এখন নগৰত পাঁচোটা ডেকা-ল’ৰাই সিহঁতৰ বাপেকহঁতৰে সৈতে দন্দ কৰি ঘৰত নাথাকোঁ বুলি দেশ ভ্ৰমণ কৰিবলৈ ওলাল৷ সিহঁতৰে সৈতে সেই দেশৰ এলাগী ৰাণীৰ ল’ৰা এটাও ওলাল৷ এলাগীৰ কোঁৱৰেও বাপেকৰ পৰা মৰম-চেনেহ নেপাইছিল দেখি তাৰ মনতো বিৰক্তি লাগি আছিল৷ এতিয়া ছয়োটাই সখি বন্ধাই লৈ কোনেও কাকো কেতিয়াও নেৰোঁ বুলি কথা বান্ধি ল’লে৷
সিহঁত গৈ থাকোঁতে গৈ থাকোঁতে বাটতে ৰাতি হ’ল৷ বাটত যাওঁতে গধূলি পৰত সিহঁতে দেখিলে যে সিহঁতৰ পিছে পিছে কৰবাৰ পৰা এজনী ফিন্দ খোৱা ওহাৰেৰে গাখীৰতী ছাগলী আহিব লাগিছে৷ সিহঁতে এজোপা বৰ-গছৰ তলত থাকি ৰাতিটো কটাবলৈ মন কৰি ৰ’লত দেখিলে যে ছাগলীজনীও তাতে ৰ’ল৷ ছাগলীজনীয়ে সেইদৰে সিহঁতৰ লগ লোৱা দেখি সিহঁতে তাইক নেখেদাই ওচৰতে বান্ধি থলে, আৰু কোৱামেলা কৰিলে যে
“ভালেই হ’ল ৰাতি এইৰ গাখীৰ খীৰাই খামহঁক৷”
অলপ ৰাতি হ’লত সঁচাকৈয়ে সিহঁতে ছাগলীজনী খীৰাই বহুত গাখীৰ পালে, আৰু এটাইকেইটাই হেঁপাহ পলুৱাই গাখীৰ খাই মহা আনন্দেৰে শুই থাকিল৷ ছাগলীজনী আচলতে ৰাক্ষসী আছিল৷ ৰাতি দুপৰ হ’লত তাই মনে মনে নিজ মূৰ্ত্তি ধৰি ৰাক্ষসী হৈ ছয় সখিয়েকৰ এটাক খাই থৈ আকৌ ছাগলী ৰূপ ধৰি আগৰ ঠাইতে বান্ধ খাই থাকিল৷ ৰাতি পুৱালত সিহঁতে উঠি লগৰ সখিয়েক এটাক নেদেখি ভাবিলে যে সি সিহঁতক এৰি ৰাতিয়েই পলাই গ’ল৷ নাইকিয়া হোৱা সখিয়েকৰ কাৰ্য্যক গৰিহণা দি সিহঁতে সেইদিনা আকৌ যাবলৈ ধৰিলে আৰু যাৰ ছাগলী তাৰ ঘৰলৈ যাওক বুলি ছাগলীজনী মেলি দিলে৷ কিন্তু অলপ গৈ দেখিলে যে ছাগলীজনীয়ে সিহঁতৰ পিছ নেৰা হ’ল৷
সেইদিনা ৰাতি হ’লত পাঁচ সখিয়েক আকৌ আগৰদৰে গছ এজোপাৰ তলতে শুই থাকিল, আৰু সিহঁতে ছাগলীজনীৰ গাখীৰ খীৰাই খাই তাইক ওচৰতে বান্ধি থলে৷ সেই দিনাও ছাগলীৰূপী ৰাক্ষসীয়ে আগৰ ৰাতিৰ দৰে পাঁচ সখিয়েকৰ এটাক খালে আৰু বাকী কেইটাই সেই কথা গমকে ধৰিব নোৱাৰিলে৷ পুৱা চাৰি সখিয়েকে আকৌ সিহঁতৰ ভিতৰৰ এটাক নেদেখি সিয়ো বিশ্বাসঘাটকতা কৰি সিহঁতক এৰি গ’ল বুলি বেজাৰ কৰিলে আৰু সিহঁতে চাৰিওজনৰ ভিতৰত কোনেও আৰু কাকো নেৰোঁ বুলি শপত খালে৷
সেইদিনাও গধূলি হ’লত চাৰি সখিয়েকে এজোপা গছৰ তলত আশ্ৰয় লৈ ছাগলীজনী বান্ধি গাখীৰ খীৰাই খাই শুই থাকিল; কিন্তু ৰাতি আকৌ আগৰদৰে ঘটিল, তেওঁলোকৰ এজন ৰাক্ষসীৰ পেটত সোমাল৷ ৰাতিপুৱা বাকী তিনিজনে পুনৰ তেনে ঘটনা ঘটা দেখি বৰ বেজাৰ কৰি আকৌ যাবলৈ ধৰিলে৷ সেই ৰাতিও পূৰ্ব্বৱতে তেওঁলোক এজোপা গছৰ তলত শুই থাকোতে তিনিজনৰ এজনক আকৌ ৰাক্ষসীয়ে খালে৷ ৰাতিপুৱা বাকি থকা দুই সখিয়েকে বাৰে বাৰে তেনে হোৱা দেখি নথৈ বেজাৰ কৰি সেই গছৰ তল এৰি যাবলৈ ধৰিলে৷
গধূলি দুয়ো আগৰদৰে আকৌ এজোপা গছৰ তলত থিতি হ’ল আৰু খাই-বৈ শুই থাকিল; কিন্তু মনত নানা ভাৱনা-চিন্তা হোৱা বাবে তেওঁলোকৰ ভালকৈ টোপনি অহা নাছিল৷ এনেতে ৰাতি দুপৰ হ’ল৷ ৰাক্ষসীয়ে ছাগলীৰ ৰূপ এৰি নিজ মূৰ্ত্তি ধৰিলে৷ যেই তাই এজনক খাবলৈ ধৰিলে, সি ৰাক্ষসীক কাকূতি কৰিবলৈ ধৰিলে,
“মোক নাখাবা,নাখাবা”
বুলি৷ কিন্তু এক নিমিষতে তাৰ মাত মাৰ গ’ল, সি ৰাক্ষসীৰ পেটলৈ গ’ল৷ কাণ্ড দেখি ভয়ত সিজন নিসাৰসাৰে পৰি থাকিল৷ এতিয়া যিজন বাকী ৰ’ল, সেইজন হৈছে ৰজাৰ সেই এলাগী কুঁৱৰীৰ পুতেক৷ ৰাতি পুৱালতে এলাগীৰ কোঁৱৰে ছাগলীজনী তাতে এৰি থৈ ঘৰ-মুৱা হৈ খোজ ল’লে৷ অলপ বাট গৈ সি উভতি চাই দেখিলে যে ছাগলীজনী তাৰ পিছে পিছে আহিছে৷ মাৰি এডাল লৈ সি ছাগলীজনী ইমানকৈ খেদালে কিন্তু একোপধ্যে ৰাক্ষসী-ছাগলী তাৰ পিছ নেৰা হ’ল৷ শেহত সি কোবাকুবিকৈ গৈ নগৰৰ ওচৰ পাই লৰ ধৰি নগৰত সোমাল গৈ আৰু ছাগলীজনী এজনী সুন্দৰী ছোৱালী হৈ তাৰ পিছে পিছে লৰিবলৈ ধৰিলে৷ কোঁৱৰে উধাতু খাই গৈ ৰজাৰ আগতে ওলাই সকলো কথা কলত, তাৰ পিছত যোৱা ছোৱালীজনীয়েও সেইবোৰ মিছা বুলি ৰজাক ক’লে৷ ৰজাই তাইৰ ৰূপ দেখি মোহ গৈ কোঁৱৰৰ কথা মিছা বুলি উৰাই দি ছোৱালীজনীক নিজৰ কুঁৱৰী পাতি ললে৷ বাপেকৰ ব্যৱহাৰত মৰ্ম্মান্তিক বেজাৰ পাই এলাগীৰ পুতেক গুচি গৈ নিজৰ ঘৰত থাকিলগৈ৷
এমাহ মানৰ ভিতৰত ৰজাই দেখিবলৈ পালে যে ৰজাৰ ঘৰৰ মানুহ ঢুকাই যাবলৈ ধৰিছে৷ ৰজাই এই কথাটোৰ কাৰণ বিচাৰি দেখিলে যে তেওঁৰ মৰমৰ কুঁৱৰীয়ে দিনৌ ৰাতি এটা এটাকৈ মানুহবোৰ খাই ঢুকাই নিছে৷ তেতিয়া ৰজাই বুজিব পাৰিলে যে এলাগী কুঁৱৰীৰ পুতেকে কোৱা কথা সঁচা; তেওঁ যাৰ ৰূপত মোহ গৈ যাক তেওঁৰ মৰমৰ ৰাণী পাতিছে সেইজনী ৰাক্ষসী হে৷ ইয়াৰ পিছতে ৰজাই এলাগীৰ পুতেকক মতাই আনি ক’লে যে যদি সি সেই ৰাক্ষসীৰ হাতৰপৰা তেওঁক সৰুৱাই দিব পাৰে তেন্তে তাক তেওঁ উঠি-ৰজা পাতিব৷ পুতেকে এই কথা শুনি
