পেৰালিম্পিকৰ আভিধানিক অৰ্থ হৈছে অলিম্পিক ক্ৰীড়া সমাৰোহৰ সৈতে একেলগে বা সমান্তৰালভাৱে অনুষ্ঠিত ক্ৰীড়া প্ৰতিযোগিতা| পেৰা শব্দটো আহিছে গ্ৰীকৰ পৰা| ইয়াৰ অৰ্থ উপৰিও আশে-পাশে| প্ৰতি চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হৈ অহা বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ অলিম্পিকৰ সমান্তৰালভাৱে আয়োজিত হোৱা বাবেই এইখন প্ৰতিযোগিতাৰ নাম পেৰালিম্পিক| এই প্ৰতিযোগিতা বিশেষভাৱে সক্ষম বা শাৰীৰিকভাৱে বাধাগ্ৰস্ত খেলুৱৈৰ মাজত সীমাবদ্ধ| ১৯৬০ ৰ ৰোম অলিম্পিকৰ পৰা আনুষ্ঠানিক ৰুপত বিশেষভাৱে সক্ষম খেলুৱৈৰ মাজত ক্ৰীড়া প্ৰতিযোগিতা আয়োজিত হৈ আহিছে যদিও সেই সময়ত প্ৰতিযোগিতাখন পেৰালিম্পিক নামেৰে পৰিচিত নাছিল| ১৯৮৮ ৰ ছিউল অলিম্পিকৰ পৰাহে আনুষ্ঠানিকভাৱে প্ৰতিযোগিতাখনৰ নাম পেৰালিম্পিক ৰখা হৈছে| সেইবাৰৰ পৰাই পেৰালিম্পিয়ানসকলে মুলসূঁতিৰ ক্ৰীড়াবিদৰ সমানেই সা-সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে| ২০১২ লণ্ডন অলিম্পিকৰ এমাহ পিচতেই আয়োজিত পেৰালিম্পিক গেমছৰ পৰাহে প্ৰতিযোগিতাখনৰ বিষয়ে সম্যক ধাৰণা এটা ক্ৰীড়াপ্ৰেমীৰ মাজত গঢ়ি উঠিছিল| দক্ষিণ আফ্ৰিকাৰ ব্লেড ৰানাৰ খ্যাত অস্কাৰ পিষ্টুৰিয়াছ পেৰালিম্পিকৰ অন্যতম তাৰকা খেলুৱৈ| কৃত্ৰিম ভৰিৰে দৌৰি পিষ্টুৰিয়াছে বিশ্বজুৰি জনপ্ৰিয়তা লাভ কৰিছিল যদিও প্ৰেয়সী ৰিভাক হত্যা কৰাৰ অভিযোগত তেওঁ সম্প্ৰতি জে’লত| যিয়েই নহওক, পেৰালিম্পিক গেমছৰ জনপ্ৰিয়তাৰ ক্ষেত্ৰত পিষ্টুৰিয়াছৰ অৰিহণাক কোনোৱে উলাই কৰিব নোৱাৰিব|
বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ মাজতো যে ক্ৰীড়া প্ৰতিভা লুকাই থাকিব পাৰে, সেই বিষয়ে খুব ভালদৰে উপলব্ধি কৰিছিল এজন জাৰ্মান চিকিৎসকে| লুডৱিগ গুটমেন নামৰ চিকিৎসক জনে দ্বিতীয় বিশ্বযুদ্ধত আঘাতপ্ৰাপ্ত ব্ৰিটিছ সৈনিকৰ মাজত ১৯৪৮ চনত এখন ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰিছিল| ৰাজহাড়ত আঘাত পোৱা সৈনিকৰ মাজত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল| ইন্টাৰনেচনেল