অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কাঞ্চনী

কাঞ্চনী

এক বুঢ়াৰ সাতোটা পুতেক আছিল৷ বুঢ়াই পুতেকহঁতৰ সুখ-সন্তোষ দেখিবলৈ নাপালে৷ পুতেক আটাই কেইটাই খাব-খুটিব পৰা হোৱাৰ আগেয়ে বুঢ়া মৰি গল৷ বুঢ়ীয়ে ছয়োটালৈ ছোৱালী বিয়া কৰাই আনি অলপমান সুখ-সন্তোষৰ মুখ দেখিছিল কিন্তু তেনেতে তায়ো মৰিল৷ মাক মৰাৰ পিচত ককায়েকহঁত সাটোওটা মিলা-প্ৰীতিৰে একেলগে আছিল৷ সিহঁতৰ ভিতৰত নুমলীয়াটো ল’ৰা দেখিবলৈ বৰ মোহ লগা আৰু কথায়ো-বাৰ্তায়ো ভাল আছিল, সেইদেখি ছয়োটা ককায়েকে তাক বৰ মৰম কৰিছিল৷ ককায়েকহঁতে নিজৰ নিজৰ ঘৈণীয়েকহঁতক সিহঁতৰ ধন-বস্তুৰে গৰাকিনী নাপাতি চতুৰ নুমলীয়া ভায়েকক হে গৰাকী পাতিছিল, সেইদেখি বৌয়েকহঁতে পেটে পেটে তাক সমূলি দেখিব নোৱাৰা হৈছিল৷ নুমলীয়া দেওৰেকে কোনো বস্তু উলিয়াই নিদিলে বৌৱেকহঁতে কুটা এগছকো নাপাইছিল আৰু কাকো একো দিব নোৱাৰিছিল৷ যদিও বৌৱেকহঁতে তাক সমূলি দেখিব নোৱাৰিছিল, তথাপি গিৰিয়েকহঁতৰ ভয়ত কেতিয়াও কোনো কথাতে সিহঁতে তাক হেচটেপ কৰিব নোৱাৰিছিল৷

এইদৰে কিছুকাল যোৱাৰ পিছত, এদিন মাগনী বুঢ়ী এজনী সিহঁতৰ ঘৰলৈ চাউল মাগিবলৈ আহিছিল৷ নুমলীয়া দেওৰেক সেই সময়ত ঘৰত নথকা বাবে বৌৱেকহঁতে মাগনী বুঢ়ীক চাউল এমুঠি দিব নোৱাৰি তাইক কলে,

“বুঢ়া আই, আমাৰ দেওৰ কণ-বোপা কৰবালৈ ওলাই গৈছে, তেওঁ নাহিলে তোক চাউল কোনে উলিয়াই দিব? আমি দিব নোৱাৰোঁ৷ তেওঁ হে সকলো বস্তুৰে গৰাকী৷”

বুঢ়ীয়ে এই কথা শুনি সিহঁতক কলে,

“আইৰে আই৷ এইটো নো কি কথা? তহঁত ছজনী বোৱাৰী ঘৰত আছ, তহঁত ঘৰৰ ঘৈণী নহৈ মতা লৰাটো হে ধন-বস্তুৰ গৰাকী হল৷ এনে কথা দেখা শুনা নাইহে৷”

সিহঁতে বুঢ়ীক কলে,

“এৰা বাই, তই নেদেখিলে নুশুনিলেও, আমি কুটা এগছৰো গৰাকী নহওঁহঁক, কি কৰিবি৷ ককায়কহঁতে সৰু বোপাকহে গৰাকী পাতিছে৷”

বুঢ়ীয়ে সিহঁতৰ মন বুজি কলে,

“তহঁত নো ক’ৰ জাধলী তিৰোতা ঐ? তাক গৰাকী ভাঙি তহঁত গৰাকিনী নহৱ কিয়?”

সিহঁতে কলে,

“কেনেকৈ ভাঙিম বুঢ়ী বাই?”

সিহঁতে কলে,

“কেনেকৈ ভাঙিম বুঢ়ী বাই?”

বুঢ়ীয়ে কলে,

“মোৰ বুধি শুন যদি আজিয়েই ভাঙিব পাৰ৷”

সিহঁতে বুঢ়ীৰ কথা শুনি বৰ আগ্ৰহেৰে বুঢ়ীৰ ওচৰ চাপি আহি বুঢ়ীক বুধি সুধিলত বুঢ়ীয়ে উঠি গৈ এটা কোট্‌কোৰা কাঁইট আনি মন্ত্ৰ মাতি জাৰি কাঁইটটো সিহঁতৰ হাতত দি কলে,

“ আজি তহঁতৰ দেওৰ উভতি আহিলে, তহঁতৰ এজনীয়ে তাক ওচৰলৈ মাতি আনি তাৰ ওকণী চাওঁ বুলি বহুৱাই লৈ ওকণী চাই থাকোঁতে খপ্‌কৰে এই কাঁইটটো তাৰ কাণৰ সঁতাত মাৰি দি কুকুৰ হৈ যা বুলি কলেই সি কুকুৰ হৈ গুচি যাব আৰু তহঁত ঘৰৰ ঘৈণী হৈ ধন-বস্তুৰ গৰাকিনী হৈ সুখে-সন্তোষে থাকিব পাৰিবি৷”

ইয়াকে কৈ বুঢ়ী গুচি গল৷ সিহঁতৰ নুমলীয়া দেওৰেক আহিলত সিহঁতে বুঢ়ীৰ বুধিমতে তাক ওকণী চাবলৈ বহুৱাই লৈ তাৰ কাণৰ সঁতাত কাঁইটটো মাৰি দি তাক কুকুৰ কৰিলে৷ সি এটা ভতুৱা কুকুৰ হৈ মনৰ দুখত ঘৰৰপৰা তেতিয়াই ওলাই গুচি গ’ল৷ গধূলি ককায়েকহঁতে আহি ভায়েকক নেদেখি,

“কণবোপা কলৈ গ’ল?”

বুলি ঘৈণীয়েকহঁতক সুধিলত

“আমি কব নোৱাৰোঁ”

বুলি সিহঁতে উত্তৰ দিলে৷  ইয়াৰ পিচত ককায়েকহঁতে ভায়েকক অনেক বিচাৰি কতো নাপাই বেজাৰ অসন্তোষ কৰি থাকিল৷

নুমলীয়া ভায়েকটো কুকুৰ হৈ অনেক দেশ ফুৰি ফুৰি শেহত এখন নগৰত ওলালগৈ৷ সেই নগৰতে এঘৰ মানুহ আছিল; সিহঁতৰ ল’ৰা-ছোৱালী, মিতিৰ-কুটুম কোনো নাছিল৷ মাথোন গিৰিয়েক আৰু ঘৈণীয়েক ৷ গিৰিয়েকে দিনৌ খাই বৈ কাম-কাজ বিচাৰি ওলাই যায় আৰু ঘৈণীয়েকে অকলৈ তাঁত-সূত বৈ ঘৰৰ বন-বাৰী কৰি থাকে৷ কুকুৰটো গৈ সিহঁতৰ ঘৰতে চাপিল৷ কৰবাৰপৰা কুকুৰটো ঘৰ চপা দেখি পো-পোৱালি নাইকিয়া গিৰিহঁতনীয়ে মৰমকৈ তাক এমুঠি পাতৰ ভাত খাবলৈ দিলে আৰু চেই চেই চুহ-চুহ নকৰি তাঁতশালতে পৰি থাকিবলৈ দিলে৷ সিও মৰম পাই তাতে থাকিবলৈ ধৰিলে৷

গিৰিহঁতনীয়ে দিনৌ তাঁত বয় আৰু কুকুৰটো ওচৰতে পৰি থাকে৷ এদিন তাইৰ হাতৰ পৰা এবাৰ মাকোটো সৰি পৰিলত, তাই কুকুৰটোৰ ফালে চাই ধেমালিতে কলে,

“তই মোৰ মাকোটো তুলি দিব নোৱাৰনে? অজাতৰীয়া মাকোডাল ঘনে ঘনে মোৰ হাতৰপৰা পৰি যায়, মই নো কিমান চাপৰি আনি থাকিম? দে মোৰ মাকোটো তুলি মোৰ বোপাই; লাগে যদি, মোৰ ছোৱালী হলে মই তোলৈকে তাইক বিয়া দিম৷”

মানুহজনীৰ কথা শুনি কুকুৰটোৱে খপ্‌কৰে মাকোটো তুলি দিলে৷ মানুহজনীয়ে বিচুৰ্ত্তি হৈ ভাবিলে,

“আও! ই কম কুকুৰ নহয় ! ই মানুহতকৈও গুণী৷ মোৰ কথাটো ই কেনেকৈ বুজিলে৷ মোৰ ছোৱালী নায়েই; হোৱা হলে এনেটো কুকুৰলৈকে বিয়া দিলেও একো হানি নাছিল৷”

এই কথাৰ কেইমাহমান পিচত ঈশ্বৰৰ ইচ্ছাত মানুহজনীৰ ছোৱালী এজনী উপজিল৷ বাপেকে মৰম কৰি জীয়েকক নাম কাঞ্চনী ৰাখিলে৷ দিনক-দিনে ছোৱালীজনী ডাঙৰ হৈ আহিবলৈ ধৰিলে৷ তাই ৰূপে-গুণে তমস্কাৰ হল৷ কুকুৰটোও নিজৰ গুণত দিনক-দিনে গিৰিহঁত-গিৰিহঁতনীৰ বুকুত সোমাই আহিবলৈ ধৰিলে৷ কাঞ্চনীৰ বিয়া দিবৰ কাল পৰিলত, এদিন ঘৈণীয়েকে গিৰিয়েকক সেই মাকো পৰাৰ দিনৰ কথাটো কলে,

“মোৰ ছোৱালী হলে, মই কুকুৰটোলৈ বিয়া দিম বুলি কৈছিলোঁ৷ সেইবাবেই হে মোৰ ছোৱালীজনীও হল কিজানি; নাইবা মোৰ পেটত ল’ৰা-ছোৱালীৰ হবৰ কোনো আগন্তুক নাছিল৷ এতেকে মই মোৰ কথামতে তালৈকে কাঞ্চনীক বিয়া দিম বুলি ভাবিলোঁ, তুমি কি বোলা?”

গিৰিয়েক বৰ হোজা আৰু ধাৰ্ম্মিক মানুহ আছিল৷ সি উত্তৰ দিলে,

“যদি তুমি তাৰ আগত তেনেকৈ কৈছিলা, তেনেহলে নিশ্চয় তোমাৰ কথা ৰাখিব লাগিব, নহলে আমাক পাপে চুব৷ আৰু সঁচাকৈ কবলৈ গলে, আমি এনেটো কুকুৰ আগেয়ে কতো দেখাও নাছিলো৷ সি মানুহতকৈও সাত-ছাৰ৷ এতেকে মোৰ মনেৰে আমাৰ কাঞ্চনীক তালৈ বিয়া দিয়াটো হে উচিত৷”

এই বুলি বাপেকে জীয়েকক মাতি আনি সেই কথা কলত, জীয়েকে উত্তৰ দিলে,

“তোমালোকৰ ইচ্ছামতে চলাটোৱেই হে মোৰ কৰ্ত্তব্য৷ আয়ে কুকুৰলৈকে যেতিয়া মোক বিয়া দিবলৈ সইত কৰি বান্ধ খাইছে, সেই সইত ৰাখিমেই ৰাখিম৷”

জীয়েকৰ কথা শুনি মাক-বাপেকে সন্তোষ পাই তাইক কুকুৰলৈকে বিয়া দি দুয়োকো যতন কৰি খুৱাই-বুৱাই ঘৰতে ৰাখিলে৷

কাঞ্চনীয়ে বৰ যতনেৰে খুৱাই-বুৱাই অতাই-পিতাই নিজৰ স্বামী বুলি কুকুৰটোক সেৱা-ভক্তি কৰিবলৈ ধৰিলে; এদিনলৈকে তাইৰ মনত বেজাৰ নালাগিছিল৷ ঘৈণীয়েকে কুকুৰটোৰ গা অঁতাই-পিতাই ধুই-পখালি চিকণ কৰি দিলেও, অলপ পৰ পিচতে কুকুৰটোৱে গৈ মাটি লৈ গাত ধূলি-মাকতি সানে৷ এদিন কাঞ্চনীৰ মাকে কাঞ্চনীক কলে,

“আই চাচোন, তোৰ গিৰিয়েৰৰ গাটো ধূলি-মাকতি লাগি কেনে ক’লা হে পৰিছে৷ তাকে লৈ যা নৈত ভালকৈ তাৰ গাটো ঘঁহি-পিহি ধুৱাই লৈ আহগৈ৷”

