অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গংগাটোপ

গংগাটোপ

এদিন মাছবোৰ গোট খাই, মাছখোৱা জন্তুবোৰৰ সৈতে ৰণ দিবলৈ থিৰ কৰিবৰ নিমিত্তে মেল মৰা বিলৰ ভগা-ডুবিতে দুপৰীয়া মেল পাতিলে| সেই মেললৈ ৰৌ, বাহু, শ’ল, বৰালি, কাৱৈ, গৰৈকে আদি কৰি ফুল-ডৰিকণালৈকে সকলোবোৰ মাছ আহিল| সমজুৱাসকল গোট খালত, টপা-মূৰীয়া বুঢ়া গৰৈক সকলোৱে সেইদিনাৰ মেলখনৰ বৰমূৰীয়া পাতিলে আৰু লৰবৰ চেঙেলিক পাচনীৰ ভাৰ দিলে| পাচনীয়ে গংগাটোপক মেলখন নো কিয় পতা হৈছে সমজুৱাসকলক ভালকৈ বুজাই দিবলৈ ক’লত গংগাটোপে হাতযোৰ কৰি ক’বলৈ ধৰিলে,-“ৰাইজসকল! মই আজি আপোনালোকৰ ভৰিৰ ধুলি মূৰত লৈ আমাৰ পাচনী চেঙেলি ককাইৰ আজ্ঞামতে আষাৰচেৰেক কথা ক’ব খুজিছো, যদি মোৰ কথাত কিবা স্বৰুপে কেনা লাগে, মই লৰামতি মূৰুখ বুলি মোৰ জগৰ নধৰি সকলো দায়-দোষ মৰিষণ কৰিব যেন| আপোনালোকৰ চৰণত মোৰ এয়ে তুতি|”

“সকলো জন্তুৰ ভিতৰত আমাক ঘাইকৈ মানুহ নামৰ জন্তুবোৰ বৰকৈ হিংসা-বৈৰিতা কৰে| সিহঁতে আমাক জাল, প’ল, জুলুকি, পাউৰী, চেপা, ঠুহা আদি নানা যন্ত্ৰেৰে ধৰি তপত তেলত আৰু পকা আঙঠাত পেলাই ভাজি, পুৰি, পাতত দি খৰিকাত দি, সিজাই, পকাই খায়| কিন্তু এটা ৰাইজে মন কৰি চাব, যে সিহঁতে যদিও আমাক এইদৰে ধৰি নানা শাস্তি দি খায়, তথাপি সিহঁতক আন আন পশু জাতিৰ গোলাম কৰিহে ঈশ্বৰে চৰ্জি পঠিয়াইছে| আপোনালোকে মানুহ নামৰ এই জন্তুবোৰৰ ঘৰে পতি চাই ফুৰকগৈ; দেখিব, সিহঁতে গৰু, ম’হ, ঘোঁৰা, ছাগলী আদিৰ কিদৰে গোলামী কৰিব লাগিছে| গৰু, ঘোঁৰাক সিহঁতে খাবলৈ ঘাঁহ দিছে, শুবলৈ খেৰ পাৰি দিছে, থাকিবলৈ ঘৰ সাজি দিছে| গৰু, ঘোঁৰা, ছাগলীৰ গোবৰ আৰু লাদ পৰ্যন্ত এই বহতীয়াবোৰে উকটি চাফ কৰিছে|”

“ৰাইজসকল! এক প্ৰকাৰে চাবলৈ গ’লে এই মানুহ জাতিটো আগৰ কালত গৰু-পোৱালি আছিল যেন মনে ধৰে; কিয়নো সিহঁতে গৰুৰ গাখীৰ খায়| পশু জাতিৰ ভিতৰত দেখা যায় যে মাকৰ গাখীৰ খাইহে পোৱালি ডাঙৰ হ’ব পাৰে| এইবোৰ কথা ভালকৈ ভাবি চালে মানুহ জাতিটো যে গোটগৰু আৰু সমুলি বুধি নাইকিয়া সেইটো ভালকৈ বুজিব পাৰি| এতেকে এনে গৰু মানুহক আমি ঢিলিকতে বধ কৰি আইধা কৰিব পাৰিমহক|”

“ৰাইজসকল! মই মূৰুখমতি ল’ৰা| মানুহৰ বিষয়ে সকলোবোৰ কথা মই ভালকৈ জুকিয়াই লৈ ভাঙি-পাতি আপোনাসকলৰ আগত ক’ব পৰা নাই| মোৰ মাহী গেদ্‌গেদী এই মেললৈ কিয় আজি অহা নাই ক’ব নোৱাৰোঁ| তেওঁ ইয়াত থকাহেঁতেন জন্তুৰ ভিতৰত কুলাধম এই মানুহবোৰৰ বিষয়ে আৰু ভালকৈ বৰ্নাই আপোনাসকলৰ আগত ক’ব পাৰিলেহেঁতেন আৰু সিহঁতক কেনেকৈ মাৰিব পাৰি, কি গুণ, কি ব্যৱস্থা, সকলোবোৰ বহলাই ক’ব পাৰিলেহেঁতেন কাৰণ তেওঁৰ মুখখনি বহল| সেই মুখখনেৰেই মোৰ গেদ্‌গেদী মাহীয়ে আগৰ কালত কুৰুক্ষেত্ৰৰ যুঁজত ওঠৰ অক্ষৌহিণী সৈন্যৰ ভিতৰত অকলে এক অক্ষৌহিণী গিলিছিল বুলি শুনিছো| এতেকে তেওঁক বেগতে মতাই আনি মোৰ কথা প্ৰমাণ লওক|”

গংগাটোপৰ কথা শুনি তেতিয়াই মেলৰ বৰমূৰীয়া গৰৈয়ে চেঙেলি পাচনীক হুকুম দিলে যে গেদ্‌গেদী বাইক এতিয়াই অনাব লাগে| তৎক্ষণাৎ পাচনীয়ে গৰৈচিৰিকা এটাক গেদ্‌গেদীৰ ঘৰলৈ লৰুৱাই পঠিয়াই দিলে| গৰৈয়ে গেদ্‌গেদীৰ ওৰ পাই মাত লগালে-

“গেদ্‌গেদী বাই| গেদ্‌গেদী বাই|

সবাহলৈ যায়নে নেযায়?”

গৰৈৰ কথা শুনি গেদ্‌গেদীৰ টিক্‌চি বিক্‌চি খ্ং উঠিল| গেদ্‌গেদীয়ে গৰৈক জোকোৰা মাৰি উত্তৰ দিলে,-“বন্দী টভংমৰা; পোৱালি খোৱা, নেযাওঁ যা|” এই উত্তৰ শুনি গৰৈয়ে অপমান পাই উভতি আহি সমজুৱা সকলক জনালত গঙাটোপে নিজেই মাহীয়েকক মাতিবলৈ, মেলৰ বৰগৰাকী বৰমূৰীয়া গৰৈৰ অনুমতি লৈ লৰ ধৰিলে| গেদ্‌গেদী বায়ে যদিও গৰৈচিৰিকাৰ আগত খং কৰি মেললৈ নেযাওঁ বুলিছিল, তথাপি ৰাইজৰ হুকুম পেলাব নেপায় বুলি ভাবি কাছি-পাৰি সেন্দুৰৰ ফোঁট-ৰেখা লৈ ওলাইছিল-এনেতে গংগাটোপ ওলালহি| গংগাটোপে মাত লগালে,-

“কাঞ্চনমতী আই, কাঞ্চনমতী আই|

সবাহলৈ যায় নে নেযায়?”

গংগাটোপৰ সম্বন্ধটো শুনিয়েই গেদ্‌গেদীৰ মূৰৰ পৰা খং শৰ্মা পলাবলৈ তৎ নেপালে| হৰিষতে গেদ্‌গেদীয়ে উত্তৰ দিলে,-

“এৰা, ভালেহে জানে ভালৰ মোল|

আমাৰ গংগাধৰ বোপা নে কোন?”

“ব’লা গঙাই বোপা, যাওঁ বোলা|” মাহীয়েকৰ মুখৰ শলাগনি আমাৰ গঙাই বোপাৰ দুই কাণৰ বিন্ধাইদি হো-হো কৰে যেতিয়াই সোমাবলৈ ধৰিলে, গঙাই বোপা আনন্দত উত্ৰাৱল হৈ পৰিল| আগেয়ে তেওঁক সেইদৰে কোনেও শলগা শুনা নাছিল| সেইদেখি তেওঁ হাতেৰে স্বৰ্গখন ঢুকি পোৱা যেন লাগি গপত ওফন্দি পৰিল| মাহীয়েকৰ কথাষাৰ গংগাটোপ মনত যিমান পাগুলিবলৈ ধৰিলে সিমান তেওঁৰ পেটটো ওফন্দিবলৈ ধৰিলে| ওফন্দা পেটটো খোজেপতি ওফোন্দাই ওফোন্দাই খোজ কাঢ়ি আহি গংগাটোপ যেতিয়া সবাহৰ ওচৰ পালেহি, হঠাৎ পানী-হিলৈ ফটাদি শব্দটো হিলৈৰ শব্দ যেন হৈ ওলোৱাত সমজুৱা সকলে ভয় খাই দিহাদিহি পলাই পত্ৰং দিলে|

লেখক:- লক্ষ্মীনাথ বেজবৰুৱা

উৎস:- বুঢ়ী আইৰ সাধু

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate