসৰ বিনোদন আৰু ৰং-ৰহইচৰ বাবে অসমৰ মানুহে ইতিহাসে ঢুকি নোপোৱা কালৰেপৰা বিভিন্ন খেল-ধেমালি কৰি আহিছে। অসমত নিগাজীকৈ বসবাস কৰা বিভিন্ন জাতি-জনজাতিৰ মাজত ভিন্ন নামৰ ভালেসংখ্যক খেল-ধেমালি প্ৰচলিত। আৱহমান কালৰেপৰা প্ৰচলিত হৈ অহা কিছু সংখ্যক খেলে মধ্যযুগত ৰাজ-পৃষ্ঠপোষকতা লাভ কৰিবলৈ সমৰ্থ হয়। প্ৰাক্ শংকৰী যুগৰ কবি মাধৱ কন্দলীৰ ৰামায়ণত (লংকাকাণ্ড) হনুমানৰ মুখেদি ৰাক্ষসবোৰৰ মাজত প্ৰচলিত থকা বুলি যিবোৰ খেলৰ লেখ দিছে, সেইবোৰ খেল চতুৰ্দশ শতাব্দীৰ বৰ অসমত চল্তি থকা বুলি অনুমান কৰিব পাৰি। কন্দলীৰ ৰামায়ণত আকুটি-ভ্ৰূকুটি, খেড়ি, গোৱাল-গোৱালনী, ঘিলা, জুৱা, ঝুণ্টি, টোকৰা, টোপখেড়ি, দলি যুঁজ, পাশা, ফল-ফুল খেল, ভণ্টা, মালযুদ্ধ, লৰমৰা, লুনি আৰু হাতা-হাতি খেলৰ নাম উল্লিখিত হৈছে। তলত পুৰণি অসমত প্ৰচলিত কিছু সংখ্যক খেল ধেমালিৰ নাম উল্লেখ কৰা হ’ল –
ইয়াৰে কিছু সংখ্যক খেল থলুৱা আৰু কিছু সংখ্যক উত্তৰ ভাৰতীয় বুলিব পাৰি।
লিখক: ড০ নাৰায়ণ দাস, অসমীয়া সংস্কৃতিৰ কণিকা।
শেহতীয়া উন্নীতকৰণ: : 3/11/2020
“ৰং” বিজ্ঞান-২
‘এন পি এছ’ ৰ আঁচনিৰে অৱসৰৰ পৰিকল্পনা কৰিবলৈ যাওঁতে
“ৰং” বিজ্ঞান (প্ৰথম খণ্ড)
“ৰং” বিজ্ঞান-৩