মাকৰ কথা শুনি কাঞ্চনীয়ে গিৰিয়েকক লৈ গৈ নৈত জুবুৰাই ভালকৈ তাৰ গা-ভৰি, মূৰ কাণ ঘঁহি দিওঁতেই এবাৰ তাইৰ হাতটো কুকুৰটোৰ কাণৰ সঁতাত লাগিলত, অলপ খহতা যেন পাই ভালকৈ চাই দেখিলে যে তাত এটা কাঁইট পোত খাই আছে৷ কাঁইটটো দেখি কাঞ্চনীয়ে আজুৰি উলিয়ালত তৎক্ষণাৎ কুকুৰটো কুকুৰ গুচি কেঁচা সোণৰ বৰণৰ সুন্দৰ ডেকা-ল’ৰা এটা হ’ল৷ গিৰিয়েক কুকুৰ গুচি মানুহ হোৱা দেখি তাইৰ আনন্দৰ পাৰ নোহোৱা হল৷ তেতিয়া গিৰিয়েকে তাইক আগৰপৰা গুৰিলৈকে সকলো কথা ভাঙি কলত তাই তাক কলে , যে

“মই যদি তোমাক এইদৰে আমাৰ ঘৰলৈ লৈ যাওঁ তেন্তে মোৰ বোপাই-আই আৰু ওচৰ-চুবুৰীয়া আন মানুহে ভাবিব মই কুকুৰটো মাৰি কৰবাৰ ডেকা ল’ৰা এটা লগ লগাই লৈ গৈছো বুলি; তেতিয়াও বৰ বদনামৰ কথা হব; আৰু মই আচল কথা ভাঙি কলেও কোনেও বিশ্বাস নকৰে৷ সেইদেখি তোমাৰ কাণৰ সঁতাত আকৌ সেই কাঁইটটো মাৰি দিও, দি তোমাক আগৰ দৰে কুকুৰ কৰি ঘৰলৈ লৈ যাওঁ৷ ঘৰ পাই সকলোৰে আগত তোমাৰ কাণত তেল-তুল দি চিকুণাই থাকোতে যেন হঠাৎ মই সেই কাঁইটটো তাত দেখি এইটো কি বুলি টানি উলিয়াই আনিম আৰু আনিলেই তুমি মানুহ হবা; আৰু তেতিয়া কোনেও একো কব নোৱাৰে৷”

ইয়াকে গিৰিয়েকক কৈ কাঞ্চনীয়ে আকৌ সেই কাঁইটডাল গিৰিয়েকৰ সঁতাত আগৰ দৰে মাৰি গিৰিয়েকক কুকুৰ কৰি ঘৰলৈ লৈ গুচি আহিল৷ ঘৰ পাই কাঞ্চনীয়ে মাকক কলে,

“আই, আই মই তেওঁক ধুৱাই আনিছো৷ এতিয়া তেল এটোপা ঘঁহি দিমনে?”

মাকে কলত কাঞ্চনীয়ে তেল সানি ঘঁহাৰ ছলতে কুকুৰটোৰ কাণৰ কাঁইটডাল মাক দেখুৱাই ললে,

“আই,আই, চাহিচোন এটা বৰ কাঁইট কাণৰ সঁতাত কেনেকৈ সোমাই আছে৷”

মাকে কলে,

“সোমাব পাৰেতো মোৰ আই, সি য’তে পাই ত’তে শুই ফুৰে, কাঁইটটো টানি উলিয়াই দে৷”

মাকে এই বুলি কোৱাত কাঞ্চনীয়ে কাঁইটটো উলিয়াই দিলে আৰু ততালিকে সি কুকুৰ গুচি সুন্দৰ পুৰুষ এটা হ’ল৷ এই কথা দেখি মাক-বাপেকে আৰু ওচৰ-চুবুৰীয়া সকলোবোৰ বিস্ময় মানি, তাক কি কথা  কি বতৰা, বুলি সুধিলত সি সকলোবোৰ ভাঙি পাতি কলে৷ সকলোৱে আচৰিত মানি আনন্দ পালে; কাঞ্চনীয়ে আৰু তাইৰ মাক-বাপেকে আনন্দত বিভোল হৈ জোঁৱায়েকক লৈ মহা-সুখেৰে থাকিল৷

কুকুৰ এটা গুচি মানুহ হল, এই কথা চাৰিওফালে ওলাই পৰিলত ৰজাই শুনিবলৈ পাই কাঞ্চনীৰ গিৰিয়েকক মতাই নি কি কথা, কি বাৰ্ত্তা বুলি সুধিলত, সি ৰজাক সকলো কথা কলে৷ ৰজাই সন্তোষ পাই তাক তেওঁৰ ঘোঁৰাশাল চাওঁতাৰ বিষয়খন দি ৰাখিলে৷

ইকাণ সিকাণকৈ লাহে লাহে গৈ ৰজাৰ কাণত পৰিল গৈ যে  ঘোঁৰাশাল চাওঁতা-চিতোঁতা বিষয়াজনৰ ঘৈণীয়েকজনী বৰ গুণী আৰু বৰ শুৱনী দীপ্‌লিপ্ তিৰোতা৷ ৰজাই ভাবিলে যে এনেজনী তিৰোতা ৰজাৰ হে যোগ্য, এতেকে তাইক আনি মোৰ কুঁৱৰী পাতিম৷ ইয়াকে ভাবি ৰজাই তেওঁৰ ঘোঁৰাৰ বিষয়াক কলে যে সি ঘৈণীয়েকক ৰজাৰ অন্তেষপুৰলৈ পঠিয়াই দিব লাগে৷ সি ৰজাৰ কথাত কোনোমতে মান্তি নহয়৷ ৰজাই বাৰে বাৰে কৈও ঘোঁৰাৰ বিষয়াক সেই কথাত কোনোমতে মান্তি কৰিব নোৱাৰি তাক বন্দী কৰি থোৱালে৷ গিৰিয়েকক বন্দী কৰি থৈয়েই ৰজাই ঘৈণীয়েকক কাঞ্চনীৰ ওচৰলৈ নিজে আহি নানা প্ৰকাৰে কাঞ্চনীক তেওঁৰ কুঁৱৰী হবলৈ বুজাবলৈ চেষ্টা কৰিলে, কিন্তু তাই একোতে সেই কথাত মান্তি নহল৷ ৰজা ভোঁটা হৈ উভতি গৈ ভাবিলে যে গিৰিয়েক জীয়াই থাকে মানে কাঞ্চনীক মোৰ কুঁৱৰী কৰিবলৈ সৈমান কৰাব নোৱাৰো, সেইদেখি তাইৰ গিৰিয়েকক মাৰি পেলাই বাটটো মুকলি কৰি থওঁ৷ ইয়াকে ভাবি ৰজাই কাঞ্চনীৰ গিৰিয়েকক শালত দিবলৈ হুকুম দিলে৷

ৰজাৰ বৰচ’ৰাৰ মুখতে কাঞ্চনীৰ গিৰিয়েকক শালত দিছে৷ কিন্তু এই কথাৰ কাঞ্চনীৰ তেতিয়াও একো বুজ পোৱা নাই; তাই ৰং মনেৰে ঘৰত জালি তাঁত এখন বৈ আছে৷ এনে সময়তে এজনী কাউৰীয়ে শালত দিয়া কাঞ্চনীৰ গিৰিয়েকৰ গাৰপৰা ওলোৱা তেজ খাই ঠোঁট ৰঙা কৰি উৰি আহি কাঞ্চনীৰ ওচৰতে পৰি চট্‌ফটাবলৈ ধৰিলে৷ এবাৰ কাউৰীজনীয়ে মাত লগালে-

“কাঁচনী, কাঁচনী, নববি কাঁচনী, জালি তাঁত এবেলি থ৷

বৰচ’ৰাৰ মুখতে ৰজাই শালত দিছে, তাকে চাবলৈকে ব’ল৷”

এই কথা শুনি কাঞ্চনীয়ে কাউৰীজনীৰ ফালে চাই তাইৰ ঠোঁটটো ৰঙা দেখি গাত লাই-সৰিয়হ ফুটা যেন পালে৷ কাঞ্চনীয়ে কাউৰীক সুধিলে-

“কাউৰী কাউৰী অজাতি কাউৰী, কি খাই বোলালি ঠোঁট?”

কাউৰীয়ে উত্তৰ দিলে-

“কাঁচনী বাই, মই অজাতি কাউৰী, একো খাই নোবোলাওঁ ঠোঁট৷

বৰচ’ৰাৰ মুখতে গিৰিয়েকক শালত দিছে, তেজেৰে বোলালো ঠোঁট৷”

এই কথা শুনি মাত্ৰকতে কাঞ্চনীয়ে জালি তাঁত এৰি ভিতৰ সোমাই সেন্দুৰ ফোঁট আৰু ৰেঘা পিন্ধিলে, সকলো অলঙ্কাৰ-পাতি পিন্ধিলে আৰু  সামৰণৰ ভাল ৰিহা-মেখেলাযোৰ পিন্ধি ধাননিৰ মাজেদিয়েই বাট পোনাই লৰি ৰজাৰ বৰচ’ৰাৰ ফালে ঢাপলি মেলিলে৷ ইফালে চাওদাঙে কাঞ্চনীৰ গিৰিয়েকক তাৰ ভৰিৰ ফালৰপৰা কুণ্ডাশালত চেপি আনি থাকোতেই গিৰিয়েকে দূৰৰপৰা কাঞ্চনী লৰি অহা দেখি বিনাই কলে,-

“ধাননি ধাননি নাহিবি কাঞ্চনী,

ধান-পাত কাটিব গা৷

মোৰে বিলাই যি হবৰ হওকে,

ঘৰলৈ উভতি যা৷৷”

কাঞ্চনীয়ে লৰি আহি থাকোতেই গিৰিয়েকৰ কথা শুনি বিনাই উত্তৰ দিলে-

“কাটিলে কাটকে ধানৰে পাতে গা,

তালৈ নকৰো কাণ৷

তোমাৰে লগতে হম সয়ন্তৰী,

নাৰাখো দুখুনী প্ৰাণ৷”

এইবুলি কাঞ্চনীয়ে গিৰিয়েকৰ ওচৰ পাই দীঘল দি গিৰিয়েকক সেৱা কৰি গিৰিয়েকৰ লগতে শালত মূৰটো সুমাই দিলে৷ কোনেও তাইক হকা-বধা কৰিবলৈ সাহ নকৰিলে৷ অলপ পৰৰ পিছতে দুয়োৰো জীৱ দুটিয়ে ভেল দুটা এৰি গোঁসাইৰ ওচৰলৈ উৰি গল৷

ৰজাই এই বাতৰি শুনিলত বেজাৰ কৰি বিনাবলৈ ধৰিলে-

“কাঁচনী যাবৰে শুনিলোঁহেঁতেন,

ছকুৰি লগুৱা দিলোহেঁতেন৷

কাঁচনী যাবৰে শুনিলোহেঁতেন,

দোলায়ে ঘোঁৰায়ে পঠালোহেঁতেন৷

কাঁচনী যাবৰে শুনিলোঁহেঁতেন,

গিৰিয়েকক শালত নিদিলোহেঁতেন৷”

শোক কমিলত ৰজাই কাঞ্চনী আৰু তাইৰ গিৰিয়েকক নৈৰ কাষত খৰি দিবলৈ মন্ত্ৰীক হুকুম দি কলে-“নৈৰ এপাৰে কাঞ্চনীক আৰু আনপাৰে গিৰিয়েকক খৰি দিয়া৷ কাঞ্চনীক চন্দন, সৰল, পদ্ম, উঁৱৈ, গন্ধসৰৈ, ধূপ-ধূনা, ঘিউৰে খৰি দিবা৷ গিৰিয়েকক চুৱাখুটি, শুকান চুৱাপাত ইত্যাদিৰে খৰি দিবা৷”

ৰজাৰ হুকুম মতেই মন্ত্ৰীয়ে কাম কৰিলে৷ দুয়োৰো চিতাত ধম্‌ধম্ কৰে দুকুৰা জুই জ্বলিছে, এনেতে দেখা গল যে দুইৰো চিতাৰ দুইকুৰা জুইৰ আগ দুটা পাৰৰ পৰা দীঘল হৈ আহি নৈৰ মাজতে পাক খাই একেটা হ’ল৷ সকলোৱে এই কথা শুনি আচৰিত মানিলে৷ ৰজাইও পিছত মন্ত্ৰীৰ মুখে এই কথা শুনি আচৰিত হৈ দুইখন মৰিশালিত দুজোপা গছ ৰুই দিবলৈ হুকুম দি কলে-“কাঞ্চনীৰ মৰিশালিত আঁহত এজোপা আৰু গিৰিয়েকৰ মৰিশালিত বৰগছ এজোপা ৰুবা৷”

কিছু কালৰ মূৰত দেখা গ’ল যে, নৈৰ দুয়োপাৰৰ দুই জোপা গছে ফেৰ ধৰি ডাঙৰ হৈ, দুপাৰৰ পৰা হালি আহি, ঠিক নৈৰ মাজত মিলি এজোপা হৈ বাঢ়িবলৈ ধৰিলে৷

লেখক:- লক্ষ্মীনাথ বেজবৰুৱা

উৎস:- বুঢ়ী আইৰ সাধু

শেহতীয়া উন্নীতকৰণ: : 11/28/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate