এখন ৰাজ্যত এটা বৰ ডাঙৰ হাতী আৰু এটা বাঘ আছিল৷ সিহঁত দুয়োৰো উপদ্ৰৱত মানুহে তৎমৎ এৰিছিল৷ বহুত যত্ন কৰিও ৰজাই সেই বাঘ আৰু হাতী মাৰিব নোৱাৰি গোটেই ৰাজ্যতে ঢোল পিটি শুনাই দিলে বোলে যেয়ে এই হাতী আৰু বাঘটো মাৰিব পাৰিব তাক বহুত পুৰষ্কাৰ দিয়া হব ৷ এই কথা শুনি বহুত মানুহে বাঘ আৰু হাতী মাৰিবলৈ যত্ন কৰিবলৈ ধৰিলে কিন্তু মাৰিব নোৱাৰিলে৷ দৈবাৎ এদিন এটা মানুহে মনৰ দু্খত বিহ খাই মৰোঁগৈ বুলি কিছুমান পিঠাগুৰিৰ লগত বিষ সানি লৈ সেই ৰাজ্যৰ ফালে যাওঁতে এজোপা গছৰ তলত সেই টোপোলাটো থৈ ওচৰৰে নৈ এখনত পানী খাবলৈ গৈছিল৷ সেই সময়তে দুষ্ট হাতীটোৱে আহি সেই পিঠাগুৰিবোৰ খাই পেলালে৷ যেতিয়াই বিহ-সনা পিঠাগুৰিবোৰ খালে,তেতিয়াই গাত বিষ লাগি হাতীটো মৰি থাকিল৷ এই কথা ৰজাই খবৰ পাই হাতীটো কোনে মাৰিলে বুলি বিচাৰ কৰোৱাত সেই বিষ অনা মানুহটোক ৰজাৰ ওচৰলৈ লৈ যোৱা হল৷ সি কেনেকৈ হাতীটো মাৰিলে বুলি তাক ৰজাই সুধিলত সি কলে-
“মই হাতীটো একে ভুকুৱেই মাৰিলোঁ৷”
ৰজাই বৰ সন্তোষ পাই তাক অনেক ধন দি কলে-
“মোৰ ৰাজ্যত আৰু এটা বৰ দুষ্ট বাঘ আছে, যদি তই সেই বাঘটোও মাৰিব পাৰ তেন্তে তোক মই আৰু ধন-বস্তু দিম৷”
সি কলে বোলে,
“স্বৰ্গদেউ৷ সেই বাঘটোও মই মাৰিব পাৰিম৷”
এইবুলি কোৱাত ৰজাই কলে,
“তই পৰহিলৈ বাঘটো মাৰিব লাগিব৷”
মানুহটোৱে শলাগি-শলাগি আহি তাৰ থকা ঠাই পাই চিন্তা কৰিবলৈ ধৰিলে-সি কেনেকৈ সেই বাঘটো মাৰিব পাৰে৷ যেতিয়া বাঘ মৰাৰ দিন পৰিলহি,সি কিছুমান ডোল আৰু এটা ঢেঁকীথোৰা লৈ ভয়-ভয়কৈ হাবিত সোমালগৈ৷সেই হাবিতে এজোপা ডাঙৰ গছ আছিল৷
সি গৈ সেই গছৰ ওপৰত উঠি
“কে” “কে” “কা” “কা”
বুলি মিছা-মিছিকৈ গান গাই আছে আৰু চৰাইবিলাকে সেই গছজোপাৰ পাতে পাতে পৰি কোঢ়াল কৰি আছে৷ তাকে শুনি বাঘে সেই গছৰ ওচৰলৈ আহি মানুহটোক সুধিলে,
“ককাই! তই চৰাইবিলাকক কি শিকাইছ?”
সেই মানুহটোৱে কলে বোলে-
“ভাই! মই সিহঁতক গান শিকাইছোঁ৷”
তেতিয়া বাঘে কলে,
“ককাই,মোকো তেনেকুৱা গান শিকাব পাৰিবি জানো?”
মানুহটোৱে কলে,
“তই হৈছ বাঘ,মই হৈছোঁ নৰমনিচ,তই মোক খাবি নহয়?”
তেতিয়া বাঘে কলে,
“মই সইত সইত সইত তিনি সইত খাই কৈছোঁ,মই তোক নাখাওঁ৷ তই মোক তেনেকুৱা গান শিকা৷”
বাঘৰ কথা শুনি মানুহটোৱে গছৰপৰা নামি আহি বাঘৰ ভৰি চাৰিখন গোটাই খুবমতে বান্ধি পেলাই ঢেঁকীথোৰাটোৰে তাক মাৰিবলৈ ধৰিলে৷
মাৰত তৎ নেপাই বাঘে কলে,
“ককাই,মই আৰু গান নিশিকো,মোক এৰি দে৷”
মানুহটোৱে কলে,
“ভালকৈ শিক; নিশিকিবি৷”
এইদৰে মাৰি থাকোতেই বাঘ মৰিল৷ সি সেই বাঘটো আনি ৰজাক দেখুৱাই দিলে৷
তেতিয়া ৰজাই বৰ ৰং মনেৰে তাক কলে বোলে,
“আজি তোমাৰ সৈতে যুঁজিবলৈ এটা বলী মানুহ আনি দিম,তুমি সেই মানুহটোক জিকিব পাৰা যদি,তোমাক আৰু ধন-বস্তু দিম৷”
এই বুলি কৈ এটা বলী মানুহ আনি ৰাতি তাৰ লগত ৰজাই শুৱাই থলে৷ ৰাতি মানুহটোৱে বলী মানুহটোক কলে বোলে,
“ভাই,মই একেটা ভুকুতে এটা হাতী মাৰিছোঁ আৰু এটা ডাঙৰ বাঘ মাৰিছোঁ, তই মোৰ লগত কেনেকৈ যুঁজ কৰিবি? তই এতিয়া ভৰ বয়সত মোৰ লগত যুঁজি মৰিবলৈ আহিছনে?”
এইবুলি কোৱাত সেই মানুহটো ভয়ত ৰাতিয়েই পলাই গল৷ পিচে পুৱা ৰজাৰ বলী মানুহটো ৰজাই বিচাৰি নাপাই বাঘ মৰা বলী মানুহটোক বহুত ধন-বস্তু দি বিদায় দিলে আৰু তেতিয়াৰ পৰা হাতী আৰু বাঘৰ উপদ্ৰৱ গুচি নিৰাপদে ৰাজ্য চলাবলৈ ধৰিলে৷ কঠালে পেলালে মুচি৷ মই আহিলোঁ গুচি৷
লেখক:- লক্ষ্মীনাথ বেজবৰুৱা
উৎস:- বুঢ়ী আইৰ সাধু
শেহতীয়া উন্নীতকৰণ: : 12/4/2023