এদিন এটা দুখীয়া মানুহে জকাই বাবলৈ গৈ দিনৰ দিনটো জকাই বালে, কিন্তু এটা শিঙৰা মাছৰ বাহিৰে সি একো নাপালে| শেহত সি তাকে ঘৰলৈ নি খাবৰ মনেৰে বাছিবলৈ ধৰোতে শিঙৰাই মাত লগালে,-“ককাই, মই শিঙৰাৰ ৰজা; তই মোক নেখাবি; মই তোৰ সদায় গৰুটো ৰখি দিম|” মানুহটোৱে শিঙৰাৰ কথা শুনি তাক নেখাই, পিচদিনা দুপৰীয়া শিঙৰাক খুৱাই-বুৱাই তাৰ গৰুটো চৰাবলৈ পঠিয়াই দিলে| শিঙৰাই গৰুটোৰ টিকাত উঠি নিজৰ মুখৰ কাঁইটেৰে খুচি-খুচি তাক পথাৰলৈ লৈ গৈ চৰাবলৈ ধৰিলে| এইদৰে বহুদিন গ’ল| এদিন শিঙৰাই গৰুটো চৰাবৰ নিমিত্তে অৰণ্যৰ ফাললৈ লৈ গৈ অৰণ্যত এটা মুখ মেলি পৰি থকা ৰাক্ষস দেখিবলৈ পালে| ৰাক্ষসে গৰুটো দেখি আনন্দ মনেৰে উঠি ধৰিবলৈ যাওঁতেই শিঙৰাই তাক বাধা দি ক’লে,-“হেৰ ৰাক্ষস ৰ, ৰ, তই মোক দেখা নাই নেকি? যদি তই মোক বলে পাৰ, তেহে মোৰ গৰু চুবি নহ’লে তোৰ ফালে আজি আধ্যা|” ৰাক্ষসে সেই অকণমান শিঙৰাটোৰ এনে মট্মটনি দেখি হাঁহি, তাক মোহাৰি মাৰিবৰ মন কৰি হাতেৰে ধৰোতেই শিঙৰাই তাৰ হাতত বিহকাঁইটেৰে বিন্ধি দিলে| তেতিয়াই ৰাক্ষসৰ হাতখনত চেংচেঙনি ভক্ভকনি উঠিল| ৰাক্ষসে সহিব নোৱাৰি, “তোক যিহকে লাগে তাকে মই দিম, তেওঁ মোক তই এৰি দে ঔ|” এইবুলি কোৱাত শিঙৰাই ক’লে,-“যদি তোক এৰি দিব লাগে তেনেহ’লে মোক কি দিবি আগেয়েই দে|” ৰাক্ষসে পেটৰ পৰা এটা সোণৰ আঙঠি উলিয়াই দি ক’লে,-“এই আঙঠিতো কলপাত এখনত থৈ ভালমতে সেৱা-শুশ্ৰুষা কৰিলেই আঙঠিটোৰ গুণত তোৰ ঘৰ-দুৱাৰ সকলোবোৰ সোণৰ হৈ পৰিব আৰু সোণ-ৰুপেৰে ঠাহ খাব|” শিঙৰাই ৰাক্ষসৰ এই কথা শুনি তাক বিন্ধিবলৈ এৰি দি আঙঠিটো লৈ গৰুটো খেদাই খেদাই আনি ঘৰ পালেহি| ঘৰ পাই সি গিৰিহঁতৰ হাতত আঙুঠিটো দি, সকলো কথা ভাঙি-পাতি ক’লত গিৰিহঁতে ৰং মনেৰে, শিঙৰাই কোৱামতে আঙঠিতো কলপাত এখনত থৈ সেৱা কৰাত তাৰ ঘৰবাৰী সকলোবোৰ সোণৰ হৈ পৰিল| আৰু সোণ-ৰুপেৰে ঘৰ উপচি পৰিল| গিৰিহঁতে তেতিয়াই শিঙৰাৰ লগত নিজৰ জীয়েকক কেঁচা পাণ, কেঁচা তামোল কাটি বিয়া দিলে| এইদৰে বহুদিন হ’ল| এদিন শিঙৰাই মনে মনে নৈৰ ঘাটত মোটটো থৈ মানুহ হৈ গা ধুবলৈ ধৰোঁতে শিঙৰাৰ ঘৈণীয়েকে দেখি লৰালৰিকৈ মোটটো আনি জুইত পুৰি পেলোৱাত শিঙৰা গুচি সি বৰ থুলন্তৰ পুৰুষ হৈ পৰিল| তেতিয়া সকলোৱে মহা আনন্দেৰে ৰজাৰ দৰে থাকিবলৈ ধৰিলে|
চালত পৰিল ফেঁচা|
মোৰ সাধুকথা মিছা|
তামোলে মেলিলে ডাবি|
কোন ক’লৈ যাবি|
লেখক:- লক্ষ্মীনাথ বেজবৰুৱা
উৎস:- বুঢ়ী আইৰ সাধু
শেহতীয়া উন্নীতকৰণ: : 3/29/2020