হুইলচেয়াৰ গেমচ্ (International wheelchair games) নামেৰে অনুষ্ঠিত এই প্ৰতিযোগিতাখনেই পিচলৈ শাৰীৰিকভাৱে অক্ষম ব্যক্তিসকলৰ বাবে প্ৰেৰণাৰ অমল উৎস হৈ পৰিছে| ১৯৫২ চনত অনুষ্ঠিত ইণ্টাৰনেচনেল হুইলচেয়াৰ গেমছত ব্ৰিটিছ সৈনিকৰ লগতে ডাচ্চ সৈনিকেও অংশগ্ৰহণ কৰিছিল| ১৯৬০ ৰ ৰোম অলিম্পিকৰ পৰা আনুষ্ঠানিকভাৱে অনুষ্ঠিত শাৰীৰিক বাধাগ্ৰস্ত সকলৰ গেমছত ২৩ খন দেশৰ প্ৰায় ৪০০ খেলুৱৈয়ে যোগদান কৰিছিল| ১৯৭২ লৈকে এই প্ৰতিযোগিতাত হুইলচেয়াৰত বহা খেলুৱৈয়েহে অংশগ্ৰহণ কৰিছিল| কিন্তু ১৯৭৬ চনৰ পৰা বিভিন্ন ক্ষেত্ৰত বাধাগ্ৰস্ত খেলুৱৈ সকলেও অংশগ্ৰহণৰ সুযোগ পায়| অৰ্থাৎ দৃষ্টিহীন, মূক-বধিৰ, হাত-ভৰি নথকা আদি বিশেষভাৱে সক্ষম খেলুৱৈয়ে অংশগ্ৰহণ কৰে| ১৯৭৬ চনৰ প্ৰতিযোগিতাত ৪০ খন দেশৰ ১,৬০০ খেলুৱৈয়ে যোগদান কৰিছিল| উল্লেখযোগ্য যে ২০০১ চনত আন্তৰ্জাতিক অলিম্পিক সমিতি আৰু আন্তৰ্জাতিক পেৰালিম্পিক সমিতিৰ মাজত এখন চুক্তি স্বাক্ষৰিত হৈছে| এই চুক্তি অনুসৰি অলিম্পিক আয়োজিত হোৱা দেশখনতে পেৰালিম্পিক অনুষ্ঠিত হ’ব আৰু আয়োজক দেশখনে পেৰালিম্পিয়ান সকলক ভালদৰে আতিথ্য প্ৰদানৰ নিশ্চয়তা দিব লাগিব| প্ৰথমতে এই চুক্তি ২০১২ লণ্ডন অলিম্পিকলৈ কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত চুক্তিৰ ম্যাদ ২০২০ টকিঅ’ অলিম্পিকলৈ বৃদ্ধি কৰা হয়| শাৰীৰিক ভাৱে বাধাগ্ৰস্ত খেলুৱৈৰ বাবে গঠিত প্ৰথমটো সংস্থা হৈছে- ইন্টাৰনেচনেল স্পোৰ্টচ্ অৰগেনাইজেচন ফৰ ডিজেবলচ্ (International sports organization for disabled.)| ১৯৬৪ চনত গঠিত এই সংস্থাটোৱেই আছিল পেৰালিম্পিকৰ গৱৰ্ণিং ব’ডি| সেইদৰে ১৯৮২ চনত ওৱালড স্পোৰটচ্ অৰগেনাইজেচন ফৰ ডিজেবলচ্(World sports organization for the disabled) নামৰ আন এটা সংগঠনৰ জন্ম হয়| দুয়োটা সংগঠনে আন্তৰ্জাতিক সমন্বয়ৰক্ষী সমিতি হিচাপে পেৰালিম্পিক আয়োজনত আন্তৰ্জাতিক অলিম্পিক সমিতিক সহায় কৰিছিল| অৱশ্যে ১৯৮৮ ৰ ছিউল অলিম্পিকৰ পিচত এটা স্বতন্ত্ৰ সংস্থা গঠনৰ প্ৰয়োজনীয়তা আহি পৰাত ১৯৮৯ চনত গঠন কৰা আন্তৰ্জাতিক পেৰালিম্পিক সমিতি| জাৰ্মানীৰ ব’নত অৱস্থিত আন্তৰ্জাতিক পেৰালিম্পিক সমিতিৰ বৰ্তমান সদস্য ৰাষ্ট্ৰ ১৭৪| ভাৰতি ইয়াৰ অন্যতম সদস্য| পেৰালিম্পিক আন্দোলনৰ মূল মন্ত্ৰ স্পৃট অফ্ মোচন (Spirit of motion)| শাৰীৰিকভাৱে বাধাগ্ৰস্ত সকলৰ বাবে সুকীয়াকৈ অলিম্পিক আয়োজিত হ’লেও মুল অলিম্পিকতো বহুকেইগৰাকী শাৰীৰিক বাধাগ্ৰস্ত খেলুৱৈয়ে প্ৰতিদ্বন্দিতা কৰাৰ উদাহৰণ আছে|
অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম জন বিশেষভাৱে সক্ষম খেলুৱৈ হ’ল জৰ্জ এইছাৰ| ১৯০৪ চনৰ অলিম্পিকত অংশগ্ৰহণ কৰা জিমনাষ্ট এইছাৰৰ এখন ভৰি কৃত্ৰিম আছিল| পেৰালিম্পিক গেমছত ভাৰতৰ প্ৰদৰ্শন বৰ বেয়া নহয়| ভাৰতে প্ৰথম ১৯৬৮ চনৰ গেমছত অংশ লৈছিল| তেতিয়াৰ পৰা ২০১২ লণ্ডনলৈ ভাৰতে পেৰালিম্পিক গেমছত জয় কৰিছে আঠটা পদক, ইয়াৰে দুটা সোণ| বাকী তিনিটা ৰুপ আৰু সমসংখ্যক ব্ৰঞ্জ আছে মুঠ পদকৰ জোলোঙাত| পেৰালিম্পিক গেমছত সোণৰ পদক জয় কৰা ভাৰতৰ প্ৰথম খেলুৱৈ জন হ’ল- মুৰলীকান্ত পেটকাৰ| ১৯৭২ চনৰ গেমছত পেটকাৰে সোণৰ পদক জয় কৰিছিল| সাঁতোৰৰ ৫০ মিটাৰ ফ্ৰীষ্টাইল ইভেণ্টত তেওঁ ভাৰতক সোণৰ পদকটো উপহাৰ দিছিল| পেৰালিম্পিক গেমছত সোণৰ পদক জয় কৰা আনজন ভাৰতীয় হ’ল- দেবেন্দ্ৰ ঝাঝাৰিয়া| ২০০৪ চনৰ গেমছত দেবেন্দ্ৰ ঝাঝাৰিয়াই জেভলিন থ্ৰ’ত সোণৰ পদক জয় কৰিছিল| চাৰি বছৰ পূৰ্বে লণ্ডনত অনুষ্ঠিত পেৰালিম্পিক গেমছত এন গিৰিশাই ৰুপৰ পদক জয় কৰিছিল| বৰ্তমান ৰিঅ’ত চলি আছে পেৰালিম্পিক গেমছ| সাত ছেপ্তেম্বৰত আৰম্ভ হোৱা প্ৰতিযোগিতাখন ১৮ ছেপ্তেম্বৰত শেষ হ’ব| এইবাৰ পেৰালিম্পিক গেমছত চাৰি সহস্ৰাধিক এথলীটে ২৩ বিধ খেলৰ ৫২৮ টা ইভেণ্টত প্ৰতিদ্বন্দিতা কৰিছে| আনহাতে ভাৰতৰ ১৯ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে| ইয়াৰে ১৫ গৰাকী এথলেটিকছৰ| বাকী আৰ্চাৰী, শক্তি উত্তোলন, সাঁতোৰ আৰু শ্বুটিঙৰ এগৰাকীকৈ খেলুৱৈয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছে|
উৎস:-অসমীয়া প্ৰতিদিন
শেহতীয়া উন্নীতকৰণ: : 3/11/2020