“বাৰু চেষ্টা কৰি চাওঁ”
বুলি ওলাই গৈ এখন নৈৰ কাণত বহি ভাবি আছে; এনেতে এটা চিলনী কৰবাৰ পৰা উৰি আহি তাৰ ওচৰতে পৰি তাক ক’লে যে
“তুমি কিয় এইদৰে ভাবি আছা; তুমি এই নৈৰ পাৰেদি হাবিয়ে হাবিয়ে দিনচেৰেকৰ বাট গ’লে এখন ৰাক্ষসৰ দেশ পাবাগৈ৷ তাতে এই ৰাক্ষসী-ৰাণীৰ মাক থাকে৷ মাকৰ নাম মালতী৷ আৰু এই ৰাণী হৈ থকা জীয়েকৰ নাম আলতী৷ তুমি আলতীৰ পুতেক বুলি তাতে কান্দি থাকি মাকৰ আগত চিনাকি দিলেই তোমাৰ কাৰ্য্য সিদ্ধি হব৷”
এইদৰে যি যি কৰিব লাগিব চিলনীয়ে তাক শিকাই দিলে৷ চিলনীৰ কথা শুনি কোঁৱৰে সেইদৰে গৈ ৰাক্ষসীৰ দেশ পালেগৈ আৰু এঠাইত বহি-
“আলতী মাক মালতী ঐ!
জীয়েৰৰ নৰীয়া টান!”
বুলি বিনাই কান্দিবলৈ ধৰিলে৷ তাৰ কান্দোন শুনি মালতি ওলাই আহি তাক সুধিলে,
“তই কোন? আলতীৰ কি হৈছে? কিয় কান্দিছ?”
কোঁৱৰে উত্তৰ দিলে-“মই মালতীৰ পুতেক৷ তেওঁৰ বৰ মৰামুছা নৰীয়া! সেইদেখি মোৰ বুঢ়ী আইক বাতৰি দিবলৈ আহিছোঁ৷ তুমিনো কোন?” মালতীয়ে ক’লে, “ময়েই মালতী৷”
এই কথা শুনি কোঁৱৰে বৰকৈ কান্দিবলৈ ধৰিলত, মালতীয়ে কোঁৱৰক নাতিয়েক ভাবি মৰম কৰি ঘৰলৈ লৈ গ’ল৷ কিন্তু কোঁৱৰে বৰকৈ কান্দি কান্দি মালতীক কবলৈ ধৰিলে,
“বুঢ়ীআই, মোৰ আইৰ ইমান নৰীয়া মই দেখি আহিলোঁ এতিয়ামানে তেওঁ কিজানি ঢুকালেই৷”
এই কথা শুনি মালতীয়ে তাক বুজনি দি ক’লে,
“মোৰ সোণাই, তই বেজাৰ নকৰিবি তোৰ মাৰ মৰিব নোৱাৰে৷ মই তোৰ মাৰৰ দেহ-লাও তোক দেখুৱাওঁ আহ৷”
এইবুলি চোৰ-চাঙত তাক তুলি মালতীয়ে জীয়েকৰ দেহ-লাওটো দেখুৱাই ক’লে,
“এইটো দেহ-লাও মোৰ, সেইটো মাৰৰ, সৌকেইটা মোমায়েৰ হঁতৰ৷ বোপাই, এই দেহলাও কেইটা নাকাটিলে আমি কোনো নমৰোঁ৷ তই মিছাতে কিয় বেজাৰ কৰিছ?”
ইয়াৰ আগেয়ে চিলনীৰ বুধিমতে কোঁৱৰে তাৰ গাৰ কাপোৰৰ ভিতৰত লুকাই দা এখন লৈ গৈছিল৷ সি তৎক্ষণাৎ সেইখন উলিয়াই লৈ তাৰে ঘেচ্ ঘেচ্ কৰে দেহ-লাওকেইটা কাটি পেলালে৷ কটা মাত্ৰকে ধুপ ধুপ্ কৰে ৰাক্ষসবোৰ পৰি মৰিল৷ ইফালেও ৰজাৰ আগতে আলতী নিজৰ ৰাক্ষসী ৰূপ ধৰি ধুপুৰকৰে পৰি মৰি থাকিল৷
ইয়াৰ পিচত এলাগীৰ কোঁৱৰক বাপেকে উঠি-ৰজা পাতি নিজে বহি-ৰজা হৈ সুখেৰে থাকিল৷
লেখক:- লক্ষ্মীনাথ বেজবৰুৱা
উৎস:- ককাদেউতা আৰু নাতিল’ৰা
শেহতীয়া উন্নীতকৰণ: : 7/11/2022