এদিন এটা দুখীয়া মানুহে জকাই বাবলৈ গৈ দিনৰ দিনটো জকাই বালে,কিন্তু এটা শিঙৰা মাছৰ বাহিৰে সি একো নাপালে৷ শেহত সি তাকে ঘৰলৈ নি খাবৰ মনেৰে বাছিবলৈ ধৰোঁতে
শিঙৰাই মাত লগালে;
“ককাই মই শিঙৰাৰ ৰজা; তই মোক নেখাবি, মই তোৰ সদায় গৰুটো ৰখি দিম৷”
মানুহটোৱে শিঙৰাৰ কথা শুনি তাক নেখাই, পিচদিনা দুপৰীয়া শিঙৰাক খুৱাই-বুৱাই তাৰ গৰুটো চৰাবলৈ পঠিয়াই দিলে৷ শিঙৰাই গৰুটোৰ টিকাত উঠি নিজৰ মুখৰ কাঁইটেৰে খুচি খুচি তাক পথাৰলৈ লৈ গৈ চৰাবলৈ ধৰিলে৷ এইদৰে বহুদিন গ’ল৷
এদিন শিঙৰাই গৰুটো চৰাবৰ নিমিত্তে অৰণ্যৰ ফাললৈ লৈ গৈ অৰণ্যত এটা মুখ মেলি পৰি থকা ৰাক্ষস দেখিবলৈ পালে৷ ৰাক্ষসে গৰুটো দেখি আনন্দ মনেৰে উঠি ধৰিবলৈ যাওঁতেই শিঙৰাই তাক বাধা দি ক’লে-
“হেৰ ৰাক্ষস ৰ ৰ, তই মোক দেখা নাই নেকি? যদি তই মোক বলে পাৰ,তেহে মোৰ গৰু চুবি নহলে তোৰ ফালে আজি আধ্যা৷”
ৰাক্ষসে সেই অকণমান শিঙৰাটোৰ এনে মট্মটনিদেখি হাঁহি, তাক মোহাৰি মাৰিবৰ মন কৰি হাতেৰে ধৰোঁতেই শিঙৰাই তাৰ হাতত বিহ-কাঁইটেৰে বিন্ধি দিলে৷ তেতিয়াই ৰাক্ষসৰ হাতখনত চেংচেঙনি ভক্ভকনি উঠিল৷
ৰাক্ষসে সহিব নোৱাৰি,
“তোক যিহকে লাগে তাকে মই দিম,তেওঁ মোক তই এৰি দে ঔ৷”
এইবুলি কোৱাত শিঙৰাই কলে,
“যদি তোক এৰি দিব লাগে তেনেহলে মোক কি দিবি আগেয়েই দে৷”
ৰাক্ষসে পেটৰ পৰা এটা সোণৰ আঙঠি উলিয়াই দি কলে,
“এই আঙঠিটো কলাপাত এখনত থৈ ভালমতে সেভা-শুশ্ৰুষা কৰিলেই আঙঠিটোৰ গুণত তোৰ ঘৰ-দুৱাৰ সকলোবোৰ সোণৰ হৈ পৰিব আৰু সোণ-ৰূপেৰে ঠাহ খাব৷”
শিঙৰাই ৰাক্ষসৰ এই কথা শুনি তাক বিন্ধিবলৈ এৰি দি আঙঠিটো লৈ গৰুটো খেদাই খেদাই আনি ঘৰ পালেহি৷ ঘৰ পাই সি গিৰিহঁতৰ হাতত আঙঠিটো দি, সকলো কথা ভাঙি-পাতি ক’লত, গিৰিহঁতে ৰংমনেৰে,শিঙৰাই কোৱা মতে আঙঠিটো কলাপাত এখনত থৈ সেৱা কৰাত তাৰ ঘৰ-বাৰী সকলোবোৰ সোণৰ হৈ পৰিল৷ আৰু সোণ-ৰূপেৰে ঘৰ উপচি পৰিল৷ গিৰিহঁতে তেতিয়াই শিঙৰাৰ লগত নিজৰ জীয়েকক কেঁচা পাণ, কেঁচা তামোল কাটি বিয়া দিলে৷ এইদৰে বহুদিন গ’ল৷ এদিন শিঙৰাই মনে মনে নৈৰ ঘাটত মোটটো থৈ মানুহ হৈ গা ধুবলৈ ধৰোঁতে শিঙৰাৰ ঘৈণীয়েকে দেখি লৰালৰিকৈ মোটটো আনি জুইত পুৰি পেলোৱাত শিঙৰা গুচি সি বৰ থুলন্তৰ পুৰুষ হৈ পৰিল৷ তেতিয়া এটাইখন মহা আনন্দেৰে ৰজাৰ দৰে থাকিবলৈ ধৰিলে৷
ছালত পৰিল ফেঁচা৷
মোৰ সাধুকথা মিছা৷৷
তামোলে মেলিলে ডাবি৷
কোন কলে যাবি৷৷
লেখক:- লক্ষ্মীনাথ বেজবৰুৱা
উৎস:- বুঢ়ী আইৰ সাধু
শেহতীয়া উন্নীতকৰণ: : 12/21/2023