অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তাৱৈয়েকৰ সাধু

তাৱৈয়েকৰ সাধু

দুজন বৰ মৰমৰ সখি আছিল৷ এজন মৰিবৰ সময়ত তেওঁৰ পুতেকক সখিয়েকৰ হাতত গতাই দি কলে-

“সখি, মোৰ ল’ৰাটো তোমাক গতালোঁ; তুমি তাক বুধি ভৰসা দি চলাই-মেলি মানুহ কৰিবা৷”

পুতেককো সি কলে,

“মোৰ সখিৰ হাতত তোক গতালোঁ; সখিয়ে তোক যিহকে কয় তাকে কৰিবি, যেনেকৈ চলায় তেনেকৈ চলিবি; কোনো কথাত সখিৰ বাইকৰ চুলি এডালৰ সমানো আঁতৰ নহবি; কোনো কাম কৰিব লগীয়া হলে সখিৰ কাণ-চুৱাই হে কৰিবি৷”

বাপেক ঢুকাল৷ পুতেকেও সেই মনেচিতেই থাকি তাৱৈয়েকৰ কথামতে চলি আছে৷ এদিন তাৰ ঘৈণীয়েকৰ ল’ৰা এটা উপজিলত সি তাৱৈয়েকক সেই বাতৰি দিলেগৈ৷ তাৱৈয়েকে তাক কলে,

“তোমাৰ ঘৰৰ পিচফালে পোতা-পুখুৰীটোত ল’ৰাটো নি এতিয়াই পুতি থোৱাগৈ৷”

সি তাৱৈয়েকৰ কথাত অবাক হ’ল৷ কিন্তু বাপেকৰ আজ্ঞা সুমৰি, একো নকৈ ল’ৰাটো নি তাৰ ঘৰৰ পিছফালে পোতা-পুখুৰীত পুতি থলেগৈ৷ ইয়াৰ এবছৰ পিচত তাৰ আকৌ এটা ল’ৰা উপজিলত তাকো তাৱৈয়েকে আগৰ দৰে পুতি থবলৈ কলত, সি মনত বৰ বেজাৰেৰে তাৱৈয়েকৰ কথা সাৰোগত কৰি মানি তাকে কৰিলে৷ ইয়াৰ ডেৰবছৰমানৰ পিচত তাৰ ঘৈণীয়েকে ছোৱালী এজনী পালে৷ এইবাৰ সি ভাবিলে তাৱৈয়েকে আৰু আগৰ দৰে ছোৱালীজনী পুতি থবলৈ ব্যৱস্থা নিদিয়ে৷ কিন্তু সি বিস্ময় মানিলে যে তাৱৈয়েকে এই ছোৱালীজনীকো আগৰ ল’ৰা দুটাৰ দৰে সেই পোতা-পুখুৰীতে পুতি থবলৈ কলে৷ সি নিৰুপায় হৈ মনৰ বেজাৰ মনতে পুহি, তাৱৈয়েকৰ কথামতে ছোৱালীজনীকো পুতি থলে৷ ইয়াৰ দুবছৰমানৰ পিচত তাৰ ঘৈণীয়েকৰ আকৌ ল’ৰা এটা উপজিল৷ সি এইবাৰ ভাবিলে যে বাৰু তাৱৈক এই বাতৰি দিওঁ, কিন্তু যি থাকে কপালত, এইবাৰ তেওঁ এই ল’ৰাটো পুতি থবলৈ কলেও আৰু মই তেওঁৰ কথা নুশুনো৷ ইয়াকে ভাবি সি তাৱৈয়েকৰ ঘৰলৈ গৈ ল’ৰা হোৱা বাতৰি দিলত, তাৱৈয়েকে তাক কলে,

“বোপা, এই ল’ৰাটো তুমি ধুৱাই-পখলাই লোৱাগৈ৷ কিন্তু মই এটা কথা তোমাক কওঁ,-

তুমি তোমাৰ আগৰ ল’ৰা-ছোৱালী কেইটা য’ত পুতি থৈছিলা আজি সেইখিনিতে পল এটা পাতি তাৰ ওপৰত পৰ দি বহি থাকিবা৷”

তাৱৈয়েকৰ মতেই সি ঘৰলৈ গৈ ল’ৰাটো ধুৱাই-পখলাই ললে আৰু ৰাতি সেইদৰে পোতা পুখুৰীৰ  মাজত পল এটা পাতি পৰ দি থাকিল৷

ৰাতি দুপৰ হৈছে, এনেতে বৰটো ল’ৰাই গাঁতৰ ভিতৰৰপৰা মাত লগালে-

“ভাইটি ঐ! মই থাকিবলৈ নাপালো৷ পোৱাহেতেন তাক থিয়ৈ থিয়ৈ শূলত দিলোঁহেঁতেন৷ উ: কটা ভাল সাৰিল৷”

মাজুটো ল’ৰাই মাত লগালে-

“ককাইটি ঐ! মই থাকিবলৈ পোৱা হলে তাৰ ডিঙিত চিপজৰী লগালোহেঁতেন৷ তাৰ তাৱৈয়েকে আমাৰ মঙহ খালে৷”

ইয়াৰ পিছত ছোৱালীজনীয়ে মাত লগালে-

“কাইটিহঁত, যদি মই কেনেবাকৈ থাকিবলৈ পালোঁহেঁতেন তেন্তে তাক কেঁকোৰাই খোলাদি খুলি খুলি খালোহেঁতেন৷ কি কম ককাইটিহঁত মনৰ কথা মনতে ৰৈ গল৷”

এইবোৰ কথা-বাৰ্ত্তা শুনি মানুহটোৱে তেতিয়া ভালকৈ বুজিলে যে তাৰ তাৱৈয়েকে তাৰ কি পৰম উপকাৰ কৰিলে৷ তেতিয়া তাৱৈয়েকৰ ওপৰত তাৰ আৰু ডাঠ বিশ্বাস হ’ল৷

ইয়াৰ কিছুদিনৰ পিচত তাৰ ধান বেচিবৰ হলত সি তাৱৈয়েকক সুধিলে-

“তাৱৈ, মোৰ ধানগাল বেচিব খুজিছোঁ৷”

তাৱৈয়েকে তাকে সুধিলে-

“ধানৰ দৰ কি হৈছে?”

সি উত্তৰ দিলে,

“টকাত ১২ পূৰা৷”

তাৱৈয়েকে কলে,

“এতিয়া বেচিব নেলাগে৷”

আৰু কিছুমান দিনৰ পিচত সি তাৱৈয়েকৰ ঘৰ ওলাই তাৱৈয়েকক কলে,

“তাৱৈ, ধানৰ দৰ কমিল হে৷ এতিয়া কি কৰিম? লাহে লাহে কিজানি আৰু কমিব হে৷”

তাৱৈয়েকে সুধিলে-

“কেই পূৰাকৈ হৈছে?”

সি কলে,

“এতিয়া ২০ পূৰা হল৷”

তাৱৈয়েকে কলে,

“যোৱা এতিয়া বেচি দিয়াগৈ৷”

সি তাৱৈয়েকৰ কথামতেই টকাত ২০ পূৰাকৈ ধান বেচি টকাখিনি লৈ গৈ তাৱৈয়েকক দেখুৱালত, তাৱৈয়েকে কলে,

“ভাল হৈছে; এতিয়া তুমি এই টকাৰে সোণ কিনি আনি সোণাৰিৰ হতুৱাই এটা লাড়ু গঢ়োৱা৷”

তাৱৈয়েকৰ কথামতেই সি সোণৰ লাড়ুটো কৰি আনি তাৱৈয়েকক দিলত, তাৱৈয়েকে কলে,

“এই লাড়ুটো তুমি নৈত পেলাই দিয়াগৈ৷”

সি তাৱৈয়েকৰ কথা শুনি মনত বেজাৰ পাই অগত্যা সোণৰ লাড়ুটো নৈত পেলাই দিলেগৈ৷

মাহচেৰেকৰ মূৰত মাছমৰীয়া এটাই এটা ৰৌমাছ বেচিবলৈ বুঢ়াৰ পুতেকৰ ঘৰলৈ আনিছিল৷ সি ৰৌমাছটো লৈ কাটিলতে তাৰ পেটত সেই সোণৰ লাড়ুটো ওলাই পৰিল৷ সি তাৱৈয়েকক লাড়ুটো দেখুৱালত, তাৱৈয়েকে তাক কলে,

“তোমাৰ এইটোহে নিজৰ বস্তু৷ যোৱাঁ এইটি ভালকৈ থৈ দিয়াগৈ৷ তুমি কিজানি আগেয়ে মোক তোমাৰ শত্ৰু বুলি হে ভাবিছিলা৷ এতিয়া মই দুইটা কথাৰ তোমাক পতিয়ন দিব পাৰি ঈশ্বৰৰ চৰণত সেৱা কৰিছোঁ৷ যোৱাঁ বোপা, তুমি ধৰ্ম্মত মতি ৰাখি ঈশ্বৰৰ চৰণত নিৰ্ভৰ কৰি সকলো কৰিবলগীয়া কাম-কাজ কৰি সুখেৰে খাই-বৈ থাকাঁগৈ৷ কোনো চিন্তা নাই, প্ৰভুৱে তোমাক সততে মঙ্গল কৰিব৷”

লেখক:- লক্ষ্মীনাথ বেজবৰুৱা

উৎস:- বুঢ়ী আইৰ সাধু

শেহতীয়া উন্নীতকৰণ: : 12/21/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate